Close

শান্তিত থাকিব বিচাৰিলে এয়া নকৰিব

আপুনি যদি শান্তিত থাকিব বিচাৰে তেনেহ’লে আপুনি এই কামটো কৰা বাদ দিব লাগিব৷

আমি সৰুৰে পৰা এই কামটো কৰা আৰম্ভ কৰোঁ৷ আৰু তেতিয়াৰে পৰা কৈশোৰ, যৌৱন আনকি বুঢ়া বয়সতো সেয়া কৰিবলৈ নেৰোঁ৷ আমি জানো যে এয়া দৰাচলতে কৰাটো সম্ভৱ নহয়, কাৰণ আমি সকলো বেলেগ বেলেগ, কিন্তু তথাপি আমি তেনে কৰিবলৈ নেৰোঁ৷ আৰু ইয়াৰ ফলত আমাৰ উদ্বেগ, ডিপ্ৰেচন হয় আৰু যি সময়ত আমি সুখী হ’ব লাগিছিল সেই সময়ত আমি মন মাৰি, ডিপ্ৰেচনৰ ঔষধ খাই বহি থাকো৷

সুখী হ’বলৈ হ’লে আপুনি এই কামটো বাদ দিবই লাগিব৷

আনৰ লগত নিজকে তুলনা নকৰিব

এইবাবেই আনৰ গলত তুলনা কৰাটো বাদ দিব লাগিব বা অন্তত বাদ দিব নোৱাৰিলেও কমাব লাগিব, কাৰণ ই আপোনাৰ সুখ আৰু আনন্দ লগে লগে নোহোৱা কৰিব৷ আপুনি নতুন গাড়ী এখন কিনিলে আপোনাৰ বৰ ফূর্তি৷ কিন্তু দুদিন পিছতে লগৰবোৰক লগ পাওতে দেখিলে যে সিহঁতৰ সকলোৰে SUV আছে যাৰ দাম আপোনাৰ গাড়ীখনতকৈ বহু বেছি৷ লগে লগে আপোনাৰ ফূর্তি নোহোৱা হৈ জিৰ’ হ’বগৈ৷ আপুনি যদি সদায় নিজৰ লগৰবোৰৰ লগত বা আন মানুহৰ লগত নিজকে তুলনা কৰি সময়বোৰ কটায় আপুনি নিজৰ কামত ফ’কাছ কৰিব কেতিয়া, নিজৰ কামবোৰ কৰিব কেতিয়া৷ এয়া আপোনাৰ বাবে ডিচট্ৰেকচন নহয়নে?

এনেদৰে তুলনা কৰোতে আপুনি পাহৰি যায় যে কোনো মানুহেই পাৰফেক্ট নহয়৷ আপুনি মাত্ৰ তেওঁৰ ভলা ফালটোহে দেখিছে আৰু সেয়াও গোটেই জীৱনটোৰ মাত্ৰ কেইমিনিটমান সময় দেখিছে৷ আপুনি যদি ইনষ্টাগ্ৰামৰ মডেলবোৰৰ ছবি দেখি নিজকে তেওঁলোকৰ লগত তুলনা কৰে তেতিয়া অপোনাৰ ডিপ্ৰেচন হোৱাটো খাটাং৷ আপুনি কিন্তু মন নকৰে যে আপুনি তেওঁৰ মাত্ৰ ছবি এখন বা চুটি ভিডিঅ এটাহে দেখিছে অর্থাৎ দিনটোৰ মাত্ৰ ৫ বা ১০ মিনিট সময়হে দেখা পাইছে৷ বাকী সময়ত তেওঁলোকৰ জীৱনটো সঁচাকৈয়ে তেনে ধুনীয়া নে?

