আমি কেতিয়াবা ভুল কৰোঁ৷ কেতিয়াবা নহয় কেতিয়াবাতো ভুল হ’বই৷ কিন্তু ভুল হ’লে আপুনি কি কৰে? ভুলটোৰ কথা ভাবি, বাৰে বাৰে মনত কৰি নিজকে শাস্তি দিয়ে, কষ্ট দিয়ে, নিজৰ কাম নাই, নিজকে অপদার্থ বুলি ভাবে নে আন কিবা কৰে?
আমি কিবা এটা বস্তু কিনিবলৈ বজাৰলৈ গ’লোঁ৷ তেতিয়াও আমাৰ ভুল হয়৷ আজি মোৰ পেন্ট বা ট্ৰাউজাৰ এটাৰ প্ৰয়োজন আছিল, গতিকে পেন্ট এটা কিনিলোঁ৷ কিনাৰ সময়ত দোকানত দেখি খুব ভাল লাগিল কিন্তু ঘৰলৈ অহাৰ পিছত একেটা পেন্টেই ভাল নলগা হ’ল৷ বা পেন্টটো অনলাইন কিনিলোঁ, কম্পিউটাৰ বা মবাইল ফোনত সেইটো কিনাৰ সময়ত বিৰাট ধুনীয়া দেখিলোঁ৷ কিন্তু বস্তুটো ঘৰলৈ অহাৰ পিছত দেখি একেবাৰে ভাল নালাগিল৷ সেয়া হ’ব পাৰে৷ নোৱাৰে জানো? সাধাৰণ কথা৷ এতয়িা মই কি কি কৰিব পাৰোঁ? যদি বস্তুটো ঘূৰাই দিয়াৰ সুবিধা আছে ঘূৰাই দিব পাৰোঁ বা সলাই আনিব পাৰোঁ৷ যদি ঘূৰাই দিয়াৰ সুবিধা নাই, তেন্তে সেইটো এটা ভুল সিদ্ধান্ত বুলি নিজৰ ভুলটো মানি ল’ব পাৰোঁ৷ মাত্ৰ আগলৈও একেটা ভুল নকৰিলে হ’ল, নহ’লে আকৌ টকা-পইচা নষ্ট হ’ব৷ নোৱাৰোনে আমি সেয়া কৰিব?
যদি আপুনি ভুল কৰিলে বুলি গম পালে প্ৰথম কথা হ’ল নিজৰ ভুলটো স্বীকাৰ কৰক৷ এইটো প্ৰথম কাম৷ কেতিয়াও আনৰ গাত দোষ দিবলৈ নাযাব৷ নিজে নিজৰ ভুলটো মানি লোৱা মানে আপুনি নিজৰ দ্বায়িত্ব নিজে ল’বলৈ আৰম্ভ কৰিছে৷ সেয়া বহুত ডাঙৰ কথা৷ কিনা বস্তুটোৰ দামতকৈ ই বহুত বেছি মূল্যবান৷ নিজৰ দ্বায়িত্ব লোৱা অভ্যাসটোৱে আপোনাৰ জীৱনটো সুন্দৰ কৰি তুলিব৷ সেই অভ্যাসটো শিকাৰ বাবে যি টকা-পইচা খৰছ হ’ল তাক সেই শিক্ষাৰ মূল্য বা টিউচন ফি বুলি ধৰক৷
ভুল হৈছে বুলি মানি ল’ব পৰাটো বৰ ডাঙৰ কথা কাৰণ ইয়াৰ বাবে বহুত সাহস লাগে আৰু সেয়ে সকলোৱে এই কামটো নকৰে৷ আপুনি যদি কৰিব পাৰিছে সেয়া আন এটা ডাঙৰ চাৰিত্ৰিক গুণ আপুনি শিকিছে বা শিকিলে যিয়ে সদায় আপোনাক সহায় কৰিব ভালে থকাত, সুখী হোৱাত৷
লগতে সেই ভুলটোৰ পৰা শিকক৷ আকৌ এবাৰ একটা ভুলকে পাৰিলে ৰিপিট নকৰিব৷
