আমাৰ জীৱনৰ উদ্দেশ্যই হ’ল সুখী হোৱা৷
যোৱা খণ্ডত (সুখী হওঁ আহক খণ্ড-1 ত) আমি গম পাইছিলোঁ সুখ সম্বন্ধীয় বিভিন্ন কথাৰ৷ এতিয়া চাওঁ আহক সুখী হোৱাৰ বিভিন্ন উপায়বোৰ কি কি৷
সন্তুষ্টি
আপোনাৰ সন্তুষ্টি আৰু সুখৰ মাজত এক সম্পর্ক আছে৷ আপোনাৰ ভিতৰৰ সন্তুষ্টি আহে আপোনাৰ ইচ্ছাৰ পূর্ণতাৰ পৰা৷ আপোনাৰ নানা ধৰণৰ ইচ্ছা থাকিব পাৰে, কিন্তু এই ইচ্ছাবোৰৰ এটা সীমা নাথাকিলে ই লাহে লাহে লোভত পৰিণত হয়৷ যদি লোভক আপুনি বশ কৰিব লাগে তেন্তে তাৰ বাবে আপোনাক লাগিব সন্তুষ্টি৷ বৈষয়িক ইচ্ছাবোৰ (গাড়ী-মটৰ, ঘৰ, সা-সম্পত্তি) আদিৰ ইচ্ছা যিমানে বেছি হ’ব সিমানে আপোনাৰ অসুখী বা দুখী হোৱাৰো সম্ভাৱনা বেছি হ’ব৷ এইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ লাগিব আত্মসন্তুষ্টি৷ কিন্তু সন্তুষ্টি কৰ পৰা আহিব?
সন্তুষ্টি বা আত্মসন্তুষ্টি আহিব আপোনৰ বর্তমান কি আছে সেইবোৰৰ বিচাৰ কৰিলে৷ যদি আপুনি আপোনাৰ কি কি নাই সেয়া সদায় বিচাৰ কৰি থাকে, আপুনি কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰে৷ কিন্তু মাত্ৰ এই মুহূর্ততে এই লিখনিটো আতৰাই থৈ আপোনাৰ জীৱনত কি কি আছে, পাইছে তাৰ হিচাপ কৰকচোন৷ এবাৰ কৰি চাওক৷ মাত্ৰ কি কি আছে আৰ আপুনি কি কি পাইছে সেয়া হিচাপ কৰক আৰু চাওকচোন আপোনাৰ মনটো অলপ হলেও সন্তুষ্টিৰে ভৰি পৰিছেনে নাই৷ আনকি এজন বেমাৰী মানুহেও যদি এই কামটো কৰে, তেওঁ দেখিব যে তেওঁৰো বহুখিনি সম্পত্তি আছে অর্থাৎ তেওঁৱো জীৱনত বহু কিবা কিবি পাইছে৷ আৰু সেয়া বিচাৰ কৰাৰ পিছতেই তেনে এজন মানুহে সন্তুষ্টি লাভ কৰিব পাৰে যিয়ে তেওঁক সন্তুষ্টি লাভ কৰাৰ লগতে সুখ লাভ কৰাতো সহায় কৰিব৷
নিজৰ মূল্য
যদি আপুনি নিজৰ মূল্য আছে বুলি ভাবে তেন্তে ই আপোনাক সুখী হোৱাত সহায় কৰিব৷ ধৰি লওক ফুকনৰ নিজৰ মনত মূল্য একেবাৰে নাই৷ বিভিন্ন কাৰণত তেওঁ ভাবে যে তেওঁৰ কাম নাই আৰু তেওঁ এতিয়ালৈ একো বিশেষ জীৱনত কৰিব পৰা নাই আৰু ভবিষ্যতেও নোৱাৰে৷ আপুনি ভাবে নে ফুকন সুখী হ‘ব পাৰিব? নোৱাৰে৷ সুখী হ’বলৈ আপোনাৰ মনত নিজৰ মূল্য থাকিব