Close

বিফলতাক সফলতালৈ পৰিৱর্তনৰ কাহিনী

বিফলতা বুলি কোনো কথা নাই, বিফলতা মানে আপুনি বিচৰা ফলাফলতকৈ আন ফলাফল৷ আৰু তেনে ফলাফল লাভ কৰাৰ পিছতে আপুনি আপোনাৰ ভুলবোৰ মন কৰি, ভুলবোৰ শুধৰণি কৰি নিজে বিচৰা ফলাফলটো লাভ কৰিবলৈ উঠিপৰি লাগি যাব লাগে যাতে পিছৰবাৰ আপুনি যি বিচাৰিছে সেই ফলাফল আপুনি লাভ কৰিব পাৰে৷ সঠিক এটিটিউড এবাৰ গঢ়ি ল’ব পাৰিলে ই আপোনাক বিফলতাক জীৱন ধ্বংসকাৰী ঘটন বুলি নধৰি, নতুনকৈ আৰম্ভ কৰি আৰু ভাল ফলাফল লাভ কৰাৰ এক সুবিধা বুলি চিনি পোৱাত সহায় কৰিব৷ তেতিয়া আপুনি হৈ পৰিব অপ্ৰতিৰোধ্য আৰু আপোনাৰ দ্বাৰা সৃষ্টি হ’ব এই পৃথিৱীৰ অসাধাৰণ, মহৎ আৰু যুগজয়ী ফলাফলৰ৷

বিফলতাক সফলতালৈ পৰিৱর্তনৰ কাহিনী

কণের্ল চেণ্ডাৰছ

আজিকালি সকলোৱে কে এফ চি নামৰ ৰেষ্টুৰেন্ট আৰু তাৰ স্পেচিয়েল চিকেনৰ কথা জানে৷ কণের্ল চেণ্ডাৰছ আছিল এই কে এফ চি (কেনটাকি ফ্ৰাইড চিকেন) ৰ প্ৰতিষ্ঠাতা৷ কিন্তু প্ৰায় 62 বছৰ বয়সলৈ তেওঁৰ সফলতা বুলিবলৈ একোৱেই নাছিল৷ আমাৰ কিমানজন মানুহে 62 বছৰ বয়সত কিবা এটা নতুন কাম নতুনকৈ আৰম্ভ কৰিবলৈ সাহস কৰিব? সম্ভৱ কোনেও নকৰে৷ কিন্তু কণের্ল চেণ্ডাৰছে কে এফ চি আৰম্ভ কৰিছিল সেই বয়সত৷ তেওঁৰ চিকেন ৰেচিপি হাতত লৈ ৰেষ্টুৰেন্টৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ তেওঁ সেই বয়সত আৰম্ভ কৰিলে৷ হাতত আছিল মাত্ৰ 105 ডলাৰ (আজিৰ হিচাপত প্ৰায় ছয় হেজাৰত টকাতকৈ অলপ বেছি)৷

তাতে তেওঁৰ কষ্ট শেষ হোৱা নাছিল৷ এখন দুখনকৈ তেওঁ ৰেষ্টৰেন্টবোৰ ঘূৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কোনেও তেওঁৰ চিকেন ৰেচিপি নিবিচাৰিলে৷ 1008 খন ৰেষ্টুৰেন্ট ঘূৰাৰ পিছত 1009 নম্বৰখনে তেওঁক চিকেন ৰেচিপি বিচাৰিলে৷

নিজৰ জীৱনত কণের্ল চেণ্ডাৰছে অগ্নি নির্বাপকক কৰ্মী, টায়াৰ চেলছমেন, ইঞ্চুৰেঞ্চ চেলছমেন আদি নানা কাম কৰাৰ লগতে ৰান্ধনী হিচাপেও কাম কৰিছিল৷

তেওঁৰ কোম্পানীটো ইমানে ডাঙৰ হৈ পৰিল যি তেওঁ সপোনতো ভাবিব পৰা নাছিল৷ 1964 চনত 74 বছৰ বয়সত  তেওঁ সেই সময়ৰ 2 মিলিয়ন ডলাৰত কোম্পানীটো আনক বিক্ৰি কৰে৷ অৱশ্যে তেওঁ কানাডাৰ ব্যৱসাৰ স্বত্ব নিজৰ লগতে ৰাখে৷

আমি পাৰিমনে 62 বছৰ বয়সত কিবা এটা নতুন ব্যৱসায় আৰম্ভ কৰি নিজৰ সমগ্ৰ জীৱনৰ বিফলতাক সফলতালৈ পৰিৱর্তন কৰিব?

হেনৰী ফর্ড

হেনৰী ফর্ড আছিল ফর্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠাতা৷ কিন্তু সফল হোভাৰ আগতে হেনৰী ফর্ডৰ এই কোম্পানীটো দুবাৰ অসফল হৈছিল আৰু দেৱলীয়া ঘোষণা কৰিবলগীয়া হৈছিল৷

1899 চনত 36 বছৰ বয়সত ফর্ডে তেওঁৰ প্ৰথম কোম্পানী ডেট্ৰইট অটমবিল কোম্পানী আৰম্ভ কৰে৷ এই কামত তেওঁক সহায় কৰিছিল সেই সময়ৰ প্ৰখ্যাত কাঠ ব্যৱসায়ী উইলিয়াম এইচ মাফির্য়ে৷ সেই কোম্পানীটো লোকচানৰ সন্মুখীন হৈ বন্ধ হৈ পৰিল৷ 1901 চনত তেওঁ নিজৰ দ্বিতীয় কোম্পানীটো আৰম্ভ কৰে৷ কোম্পানীটোৰ নাম আছিল হেনৰী ফর্ড কোম্পানী৷ পিছত তেওঁ এই কোম্পানীটোও এৰিব লগাত পৰিল৷ সেই কোম্পানীটো  পিছত নাম সলাই হ’লগৈ কেডিলাক অটমবিল কোম্পানী৷

তৃতীয় চেষ্টাত তেওঁ আৰম্ভ কৰিলে ফর্ড মটৰ কোম্পানী৷ এইবাৰ কিন্তু তেওঁ সফল হ’ল৷ এই কোম্পানীটোৰ জৰিয়তে ফর্ডে গোটেই মটৰগাড়ী উদ্যোগলৈ এক বিপ্লৱ আনিলে৷ তেওঁ মডেল টি নামৰ গাড়ীখন প্ৰচলন কৰাৰ লগতে মটৰগাড়ী উদ্যোগত এচেমব্লী ব্যৱস্থাৰো আৰম্ভণি কৰোতা৷ প্ৰত্যেক ঘৰতে এখন গাড়ীৰ ধাৰণাটোৰো সৃষ্টি কৰিছিল তেওঁৱেই৷ তেওঁৰ উৎপাদন কৰা মডেল টি নামৰ গাড়ীখন 17 মিলিয়ন খন বিক্ৰি হৈছিল৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top