আমি বহুতে জীয়াই থাকো আমাৰ অতীতত৷ অতীতত এইটো বেয়া হ’ল, যেনে হ’ব লাগিছিল তেনে নহ’ল, অতীতত মোৰ লগত কেৱল বেয়াই হ’ল ইত্যাদি ইত্যাদি কথা পাগুলি আমি আজি দুখত বাস কৰোঁ৷ আন কিছুমানে আকৌ বাস কৰে ভৱিষ্যতত, অর্থাৎ ভৱিষ্যতত এনে হ’ব, তেনে কৰিব লাগিব, এনেকুৱা কাম কৰিব লাগিব ইত্যাদি কথাত তেওঁলোক ব্যস্ত৷ এই দুই প্ৰকাৰৰ কথাৰ ধামখুমীয়াত আমি আটাইতকৈ দৰকাৰী কথাটো পাহৰি যাওঁ৷ সেয়া হ’ল বর্তমানটো৷ বর্তমান বোলা যে কিবা এটা আছে সেয়া আমি পাহৰি যাওঁ আৰু পাহৰি যাওঁ বর্তমানৰ সেই মিঠা মুহূর্তবোৰৰ কথা৷ নিজৰ এনে স্বভাৱবোৰ অলপ সলনি কৰি চাওঁ আহকচোন৷ এই মুহূর্তত সম্পূর্ণ সজাগ ভাৱে আৰু জীৱনটোৰ প্ৰশংসা কৰি জীয়াই থাকি চাও আহক৷ কিমান আৰু অতীতৰ নানা কথাৰ বিষয়ে চিন্তা কৰি নিজৰ সময়বোৰ নষ্ট কৰে· কিমান আৰু ভৱিষ্যতৰ বিষয়ে দুঃচিন্তা কৰি আজিৰ সময়টো বিষময় কৰি তোলে? আজি জীয়াই থাকো আহকচোন৷ জীৱনটো উদযাপন কৰোঁ আহক৷
এই মুহূর্তত, ইয়াত
আপোনাৰ যি আছে আচলতে সকলো এই মুহূর্ততে, ইয়াতে আছে৷ ই অতীততো নাই বর্তমানতো নাই৷ অতীতৰ ঘটনাবোৰ ইতিমধ্যে ঘটি গ’ল, আপুনি সেইবোৰৰ বিষয়ে একো কৰিব নোৱাৰে৷ আনহাতে আপুনি ভৱিষ্যতৰ কথা চিন্তাহে কৰিব পাৰে, কিন্তু সেই ভৱিষ্যতৰ চিন্তাবোৰ সঁচা নহবও পাৰে৷ ভৱিষ্যতৰ বাবে আপুনি কাম কৰিব পাৰে, কিন্তু ভৱিষ্যত কেনেকুৱা হ’ব, তাত কি হ’ব সেয়া কিন্তু আপুনি খাটাং কৰিব নোৱাৰে৷
আপুনি কিবা এটা কৰিম বুলি ভাবিলে সেয়া আপুনি কৰিব পাৰিব এই মুহূর্ততে৷ সেই কাম আপুনি কিন্তু অতীত বা ভৱিষ্যতত কৰিব নোৱাৰে৷ গতিকে আপোনাৰ ফ’কাছ হ’ব লাগে এই মুহূর্তটোত৷ কাৰণ একমাত্ৰ এই মুহূর্তটোহে আপোনাৰ হাতত আছে আৰু এবাৰ ই পাৰ হৈ গ’লে ই আৰু ঘূূৰি নাহে৷ বর্তমান সময়ৰ কথা কিদৰে আপুনি ভাবিব আৰু কিদৰে ইয়াৰ ওপৰত ফ’কাছ কৰিব পাৰিব? তাৰ এটা উপায় হ’ল বর্তমান সময়ৰ বিষয়ে সজাগতা৷
বর্তমান সময়ৰ সজাগতা