লাগিব, আপোনাৰ নিজৰ প্ৰতি আত্মসন্মান আৰু শ্ৰদ্ধা থাকিব লাগিব৷ সেই মূল্য আহিব যদিহে আপুনি নিজৰ জীৱনত জীয়াই থকাতকৈ আন কিবা এটা কৰিছে বা আনৰ বাবে আপুনি কিবা কিবি কৰিছে৷ যিসকলে কেবল নিজৰ কথাই চিন্তা নকৰি আন মানুহৰ বাবে নিস্বার্থভাৱে কিবাকিবি কৰিছে, তেওঁলোকৰ নিজৰ মানত অলপ হলেও মূল্য থাকে৷ গতিকে সুখী হ’বলৈ অকল বৈষয়িক বয়বস্তুৱে যথেষ্ট নহয়, তাৰবাবে আনৰ প্ৰতি মায়া, সমবেদনা আৰু মৰমৰ প্ৰয়োজন৷
কেইটামান সৰু সৰু কথা
মনৰ এক শান্ত অৱস্থাকে আমি সুখ বোলো কিন্তু সেইবুলি আপুনি ধৰি নল’ব যে ইয়াৰ অর্থ এইটো নহয় যে আনৰ দুখ-কষ্ট দেখি আপুনি চকু মুদি থাকিব লাগে৷ ইয়াৰ মানে নহয় যে সকলো বাদ দি, কেবল চকু মুদি বা মনটো খালী কৰি থাকিব লাগে৷ যদি আপোনাৰ আনৰ প্ৰতি স্নেহ আৰু সমবেদনা থাকে তেতিয়াহে আপুনি প্ৰকৃত মনৰ শান্তি লাভ কৰিব পাৰে আৰু ইয়াকহে সুখ বুলি কোৱা হয়৷
আপুনি নিগেটিভ চিন্তাবোৰৰ বিষয়ে জানিব লাগিব আৰু এইবোৰ কেনেদৰে নোহোৱা কৰিব পাৰি সেয়া শিকিব লাগিব৷ লগতে পজিটিভ চিন্তাবোৰে কেনেদৰে আপোনাৰ জীৱনটো সুখী কৰিব পাৰে সেয়াও আপুনি শিকিব লাগিব৷ তেতিয়াহ’লে আপুনি সুখী হ’ব পাৰিব৷ পজিটিভ মানসিক অৱস্থবোৰ আমি কর্ষণ কৰিব লাগিব আৰু নিগেটিভ মানসিক অৱস্থাবোৰ আমি অগ্ৰাহ্য কৰিব লাগিব৷ এই কথাটো সহজ নহয় আৰু ইয়াৰ বাবে সময় লাগে৷ আপুনি ইয়াৰ বাবে প্ৰশিমণ ল’ব লাগিব আৰু সদায় ইয়াৰ অভ্যাস কৰিব লাগিব৷ তেতিয়াহ’লেহে আপুনি সুখ বিচাৰি পাব৷
কেইটামান প্ৰশ্ন
তলৰ প্ৰশ্নকেইটাই আপোনাক সুখী হোৱাৰ বিষয়ে জনাত সহায় কৰিব৷
- কিহে আপোনাৰ মনটো ভাল লগায়- কোনবোৰ কামে আপোনাক সন্তুষ্টি দিয়ে, ফূর্তি দিয়ে আৰু শক্তি প্ৰদান কৰে?
- কি কথাবোৰে আপোনৰ মনটো বেয়া লগায়- কি কাৰণে আপোনাৰ খঙ উঠে, দুখ লাগে, অশান্তি পায়, হতাশা হয়, চিন্তা হয়?
- আপোনাৰ জীৱনৰ কিবা কথা আপোনাৰ ভাল নালাগে নেকি? এনে কিবা আছে নেকি যিটো আপুনি সলনি কৰিব বিচাৰে?- চাকৰি, থকা ঠাই, স্বামী-স্ত্ৰী, আন পৰিবেশ বা কথা৷
- আপোনাৰ চাৰিওফালে উন্নতিৰ পৰিবেশ আছেনে?
