Close

ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে? এয়া কৰক৷

আমি বহুতে বিচাৰে সোনকালে উঠিবলৈ৷ সোনকালে উঠি বেলেগ বেলেগ কাম কৰিবলৈ৷ কিন্তু বিচাৰিলেও সোনকালে উঠাটো সকলোৰে বাবে সম্ভৱ নহয়৷ আমি নানা প্লেন কৰো- কাইলৈৰ পৰা সোনকালে উঠিম, ৫ টা বজাত উঠিম৷ কিন্তু পিছদিনা ৰাতিপুৱা আকৌ একেই- উঠোতে আপোনাৰ ৭ টা, ৮টা বা ৯ টা বাজে৷ কামবোৰ কৰা নহয়, পৰি থাকে৷ দেৰিকৈ উঠি আকৌ আপোনাৰ এলাহ লাগে, ফলত দিনটোৰ আৰম্ভণিও বেয়া হয়৷ আপুনি নানা ধৰণৰ উপায় অৱলম্বন কৰে সোনকালে উঠিবলৈ, কিন্তু বহু ক্ষেত্ৰতে এইবোৰেও কাম নকৰে৷

কিন্তু এনে হ’বই লাগিব বুলি কোনো কথা নাই৷ যদি আপুনি সোনকালে উঠিব নোৱাৰে তেন্তে এটা সৰু উপায়ে আপোনাক তেনে কৰাত সহায় কৰিব৷ আজি আমি সৰু আৰু সহজ উপায় এটাৰ কথা ইয়াত শিকিম৷

The 5 Second Rule

মেল ৰবিনছৰ মতে আপুনি ৫ চেকেণ্ডৰ এই নিয়মটো অনুসৰণ কৰি ৰাতিপুভা সোনকালে উঠিব পাৰিব৷ আৰু তেওঁৰ নিয়মটো সহজ৷ কি চাও আহক-

অর্থাৎ আপুনি কৰিব লাগে মাত্ৰ এই কামটো

বিচনাৰ পৰা উঠিব মন নগ’লে মাত্ৰ ৫ ৰ পৰা ওলোটাকৈ গাই আহিব লাগে

      ৪       ৩      ২       ১

আৰু ১ বুলি কোৱাৰ লগে লগে আন একো চিন্তা নকৰি জাপ মাৰি বিচনাৰ পৰা নামি আহিব লাগে৷
কোনো কথাই আৰু চিন্তা নকৰিব৷ মাত্ৰ ১ পোৱাৰ লগে লগে লৈ থকা কাপোৰখন গুচাই বিচনাৰ পৰা নামি আহক

কৰি চাওক

আমি এয়া কৰিব নোৱাৰাৰ কাৰণটো হ’ল আমি ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ সময় নানা কথা চিন্তা কৰোঁ, আমি সিদ্ধান্ত এটা ল’ব নোৱাৰোঁ, আমি হেচিটেত কৰো অর্থাৎ আমাৰ দোধৰ-মোধৰ অৱস্থা হয়৷ আপুনি যদি সেই সুবিধাটো নিদিয়ে তেতিয়াহ’লে আপোনাৰ মনটোৱে আপোনাৰ লগত খেলা কৰিব নোৱাৰে৷ আপুনি ৫ ৰ পৰা ১ লৈ মাতিলে আৰু ১ পোৱাৰ লগে লগে উঠি আহিল, মানে আপোনাৰ মনটোৱে চিন্তা কৰিবলৈ, অজুহাত দিবলৈ সময়ে নাপালে৷ গতিকে আপোনাৰ উঠা হ’ব৷

চেষ্টা কৰি চোৱাত কি আপত্তি?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top