বর্তমান সময়ৰ সজাগতাৰ জৰিয়তে আপুনি আপোনাৰ নানা ভয় আৰু আশংকা আদি অতিক্ৰম কৰি আপোনাৰ জীৱনলৈ বিভিন্ন সময়ত অহা নানা পছন্দ বা চইচবোৰ লক্ষ্য কৰিব পাৰে আৰু এইবোৰ গ্ৰহণ কৰিব পাৰে৷ এই সজাগতাৰ সহায়ত আপুনি নিজৰ অতীতৰ যিবোৰ অদৰকাৰী আৰু পাহৰিবলগীয়া অধ্যায় থাকে সেইবোৰ মনত ৰখাৰ ফলত হোৱা অশান্তি আৰু নৰকসদৃশ জীৱনৰ পৰা আঁতৰি থাকিব পাৰে৷ তেনেদৰে ভৱিষ্যতৰ বাবে অতিমাত্ৰা চিন্তা কৰাৰ ফলত যি এক দুঃচিন্তাৰ উদ্ভৱ হয় আপুনি তাৰ পৰাও হাত সাৰি থাকিব পাৰে বর্তমান সময়ৰ বিষয়ে সজাগ হৈ৷
এই সজাগতাৰ কিছুমান লাভ হ’ল-
(ক) আপুনি বর্তমান সময়ত চলি থকা যিকোনো কামত সম্পূর্ণ মনোযোগ দিব পাৰে
(খ) অতীতৰ বেয়া সময়, ঘটনা আদিৰ বিষয়ে চিন্তা কৰি আপোনাৰ মন বেয়া লগাৰ সম্ভাৱনা কম
(গ) ভৱিষ্যতৰ বিষয়ে দুঃচিন্তা নকৰি আপুনি শান্তিত থাকিব পাৰে
(ঘ) সম্পূর্ণভাৱে জীয়াই থাকি কিদৰে সুখ লাভ কৰিব পাৰি সেই ৰহস্য আপুনি গম পায়
(ঙ) আপোনাৰ কামবোৰ ভালদৰে কৰিব পাৰে আৰু কামবোৰ কৰি তাৰপৰা আনন্দ ল’ব পাৰে
(চ) আপোনাৰ সপোনবোৰ আৱিষ্কাৰ কৰিব পাৰে আৰু সেইবোৰ লাভ কৰাৰ বাবে কাম কৰিব পাৰে৷
(ছ) আনৰ সতে আপোনাৰ যি সম্পর্ক সেয়া উন্নত কৰিব পাৰে৷ স্বামী-স্ত্ৰী বা আন সম্পর্কবোৰো আপুনি আৰু উন্নত কৰিব পাৰিব৷
এই সকলোবোৰ সুবিধা আপুনি পাব মাত্ৰ বর্তমান সময়ৰ বিষয়ে সম্পূর্ণভাৱে সচেতন হৈ কাৰণ আপোনাৰ হাতত থকা কোনোটো মুহূর্তই সাধাৰণ নহয়৷
কোনোটো মুহূর্তই সাধাৰণ নহয়
আপোনাৰ প্ৰতিটো মুহূর্তই প্ৰকৃততে অসাধাৰণ৷ এনে মুহূর্তবোৰ আমাৰ খুব সাধাৰণ যেন লাগে কাৰণ আমি সেইবোৰ সাধাৰণ কৰি তোলো৷ আপুনি কিন্তু আপুনি সেইবোৰ অসাধাৰণ কৰি তুলিব পাৰে৷ ই আপোনাৰ হাতত৷ সৰুতে দেউতাৰ লগত কিজানি চুলি কটাবলৈ আপুনি কিজানি বিশ-ত্ৰিশবাৰ গৈছে, কিন্তু তাৰে মাজৰ কিছুমান ৰবিবাৰ হয়তো আপোনাৰ মনত আছে কাৰণ তাৰে এটা দিনত দেউতাই আপোনাক চক’লেট এটা কিনি দিছিল বা আপোনাক প্ৰশংসা কৰি কিবা এটা কৈছিল বা কিজানি আপোনাৰ চুলি একেবাৰে চুটিকৈ কটাই দিছিল৷ মুঠতে যি কাৰণতে নহওক আপোনাৰ সেই দিনটো, মুহূর্তটো মনত