জীৱনটো সহজ কৰি ল’ব পাৰিলে জীয়াই থাকিবলৈ ভাল নালাগিব জানো, জীয়াই থাকিবলৈ সহজ নহ’ব জানো?
সমাজত কিছুমান নীতি নিয়ম থাকে আৰু সেইবাবে সমাজৰ বহু কথা ঠিকে থাকে৷ তেনেদৰে জীৱনতো দুই এটা নিয়ম থাকিলে জীৱনটো ঠিকে চলিব৷ জীৱনটো সহজ কৰিবলৈ হ’লে জীৱনত কিছুমান নীতি-নিয়ম থাকিলে ভাল৷ এই নীতি নিয়মবোৰ অৱশ্যে সমাজৰ নিচিনা ইমান কঠোৰ হ’বই লাগিব বুলি কথা নাই৷ এনে সৰু সুৰা দুই এটা নিয়ম আপুনি নিজেও সৃষ্টি কৰি ল’ব পাৰে৷
এটা নিয়ম
আমাৰ জীৱনবোৰ সহজ কৰি তুলিবলৈ আৰু লগতে জীৱনটো জীয়াই থাকি ভাল লাগিবলৈ তেনে এটা-দুটা নিয়ম থাকিলে কেনে হয়? বহুত চিন্তা চর্চা কৰাৰ পিছত মই এটা সৰু উপায় বা নিয়ম বিচাৰি পাইছোঁ৷ এই নিয়মটো মানি চলিলে আমাৰ নিজৰ জীৱনত আৰু আনৰ জীৱনবোৰত যথেষ্ট পজিটিভ প্ৰভাৱ পৰিব আৰু তাৰ ফলত সমাজখনো আগতকৈ ভাল হৈ পৰিব পাৰে৷
নিয়মটো হ’ল-
মই কাৰো অসুবিধা হোৱা কাম নকৰোঁ
মাত্ৰ এটা কথাত সাৱধান হ’ব ইয়াৰ মানে মই “মোৰ অসুবিধা কৰি হ’লেও আনৰ সুবিধা কৰি দিম”- সেই কথাটো ক’ব খোজা নাই৷ মই মাত্ৰ কৈছো যে মই কৰা কামৰ দ্বাৰা যাতে আনৰ কোনো ধৰণৰ সুবিধা নহয় তালৈ মই নিজে লক্ষ্য ৰাখিম৷
এনেকুৱা নহয় যে এনেধৰণৰ নিয়ম কিতাপত নাই৷ হয়তো আছে, কিন্তু আমি পাহৰি গলোঁ৷ হয়তো প্ৰতিটো ধর্মতে বেলেগ বেলেগ ধৰণে এই কথাটো কৈ থৈ গৈছে, কিন্তু আজি আমি সেয়া নামানো৷ কিন্তু এই সৰু নিয়মটোৰ লাভ বহুত আৰু ইয়াক জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি৷ সৰু সৰু কথাৰ পৰা আৰম্ভ কৰি ই জীৱনৰ ডাঙৰ ডাঙৰ কথা সকলোতে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷
ক’ত ব্যৱহাৰ কৰিব ইয়াক
মই ৰাস্তাত জাবৰ নেপেলাও কাৰণ তেনে কৰিলে আন মানুহৰ অসুবিধা হ’ব ৷ ফলত ৰাস্তাত বা বেলেগৰ ঘৰত জাবৰ পেলোৱা মানুহৰ সংখ্যা অলপ হলেও কমি যাব৷ তাৰ ফলত পৰিবেশৰ অলপ হলেও লাভ নহ’বনে?
