Close

অবিচলিতভাৱে কাম কৰা বা কনচিষ্টেনচি আপোনাৰ সাফল্যৰ মূল কথা

আপুনি যেতিয়া বিচৰা ফলাফল এটা লাভ কৰাৰ বাবে ঠিক কৰি লোৱা কাম এটা প্ৰতিদিনে কৰি গৈ থাকে তেতিয়া সেই ফলাফলটো লাভ কৰাৰ সম্ভাৱনা বহু বেছি বাঢ়ি যায়৷ সৰু সৰু কিন্তু নিয়মীয়াকৈ কৰা কামৰ ফলাফল বহুত বৃহৎ হয়৷

আৰম্ভণিতে প্ৰতিদিনে কৰি থকা এনে কামৰ ফলাফল আপুনি নেদেখিব পাৰে, কাৰণ দেখা পোৱা ফলাফল লাভ কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হয়৷ কিন্তু তেনেদৰে ফলাফল দেখা নাপালেও এয়া নহয় যে আপোনাৰ কামৰ একো ফলাফল নাই৷ আপুনি মাত্ৰ তাৰ ফলাফল আজি দেখা পোৱা নাই৷ তেনে অৱস্থাত আপোনাৰ মনটো ভাগি যাব পাৰে, একো কৰিবলৈ মন নাযাব পাৰে, কামটো কৰা বাদ দিবলৈ মন যাব পাৰে, কিন্তু তেনে নকৰিব৷

শিলৰ কাহিনী

এবাৰ এজন সৰু ল’ৰাই গৈ থাকোতে দেখিলে যে ৰাস্তাৰ কাষত এটুকুৰা ডাঙৰ শিল পৰি আছে৷ শিল টুকুৰাৰ বাবে মানুহৰ অহা-যোৱাত অসুবিধা হৈছিল৷ ল’ৰাজনে দেখিলে যে এজন মানুহে হাতুৰি আৰু বটালি লৈ শিলটুকুৰা কাটি আছে৷ মানুহজনক ল’ৰাটোৱে সুধিলে –“আপুনি কি কৰিব বিচাৰিছে?”

“মই এই শিলটুকুৰা ভাঙি সৰু কৰিব বিচাৰিছোঁ যাতে ইয়াক ৰাস্তাৰ পৰা আতৰ কৰিব পাৰোঁ”

“কিন্তু এনেদৰে হাতুৰি-বটালি লৈ ভাঙিবলৈ বহু সময় লাগিব?”

“সময় লাগিব, কিন্তু আমাৰ হাতত আৰু আন একো উপায় নাই”
“ ইমান সময় আপুনি এনেকৈ শিলটো ভাঙিবলৈ চেষ্টা থাকিবনে? ইয়াৰ দেখোন একো লৰচৰেই হোৱা নাই?”

মানুহজনে একো নকলে, মাথো হাঁহিলে৷ তেওঁ আকৌ নিজৰ কামত লাগিল আৰু সৰু ল’ৰাজন ঘৰলৈ ঘূৰিল৷

এসপ্তাহ পিছত ল’ৰাজন গৈ দেখিলে যে তেতিয়াও মানুহজনে শিলটো ভাঙিবলৈ চেষ্টা কৰিয়ে আছে৷

“আপুনি এতিয়াও চেষ্টা কৰিয়ে আছে? শিলটোক দেখো এটা আচোৰো পৰা নাই৷ কিয় মিচাতে কষ্ট কৰি আছে? ইয়াক তেনেদৰেই থাকিবলৈ দিয়ক৷”

মানুহজনে মাথো মিচিকিয়ালে৷ তেওঁ একো নক’লে৷ ল’ৰাটো থিয় হৈ থাকোতেই হাতুৰি মাৰি থাকোতে অলপ পিছতে সশব্দে শিলটো ভাঙি কেইবাটুকুৰাও হ’ল৷

সৰু ল’ৰাটোৱে ক’লে, “শিলটো আজি হঠাতে ভাঙি থাকিল৷ অলপ আগলৈকে ইয়াত মই এটা আচৰো দেখা নাছিলোঁ?”

মানুহজনে ক’লে, “আজি হঠাতে, এটা হাতুৰিৰ কোবতে শিলটো ভাঙি যোৱা নাই৷ ইমানদিনে যিবোৰ হাতুৰিৰ কোব তাত পৰিছিল, সেই সকলোবোৰ মিলিহে আজি এই শিলটো ভাঙিছে৷ ইমানদিনৰ কামৰ সকলো ফলাফল লগ হৈ আজিৰ এই বিচৰা ফলাফল আমি পাইছোঁ৷”

কনচিষ্টেনচি ৰ পৰা আমি কিয় সফলতা লাভ কৰিব পাৰোঁ?

আপুনি যদি সদায় এটা কাম কৰি থাকে তেনেহ’লে কিছুদিন পাছত সেই কামটো অভ্যাসত পৰিণত হয়৷ গতিএক আপুনি যদি সঠিক কাম এটা ঠিকমতে কৰিছে তেনেহ’লে আপোনাৰ এটা ভাল অভ্যাসৰ সৃষ্টি হ’ব৷ এই অভ্যাসবোৰেই আমাৰ সফলতাৰ মূল৷ সফলতাৰ বাবে যিবোৰ অভ্যাস আমাক লাগে সেই অভ্যাসবোৰ সৃষ্টি কৰি ল’ব পাৰিলে আপোনাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে৷

কনচিষ্টেনচি সৃষ্টি কৰাৰ বাবে আপুনি কি কৰিব পাৰে?

