Close

জীৱনৰ বাবে অতি প্ৰয়োজনীয় কেইটামান স্কিল

জীৱনৰ বাবে কিছুমান স্কিল অতি প্ৰয়োজনীয়৷ অকল সফলতাৰ বাবেই নহয়, জীৱনটো ভালদৰে জীয়াই থাকিবলৈও এইবোৰৰ বৰ প্ৰয়োজন৷ চাও আহকচোন আপোনাৰ এই স্কিলবোৰ আছেনে নাই?

Communication Skill

ই হ’ল আটাইতকৈ ডাঙৰ স্কিল৷ আপোনাৰ গোটেই জীৱনটো কমিউনিকেচন বাদে আন একো নহয়৷ জন্মৰ পৰা আৰম্ভ কৰি যেতিয়া আপুনি কথা ক’ব নোৱাৰিছিল, তেতিয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ মৃত্যুলৈকে প্ৰতিদিনে আপুনি এই স্কিলটো ব্যৱহাৰ কৰি থাকিব৷ যিটো স্কিল আমাক সদায়, সকলো সময়তে লাগে সেই স্কিলটোতো কিন্তু বহু মানুহ ভাল নহয়৷ আপোনাৰ কমিউনিকেচন বা আনৰ লগত যোগাযোগ তেতিয়াহে সফল হ’ব যেতিয়া আপুনি যাক বুজাব খুজিছে সেই মানুহজনে আপুনি বুজাব খোজা কথাটো আপুনি বুজাব খোজাৰ দৰেই বুজি পাব৷ বা আনজনে বুজাব খোজা কথাটো আপুনি বুজি পাব৷ এই স্কিলটো ভালদৰে শিকিবলৈ আৰু ইয়াৰ বিকাশ কৰি থাকিবলৈ আপুনি সদায় চেষ্টা কৰিব লাগিব৷ আপোনাৰ জীৱনৰ প্ৰধান কথাবোৰত আপুনি সফল হ’ব নে নহয় সেয়া নির্ভৰ কৰিব আপোনাৰ কমিউনিকেচন স্কিলৰ ওপৰত৷ চাকৰি, ৰোমান্টিক সম্পর্ক, বিয়া, পৰিয়লৰ লগত সম্পর্ক, অফিচ বা ব্যবসায়ত সম্পর্কবোৰ আদি সকলো নির্ভৰ কৰিব আপোনাৰ কমিউনিকেচন স্কিল কিমান ভাল তাৰ ওপৰত৷ আনকি লিচেনিং স্কিলকো আমি ইয়াৰ অন্তর্ভুক্ত কৰিব পাৰোঁ৷

Listening Skill

আমি ভাবো যে আমি আনৰ লগত কথা পাতোতে তেওৰ কথা শুনো, কিন্তু দৰাচলতে আমি সঁচাকৈয়ে কথাবোৰ  শুনো নে? আমি বহু সময়ত আধা কথা শুনো, আমি শুনিব বিচৰা কথাবোৰ শুনো কাৰণ আমি মনতে কিছুমান কথা ভাবি থাকো৷ কেতিয়াবা আক আমি কথা এটাৰ উত্তৰ দিবলৈ কৈ থকাজনৰ কথাবোৰ শেষ হোৱালৈ ৰৈ থাকো৷ কথা শুনাতকৈ কথা কোৱাতহে আমাৰ গুৰুত্ব বেছি৷ মনৰ মাজত যদি কিছুমান কথা চলি থাকে তেতিয়া আমি জানো আন মানুহজনে কি কৈ আছে সেই কথাত মন দিব পাৰিম?

