Close

বেছি ভালদৰে পঢ়া, মনত ৰখা আৰু বুজাৰ উপায়

দুটামান এনে টেকনিক আছে যিবোৰে আপোনাক পঢ়াত সহায় কৰিব, বুজাত সহায় কৰিব, মনত ৰখাত সহায় কৰিব৷ এই টেকনিবোৰে ব্যৱাৰ কৰি আপুনি বেছি ভালদৰে পঢ়িব পাৰিব আৰু ভাল ফলাফল দেখুৱাব পাৰিব৷ স্মার্ট ষ্টাডী মানে হাতত যি ৰিচর্চ আছে তাকে ব্যৱহাৰ কৰি যিমান পাৰি সিমান সুবিধা লোৱা, সিমান ফলাফল লাভ কৰা৷ স্মার্ট ষ্টাডী কৰা মানে হার্ড ৱর্ক বা কষ্ট কৰিব নালাগে সেই কথাটো নহয়৷ স্মার্ট মানে কম সুবিধা, সঁজুলি ব্যৱহাৰ কৰি বেছি ভাল ফলাফল পোৱা৷

এতিয়া এই টেকনিকবোৰ চাও আহক-

খণ্ড খণ্ডকৈ পঢ়ক

একেবাৰতে সকলো শেষ কৰি পঢ়াতকৈ খণ্ড খণ্ডকৈ পঢ়িলে বেছি কামত আহিব৷ মানে আপুনি ২০ মিনিট, ২৫ মিনিট বা ৩০ ঘন্টা পঢ়িলে তাৰ পিছত অলপ সময় ৰেষ্ট ল’লে আৰু তাৰ পিছত আকৌ আৰম্ভ কৰিলে৷ আপুনি এই ক্ষেত্ৰত  কৰিলে প’ম’ড’ৰ টেকনিকটো ব্যৱহাৰ কৰিব পাৰে৷ এই টাইম মেনেজমেন্ট টেকনিকটোত আপুনি ২৫ মিনিটৰ এলার্ম এটা লগাই লয় আৰু কাম এটা কৰে৷ ২৫ মিনিট হৈ গ’লে আপুনি অকণমান সময় চুটি ৰেষ্ট ল’ব পাৰে৷ আপুনি নিজৰ সুবিধামতে অৱশ্য এই সময়ছোৱা ঠিক কৰি ল’ব লাগে৷ ২৫ মিনিট সময় ঠিক নকৰি ৩০ মিনিটা বা ২০ মিনিটো কৰি ল’ব পাৰে৷

আনক শিকাওক

আপুনি যিখিনি পঢ়িলে সেয়া আন কোনোবা এজনক বুজাওক৷ আপোনাৰ লগত কাৰোবাক বা কল্পনা কৰি লোৱা কাৰোবাক আপুনি পঢ়া কথাখিনি বুজাই কওক৷ এই টেকনিকটো বৰ কার্যকৰী কাৰণ আপুনি নিজে নুবুজিলে আনাক কথা এটা বুজাই ক’ব নোৱাৰি৷ লগৰ কাৰোবাক বুজাই ক’লে বেছি ভাল হ’ব কাৰণ তেওঁলোকে প্ৰশ্ন সুধিব পাৰিব৷ অলপ পঢ়ক, তাৰ পিছত কথাখিনি কাৰোবাক বুজাওক৷ আকৌ অলপ পঢ়ক, আকৌ এবাৰ সেইখিনি বুজাওক৷

কমকৈ পঢ়ক, বেছিকৈ আবৃত্তি কৰক

এই টেকনিকটো সকলো চাবজেক্টতে খটুৱাব নোৱাৰিব৷ কিন্তু ভালেমান বিষয়ত ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ ২০% পঢ়ক আৰু ৮০% আবৃত্তি কৰক বা ডাঙৰ ডাঙৰকৈ পাঠ কৰক৷ অলপ পঢ়ি লৈ উঠি সেই পঢ়াখিনি নিজে ডাঙৰ ডাঙৰকৈ মাতিবলৈ চেষ্টা কৰক৷ দুবাৰমান তেনে কৰিলে কথাবোৰ আপোনাৰ বেছি ভালদৰে মনত থাকিব৷ লাইন বাই লাইন মাতি যাবই লাগিব বুলি কথা নাই, নিজৰ ভাষাত আপুনি কথাবোৰ নিজে বুজি পোৱাকৈ ঠিক কৰি ল’ব পাৰে৷

