Close

কথাটো আপুনি যিমান জটিল বুলি ভাবিছে ই ইমান জটিল হয়নে ?

কেতিয়াবা আপুনি এনে এক অৱস্থাত পৰিছেনে যত আপুনি পৰিস্থিতিটোক যিমান বেছি জটিল বুলি ভাবিছিল পিছত গম পালে ই সিমান জটিল নাছিল? কিবা এটা সমস্যাক যিমান জটিল বুলি ভাবিছিল তাক সমাধা কৰাৰ পিছত গম পালে যে ই ইমান জটিল নাছিল আৰু আপুনি মিছাতে চিন্তা কৰি ইমানদিনে যন্ত্ৰণা পাই আছিল?

কাম কৰোতেও তেনে হ’ব পাৰে৷ আপুনি কাম এটা যিমান জটিল বুলি ভাবিছিল, কৰি শেষ কৰাৰ পিছত গম পালে যে ই সিমান জটিল নাছিল৷ ছাত্ৰ-ছাত্ৰীয়ে কিবা এটা বিষয় যিমান টান বুলি ভাবিছিল ই ইমান টান নাছিল৷

বহুতৰে তেনে হয়৷ ই হোৱাৰ এটা কাৰণ হ’ল কমপ্লেক্সচিটি বায়াছ ৷ ই এটা বিশ্বাস যে সহজ-সৰল ধাৰণাবোৰতকৈ জটিল ধাৰণাবোৰ বেছি ভাল৷ ই সহজ, কম খৰছী, সুৰক্ষিত, বেছি দ্ৰুত উপায়বোৰতকৈ জটিল উপায়বোৰ বেছি ভাল বুলি থকা এক অযুক্তিকৰ বিশ্বাস৷ এই ক্ষেত্ৰত অমি বিশ্বাস কৰোঁ যে জটিল সমস্যাবোৰ বেছি ভাল আৰু সেইবোৰ ঘটিব ধৰিছে৷

উদাহৰণ স্বৰূপে, আমি ভাবো যে এজন মানুহে বেছি কথা জানে কাৰণ তেওঁ কিছুমান জার্গন বা সেই ক্ষেত্ৰত ব্যৱহাৰ হোৱা শব্দ কিছুমান কয়৷ আমি ভাবো যে জটিল অংক এটা সহজ অংক এটাতকৈ বেছি নির্ভুল আৰু মূল্যৱান হ’ব৷ আমি যেতিয়া ছফটৱেৰ এটা ব্যৱহাৰ কৰোঁ তেতিয়া আমি সহজ ছফটৱেৰ এটাতকৈ জটিল, টান ছফটৱেৰ এটা বেছি ভাল বুলি ভাবি লও৷

আমাৰ জীৱনৰ ক্ষেত্ৰতো তেনে হয়৷

আমি এইবাবে এনে কিছুমান কাম কৰো আৰু সেইবোৰকে খামুছি ধৰি থাকো যিবোৰ দৰাচলতে সঠিক নহয়৷ এবাৰ ভাবি চাওকচোন এনে ভুল কথা এটাক ধৰি থাকিলে ই আপোনাৰ জীৱনত কেনে সাংঘাটিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ কাম কৰোতেও এনে ধৰণৰ এক ধাৰণাৰ বাবে আমি সদায় জটিল কামবোৰতহে আৰু জটিল উপায়বোৰতহে গুৰুত্ব দিব পাৰোঁ৷ তেতিয়া কামবোৰো আমাৰ বাবে জটিল হৈ নপৰিবনে?