Interpersonal skill

এইবোৰ সেই স্কিলবোৰ যিবোৰ আমি প্ৰতিদিনে ব্যৱহাৰ কৰোঁ যেতিয়া আমি আন মানুহৰ লগত কথা-বতৰা পাতোঁ, মিলা মিছা কৰোঁ৷ অকলে বা এটা গ্ৰুপত আমি এই স্কিলবোৰ ব্যৱহাৰ কৰোঁ৷ ইয়াৰ ভিতৰত নানা স্কিল থাকে, যেনে কমিউনিকেচন স্কিল, ইমোচনেল ইন্টেলিজেন্স, টিম ৱর্কিং, নিগোচিয়েচন, কনফ্লিক্ট ৰিজুল’চন, পার্চুৱেচন, ইনফ্লুৱেনচিং স্কিল, সমস্যাৰ সমাধান কৰা, সিদ্ধান্ত লোৱা ইত্যাদি৷ এইবিলাক আপোনাক এইবাবেই প্ৰয়োজনীয় কাৰণ আপুনি সমাজত বাস কৰে৷ আৰু প্ৰতিদিনে আমি নানাজনৰ লগত কথা বতৰা পাতিব লাগে, চলিব লাগে, থাকিব লাগে৷ অফিচ বা ৰাজহুৱা স্থানত আমি চিনাকি-অচিনাকি বিভিন্ন মানুহৰ লগত মিলি চলিব লাগে৷ তেনেদৰে ঘৰত পৰিয়াল, বন্ধু-বান্ধৱ আদিৰ লগতো সুসম্পর্ক বজাই ৰখাত এই ইন্টাৰপার্চনেল স্কিলবোৰে আমাক সহায় কৰে৷

Adptability

এডাপ্টেবিলিটি নতুন নতুন অৱস্থা, পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব পৰা স্কিল৷ জীৱনত আপুনি প্ৰায়ে সালসলনি বা চেঞ্জৰ সন্মুখিন হ’ব৷ পঢ়িবলৈ নতুন কলেজলৈ যাওতে, হোষ্টেলত থাকিবলৈ যাওতে, নতুন চাকৰি এটা আৰম্ভ কৰোতে, নতুন অফিচ এটালৈ যাওতে, সম্পর্কবোৰ গঢ়োতে, বিয়া পতাৰ পিছত বা আন সময়ত৷ এনে সালসলনিবোৰৰ লগত আপুনি নিজকে খাপ খুৱাব লাগিব৷ এই স্কিলটো থাকিলে আপুনি সহজে এনে সালসলনিবোৰৰ লগত মিলি চলিব পাৰিব, অশান্তি কমকৈ পাব, দুখ কমকৈ পাব৷ নতুন নতুন কথা শিকা, সময়ৰ লগত নিজকে খাপ খুৱাই লোৱা আদি আপোনাৰ বাবে সহজ হ’ব আৰু তেতিয়া আপুনি যিকোনো সময়তে প্ৰাসঙ্গিক হৈ থাকিব৷ বিশেষকৈ চাকৰি কৰা লোকসকলৰ বাবে ই বৰ প্ৰয়োজনীয় কাৰণ নহ’লে আপোনাৰ চাকৰি বচাই ৰখাই এক সমস্যা হৈ পৰিব পাৰে৷

Emotional Intelligence

বর্তমান সময়ৰ এটা খুব প্ৰয়োজনীয় স্কিল হ’ল ইমোচনেল ইন্টেলিজেন্স বা আৱেগিক বুদ্ধিমত্তা৷ ইমোচনেল ইন্টেলিজেন্স হ’ল আপোনাৰ আভেগবোৰক বুজি পোৱা আৰু এইবোৰক মেনেজ কৰাৰ স্কিল৷ আপুনি নিজৰ আৱেগ বা ইমোচনবোৰ জানে নে নাজানে, এইবোৰ অনুভৱ কৰে নে নকৰে, এইবোৰক মেনেজ কৰিব পাৰে নে নোৱাৰে সেই কথাবোৰেই হ’ল আপোনাৰ বাবে দৰকাৰী ইমোচনেল ইন্টেলিজেন্স স্কিল৷ এই স্কিলটো আপুনি পঢ়াত কিমান ভাল বা কিমান নম্বৰ পায় তাতোকৈও বেছি প্ৰয়োজনীয়৷

আপুনি যদি জীৱনত সফল হ’ব বিচাৰে, চাকৰি পাব বিচাৰে, সুখ পাব বিচাৰে, জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে তেতিয়াহ’লে আপোনাক এই কেইটা স্কিল লাগিবই৷ এতিয়া যিহেতু আপুনি গম পালে আপোনাক কি কি স্কিল লাগে গতিকে আপুনি এতিয়াৰ পৰা দিনটোৰ কিছু সময় এই স্কিলবোৰ শিকাত আৰু সেইবোৰ আৰু বেছিকৈ ডেভেলপ কৰাত দিয়ক কাৰণ এইবোৰ আপোনাৰ জীৱনৰ বাবে বৰ গুৰুত্বপূর্ণ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top