আপুনি এই প্ৰশ্নকেইটাৰ উত্তৰ যদি বিচাৰি পায়, তেতিয়াহ’লে এই উত্তৰবোৰে আপোনাক সুখী হোৱাৰ পথ বিচৰাত সহায় কৰিব৷ যদি আপুনি জানে কোনবোৰ কথাই আপোনাৰ মনটো ভাল লগায়, আপুনি সেইবোৰ কথাত বেছি গুৰুত্ব দিব পাৰিব৷ আপুনি যেতিয়া জানে কোনবোৰ কথাৰ বাবে আপোনাৰ মনটো বেয়া লাগে, তেতিয়া আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব পাৰিব আৰু লগতে সেই কাৰকবোৰৰ লগত মোকাবিলা কৰিবলৈও বুদ্ধি উলিয়াব পাৰিব৷ আপোনাৰ জীৱনৰ লগত জড়িত কিবা কথা যদি আপোনাৰ ভাল নালাগে আৰু যদি সেয়া সলনি কৰাৰ প্ৰয়োজন আছে, তেন্তে সেয়া আপুনি সলনি কৰিবলৈ চেষ্টা কৰিব পাৰিব আৰু যদি তাৰ সলনি আপোনাৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন, তেনেহ’লে সেয়াও কৰিব পাৰিব৷ চতুর্থ প্ৰশ্নটো এটা ডাঙৰ প্ৰশ্ন৷ যদি আপোনাৰ চাৰিওফালে উন্নতিৰ পৰিবেশ নাই আপুনি সুখী হ’ব নোৱাৰিব যেতিয়ালৈকে এই পৰিবেশটোৰ সৃষ্টি নহয় বা আপুনি তেনে পৰিবেশৰ সৃষ্টি নকৰে৷ কিয়?
আমি মানুহবোৰ সম্ভৱত একমাত্ৰ এনে জন্তু যিয়ে ভবিষ্যতৰ কথা ভাবে৷ অর্থাৎ আমি সদায় ভবিষ্যতৰ কথা আৰু উন্নতিৰ কথা ভাবো৷ গতিকে সুখী হ’বলৈ মানুহৰ বাবে ই এটা গুৰুত্বপূর্ণ কাৰক৷ যদি আমি উন্নতিৰ কোনো ৰাস্তা নেদেখো, তেন্তে আমি বহুত সুবিধা পালেও সুখী হ’ব নোৱাৰিম৷ সন্তুষ্টি আৰু সুখ একমাত্ৰ ভবিষ্যতৰ সম্ভাৱনাবোৰৰ পৰাহে মানুহৰ মনলৈ আহে৷ সেইবাবে ভবিষ্যতে উন্নতিৰ সম্ভাৱনা নথকা কোম্পানী আৰু অফিচবোৰত মানুহবোৰ সুখী নহয় আৰু তেওঁলোকে সম্ভৱ হ’লে সন্তুষ্টি আৰু সুখ বিচাৰি আন ঠাইলৈ গতি কৰে৷
নিজৰ মনক নিয়ন্ত্ৰণ আৰু প্ৰশিক্ষণ
সুখ লাভ কৰিব পাৰি মনক নিয়ন্ত্ৰণ কৰি আৰু নিয়ন্ত্ৰণ কৰাৰ প্ৰশিক্ষণ দি৷ লগতে আপোনাক প্ৰয়োজন হ’ব নিজৰ চিন্তা কৰাৰ পদ্ধতি সলনি কৰাৰ আৰু যিবোৰ গুণ আপোনাক সুখী হ’বলৈ প্ৰয়োজন, যেনে সহমর্মিতা, আনক সহায় কৰাৰ মন, উদাৰতা ইত্যাদি সেইবোৰ কেনেদৰে অভ্যাস কৰাৰ প্ৰশিক্ষণ৷