স্পেচড ৰিপিটেচন

আপুনি যিখিনি পঢ়িলে সেইকথাখিনি আকৌ ৰিপিট কৰক৷ কিন্তু লগে লগে ৰিপিট কৰিব নালাগে৷ মাজত অলপ সময় দিওক৷ বেলেগ বেলেগ এক্সাপার্টে কিমান সময়ৰ মূৰত ৰিপিট কৰিব লাগে সেই বিষয়ে বেলেগ বেলেগ মতামত দিয়ে৷ এই টেকনিকটো সকলো ধৰণৰ পঢ়াৰ ক্ষেত্ৰতে কামত আহিব৷ বিশেষকৈ যিবোৰ পঢ়াৰ ক্ষেত্ৰত এনালাইছিছ কৰা আৰু ভিতৰৰ কথাবোৰ বেছি ভালদৰে বুজাৰ প্ৰয়োজন তাত ই বেছি ভাল কাম কৰে৷ এনেদৰে মাজত সময় দিলে আপোনাৰ মগজুত নতুন নিউৰেল কানেকচনবোৰ বেছি মজবুত হয় আৰু ফলত আপোনাৰ কথাবোৰ বেছি ভালদৰে মনত থাকে৷

দেৱাল বা ৱাল এখন সাজোতে আপুনি যদি ফটাফট দেৱালখন বনাই যায় আৰু মাজৰ চিমেন্ট আৰু বালিৰ মিক্সাৰটো প্ৰতিটো লেয়াৰতে টান হ’বলৈ নিদিয়ে আপোনাৰ দেৱালখন বেছি মজবুত নহ’ব৷ একেদৰে কথাবোৰ মনত ৰাখিবলৈ হলেও মাজে মাজে অলপ সময় গেপ দিলে কথাবোৰ বেছি ভালদৰে মনত থাকিব আৰু বুজি পাব৷

খুব ভলদৰে ইয়াক কামত লগাবলৈ আপুনি এনধৰণে ৰিপিটেচন বোৰ সজাই ল’ব পাৰে-

  • First repetition: 1 day
  • Second repetition: 7 days
  • Third repetition: 16 days
  • Fourth repetition: 35 days

SQ3R (Survey, Question, Read, Recite, Review)

আন এটা টেকনিক হ’ল Survey, Question, Read, Recite, Review৷

ইয়াত প্ৰথম ষ্টেপত আপুনি পঢ়িবলগীয়া কথাখিনি এবাৰ ওপৰে ওপৰে চাই লওক৷ গোটেইবোৰ চাই লওক৷ এইখিনি সময়ত আপুনি সকলো কথা বুজিব নালাগে, ভালদৰে পঢ়ি যাবও নালাগে, মাত্ৰ চকু ফুৰাই যাব লাগে৷

দ্বিতীয় ষ্টেপত অধ্যায়টোত থকা প্ৰশ্নবোৰ বা কুইজবোৰ চাওক৷

তৃতীয় ষ্টেপত এতিয়া অধ্যায়টো পঢ়ক৷

চতুর্থ ষ্টেপত পঢ়াবোৰ আবৃত্তি কৰক বা ডাঙৰ ডাঙৰকৈ মাতি যাওক

পঞ্চম ষ্টেপত কিছু সময় বা কিছু দিন পিছত ঘূৰি আহি পঢ়া কথাখিনি চাওক৷ কিমানদিনৰ পিছত ঘূৰি আহি আকৌ পঢ়িব৷ আগতে কোৱা স্পেচড ৰিপিটেচনৰ নিয়মটো অনুসৰণ কৰক

এনেদৰে পঢ়িলে কথাবোৰ মনত বেছি ভালদৰে থাকিব, বেছি ভালদৰে বুজি পাব আৰু পৰীক্ষাত বেছি ভাল ফলাফল দেখুৱাব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top