Close

নিজকে আৰু মূল্যবান কৰি তোলো আহক

আমাৰ জীৱনত নানান সমস্যা৷ তাৰ ভিতৰত এটা প্ৰধান সমস্যা হ’ল কামৰ সমস্যা৷ ইমান কষ্ট কৰিও ইমান কম ধন ঘটিব পাৰোঁ, ইমান কৰিও বছৰ গালি খাও, কাম কৰি একদম ভাল নালাগে, এই কোম্পানীটো কাম কৰিবলৈ একেবাৰে ভাল নহয়, মোৰ অফিচৰ সহকৰ্মীবোৰ ভাল নহয়, ইমান চেষ্টা কৰিও চাকৰি এটা পোৱা নাই ইত্যাদি ইত্যাদি৷ আন ঘৰুৱা, পাৰিবাৰিক আৰু সামাজিক সমস্যাটো আছেই৷ ঘৰত মোক কোনও কেয়াৰে নকৰে, সমাজত মোক মানুহ বুলিয়ে নাভাবে, ঘৰত ল’ৰা-ছোৱালীয়ে মোক গুৰুত্বই নিদিয়ে ইত্যাদি ইত্যাদি৷

এনেবোৰ সমস্যা যদি আপোনাৰো আছে, তেন্তে এটা কাম কৰক- নিজকে আৰু মূল্যবান কৰি তোলক৷ আপোনাৰ যদি এই সমস্যাবোৰ নাই তথাপিও জীৱনটো আৰু আকর্ষণীয় কৰি তুলিবলৈ নিজকে আৰু অলপ মূল্যৱান কৰি তোলো আহক৷ আপুনি যদি কর্মক্ষেত্ৰত আৰু বেছি মূল্যৱান হৈ গৈ থাকিব পাৰে, তেন্তে আপুনি নতুন নতুন সুবিধাবোৰ, প্ৰজেক্টবোৰ আনতকৈ আগতে পাব, দৰমহা বেছিকৈ পাব৷ কোনেও আপোনাক চাকৰিৰ পৰা বাহিৰ কৰি দিম বুলিও কৰিব নোৱাৰিব, ভবিষ্যতকলৈ আপুনি চিন্তিত হোৱাৰ কোনো কাৰণ নাথাকিব৷ ঘৰত ঘৰৰ পৰিয়ালৰ কোনেও আপোনাক গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰিব৷ সামাজিকভাৱে সকলো মানুহেই আপোনাক গুৰুত্ব দিব লগীয়া হ’ব৷ এই গুৰুত্ব সমাজৰ বাবে মূল্যৱান হোৱাৰ পৰা,  ব্যক্তিগতভাৱে মূল্যৱান হোৱাৰ পৰা বা আন ধৰণে মূল্যৱান হৈ পৰাৰ বাবে আহিব পাৰে৷ 

নিজৰ মূল্য

মূল্য বৃদ্ধি কৰা মানে অকল ধনী হোৱাই নহয়, টকা-পইচা বেছিকৈ ঘটাই নহয়৷ মূল্য মানে অকল টকা-পইচা বা দৰমহাই নহয়৷ ই এবিধ মূল্য হ’ব পাৰে, কিন্তু তাৰ লগতে আন বহুবিধ মূল্য আছে৷ মূল্য বৃদ্ধি কৰা মানে নিজৰ আৰু আনৰ চকুত আপোনাৰ মূল্য বৃদ্ধি কৰা, বেছি মূল্যৱান হৈ পৰা৷ আপুনি নিজৰ মূল্য ইমান বৃদ্ধি কৰিব লাগিব যে আপুনি সেই অফিচৰ, সেই বিভাগৰ, সেই কোম্পানীৰ, সেই সমাজৰ, সেই অনুষ্ঠানৰ আটাইতকৈ গুৰুত্বপূর্ণ ব্যক্তি, আপুনি নহ’লে একো কামেই নচলে, আপুনি নহ’লে কাম আগেই নাবাঢ়ে৷