মই ৰাজহুৱা স্থানত ডাঙৰ ডাঙৰকৈ মবাইল ফোনত গান নুশুনো বা চিঞৰি চিঞৰি কথা নাপাতো, কাৰণ তাৰ দ্বাৰা আন মানুহৰ অসুবিধা হ’ব৷ মই মানুহৰ ঘৰৰ গেটৰ আগত বা ৰাস্তাৰ মাজত গাড়ীখন পার্ক নকৰোঁ কাৰণ আনৰ অসুবিধা হ’ব ৷ তামোল খাই ৰাস্তাত বা কোনো অফিচ আদিত পিক নেপেলাও কাৰণ ই আন মানুহক অসুবিধাত পেলাব, ৰাস্তা ঘাট, অফিচ আদি দেখিবলৈ লেতেৰা হ’ব৷
মই ভাত খাওতে শব্দ কৰি ভাত নাখাও কাৰণ আন মানুহৰ ঘিণ লাগিব পাৰে, মানে তেওঁলোকে মোৰ বাবে অসুবিধা পাব পাৰে৷ যদিও মোৰ মন গৈছে বিকট শব্দ কৰি ঘৰত বা গাড়ীৰ চাউণ্ডবক্সটো নবজাও৷ কাৰণ মোৰহে গান শুনিবলৈ মন গৈছে আনৰ সেই সময়ত গান শুনিবলৈ মন নাযাবও পাৰে আৰু সেই বিশেষ গানটো শুনিবলৈ মন নাযাবও পাৰে৷
মই পিকনিক খাবলৈ গৈ চাৰিওফালৰ মানুহৰ অশান্তি নকৰোঁ বা পৰিবেশটো লেতেৰা কৰি থৈ নাহো৷ কিবা এটা উৎসৱ, পূজা আদিৰ নামত মদ খাই মাতলামি কৰি আন মানুহৰ শান্তি ভংগ নকৰোঁ৷
আপোনাৰ মনত আছে নে যোৱা বিশ্বকাপ ফুটবলৰ ৰাউণ্ড অব ১৬ ৰ খেলত জাপানৰ দলটো বেলজিয়ামৰ হাতত হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল, কিন্তু খেল চাবলৈ যোৱা সেই দেশৰ দর্শকে সকলোৰে অন্তৰ জয় কৰিছিল হৰাৰ পিছতো খেলৰ শেষত ষ্টেডিয়ামৰ ভিতৰত পেলোৱা জাবৰ-জোথৰ বিচাৰি ষ্টেডিয়ামখন চাফা কৰি থৈ আহি৷
নিয়ম নমনাৰ এটা সৰু উদাহৰণ
এই কথাবোৰ চৰকাৰে বনাই দিয়া কিবা আইন-কানুন আছে কাৰণে নহয়৷ হয়তো নাই৷ বা থাকিলেও আজিকালি বহু মানুহে তেনে আইন-কানুন মানি ভাল নাপায়৷
উদাহৰণ স্বৰূপে বিহুৰ সময়ত, পূজাৰ নামত, ডিচেম্বৰৰ ৩১ তাৰিখে মানুহ থাকিব নোৱাৰে ধৰণে বিকট শব্দৰে ছাউণ্ড বক্স লগাই মানুহৰ শান্তি হৰণ প্ৰায়ে কৰা হয়৷ কিমান ডেচিবল শব্দৰ ওপৰ হ’ব নালাগে সেয়া বহুতে নাজানে বা জনাৰ প্ৰয়োজনবধো নকৰে৷ পুলিচে জানিলেও সেয়া ক’ত ক’ত কিমান নিয়ন্ত্ৰণ কৰিব৷
আমাৰ ঘৰৰ কাষতে ৰিজেন্ট পেৰাডাইজ নামৰ এটা বৃহৎ এপার্টমেন্ট কমপ্লেক্স আছে৷ ১০-১২ তলাৰ ঘৰ আছে, প্ৰায় ৪০০ টা মান এপার্টমেন্ট আছে৷ তাত অসম চৰকাৰৰ আমোলা, ৰাজনীতিক, প্ৰাইভেট ভাল ভাল চাকৰি কৰা, ধনী আৰু ভালদৰে পঢ়া-শুনা কৰা মানুহ বহু আছে৷ কিন্তু যোৱা ৩১ ডিচেম্বৰ তাৰিখৰ দূপৰীয়াৰ পৰা ফূর্তিৰ নামত যি প্ৰচণ্ড শব্দৰে মাইক বজোৱা আৰম্ভ হ’ল সেয়া ৰাতি ১২ বজালৈকে নকমিল৷ শেষত আমি হাতীগাও থানাৰ পৰা দুবাৰ পুলিচ মাতি সেয়া কমাবলগীয়া হ’ল৷ পুলিচ আহিল আৰু নিজৰ কামো কৰিলে৷ তাত থকা মানুহখিনিৰ কেইজনমানে চিন্তা কৰা হ’লে সেয়া সম্ভৱত নহ’লহেঁতেন, কেইজনমানৰ মানুহৰ কাৰণে আন বহুতে অসুবিধাত নাপালেহেঁতেন৷
তেনে কৰিলে মই দুবৰ্ল মানুহ হৈ পৰিম নেকি?