নিজৰ জীৱনৰ লক্ষ্যবোৰ ঠিক কৰোতে আমি যদি একেধৰণৰ ধাৰণা আৰু এপ্ৰ’চ লৈ কাম কৰোঁ তেতিয়া আমি বিচৰা বস্তুবোৰ, ফলাফলবোৰ, কথাবোৰ সহজ-সৰল হ’লে সেইবোৰ এৰি আমি আন কিছুমান বস্তু, ফলাফল, মানুহ বা কথা খেদি ফুৰিবলৈ যাব পাৰোঁ যিবোৰ দৰাচলতে আমি নিবিচাৰোঁ বা যিবোৰ আমাক নালাগে৷ নিজে বিচৰা বস্তুবোৰ সহজে লাভ কৰিলে সেইবোৰ আমি বিচৰা বস্তু নহয় বুলি আমি ভাবিব পাৰোঁ৷ আনক দেখি তেনে ধৰণৰ লক্ষ্যবোৰ ঠিক কৰিব পাৰোঁ যিবোৰ আমাৰ লগত নিমিলে, যিবোৰ আমি প্ৰকৃততে নিবিচাৰোঁ৷ তেতিয়া সেইবোৰ লাভ কৰিলেও জানো আমি সুখ-শান্তি পাম?

আকৌ আমাৰ লক্ষ্যবোৰ লাভ কৰিবলৈ অকল জটিল উপায়েৰেহে সেয়া কৰা সম্ভৱ বুলি ধৰি ল’ব পাৰোঁ৷ তেতিয়াও যদিও সহজ-সৰল উপায়াৰে তেনে কৰা সম্ভৱ আছিল, সেয়া বাদ দি আমি কিছুমান জটিল উপায় অৱলম্বন কৰিবলৈ গৈ গোটেই প্ৰক্ৰিয়াটোকে জটইল কৰি তুলিব পাৰো আৰু প্ৰক্ৰিয়াটোৰ পৰা লাভ কৰিব পৰা সুখ, আনন্দ আদি নাইকিয়া কৰিব পাৰোঁ৷

যদি আপোনাৰ এনে অভিজ্ঞতা হৈছে, চিন্তা নকৰিব, বহু মানুহৰে এনে হয়৷ জীৱনত আমি ভাবো জটিল বস্তু আৰু উপায়ে তাতোকৈ ভাল ফলাফল আমাক দিব পাৰে৷ সেয়ে সহজ কথাবোৰক আমি আওকাণ কৰোঁ৷

এনে হ’লে কি কৰিব?

যদি কিবা এটা সমস্যাৰ সমাধান এটা আপুনি বিচাৰি আছে, তেতিয়া আপুনি গোটেই কথাটো আৰু তাৰ লগত যুক্ত সকলোবোৰ কথা এখন নোটবুকত লিখি ল’ব পাৰে৷ এনেদৰে লিখি ল’লে কথাটোৰ লগত যুক্ত সকলোবোৰ কথা আমাৰ চকুৰ আগত থাকে আৰু তেতিয়া আমি তাৰ মাজতে সমাধানৰ বাবে আটাইতকৈ সহজ আৰু সৰল উপায়টো বিচাৰি পাম৷ এই ক্ষেত্ৰত আমি অকামছ ৰেজৰ বা ল’ অব পাৰচিমনি মতে ব্যৱহাৰ কৰিব পাৰোঁ যাৰ মতে আটাইতকৈ সহজ উপায় বা ব্যাখ্যাটোৱে সাধাৰণতে আটাইতকৈ ভাল উপায়টো হয়৷

তাৰ লগতে আপুনি ব্যৱহাৰ কৰিব পৰা আন এটা উপায় হ’ল বার্ডছ আই ভিউ৷ আপুনি সমগ্ৰ সমস্যাটোকে একেলগে চাব লাগিব৷ ইয়াক বার্ডছ আই ভিউ বুলি কোৱা হয়৷ চৰাই এটাই আকাশত উৰি ফুৰোতে তলৰ পৃথিৱীখনৰ দৃশ্য যেনেদৰে দেখে ঠিক তেনেদৰে আপোনাৰ সমস্যাটোৰ এক দৃশ্য আপুনি চাব পাৰিলে সমস্যাটো বহুত সহজ হৈ পৰিব আৰু তাক সমাধান কৰাৰ বিভিন্ন উপায় আপুনি দেখিবলৈ পাব৷ তেতিয়া আগতে চকুত নপৰা সমাধান বা ধাৰণা বা উপায় কিছুমান আপোনাৰ চকুত পৰিব আৰু বিভিন্ন ধৰণৰ ধাৰণা আৰু উপায়বোৰ চাই চিতি আপুনি আটাইতকৈ ভাল বুলি ভবাটো বাচি ল’ব পাৰিব৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top