আপুনি সম্পূর্ণভাৱে নিজকে কাম, কার্যকলাপ বা লক্ষ্য এটাত সমর্পণ কৰিব লাগিব৷ কমিটমেন্ট বা সমর্পণৰ ভাৱ নাথাকিলে কনচিষ্টেনচি কেনেদৰে আহিব? এটা কাম কৰোতে যিমান ভালকৈ কৰিব পাৰি সিমান ভালকৈ, কামটো যিমান সময় কৰিব লাগে সিমান সময় ঠিক কৰি লৈ সেই সময়মতে কামটো কৰি গৈ থাকিব লাগিব৷

বহুতে কিয় অবিচলিতভাৱে কাম কৰিব নোৱাৰে?

ডিচট্ৰেকচন ৰ বাবে৷ বর্তমান ইমানবোৰ ডিচট্ৰেকচন আমাৰ সন্মুখত, বা ওচৰে-পাজৰে আছে যে সেইবোৰ আওকাণ কৰা বহুতৰ বাবে সম্ভৱ নহয়৷ টিভি, মবাইল ফোন, চচিয়েল মিডিয়া, ভিডিঅ আদিয়ে আপোনাক কাম এটা কৰিবলৈ নিদিয়ে৷

যিসকলে লোকে কনচিষ্টেনচিৰে সৈতে কাম কৰিব নোৱাৰে, তেওঁলোক ফ’কাছড নহয়, তেওঁলোক কামটো কৰিবলৈ বা লক্ষ্যটো লাভ কৰিবলৈ সমর্পিত নহয় আৰু তেওঁলোকৰ শৃংখলা বা নিয়মানুবর্তিতা নাই৷

কম সময়ত কোনো ফলাফল নেদেখিলে তেওঁলোকে সেই কামত লাগি থাকিব নোৱাৰে৷ কিন্তু এটা কথা মন কৰকচোন -আপুনি যদি খুব ভাল গীটাৰ বজাব পাৰে বা নাচিব পাৰে সেয়া এদিন, এসপ্তাহ বা এমাহতে কৰিব পৰা হৈছিলনে? নাই হোৱা৷ আপুনি বহুদিন সেই কাম কৰাৰ অভ্যাস কৰিছে৷

চাইকেল চলাব আমি বহুতে নাজানো৷ আপুনি যদি চাইকেল চলাবলৈ শিকিব বিচাৰিছিল বা চেষ্টা কৰিছিল কিন্তু আজি সেয়া কৰিব নোৱাৰে তাৰ কাৰণ হ’ল দুদিনমান চেষ্টা কৰাৰ পিছতে কোনো ধৰণৰ ফলাফল নেদেখি আপুনি সেই কামটো, মানে চাইকলে চলাবলৈ অভ্যাস কৰা বাদ দি দিছিল৷ বা হয়তো এদিন পৰি আঠুৰ চাল চিগা বাবে ভয়তে আপুনি চাইকেল চলোৱা অভ্যাস কৰাটো বন্ধ কৰি দিছিল৷ আৰু সেয়ে আজিও আপুনি চাইকেল চলাব নাজানে৷

আপুনি যেতিয়া এটা কাম বাৰে বাৰে কৰি থাকে তেতিয়া মনত সেয়া কেনেকৈ কৰিব লাগে সেয়া থাকি যায়, ফলত পিছৰবাৰ কৰোতে সেই কামটো বেছি ভাল হয়৷ লগতে আপুনি বাৰে বাৰে কৰোতে গম পায় যে কিহে কাম কৰে আৰু কিহে নকৰে৷ নিজৰ ভুলবোৰৰ পৰা আপুনি শিকে আৰু সেইমতে এডজাষ্টমেন্টবোৰ কৰি লয়৷

আপুনি গম নোপোৱাকৈ কৰি থকা কিছুমান অভ্যাস আপুনি অবিৰতভাৱে কৰি থাকে৷ এনে অবিৰত অভ্যাসৰ বাবে আপোনাৰ জীৱনত কেতিয়াবা সমস্যাই দেখা দিব পাৰে৷ আপুনি যদি আজি “অলপ বেছিকৈ” খোৱা খাদ্য খালে সেই কথাটোৱে আজি হয়তো একো সমস্যাৰ সৃষ্টি নকৰে, কিন্তু এনেদৰে যদি ৩ মাহ বা ৬ মাহ চলে তেতিয়া আপোনাৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব৷ 

পজিটিভ ফলাফল এটা লাভ কৰিবলৈ তেনেদৰে সেই ফলাফলটোৰ বাবে জৰুৰী কামবোৰ আপুনি প্ৰতিদিনে কনছিষ্টেন্টলি কৰি যাব লাগিব৷ আৰু সেয়া কৰি গ’লে আপুনি লাভ কৰিব বিচৰা ফলাফলৰ বাবে কৰিবলগীয়া কামবোৰ হৈ গৈ থাকিব আৰু এই সকলোবোৰ লগ লাগি আপুনি বিচৰা ফলাফলটো আনি আপোনাৰ সন্মুখত হাজিৰ কৰাবহি৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top