যদি দহদিন এঠাইলৈ গৈ তাৰ ন দিন আপুনি কথা নোকোৱাকৈ মনে মনে থাকিব লাগে, ঘৰ-বাৰী বা সংসাৰৰ সকলো বস্তুকে এৰি অকলে থাকিব লাগে, যদি ৰাতিপুৱা চাৰিটা বজাত উঠিব লাগে, দিনটোত 14 ঘন্টা এটা কাম কৰিব লাগে, ৰাতিৰ সাজ যদি নোখোৱাকৈ থাকিব লাগে, হাতত কোনো ফোন বা কিতাপ-পত্ৰ নোহোৱাকৈ থাকিব লাগে, তেন্তে সেয়া বনবাসৰ নিচিনাই নহ’ল জানো?
এই আধুনিক বনবাসৰ নাম হ’ল বিপষণা মেডিটেচন (উচ্চাৰণ যেনেকুৱা নামটো তেনেদৰেই লিখা হৈছে)৷ মই অলপতে মুম্বাইৰ ওচৰৰ এক বিপষণা কেন্দ্ৰত দহ দিনীয়া এক এনে শিবিৰত ভাগ লৈছিলোঁ যত ওপৰৰ সকলোবোৰ ঘটনাই ঘটিছিল৷ তাত ভিক্ষুৰ দৰে ঘৰ-বাৰী এৰি গৈ, আনৰ দানেৰে অহা খাদ্য, শাৰী পাতি, হাতত থাল লৈ খাদ্য সংগ্ৰহ কৰি খোৱা আৰু যেনেদৰে থাকিবলৈ দিয়ে তেনেদৰে বাস কৰি আহিলোঁ৷ আজিৰ আধুনিক যুগত ই এক প্ৰকাৰৰ বনবাসেই৷
এয়া আছিল বিপষণা মেডিটেচন৷ আন মেডিটেচনতকৈ ই বহুত বেলেগ৷ কি এই বিপষণা মেডিটেচন? ই এক প্ৰকাৰৰ মেডিটেচন যিয়ে আপোনাৰ জীৱনত ধর্মৰ প্ৰচলন কৰি, দুখ আতৰাই জীৱনলৈ সুখ আৰু শান্তি লৈ আহে৷ ধর্মৰ কথা কওতে তথাকথিত ধর্মৰ কথা বুলি ধৰি নল’ব৷ ইয়াত ধর্ম আন একো নহয় মাত্ৰ প্ৰকৃতিৰ নিয়মহে৷ অর্থাৎ প্ৰকৃতিৰ নিয়মেই ধর্ম৷ যদিও এক বুদ্ধৰ শিক্ষা, ই বৌদ্ধধর্মৰ কথা কোৱা নাই৷ ই হিন্দু ধর্ম, ইচলাম ধর্ম, খ্ৰীষ্টান ধর্ম বা আন ধর্মৰ কথা কোৱা নাই৷ ই মাত্ৰ প্ৰকৃতিৰ নিয়মকহে ধর্ম বুলি কৈছে৷ কেনে প্ৰকৃতিৰ নিয়ম? যেনে বৰফৰ ধর্ম ঠাণ্ডা হোৱা আৰু ঠাণ্ডা কৰা৷ যেনে আপুনি যি ফলৰ বীজ ৰোৱে সেই গছহে লাভ কৰে (কর্ম অনুসৰি তাৰ ফলাফল লাভ)৷ নশ্বৰ বস্তু এদিন ধ্বংস হোৱা, যাৰ আৰম্ভণি আছে তাৰ শেষো আছে ইত্যাদি৷ এনেবোৰ প্ৰকৃতিৰ নিয়মকে ধর্ম বুলি কোৱা হৈছে৷ আৰু এনে নিয়মবোৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য৷ ধনী-দুখীয়া, সৰু-ডাঙৰ, ভাল-বেয়া সকলোৰে ক্ষেত্ৰত একেই নিয়ম খাটে৷ কোনোবাই হিন্দু ধর্ম, ইচলাম ধর্ম, খ্ৰীষ্টান ধর্ম, শিখ ধর্ম বা আন কোনোবা যি ধর্মই মানি নচলক কিয় এই নিয়মবোৰ তেনে যিকোনো লোকৰে ক্ষেত্ৰত প্ৰযোজ্য৷ এই প্ৰকৃতিৰ নিয়মবোৰ অনুসৰণ কৰি জীৱন নির্বাহ কৰাটোৱেই ধর্ম৷