থাকি গৈছিল৷ তেনেদৰে আপুনি কৰবাত ৰৈ আছে, সেয়া এক সাধাৰণ মুহূর্ত হ’ব পাৰে, কিন্তু আপুনি তাক অসাধাৰণ কৰি তুলিব পাৰে আন এজন মানুহক কিবা এটা সহায় কৰি৷ বয়সীয়া মানুহ এগৰাকীক ৰাস্তা পাৰ হ’বলৈ সহায় কৰি সেই মুহূর্তটো আপুনি অসাধাৰণ কৰি তুলিব পাৰে৷ বা আপুনি সেয়া কৰিব পাৰে নিজে কৰি ভাল পোৱা কিবা এটা কাম কৰি৷
প্ৰতিটো মুহূর্ততে কিবা নহয় কিবা এটা ভাল, সুন্দৰ, মন ভাল লগোৱা কথা থাকে৷ আমি হয়তো তাক বিচাৰি উলিয়াব নাজানো৷ সেই মুহূর্তটোৰ মাজত থকা ভাল কথা, ভাল চিন্তা, ভাল দিশবোৰ বাচি উলিয়াব পাৰিলে সেই মুহূর্তটো আমাৰ বাবে বিশেষ হৈ পৰে৷
এটা হমৱর্ক কৰিলে আপুনি আজিৰ দিনটো লাভ কৰিব৷ কি হমৱর্ক চাওঁ আহকচোন৷
হমৱর্ক
এদিনৰ বাবে এইটো আপোনাৰ হমৱর্ক- এদিনৰ বাবে গোটেই দিনটো “আজিৰ দিনটোত” উপস্থিত থাকক৷ আজিৰ দিনটোত আপুনি অতীত বা ভৱিষ্যতৰ কথা চিন্তা নকৰি মাত্ৰ আজিৰ দিনটোৰ কথাহে চিন্তা কৰক৷ কোনটো সময়ত আপুনি কি কৰিলে, কাৰ লগত কি কথা পাতিলে, কি খালে, কি হ’ল সকলোবোৰ কথা মন কৰক৷ আৰু মনলৈ অতীত বা ভৱিষ্যতৰ কথা আহিলেও আপুনি সেইবোৰ চিন্তা নকৰাকৈ থাকিব৷
আৰু কিছুমান কাম কৰিলে আপুনি নিজৰ মনটো বর্তমানত ৰখাৰ লগতে সেই কামবোৰৰ পৰা সন্তুষ্টি আৰু শান্তি লাভ কৰিব পাৰিব৷ কি কাম সেইবোৰ? এনে কামবোৰ হ’ল-
যাৰ পৰা বস্তু কিনিছে সেই দোকানীজনক ধন্যবাদ বুলি কৈ চাওকচোন, ৰাস্তাত এম্বুলেঞ্চখনে বাট পোৱা নাই সেইখনক ৰাস্তা এৰি দিওকচোন, বয়সীয়া মানুহ এজনে মোনা এটা দাঙিব পৰা নাই, দাঙি দিয়কচোন, ৰেলৱে বা বাছ ষ্টেচনত কোনোবাই ৰেলখন বা বাছখন বিচাৰি পোৱা নাই, তেওঁক সেয়া বিচাৰি দিওকচোন, আপোনাৰ পাচলি বিক্ৰী কৰা মানুহজনলৈ চাই হাঁহি এটা মাৰকচোন, কাম কৰা মানুহজনীয়ে ভালদৰে কাম এটা কৰিলে, তাইক প্ৰশংসা কৰি চাওকচোন, অচিনাকী মানুহ এজন বা মানুহ এগৰাকীৰ পিনে চাই হাঁহি এটা কেতিয়াবা মাৰি চাওকচোন৷ এনে কিমান সৰু সৰু কাম আপুনি কৰিব পাৰে৷ এইবোৰে আনজন বা আনগৰাকী মানুহৰ মনটো ভাল লগাবই