Close

সলনি হ’বলৈ ৰৈ থাকে কিয়

আমি সলনি হ’বলৈ, জীৱনটো সলনি কৰিবলৈ কিবা এটা সাংঘাটিক ঘটনা, যি সাধাৰণতে নিগেটিভ বা বেয়া হয়, তেনে ঘটনা আমাৰ লগত ঘটালৈ ৰৈ থাকো৷

ডিপ্ৰেচন, কাৰোবাৰ মৃত্যু, কোনোবাই এৰি থৈ যোৱা, নভবা কিবা এটা ঘটা, ব্ৰেক আপ, আদি কিবা এটা হোৱালৈ আমি ৰৈ থাকো৷ তাৰ পিছত আমি সর্ব শক্তিৰে নিজৰ জীৱনটো সলনি কৰিবলৈ লাগি যাও, নিজকে সলনি কৰিবলৈ চেষ্টা কৰোঁ আৰু তাত সফলো হও৷

কথাটো মই বুজি পাও৷ হয়তো সেয়া আমাৰ বহুতৰে বাবে টিপিং পইন্ট৷ নদীৰ পাৰত যদি এটা মথাউৰি থাকে পানী বাঢ়ি আহি আহি এটা সময়ত, এক নির্দিষ্ট সময়ত, এক মুহূর্ততে পাৰ ভাঙি পানী বাগৰি যায়৷ সেয়া ঠিকে আছে, কিন্তু কিয় আমি সদায় এই সময়টোলৈ ৰৈ থাকিব লাগে?

কাৰোবাৰ যদি কিবা কাৰণত এই সময়টো নাহে তেন্তে তেওঁ সলনি নহ’ব নেকি?

কিবা নহয় কিবা কাৰণত যদি আপোনাৰ জীৱনত কোনো বেয়া, নিবিচৰা ঘটনা নঘটে তেন্তে আপুনি নিজকে সলনি কৰি আৰু ভাল কৰি তুলিবলৈ চেষ্টাও নকৰিব নে কি? তেতিয়াহ’লে জানো আপোনাৰ যিবোৰ সামর্থ আছিল, যিবোৰ শক্তি আছিল, যিবোৰ সম্ভাৱনীয়তা আছিল সেয়া এনেয়ে নষ্ট নহ’ল?

কাৰোবাৰ কষ্ট-দুখ আদি যদি অলপৰ কাৰণে এই টিপিং পইন্টটোৰ তলত ৰৈ যায়, তেতিয়াও তেওঁ এই টিপিং পইন্টটো আলৈ বাট চাই চাই এক দুখ-কষ্ট-নাটনিৰ জীৱনে কটাই থাকিব নেকি?

জীৱনত কিবা এটা নিগেটিভ ঘটালৈকে আমি ৰৈ থাকিম নেকি?

তাতোকৈ আগতেই আমি জীৱনটোৰ দ্বায়িত্ব হাতত লৈ নিজে বিচৰা মতে ভাল ফাললৈ ইয়াক সলনি নকৰোঁ কিয়?

জীৱনৰ টার্নিং পইন্ট এটালৈ ৰৈ থকাতকৈ নিজৰ বিষয়ে বুজি-জানি, গম লৈ সেই টার্নিং পইন্টটো নিজে আৰম্ভ নকৰোনো কিয়? বা আপুনি এনেকৈও ক’ব পাৰে যে টার্নিং পইন্ট এটালৈ নিস্ক্ৰিয়ভাৱে ৰৈ থকাতকৈ সক্ৰিয়ভাৱে ইয়াক বিচৰা কামটো বেছি ভাল নহ’বনে?

ই সম্ভৱ হ’ব যেতিয়া আমি নিজৰ বিষয়ে জানিম, নিজে কি বিচাৰোঁ সেই কথা গম পাম, কাৰণ তেতিয়াহে আমি আমাৰ কি নাই আৰু কি লাগে আৰু কোনফালে গ’লে সেয়া পাম সেই কথা গম পাম৷ সেয়া চেলফ এৱেৰনেছ বা আত্মসচেতনতাৰ বাদে আন একো নহয়৷

টিপিং পইণ্ট এটাৰ বাবে ৰৈ থকাটো আৰু নিগেটিভ সাংঘাটিক কিবা এটা জীৱনত ঘটিবলৈ ৰৈ থকা মানে আপুনি জীৱনৰ লেকাম, নিয়ন্ত্ৰণ আনৰ হাতত দিছে৷ সেয়া কৰাতকৈ নিজৰ বিষয়ে জানো আহক যাতে জীৱনৰ নিয়ন্ত্ৰণ কিছু হলেও আমাৰ নিজৰ হাতত ৰাখিব পাৰোঁ৷ নিজে বিচৰা সময়ত, নিজে বিচৰা ধৰণে, নিজে বিচৰা ফলাফল লাভ কৰিবলৈ, নিজে বিচৰা ধৰণে জীৱনটো সলাবলৈ চেষ্টা কৰোঁ আহকচোন৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top