বিপষণাৰ মূল কথাটো হ’ল মনক নিয়ন্ত্ৰণ কৰি আমি নানা ধৰণৰ অনুভূতিৰ প্ৰতি যি প্ৰতিক্ৰিয়া কৰোঁ সেই প্ৰতিক্ৰিয়া কৰাটো বন্ধ কৰি মনৰ বিকাৰবোৰক আমাৰ মনবোৰ অশান্ত কৰি, মনক ব্যাকুল কৰাৰ পৰা বিৰত কৰা, এনে কৰি নিজকে সুখী আৰু শান্ত কৰাৰ লগতে আনকো সুখী আৰু শান্ত কৰাৰ উদ্দেশ্যই হ’ল বিপষণাৰ উদ্দেশ্য৷ শীল (নতুন সাধকৰ বাবে পাঁচটা, পুৰণি সাধকৰ বাবে আঠটা), সাধনা আৰু প্ৰজ্ঞা ইয়াৰ মূল আধাৰ যাৰ সহায়ত ই আপোনাক ধর্ম (প্ৰকৃতিৰ নিয়ম) অনুসৰি চলি, জীৱনৰ দুখ আতৰাই শান্তি আৰু সুখ আনিবলৈ সহায় কৰে৷
কি শিকিলোঁ, কি বুজিলোঁ
দহদিন তাত মনে মনে থাকি, শীল বোৰ মানি চলি, সাধনা কৰি আৰু প্ৰজ্ঞা জগাবলৈ চেষ্টা কৰি মোৰ যিখিনি অনুভৱ হ’ল সেই অনুভৱখিনিয়ে আন বহুতকে সহায় কৰিব৷ সেইবাবে সেয়া ইয়াত মই আপোনালোকৰ লগত ভাগ-বতৰা কৰিব বিচাৰিছোঁ৷
ৰাগ আৰু দ্বেষ আৰু আমাৰ প্ৰতিক্ৰিয়া
মই অনুভৱ কৰা মতে বিপষণা হ’ল আত্মোন্নতিৰ বা পার্চনল ডেপেলপমেন্টৰ এক আহিলা৷ ই কয় যে আপুনি নিজৰ দুখ নিজে নোহোৱা কৰিব লাগিব, আন কোনেও এয়া আপোনাৰ বাবে কৰি নিদিয়ে৷ আৰু লগতে ই দুখ নোহোৱা কৰি বোধ লাভ কৰাৰ (বা বুদ্ধ হোৱাৰ) উপায়ৰ কথা কয় আৰু অভ্যাস কঢ়োৱায়৷ কিন্তু দুখ নাইকিয়া কেনেকৈ কৰিব? তাৰবাবে আমি জানিব লাগিব দুখৰ সৃষ্টি কেনেকৈ হয়৷
আমাৰ অন্তৰত থকা আৰু সৃষ্টি হোৱা ৰাগ (আসক্তি, আকর্ষণ) আৰু দ্বেষ (বিকর্ষণ, ঘৃণা) ৰ বাবেই আমাৰ দুখ আৰু ব্যাকুলতা আৰু অশান্তিৰ সৃষ্টি হয়৷ শৰীৰত সৃষ্টি হোৱা অনুভূতিবোৰৰ প্ৰতি আমি কৰা প্ৰতিক্ৰিয়াৰ দ্বাৰা এনে ৰাগ আৰু দ্বেষৰ সৃষ্টি হয় আৰু সংবর্ধন বা বৃদ্ধি হয়৷ আমাৰ শৰীৰত অনুভূতি বা সংবেদনাৰ অনুভৱ হ’বই, সেয়া স্বাভাৱিক৷ সাধাৰণতে আমি তেনে অনুভূতি বা সংবেদনাৰ প্ৰতি লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰোঁ যাৰ ফলত ৰাগ আৰু দ্বেষৰ সৃষ্টি হয় আৰু এইবোৰ আমাৰ অন্তৰমনত জমা হৈ গৈ থাকে৷ কিন্তু যদি আমি এনে অনুভূতিবোৰৰ প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰাকৈ থাকিবলৈ শিকিব পাৰোঁ আৰু নকৰাকৈ থাকিব পাৰোঁ, তেন্তে তেনে ৰাগ আৰু দ্বেষৰ নতুনকৈ সৃষ্টি নহয় আৰু লগতে লাহে লাহে পুৰণি ৰাগ, দ্বেষবোৰো নোহোৱা হৈ গৈ থাকে৷