লগতে আপোনাৰ নিজৰ মনটোও বহুত ভাল লাগিব৷ আৰু এইবোৰ আপুনি কৰিব পাৰিব যদিহে আপুনি বর্তমান সময়ত কি হৈ আছে সেয়া মন কৰিব পাৰে৷ যদি আপোনাৰ সন্মুখৰ মানুহজনে বা মানুহগৰাকীয়ে কি কৰিছে সেয়া মন কৰিবলৈ সময় নাই, তেন্তে এই সৰু সৰু কথাবোৰ দেখা নাপায় আৰু সৰু সৰু কিন্তু অত্যন্ত প্ৰভাৱশালী আৰু আপোনাৰ মনটো আনন্দৰে ভৰাই তুলিব পৰা এই কামবোৰো কৰিব নোৱাৰে৷
আপুনি হয়তো অত্যন্ত ব্যস্ত, কিন্তু যদি জীৱনটো জীয়াই থাকিবলৈ আপোনাৰ সময় নাই তেন্তে ইমান ব্যস্ত হৈ থাকি আপোনাৰ কি লাভ হ’ব?
আপোনাৰ ভাল লগা ঠাইটুকুৰা
সকলো মানুহৰে ভাল লগা এটুকুৰা বা ততোধিক ঠাই থাকে৷ কাৰোবাৰ কিতাপৰ এখন ধুনীয়া দোকানলৈ গৈ ভাল লাগে, কাৰোবাৰ শ্বপিং মললৈ গৈ ভাল লাগে, আন কাৰোবাৰ পার্কলৈ গৈ বেছি ভাল লাগে৷ এনে এটুকুৰা ঠাই বিচাৰি উলিওৱাটো আপোনাৰ কাম য’লৈ গৈ আপোনাৰ মনটো ভাল লাগে, আপুনি উৎসাহ পায়৷ সেই ঠাইলৈ গ’লে আপুনি স্বাস্ব্যন্দ অনুভৱ কৰাৰ লগতে উত্তেজিতও অনুভৱ কৰে৷ আপুনি তালৈ নিয়মীয়াকৈ যাবলৈ চেষ্টা কৰক৷ অৱশ্যে যদি আপোনাৰ শ্বপিং মললৈ গৈ ভাল লাগে আৰু নিয়মীয়াকৈ তালৈ যায়, তেতিয়া আপোনাৰ পকেটৰ আৰু বেংক একাউন্টৗৰ অৱস্থা কি হ’ব সেয়া আন এক কথা৷
পাহাৰৰ ওপৰলৈ উঠো বলক
এভাৰেষ্ট শৃংগত ওপৰলৈ আপুনি দুই ধৰণে উঠিব পাৰে- হেলিকপ্টাৰৰে গৈ পাহাৰৰ শৃংগত নামিব পাৰে বা তলৰ পৰা বগাই গৈ এটা সময়ত শৃংগটো পাব পাৰে৷ কিন্তু যদি আপুনি নিজে বগাই নগৈ হেলিকপ্টাৰেৰে ওপৰ পায়গৈ আপুনি জানো মই এই এভাৰেষ্ট বগালোঁ বুলি ক’ব পাৰিব? তাৰোপৰি এভাৰেষ্ট বগাই যি এক সুখানুভূতি পোৱা গ’লহেঁতেন সেয়া জানো আপুনি পাব? আপুনি তেতিয়াহে সুখ পালেহেঁতেন যেতিয়া আপুনি কষ্ট কৰি এভাৰেষ্ট বগালে আৰু নিজৰ নাম তাক বগোৱা মুষ্টিমেয় কেইজনমানৰ লিষ্টত অন্তর্ভুক্ত কৰিলে৷ হেলিকপ্টাৰেৰে এভাৰেষ্ট বগাই যিদৰে সুখ নাই তেনেদৰে এভাৰেষ্টৰ তলত ইয়াৰ চাৰিওফালে ঘূৰি ফুৰিও একো লাভ নাই৷ আচল সুখ আছে কষ্ট কৰি হলেও লাহে লাহে নানা বিপদ বিঘিনীৰ মাজৰে এভাৰেষ্ট বগোৱাতহে৷