আপোনাৰ মনত ভাব হ’ব পাৰে যে তেনে কৰিলে আপুনি এক দুবৰ্ল মানুহ হৈ পৰিব, যিয়ে চকু কাণ মুদি, চুপ-চাপ তল মূৰ কৰি সকলো সহ্য কৰি থাকিব৷ যদি আপুনি সেয়া ভাবিছে তেন্তে ভুলকৈ ভাবিছে৷ বৰঞ্চ ইয়াৰ ওলোটাটোহে হ’ব৷ আপুনিজ যিদৰে আনক অসুবিধা নিদিয়ে তেনেদৰে আপুনি আনৰ অসুবিধাও সহ্য নকৰে৷ আনে মানুহে যদি বহু মানুহৰ অসুবিধা কৰিছে আপুনি তাৰ প্ৰতিবাদ কৰিব৷ সেই সাহস আপোনাৰ ভিতৰৰ পৰা আহিব, কাৰণ আপুনি নিজে শুদ্ধ পথত আছে৷
মোৰ কি লাভ হ’ব?
“এয়া কৰিলে অর্থাৎ নিয়মটো মানি চলিলে বাৰু আন মানুহৰ লাভ হ’ব- তেওঁলোকে কোনো কথাতে মোৰ পৰা অসুবিধা নাপায়, কিন্তু মোৰ কি লাভ হ’ব?”- যদি এই প্ৰশ্নটো আপোনাৰ মনলৈ আহিছে তেন্তে তাৰ উত্তৰ এটাো মই দি দিছোঁ৷ জীৱনত দেখাদেখি কোনো লাভ নাথাকিলে তাৰমানে আপুনি একো নকৰে নে কি? মানুহ হিচাপে জীয়াই থাকি মানৱতাৰ এই সৰু কথাটো মানি চলি আপোনাৰ জানো ভাল নালাগিব? নিজৰ মনত নিজৰ প্ৰতি জানো সন্মান বাঢ়ি নাযাব এই বুলি যে এই সময়ত যেতিয়া মানুহে আন মানুহৰ কথা নাভাবে, মই আন মানুহৰ কথা ভাবিব পাৰিছোঁ৷ আনে কৰক বা নকৰক যিটো কথা ভাল বুলি মই জানো, যি মই কৰিব বিচাৰোঁ সেয়া মই কৰিছোঁ৷ এই নিয়মটো মানিবলৈ সেয়াই যথেষ্ট নহ’বনে?
কিন্তু আন মানুহৰ লাভ বা সামাজিক লাভৰ লগতে আপোনাৰ ব্যক্তিগত বহু লাভ ইয়াতে সোমাই আছে৷ এই নিয়মটো মানিবলৈ গ’লে আপোনাৰ বহু মানসিক আৰু আধ্যাত্মিক উন্নতি হ’ব৷
এয়া সকলোৰে বাবে নে?
সকলোৱে এয়া কৰিবনে? নকৰে৷ কিন্তু আমি যদি মানুহ হয়, মানৱতা যদি আমাৰ মাজত আছে, তেন্তে আমি কিছুমান কথা জানিব লাগিব, মানিব লাগিব৷ আমি যদি সঁচাকৈ মানুহ হও তেতিয়া আন মানুহৰ কথা আমি ভাবিব পাৰিব লাগিব৷ নহয় নে? আৰু সকলো মানুহে তেনে নকৰিলেও কিছুমান মানুহে তেনেদৰে আনৰ কথা ভাবিব আৰু সেইবাবে এই পৃথিৱীখন চলি থাকিব৷ হয়তো এয়া আইন-কানুন হিচাপে নকৰিলে বহুতে এইবোৰ কথা নামানিব, কিন্তু আইন-কানুন নোহোৱাকৈয়ো আমি কিছুমানে এই কথা মানি চলিব নোৱাৰো জানো?
সৰু এটা কথা কিন্তু ই ভালদৰে জীয়াই থকাত, আপুনি ভালপোৱা ধৰণে জীয়াই থকাত আপোনাক সহায় কৰেই কিজানি? আন একো নকৰিলেও এই সৰু চিন্তাটোৱে কিন্তু আপোনাৰ জীৱনটো শান্তি, আত্মাভিমান আৰু আত্মসন্মানেৰে ভৰাই তুলিব৷