কিন্তু ভুল কৰিলে বুলিয়েই সাধাৰণতে আন মানুহে কৰা চেকেণ্ড ষ্টেজৰ কামটো নকৰিব৷ কি কাম? নিজকে “ধেৎ, মোৰ কাম নাই” “মোৰ একো নাই,” মই আনতকৈ তলৰ, মই আনতকৈ বেয়া” এনেবোৰ চিন্তা কৰি কৰি আগতে কৰা ভুলবোৰৰ কথা মনত কৰি শাস্তি দি, গালি পাৰি আত্মসন্মানক মাটিত মিলাই নিদিব৷ এয়া কেতিয়াও নকৰিব৷
আমি সকলোৱে ভুল কৰোঁ৷ কোনোবাই কাপোৰ কিনোতে কৰোঁ, কোনোবা ই কেৰিয়াৰ বাচোতে কৰে, কোনোবাই জীৱন সংগী বাচি লওতে কৰে৷ গতিকে ভুল কৰাটো ডাঙৰ কথা নহয়, ভুল কৰাৰ পিছত আপুনি কি কৰে সেইটোহে ডাঙৰ কথা৷
ভুল নকৰাকৈ থাকিবলৈ চেষ্টা নকৰিব৷ সেয়া সম্ভৱ নহয়৷ তাতোকৈ ডাঙৰ কথা যদি ভুল নকৰাকৈ থাকিব পাৰেও, তেনে অৱস্থাত আপুনি শিকিব কেতিয়া আৰু কেনেদৰে? ভুল কৰি, সংগ্ৰামৰ মাজেৰেহে আপুনি প্ৰয়োজনীয় কথাবোৰ জীৱনৰ বাবে শিকিব পাৰিব৷ নহ’লে নহ’ব৷ গতিকে ভুল নকৰাকৈ থাকিম বুলি ভাবিলে হয়তো জীৱনত একো শিকাই নহ’ব৷
মাক-দেউতাক, অভিভাৱকসকলে আপোনাৰ ল’ৰা-ছোৱালীয়ে ভুল কৰিলে সিহঁতক শাস্তি নিদিব, গালি নাপাৰিব৷ কিয়? কাৰণ যদি আপুনি তেনে কৰে সিহঁতে হয়তো আকৌ এবাৰ কামটো কৰিবলৈ সাহস নকৰিব, ভয় খাব৷ আৰু বাৰে বাৰে কাম এটা নকৰিলে কেতিয়াবা সেই কামটো জানো সিহঁতে ভালদৰে কৰিব পাৰিব? আৰু আপোনাৰ শাস্তি আৰু গালিয়ে সিহঁতৰ মনৰ আত্মসন্মান আৰু আত্মবিশ্বাস চিৰদিনৰ বাবে ধ্বংস কৰি পেলাব পাৰে৷ লগতে কাইলৈ কিবা ভুল কৰিলেও সেয়া জানো সিহঁতে আহি আকৌ আপোনাক ক’বহি? নকয়, কথাবোৰ লুকাই ৰাখিব৷ সেয়ে আপুনি সিহঁতৰ লগত ভুল কৰিলে কি ব্যৱহাৰ কৰিছে সেয়া লৈ অলপ সাৱধান হ’ব৷
কেতিয়াবা যদি ভুল কৰি নকৰিবলগীয়া কাম কৰে, তেন্তে সিহঁতক দেখুৱাই দিব, ফঁহিয়াই বুজাই দিব কিয় কামটো কৰিব নালাগে, কিয় সেইটো সিহঁতৰ বাবে বেয়া৷
আৰু এটা ভুল মাত্ৰ কেতিয়াও নকৰিব৷ সেয়া হ’ল- ভুল হ’ব বুলি আপুনি কেতিয়াও কাম নকৰাকৈ নাথাকিব৷ ভুল হ’ব বুলি যদি আপুনি কৰিব খোজা কাম, মনে বিচৰা কাম, কৰিবলগীয়া কাম নকৰাকৈ থাকে, তেন্তে জীৱনত একো কামেই কৰা নহ’ব৷ তেনে জীৱন এটা চলাই নিব পাৰি কিন্তু সেয়া জীয়াই থকা নহয়, কোনোমতে অস্তিত্ব ৰক্ষা কৰাহে আৰু আপেনাৰ জীৱনটো কেৱল অস্তিত্ব ৰক্ষাৰ বাবে নহয়, আৰু বহুত কাম কৰিবৰ বাবে, জীয়াই থাকিবৰ বাবে, জীৱনটো উদযাপন কৰিবৰ বাবে৷