কর্মস্থানৰ বাবে

আপুনি যত কাম কৰে সেই অফিচটো, সেই কোম্পানীটোৰ বাবে যদি আপুনি মূল্যবান হৈ পৰে তেতিয়ানো কি হ’ব? যদি কেতিয়াবা চাকৰি কর্তন হয়, তেতিয়া কোম্পানী এটাই বা অফিচ এটাই এজন মূল্যবান কর্মচাৰীক যাবলৈ দিব নে অদৰকাৰী কাম ভালদৰে নকৰা এজনক যাবলৈ দিব? প্ৰমোচনৰ সময়ত এজন মূল্যবান কর্মচাৰীয়ে বেছি গুৰুত্ব পাব নে এজন সাধাৰণ মানদণ্ডৰ কর্মচাৰীয়ে বেছি গুৰুত্ব পাব? আপুনি যিমানে মূল্যবান হৈ পৰিব সিমানে অফিচ বা বিভাগ বা কোম্পানী এটা আপুনি নহ’লে চলিব নোৱাৰা হ’ব৷ তেনে এজন কর্মচাৰীয়ে আনতকৈ বহুত বেছি টকা-পইচা উপার্জন কৰিব, মান-সন্মান লাভ কৰিব আৰু তেনে এজন মানুহে নিজৰ কামৰ পৰা সন্তুষ্টি লাভ কৰিব৷ বাকীকেইটা নাপালেও যদি আপুনি কাম কৰি আত্মসন্তুষ্টি লাভ কৰে তেয়িাও আপুনি নিজকে মূল্যবান কৰি তুলিবলৈ কৰা কষ্টবোৰ সার্থক হ’ব৷

আৰু কোনোবা অফিচ বা কর্মস্থানত যদি মূল্যবান হোৱাৰ পিছতো আপুনি গুৰুত্ব নাপায়, তেন্তে তেনে আন বহুকেইটা কোম্পানী বা অফিচ ওলাব যিয়ে আপোনাৰ গুৰুত্ব বুজি আপোনাৰ মূল্যক মূল্য দিব৷ আপোনাৰ উপার্জনো নির্ভৰ কৰিব আপুনি বিভাগটো, কোম্পানীটো বা অফিচটোৰ বাবে কিমান গুৰুত্বপূর্ণ তাৰ ওপৰত৷  আপুনি সিমানহে উপার্জন কৰিব পাৰিব যিমান মূল্যবান আপুনি হ’ব পাৰে৷

জাতিৰ বাবে, দেশৰ বাবে

আপুনি জাতিৰ বাবে যেতিয়াই এনেকুৱা কাম কৰিব যিয়ে জাতিক ৰক্ষণাবেক্ষণ দিয়া, আগুৱাই নিয়া আদিত সহায় কৰিব তেতিয়াই আপুনি জাতিৰ বাবে মূল্যবান হৈ পৰিব৷ দেশৰ বাবে যদি আপুনি মূল্যৱান হৈ পৰিছে নিজৰ কামৰ দ্বাৰা তেন্তে দেশেও আপোনাক তাৰ স্বীকৃতি দিব৷ দেশে নিদিলেও যিসকল মানুহ আপোনাৰ কামৰ দ্বাৰা উপকৃত হৈছে, তেওঁলোকে আপোনাৰ আপোনাৰ কামৰ স্বীকৃতি দিবই৷

নিজৰ পৰিয়ালৰ বাবে

পৰিয়ালৰ বাবে মূল্যবান হৈ পৰা মানে অকল বেছিকৈ টকা ঘটি সকলোকে সুখত ৰখা কথাটোৱেই নহয়৷ পৰিয়ালৰ সকলোৱে যদি বিপদৰ সময়ত আপোনাৰ পৰা দিশনির্দেশ পায়, আপোনাৰ নেতৃত্ব পায়, প্ৰয়োজনৰ সময়ত আপোনাৰ সাহায্য পায়, বিপদৰ সময়ত আপুনি বিপদ আৰু তেওঁলোকৰ মাজত থিয় দিয়ে তেতিয়া আপুনি তেওঁলোকৰ বাবে বেছি মূল্যৱান হৈ পৰিব৷

নিজৰ বাবেআত্ম-সন্মান

আনৰ বাবে বাৰু আপুনি মূল্যৱান হৈ পৰিলে, কিন্তু নিজৰ বাবে মূল্যৱান হৈ পৰাটো? আপুনি যদি মনে মনে নিজকে মূল্যৱান বুলি নাভাবে, তেন্তে আপুনি জানো নিজকে সন্মান কৰিব পাৰিব৷ আৰু যদি নিজৰ বাবেই আপুনি মূল্যৱান হ’ব নোৱাৰে, নিজৰ জীৱনটো যদি আপুনি বিচৰা ধৰণে গঢ়ি তুলিব নোৱাৰে, তেন্তে আনক সহায় কৰিব পাৰিব জানো, আনৰ বাবে মূল্যৱান হৈ পৰিব পাৰিব জানো?

