Close

মই কেনেদৰে নিজকে আৰু বেছি ভাল কৰিব পাৰোঁ-Ask Bikash

মই কেনেদৰে নিজকে আৰু বেছি ভাল কৰিব পাৰোঁ

নিজকে আৰু ভাল কৰি তুলিবলৈ এটা সহজ উপায় আছে৷ সেই উপায়টো হ’ল কনটিনিউয়াছ ইমপ্ৰুভমেন্ট৷ অর্থাৎ ক্ৰমাগত উন্নতি৷

আপুনি যদি নিজকে আৰু ভাল কৰি তুলিব বিচাৰে, আজিতকৈ ভাল হ’ব বিচাৰে তেন্তে সেয়া কৰিবই লাগিব৷

আৰু বহুত বেছি ভাল হ’ব নালাগে, মাত্ৰ কালিতকৈ আজি আৰু অলপমান ভাল হ’লেই হ’ল৷ কাইলৈ আজিতকৈ অকণমান, একেবাৰে ক্ষুদ্ৰকৈ ভাল হ’লেই হ’ল৷ এনেদৰে অলপ অলপকৈ ভাল হৈ গৈ থাকোতে থাকোতে এইবোৰ লগ হৈ এদিন অতীতৰ ৰূপটোৰ লগত আজিৰ ৰূপটোৰ বহুত ডাঙৰ পার্থক্য দেখা যাব৷  

কিন্তু কথাটো হ’ল কি কি কথাত, কোনফালে মই ভাল কৰিবলৈ চেষ্টা কৰিম? সকলো কথাবোৰ মই নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিব নোৱাৰোঁ? হয় সকলো ফালেই আপুনি ভাল কৰিবলৈ একেলগে চেষ্টা কৰিব নোৱাৰে আৰু সকলো কথাতে ভাল কৰিবলৈ চেষ্টা কৰাৰো প্ৰয়োজন হয়তো আপোনাৰ নাই. আপুনি মাত্ৰ দুটা কথা মন কৰিলেই হ’ল-

(১) কোনবোৰ কথাত আপুনি ভাল নহয়, কিন্তু আপোনাৰ বাবে সেইবোৰ প্ৰয়োজনীয়৷ যদি আপোনাৰ বাবে এইবোৰ প্ৰয়োজনীয় তেন্তে সেইবোৰ ক্ষেত্ৰত আপুনি ভাল কৰিবই লাগিব৷ তেনে প্ৰয়োজনীয় কথাবোৰ শিকাত, স্কিলবোৰ শিকাত আপুনি মনোযোগ দিব লাগিব৷

(২) কিছুমান কাম আপুনি জানে, কিছুমান কথাত আপুনি ভাল বা কিছুমান স্কিল আপোনাৰ আছে কিন্তু এইবোৰ আপুনি বিচৰা সফলতাৰ বাবে বৰ গুৰুত্বপূর্ণ৷ তেন্তে এইবোৰ আৰু ভাল কৰাত, আগতকৈ স্কিলবোৰ বঢ়োৱাত আমি গুৰুত্ব দিব লাগিব৷

কথাবোৰ, স্কিলবোৰ আপোনাৰ বাবে প্ৰয়োজনীয় হয় নে নহয় সেই কথাটো চাই ল’ব৷ প্ৰয়োজনীয় হলেহে সেইবোৰত আপুনি গুৰুত্ব দিব লাগিব৷ যিহেতু আমৰ সময়, শক্তি, মনোবল সীমিত গতিকে আমি সকলো কথাতে ভাল হ’বলৈ চেষ্টা নকৰি, সকলোবোৰ কথাকে ভাল কৰিবলৈ চেষ্টা নকৰি আমাৰ বাবে যিবোৰ গুৰুত্বপূর্ণ আৰু প্ৰয়োজনীয় সেইবোৰ কথাত মন দিব লাগিব৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top