যদি আমাৰ মনটো প্ৰশিক্ষিত হয়, তেতিয়াহ’লে সুখী হ’বলৈ সহজ হ’ব৷ সুখী হ’বৰ বাবে যিবোৰ কাম কৰিব লাগে সেয়া কৰিবলৈ হ’লে প্ৰশিক্ষণৰ লগতে আমাক আন এটা বস্তু লাগে- সেয়া হ’ল আত্মশৃংখলা৷ অর্থাৎ প্ৰয়োজনীয় কথাবোৰ শিকি ল’বলৈ আৰু সেইবোৰ অভ্যাস কৰিবলৈ আমাক আত্মশৃংখলা লাগিব নহ’লে প্ৰশিক্ষণ আৰু অভ্যাস সম্ভৱ নহ’ব৷ নিজৰ মনটো নিয়ন্ত্ৰণ কৰিবলৈ আমি শিকিব লাগিব কাৰণ তেতিয়াহে আপুনি অপ্ৰয়োজনীয় নিগেটিভ চিন্তাবোৰ বাদ দিব পাৰিব আৰু দৰকাৰী পজিটিভ চিন্তাবোৰ কৰাৰ অভ্যাস কৰিব পাৰিব৷ লগতে নিজেটিভ চিন্তাবোৰ মনলৈ আহিলে এইবোৰ আঁতৰাই পজিটিভ চিন্তাবোৰক আঁকোৱালি লোৱাৰ অভ্যাস কৰিব লাগিব৷ আৰু এইবোৰ সম্ভৱ হ’ব যদিহে আপুনি আত্মশৃংখলা বজাই ৰাখি সদায় এই অভ্যাসবোৰ কৰে৷
সুখী হোৱাৰ আন কেইটামান সহজ উপায়
স্বাস্থ্য
স্বাস্থ্য পৰম ধন৷ স্বাস্থ্য নাথাকিলে সুখী হ’ব নোৱাৰি নেকি? বেমাৰী মানুহবোৰ সুখী হ’ব নোৱাৰে নেকি? নহয়, পাৰে৷ বেমাৰী হ’লেও সুখী হ’ব পাৰে, কিন্তু তাৰ বাবে যি চেষ্টা আৰু মানসিক অৱস্থা লাগিব তাৰবাবে আপুনি নিজৰ মানসিকভাৱে বহু উত্তৰণ ঘটাব লাগিব৷ আৰু সেয়া সহজ নহয়৷ তাতোকৈ সহজ হ’ব যদি আপুনি নিজকে এক সুস্বাস্থ্যৰ গৰাকী কৰি তুলিব পাৰে৷ শাৰীৰিক স্বাস্থ্য ভালে থাকিলে আপোনাৰ মানসিক স্বাস্থ্য ভালে থাকিব আৰু মানসিক ভাৱে ভালে থাকিলে আৰু শক্তিশালী হ’লেহে আপুনি সুখী হোৱাৰ কুছকাৱাজবোৰ কৰিব পাৰিব৷ স্বাস্থ্যৱান মানুহবোৰ সাধাৰণতে বেছি হাঁহিমুখীয়া আৰু সুখী হয়৷ অনবৰত যদি আপোনাৰ গাটো বেয়া লাগি থাকে তেতিয়া আপুনি সহজে সুখী হ’ব পাৰিব জানো?
প্ৰেম
আপোনাৰ জীৱনতো সুখী কৰাত প্ৰেম-ভালপোৱাই এক অন্যতম ভূমিকা ল’ব৷ যদি স্বামী-স্ত্ৰীৰ মাজত মৰম-ভালপোৱা নাথাকে তেনেহ’লে এখন ঘৰৰ আপুনি সুখ কৰপৰা পাব? অৱশ্যে প্ৰেম মানে ইয়াত অকল স্বামী-স্ত্ৰীৰ মাজৰ মৰমৰ কথাকে কোৱা নাই৷ ল’ৰা-ছোৱালী, মাক-দেউতাক, ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন সকলোৰে বাবে এক মৰমৰ ভাৱৰ কথাও কোৱা হৈছে৷ এটা সম্পর্ক তেতিয়াহে ভাল হ’ব আৰু ভালদৰে চলিব যদি সেই সম্পর্কতোৰ দুয়োপক্ষৰ মাজত মৰম-চেনেহ, সন্মান আদি থাকে৷ যদি আপোনাৰ জীৱনৰ সম্পর্কবোৰত প্ৰেম, মৰম আদিৰ অভাৱ, তেনেহ’লে আপুনি নিশ্চয় অসুখীও৷ মৰম-চেনেহ যদি বঢ়াব পাৰে, তেতিয়াহে আপোনাৰ জীৱনত সুখৰ সম্ভাৱনা বাঢ়ি যাব৷
ডাঙৰ লক্ষ্য