আনৰ লগত তুলনা কৰা কেনেদৰে কমাব

কিছুমান উপায় আছে যিবোৰে আপোনাক আনৰ তুলনা কৰা অভ্যাসটো নোহোৱা কৰিবলৈ আৰু কমাবলৈ সহায় কৰিব৷ উপায়বোৰ সহজ নহয় আৰু আপুনি মাত্ৰ এদিনতে সেয়া কৰিব নোৱাৰিবও পাৰে৷ কিন্তু চেষ্টা কৰিলে পাৰিব৷

আনৰ লগত তুলনা কৰাতকৈ নিজৰ লগত তুলনা কৰক, কালি আপুনি যি আছিল তাৰ লগত তুলনা কৰক৷ কাৰণ কাৰো জীৱনটো একেবাৰে আপোনাৰ নিচিনা নহয়, হ’ব নোৱাৰে৷ তেনহ’লে মাত্ৰ আপোনাৰ লগত পঢ়া অববে, একে বয়সৰ বাবে, আপুনি চিনি পায় বাবে আন এজনৰ লগত আপুনি নিজকে কেনেকৈ তুলনা কৰিব পাৰে?  

এই অভ্যাসটো এৰিব পাৰিব নিজকে সচেতন কৰি৷ যি সময়ত আপুনি নিজকে আনৰ লগত কল্পনা কৰিছে ঠিক সেই সময়তে নিজকে তেনে কৰি থাকোতে ধৰা পেলাব পাৰিলে, আপুনি এনে অভ্যাসটো এৰিব পাৰিব৷ সচতেনতাৰে সেয়া আপুনি মন কৰিব লাগিব৷

নিজকে সেয়া কৰিবলৈ বন্ধ কৰিবলৈ বাৰে বাৰে কওক, মনত পেলাই দিয়ক৷ যেতিয়াই আপুনি গম পায় নিজক আনৰ লগত তুলনা কৰিছে নিজকে মনত পেলাই দিয়ক আপুনি যে আনতকৈ বেলেগ, আপুনি আন কিহবাত হয়তো ভাল৷ আৰু জোৰকৈ হলেও এই তুলনা কৰা কামটো বন্ধ কৰিবলৈ নিজকে বাৰে বাৰে সোঁৱৰাই দিয়ক৷

নিজকে গ্ৰহণ কৰিব নোৱাৰা পর্যন্ত এনে হৈয়ে থাকিব৷ যেতিয়ালৈকে আজি আপুনি যেনে তেনেদৰে নিজকে আপুনি গ্ৰহণ নকৰে, তেতিয়ালৈকে এনে হৈয়েই থাকিব৷ আপুনি আজি পাৰফেক্ট নহয়, আপোনাৰ যেনিবা আজি বহু দোষ আছে, একো গুণ নাই৷ কিন্তু তেতিয়াও আপুনি নিজকে গ্ৰহণ কৰিব লাগিব৷ এবাৰ গ্ৰহণ কৰিলে আপুনি নিজকে ইয়াতকৈ ভাল কৰি গৈ থকিব পাৰিব৷

আপুনি ভালদৰে ভাবি চালে দেখা পাব যে কোনোবা নহয় কোনোবা ক্ষেত্ৰত কোনোবা নহয় কোনোবা আপোনাতকৈ বেছি ভাল হ’বই৷ সকলো ক্ষেত্ৰতে কোনো মানুহে সমানে ভাল হ’ব নোৱাৰে৷ আপুনি যদি কিবা এটা কথাত ভাল নহয় তেনেহ’লে আপুনি বিচাৰিব লাগিব আপুনি কিহত ভাল৷

নিজকে ভাল পাবলৈ শিকা মানে আনৰ লগত নিজকে তুলনা কৰিবলৈ এৰা৷ আপুনি নিজকে গ্ৰহণ কৰাৰ পিছত যেতিয়া আপুনি যেনে তেনেদৰেই ভাল পাবলৈ শিকিব, তেতিয়া আপুনি সুখী হ’ব পাৰিব৷ নিজকে ভাল পালেহে আপুনি নিজকে বর্তমানতকৈ ভাল কৰিবলৈ যি কষ্ট কৰিব লাগে, চেষ্টা কৰিব লাগে সেয়া কৰিব, নহ’লে নকৰে৷ আৰু চেষ্টা নকৰালৈকে আপুনি সদায় বর্তমানৰ অৱস্থাতে থাকিব আৰু সেই অৱস্থাত সদায় নিজকে আনৰ লগত তুলনা কৰি থাকিব, অসুখী হৈ থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top