আপুনি আপোনাৰ মনটো নহয়
আপোনাৰ এটা মন আছে, কিন্তু আপুনি মানুহজন মানে মনটো নহয়৷ আপুনি তাতোকৈ ডাঙৰ কিবা এটা৷ যদিহে আপুনি বর্তমানত জীয়াই থাকিব খোজে, তেন্তে আপুনি আপোনাৰ মনটোৰ পৰা নিজকে মুক্ত কৰিব লাগিব৷
আপুনি আপোনাৰ চিন্তাবোৰ নহয়
আপুনি বিভিন্ন সময়ত নানা চিন্তা কৰে৷ চিন্তা কৰে কাৰণে আপুনি নানা সিদ্ধান্ত ল’ব পাৰে, নানা কাম কৰিব পাৰে৷ কিন্তু সেইবুলি আপুনি মানুহজন মানে আপোনাৰ চিন্তাবোৰ নহয়৷ আপুনি তাতোকৈ ডাঙৰ কিবা এটা৷ আপোনাৰ মনলৈ অতীতৰ কিবা এটা চিন্তা আহিছে বা ভৱিষ্যতৰ কিবা এটা চিন্তা আহিছে বা “মই একেবাৰে স্মার্ট নহয়” ধৰণৰ কিবা এটা চিন্তা আহিছে৷ তাৰমানে আপুনি সেই চিন্তাটো হয় জানো৷ নহয়৷ আপুনি আপোনাৰ চিন্তাটোতকৈ বেলেগ৷ চিন্তাটো আপোনাৰ অংশ এটা, চিন্তাটো মানেই আপুনি নহয়৷ বর্তমান সময়ৰ সজাগতা আনিবৰ বাবে, বর্তমান সময়টোক সন্তুষ্টিৰে গ্ৰহণ কৰাৰ বাবে আপুনি আপোনাৰ চিন্তাবোৰৰ পৰা নিজকে মুক্ত কৰিব লাগিব৷ তেতিয়াহে আপুনি এতিয়া কি হৈ আছে সেয়া গম পাব৷ আপুনি ভাল চিনেমা এখন চাই আছে কিন্তু সেই সময়তে আপোনাৰ মনলৈ চিন্তা এটা সোমাই আহিল আৰু আপুনি চিন্তাটো পিছে পিছে গৈ থাকিল৷ আপুনি জানো চিনেমাখন উপভোগ কৰিব পাৰিব৷ আপুনি জানো চিনেমাখন বুজি পাব বা কি ঘটিছিল সেয়া গম পাব? আপোনাৰ জীৱনটো তেনে এখন সুন্দৰ চিনেমাই, আপুনি সেয়া উপভোগ কৰিবলৈ হ’লে চিন্তাবোৰৰ পৰা নিজকে আঁতৰাই আনিব পাৰিব লাগিব৷ প্ৰয়োজন হ’লে সেয়া শিকিব লাগিব৷
বর্তমানক গ্ৰহণ কৰা
যদি আপোনাৰ বর্তমান অৱস্থাটো খুব ভাল তেন্তে আপুনি ইয়াক গ্ৰহণ কৰাত কোনো সমস্যা নাথাকে৷ কেতিয়াবা আপোনাৰ বর্তমানটো খুব ভাল নহ’ব পাৰে৷ আপুনি যেনেদৰে বিচাৰিছিল আপোনাৰ বর্তমানটো হয়তো তেনে হোৱা নাই৷ কিন্তু তাৰ পিছতো আপুনি যদি আপোনাৰ বর্তমান অৱস্থাটো যেনেকুৱা তেনেদৰে গ্ৰহণ কৰিব পাৰে, তেন্তে আপুনি সুখী হ’ব পাৰিব৷ বর্তমানটো বেয়া হ’লে আপুনি তাক গ্ৰহণ কৰিয়েই শান্ত হ’ব নালাগে, তাক আৰু ভাল কৰাৰ বাবে প্লেনিং আৰু চেষ্টা দুয়োটাই কৰিব লাগিব৷