কিদৰে বেছি মূল্যবান হব পাৰি?

আপোনাক বেছি মূল্যবান হোৱাত সহায় কৰিব ক’লা-কৌশল, উৎপাদনশীলতা, কার্যকুশলতা, প্ৰভাৱ, নাম, মান-সন্মান, ব্যক্তিত্ব, এটিটিউড, স্বসজাগতা ইত্যাদিয়ে৷ এইবোৰ আপুনি আয়ত্ত কৰিব লাগিব, আৰু আগতকৈ বৃদ্ধি কৰিব লাগিব৷ কি কি কৰিলে এইবোৰ আপুনি জীৱনত বৃদ্ধি কৰিব পাৰিব? চাও আহক৷

মূল্যবান হবলৈ হলে আপুনি দ্বায়িত্ব লব লাগিব

নিজৰ দ্বায়িত্ব লোৱাৰ পৰা আপুনি আৰম্ভ কৰিব পাৰে৷ নিজৰ জীৱনৰ দ্বায়িত্ব লৈ যেতিয়া আপুনি নিজকে উন্নীত কৰিব, নিজকে এনে এটা পর্যায়লৈ লৈ যাব যে সকলো ক্ষেত্ৰতে আপোনাৰ মূল্য আনতকৈ বেছি হ’ব৷ আপোনাৰ বর্তমানৰ মূল্য আপোনাৰ নিজৰে কেইমাহমান আগৰ মূল্যতকৈ বেছি হৈ গৈ থাকিব৷ নিজৰ জীৱনৰ সকলো ক্ষেত্ৰৰে দ্বায়িত্ব ল’লেহে আপুনি সকলো দিশৰ পৰাই নিজৰ মূল্য বৃদ্ধি কৰিব পাৰিব৷

নিজৰ কৌশল আনতকৈ, আগতকৈ ভাল কৰিব লাগিব

প্ৰয়োজন হ’লে ট্ৰেইনিং লওক, অনলাইন বা অফলাইন নতুন কর্ছ এটা কৰক বা আন যি লাগে কৰক কিন্তু নতুন নতুন স্কিলবোৰ শিকক৷ সদায় একেটা স্কিলেৰে কাম নচলিবও পাৰে কাৰণ পৃথিৱীখন অনবৰতে সলনি হৈয়ে আছে৷ নিজকে যিমানে মানসিকভাৱে আৰু প্ৰফেচনেলি আগবঢ়াই (আপগ্ৰেড) কৰি গৈ থাকিব, সিমানে আপোনাৰ মূল্যও বাঢ়ি গৈ থাকিব৷

যিমান পাইছে তাতোকৈ বেছিকৈ মূল্য দিয়ক

কাম এটা কৰাৰ বাবে আপুনি যি দৰমহা পাইছে বা মূল্য (যদি চাকৰি নকৰে) পাইছে, সদায় তাতোকৈ বেছি মূল্য দিয়ক বা বেছি মূল্যৰ কাম কৰক৷ এনে কৰিলে আপোনাৰ কামৰ আৰু উপার্জনৰ অভাৱ নহয় আৰু লগতে ই ক্ৰমান্বয়ে নিজে নিজে আপোনাৰ মূল্য বঢ়াই গৈ থাকিব৷ আপুনি যিমানখিনি কৰিব লাগে তাতোকৈ সদায় অলপ বেছিকৈ দিয়া আৰম্ভ কৰিলে আপুনি তাৰ ফলাফল নিজেই কিছুদিনৰ ভিতৰতে দেখিবলৈ আৰম্ভ কৰিব৷

নিজকে উন্নীত কৰক

নিজকে আৰু বেছি মূল্যবান কৰিবলৈ হ’লে আপুনি নিজকে আৰু উন্নীত কৰিবই লাগিব৷ তাৰবাবে আপোনাৰ কি কি আছে আৰু কি কি নাই সেয়া বিচাৰি উলিয়াব লাগিব আৰু নথকা গুণবোৰ যদি আপোনাৰ বাবে প্ৰয়োজনীয় সেইবোৰ আহৰণ কৰিব লাগিব৷