যিসকল মানুহৰ জীৱনত এটা বা ততোধিক ডাঙৰ লক্ষ্য আছে, তেওঁলোক আনতকৈ সুখী৷ কিয়? কাৰণ তেওঁলোকে যেতিয়া এই ডাঙৰ লক্ষ্যটো লাভ কৰিবলৈ সম্পূর্ণ মনোযোগেৰে কাম কৰি থাকে বহু ধৰণৰ নিগেটিভ চিন্তা তেওঁলোকৰ মনলৈ আহিবলৈ সময়ে নাপায়৷ লগতে তেনে ডাঙৰ কাম এটাত সফল হ’বলৈ হ’লে আপুনি বহুকেইটা ভাল গুণ আহৰণ কৰি ল’ব লগা হয়, যিবোৰে আপোনাৰ মনটোক পজিটিভ কথাৰ ফালে ঢাল খুৱাই ৰাখে৷ তাৰোপৰি এনে ডাঙৰ কামৰ লক্ষ্যৰ দিশে কাম কৰি আৰু লক্ষ্যবোৰ লাভ কৰি আপুনি যিটো সন্তুষ্টি পাব সি সুখৰ আধাৰ৷ এনে ডাঙৰ লক্ষ্যৰ দিশে কাম কৰি আৰু ফল লাভ কৰি আপোনাৰ আৰু এটা লাভ হয়- আপোনাৰ নিজৰ মনত নিজৰ প্ৰতি মূল্য বাঢ়ি যায়৷ আগতে কোৱাৰ দৰে এই মূল্য থাকিলেহে আপুনি সুখী হ’ব পাৰে৷
বন্ধু-বান্ধৱ
বন্ধু-বান্ধৱে আপোনাৰ জীৱনটো আনন্দময় কৰি তোলে৷ সুখী অনুভৱ কৰিবলৈ আপোনাক সামাজিক চাল সম্বন্ধ লাগে আৰু বন্ধু-বান্ধৱ হ’ল সেই সামাজিক সম্পর্ক৷ সুখ এজনৰ পৰা আনজনলৈ বিয়পি যায় আৰু সেইবাবে আপোনাৰ বন্ধুসকলৰ এজনো যদি কিবা কাৰণত সুখী, ই আপোনাৰ মনটোও ভাল লগায়৷ আপোনাৰ কিবা সমস্যা হলে আপুনি তেওঁলোকক কথাবোৰ ক’ব পাৰে, ই আপোনাৰ ষ্ট্ৰেছ ও কমায়৷ মুঠতে নানাধৰণে আপোনাৰ বন্ধুসকলে আপোনাৰ জীৱনটো সুখী কৰি তুলিব পাৰে৷
দুখ-বেদনা
সকলোৰে কিছুমান দুখ-বেদনা থাকে৷ যদি দুখ-বেদনা থাকে তেন্তে আপুনি সুখী হ’ব পাৰিবনে? কেনেকৈ পাৰিব? আমাৰ সকলোৰে কিবা নহয় কিবা সমস্যা থাকেই৷ সমস্যাবোৰ থাকিলে আমি কেনেদৰে সুখী হ’ব পাৰিম? দুখ-বেদনা বা সমস্যা থাকিলেও আপুনি সুখী হ’ব পাৰিব৷ তাৰবাবে আপুনি এটা কথা মানি ল’ব লাগিব যে মানুহৰ জীৱনত দুখ-কষ্ট, সমস্যা থাকেই৷ কিন্তু আপুনি এই সমস্যাৰ পৰা পলাব নালাগে বৰঞ্চ তাৰ মুখামুখি হ’ব লাগিব সাহসিকতাৰে৷ লগতে অকণমান আধ্যাত্মিকতা (ধর্মৰ কথা কোৱা নাই) থাকিলে এই সমস্যা বা দুখ-কষ্টবোৰ থাকিলেও তাৰ মাজতো সুখী হ’ব পাৰি৷ আপুনি এটা কথা উপলব্ধি কৰিব লাগিব যে আপুনি মাত্ৰ এই শৰীৰটো নহয়, বৰঞ্চ তাতোকৈ বহুত বেছি৷ অকল শৰীৰটো মানেই আপুনি নহয়৷ আৰু এই শৰীৰটোৰ লগত যি হৈ আছে সেয়া সঁচাকৈয়ে আপোনাৰ লগতেই হৈছেনে? আধ্যাত্মিকতাৰ অকণমান সহায়ে বেমাৰী, দুখ-কষ্ট, সমস্যাৰে ভাৰাক্ৰান্ত সকলকো সুখ বিচাৰি পোৱাত সহায় কৰিব৷
সুখী হ’বলৈ চেষ্টা কৰোঁ আহক৷ জীৱনটো কেৱল দুখ-কষ্ট বুলি ধৰি নাথাকি, জীৱনটো উদযাপন কৰোঁ আৰু সন্তুষ্টিৰে সৈতে জীয়াই থাকি ইমান অনুপম জীৱনটো উপভোগ কৰোঁ আহক৷