আৱেগিক সচেতনতা
বর্তমানৰ সময়খিনি বা আজিৰ দিনটো যদি আমি সুন্দৰ কৰিব লাগে তেন্তে তাৰবাবে আমাক লাগিব আৱেগিক সচেতনতা৷ আপোনাৰ মনত কোনো এটা সময়ত কেনে আৱেগৰ ঢল বৈ আছে, সেয়া আপুনি জানিব লাগিব৷ নিজৰ আৱেগবোৰৰ বিষয়ে জনাটো হ’ল প্ৰথম খোজ৷ নিজৰ আৱেগৰ বিষয়ে জানিলেহে আপুনি সেই আৱেগেৰ আপোনাৰ ওপৰত পেলোৱা নিগেটিভ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব৷ আৱেগৰ বিষয়ে জানিলে আপুনি তেনে আৱেগবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আজিৰ দিনটোৰ পৰা আৰু বর্তমান সময়ৰ পৰা দুখ, মন বেয়া লগা আদি আৱেগ আৰু অনুভৱক বাদ দিব পাৰিব৷
জীৱনৰ উপহাৰবোৰ
আপোনাৰ জীৱনত নানা উপহাৰেৰে ভৰি আছে৷ বিভিন্ন সময়ত এইবোৰ সিঁচৰতি হৈ আছে৷ এইবোৰ দেখিবলৈ হ’লে আপুনি মনোযোগ দিব লাগিব আৰু বিচাৰিবলৈ আপোনাৰ হাতত সময় থাকিব লাগিব৷ যদি আন নানা কাম কৰোতে আপুনি এইবোৰলৈ মনেই কৰিব নোৱাৰে, তেন্তে আপুনি এইবোৰ লাভ কৰিব নোৱাৰিব, এইবোৰ এনেয়ে নষ্ট হৈ যাব৷
আপুনি যদি জীৱনত সুখ আৰু শান্তি বিচাৰিছে, তেন্তে “বর্তমান সময়খিনিত” ত জীয়াই থাকিলেহে আপুনি সুখ আৰু শান্তি লাভ কৰিব পাৰিব৷ সুখ, শান্তিৰ অনুভূতি আপুনি লাভ কৰে আজিৰ সময়ৰ পৰাহে, অতীত বা ভবিষ্যতৰ পৰা নহয়৷ প্ৰতিটো মুহূর্ততে কিবা নহয় কিবা এটা আনন্দ, সুখ বা শান্তি থাকে৷ মাত্ৰ আমি কেনেকৈ সেই ফূর্তি, আনন্দ, সুখ বা শান্তি লাভ কৰিব পাৰি তাক জনাৰ প্ৰয়োজন৷ এটা এটাকৈ সুন্দৰ মুহূর্তৰে একোটা সুন্দৰ দিন গঠিত হ’ব পাৰে আৰু তেনে দিনবোৰৰ সমষ্টিয়ে আপোনাৰ বাবে এটা সুন্দৰ জীৱনৰ সৃষ্টি কৰিব পাৰে৷
বর্তমানটোত জীয়াই থাকো আহক৷ অতীতৰ কথা ভাবি আপুনি অতীতক সলাব নোৱাৰে আৰু ভৱিষ্যতত কি হ’ব কোনেও ক’ব নোৱাৰে৷ গতিকে ভৱিষ্যতৰ বাবে লক্ষ্য ঠিক কৰি, সেই লক্ষ্য লাভৰ বাবে কাম কৰি আজিৰ দিনটো উপভোগ কৰোঁ আহক৷ হাতত আজিৰ দিনটোহে আছে, আজি জীৱনটো উদযাপন কৰোঁ আহক৷