দুজন বন্ধুৱে এখন মৰুভূমিৰ মাজেৰে খোজকাঢ়ি গৈ আছিল৷ হঠাতে কিবা এটা কথা লৈ দুয়োজনৰ মাজত কথাৰ কটাকটি লাগিল আৰু এজনে আনজনক চৰ এটা মাৰিলে৷
চৰ খোৱা বন্ধুজনে মনত বৰ দুখ পালে, কিন্তু তেওঁ একো নকৰিলে৷ তেওঁ গছৰ এটুকুৰা শুকান ডাল বিচাৰি পালে আৰু তাৰে মৰুভূমিৰ বালিত লিখিলে – “আজি মোৰ আটাইতকৈ ভাল বন্ধুৱে মোক চৰ মাৰিলে৷’’
দুয়ো মাতবোল নকৰাকৈ গৈ থাকিল আৰু গৈ গৈ এখন মৰুদ্যান পালে৷ তাত গা ধূবলৈ এক ডাঙৰ পুখুৰীও আছিল৷ মাৰ খোৱা বন্ধুজন হঠাত দ পানীত পৰি ককবকাব ধৰিলে৷ তেওঁৰ বন্ধুজনে তেওঁক ততাতয়াকৈ পাৰলৈ তুলি আনি ঢুবি মৰাৰ পৰা বচালে৷ অলপ ঠিক হোৱাৰ পিছত মৰাৰ পৰা বচা বন্ধুজনে এক শিল কটা বটালি লৈ শিলত লিখিলে- “আজি মোৰ আটাইতকৈ ভাল বন্ধুৱে মোক মৰাৰ পৰা বচালে৷”
যিজন বন্ধুৱে চৰটো মাৰিছিল আৰু যিজনে আনজনক মৰাৰ পৰা বচালে, তেওঁ নিজৰ বন্ধুজনক সুধিলে, “তুমি দুখ পাওতে বালিত কথাটো লিখিলা, কিন্তু মই বচাওতে কিয় শিলত লিখিলা?”
তেতিয়া বন্ধুৱে উত্তৰ দিলে, “যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমি বালিত লিখিব লাগে যাতে ক্ষমাৰ বতাহে সেয়া উৰুৱাই নি কথাটোৰ অস্তিত্বই নোহোৱা কৰি পেলায়৷ কিন্তু যেতিয়া কোনোবাই আমাৰ বাবে কিবা ভাল কৰে, তেতিয়া আমি সেয়া শিলত লিখি ৰাখিব লাগে যাতে একোৱে ইয়াক নোহোৱা কৰিব নোৱাৰে আৰু আমি সদায় কথাটো মনত ৰাখিব পাৰোঁ৷ ”