যি কাম কৰে সকলোতে ভাল হবলৈ চেষ্টা কৰক

আপোনাৰ ভাগত যি কাম পৰে বা আপুনি যি কাম কৰে সকলো কামেই আটাইতকৈ ভালদৰে কৰাৰ এটা অভ্যাস যদি আপুনি গঢ়ি তুলিব পাৰে, তেন্তে আপোনাৰ কামৰ গুণগত মান বা কোৱালিটি সদায় ভাল হ’ব৷ আপোনাৰ অফিচৰ বাবে কৰা কামেই হওক, ঘৰৰ কামেই হওক বা কোনো ক্লায়েন্টৰ বাবে কৰা কামেই হওক, যদি মানুহে চকু মুদি আপোনাৰ কামৰ গুণগত মানৰ ওপৰত বিশ্বাস কৰিব পাৰে, তেন্তে তেওঁলোকৰ বাবে আপোনাৰ মূল্য সদায় বেছি হ’বই৷

সমস্যাৰ সমাধান দিয়ক

সমস্যা সৃষ্টি কৰা বা অনবৰতে সমস্যা দেখা পোৱা মানুহ এজন হোৱাতকৈ সমস্যাৰ সমাধান দিয়া মানুহ এজন হওক৷

পেচন আৰু কমিটমেন্টৰ সৈতে কাম কৰক

কিয়? যি মানুহে পেচনেৰে কাম কৰে আৰু যি মানুহে কমিটমেন্টেৰে কাম কৰে তেওঁলোকে অকল কামটো কৰি নিজেই আনন্দ নাপায়, লগতে তেওঁলোকে আনতকৈ বহু বেছি ভাল গুণগত মান (কোৱালিটি) বিশিষ্ট কাম কৰে৷ মানুহে তেওঁলোকক কাম কৰা দেখি আনন্দ পোৱাৰ লগতে তেওঁলোকৰ কামৰ গুণগত মান দেখিও আচৰিত হয়৷

গেট থিংজ দান

কিবা এটা কাম আপোনাক কৰিবলৈ দিলে কামটো নিজ বুদ্ধি, চিন্তা, উপায় ব্যৱহাৰ কৰি কৰি শেষ কৰক৷ আনক, নিজৰ বছক, তলৰ কাৰোবাক সকলো কথাতে সুধি সুধি কাম কৰাতকৈ যদি আপুনি নিজে কামটো সঠিক উপায়েৰে সম্পন্ন কৰিব পাৰে, তেন্তে ই আপোনাৰ মূল্য বঢ়াব৷

কিয় মূল্যবান হওনো বাৰু?

মূল্যবান বস্তুকহে মানুহে গুৰুত্ব দিয়ে৷ আপুনি যদি মূল্যবান হৈ পৰে, তেতিয়া আপোনাকো আন মানুহে গুৰুত্ব দিব, আপোনাৰ যত্ন ল’ব৷ আপুনি যদি ভবিষ্যতক লৈ খুব চিন্তাত পৰিছে বা ভবিষ্যতক লৈ ভয়ত আপোনাৰ টোপনি নহা হৈছে, তেন্তে এনে সমস্যাবোৰৰ পৰা আপুনি চিৰকালৰ পৰা মুক্তি লাভ কৰিব পাৰিব, মাত্ৰ এটা কাম কৰি৷ সেয়া হ’ল নিজকে বেছি মূল্যবান কৰি তুলি৷ আপুনি যদি নিজকে মাত্ৰ এটা ক্ষেত্ৰতো খুব মূল্যবান কৰি তুলিব পাৰে, তেন্তে আপুনি ভবিষ্যতক লৈ চিন্তা কৰিব নালাগিব, ভবিষ্যতে কেনেকৈ চলিম, টকা-পইচা কৰিব পাৰিম নে নাই তাকো চিন্তা কৰিব নালাগিব, কাৰো ভৰিত ধৰিব নালাগিব, চাকৰি ৰাখিবলৈ বা পইছা ঘটিবলৈ কাকো খাটিৰ কৰি চলিব নালাগিব আৰু তাতোকৈ ডাঙৰ কথা হ’ল নিজৰ চকুত আপুনি বহুত ওপৰলৈ উঠি যাব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top