অনিত্য
এই জীৱনটো আৰু শৰীৰটো অনিত্য বা নশ্বৰ৷ ইমানদিনে আমি এই কথাটো কিতাপ-পত্ৰত বা কাৰোবাৰ বাণীত শুনি আছিলোঁ৷ মাজে মাজে সেয়া ভাবিলেও বেছিভাগ সময়তে আমি সেই কথা পাহৰি যাও আৰু আমাৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য কৰিলে সেই কথাটো মানি আমি কাম কৰোঁ যেন নালাগে৷ কিন্তু এই দহদিনত নিজৰ শ্বাস-প্ৰশ্বাস (উশাহ-নিশাহ) ৰ দৰে সদায় ঘটি থকা কথা এটাৰ আলম লৈ মই দেখিলোঁ যে আমাৰ সংবেদনাবোৰ (অনুভূতিবোৰ) এনে নশ্বৰেই৷ অর্থাৎ এইবোৰ এবাৰ সৃষ্টি হৈছে, আকৌ নোহোৱা হৈছে, আকৌ পিছত হয়তো সৃষ্টি হৈছে, আকৌ নোহোৱা হৈছে৷ এইবোৰ স্থায়ী নহয়৷ বহু সময় বহি থাকিলে ভৰিত বা পিঠিত যি বিষ হয় সিও চিৰস্থায়ী নহয়৷ তেনে বিষৰ প্ৰতি ভোক্তা ভাৱেৰে নহয় সাক্ষী ভাৱেৰে মন কৰিব পাৰিলে (এজন দর্শকৰ নিচিনাকৈ চাই থাকিব পাৰিলে) অলপ পিছত সেই বিষ নোহোৱা হৈ যায়৷ এই সকলোবোৰ কথাই অনিত্য, যিদৰে অনিত্য আমাৰ শৰীৰটো৷ বহদিন আগতে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰাৰ দৰে শৰীৰৰ ভিতৰত অনবৰতে অণু, পৰমাণুবোৰৰ কম্পন হৈয়ে আছে আৰু আমাৰ শৰীৰটোৱে অনবৰতে নিজৰ ৰূপ সলনি কৰিয়ে আছে৷ আমি আজি যিজন মানুহ দৰাচলতে কাইলৈ সেইজন নহ’বও পাৰোঁ৷ তেনেদৰে আজি আমি যি সেয়া কালিতকৈ বেলেগ হ’ব পাৰে৷
প্ৰজ্ঞা
জ্ঞান আমি আহৰণ কৰোঁ কিতাপ-পত্ৰ পঢ়ি, আনৰ কথা শুনি, আনক দেখি বা আন প্ৰকাৰে৷ কিন্তু প্ৰজ্ঞা ইয়াতকৈ বেলেগ৷ প্ৰজ্ঞা আমি আহৰণ কৰোঁ নিজে কথাবোৰ অনুভৱ কৰি৷ কাম এটা কৰি, তাৰ অভিজ্ঞতা লাভ কৰি, তাক অনুভৱ কৰাৰ চেষ্টা কৰি আমি যি কথা বুজি পাও, যি ভিতৰত লাভ কৰোঁ সেয়া প্ৰজ্ঞা৷ জীৱনৰ বহু ক্ষেত্ৰত জ্ঞানতকৈ প্ৰজ্ঞাৰ প্ৰয়োজনীয়তা বেছি৷ লগতে সাধাৰণতে আমি কৰাৰ দৰে কিতাপ পঢ়ি বা শাস্ত্ৰ ব্যাখ্যা শুনি জ্ঞান লাভ কৰাতকৈ নিজে কৰি, অনুভৱ কৰি প্ৰজ্ঞা লাভ কৰাৰ সুবিধা ইয়াত পাওঁ৷
নির্মল মন
ক্ৰমাগত বিপষণা মেডিটেচন অভ্যাস কৰি গৈ থাকিলে আপোনাৰ মনটো নির্মল হৈ পৰিব৷ নির্মল মন এটাত আনৰ প্ৰতি কোনা ধৰণৰ বেয়া মনোভাৱ বা হিংসা, ঈর্ষা, খঙ আদি নাথাকে৷ নির্মল মন এটা থাকিলে আপুনি যিয়েই নকৰক কিয় এক ভাল ভাৱেৰেই কৰিব আৰু তাৰ ফলত আপুনি নিজে আৰু লগেত আনেও তাৰ ভাল ফলাফল লাভ কৰিব৷ মনৰ দ্বেষ, ৰাগ আদি আতৰ কৰি মনৰ বিকাৰবোৰ আতৰ কৰি গৈ থাকিলে নতুনকৈ মনৰ মলিৰ সৃষ্টি নহয় আৰু পুৰণি জমা হৈ থকা মলিবোৰ চাফা হৈ গৈ থাকি এটা সময়ত মনটো নির্মল হৈ পৰে৷
সুখ আৰু শান্তি
সুখ আৰু শান্তি সম্ভৱত বেছিভাগ মানুহৰে জীৱনৰ পৰম আংকা‚িত সম্পদ৷ বিপষণা মেডিটেচনে কেনেদৰে এই সুখ আৰু শান্তি লাভ কৰিব পাৰি তাক ব্যৱহাৰিকভাৱে আপুনি কৰি চাব পৰাকৈ দেখুৱাই দিয়ে৷ আমাৰ সুখ আৰু শান্তি নাশ কৰা মনৰ বিকাৰবোৰক নোহোৱা কৰি, সংবেদনা বা অনুভূতিক সাক্ষীভাৱে লক্ষ্য কৰি, এইবোৰৰ প্ৰতি আগতে কৰাৰ নিচিনাকৈ প্ৰতিক্ৰিয়া নকৰি আপুনি মনলৈ শান্তি আৰু সুখ দুয়োটাই আনিব পাৰে৷ লগতে মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকি ইয়াক নিজৰ ইচ্ছামতে চলাব শিকিলে নানা ধৰণৰ দুখ-কষ্ট-যন্ত্ৰণাৰ পৰা ৰক্ষা পৰি মানুহ এজনে সুখে-শান্তিয়ে জীৱনত আনন্দত কটাব পাৰে৷ নিজৰ উশাহ-নিশাহক অৱলম্বন কৰি, নিজৰ শৰীৰৰ অনুভূতিবোৰৰ প্ৰতি নিজৰ মনক সজাগ কৰি, তাক সেইবোৰৰ ওপৰত নিবদ্ধ কৰি, অনবৰতে সতর্ক আৰু সজাগ কৰি ৰাখি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰি৷ এনে নিয়ন্ত্ৰণ অভ্যাসৰ লগে লগে আৰু দৃঢ় হৈ গৈ থকিব৷ ফলত আগতে মনটোক অশান্ত, ব্যাকুল কৰি তোলা সংবেদনাবোৰে আপোনাক ভবিষ্যতে আৰু তেনেদৰে জোৰ-জুলুম কৰিব নোৱাৰে৷
মোৰ একেইদিনত লগ পোৱা ব্যক্তিসকলে ইতিমধ্যে মোৰ মুখত আৰু ব্যৱহাৰত কিছুমান সালসলনি দেখা পাইছে৷ সকলোৰে সুবিধাৰ বাবে মই এবছৰৰ বাবে প্ৰতিদিনে ইয়াক অভ্যাস কৰিম আৰু বছৰৰ শেষত ইয়াৰ ফলাফলৰ বিষয়ে আপোনালোকক অৱগত কৰিম, যাতে ভাল ফলাফল লাভ কৰিলে সকলোৱে ইয়াক অনুসৰণ কৰিব পাৰে৷