আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ কাম কৰিবলৈ থকা বাবে আমাৰ নানা সমস্যা হ’ব পাৰে-
- কামবোৰ কৰা নোহোৱাকৈ থাকি যায়
- প্ৰয়োজনীয় কামবোৰ সময়ত সম্পন্ন নহয়
- আপুনি যিমান যি উন্নতি কৰিম বুলি ভাবিছিল সেয়া হৈ নুঠে
- কৰিম কৰিম বুলি ভাবিলেও কামবোৰ থাকি যোৱা বাবে আপুনি অফিচত নানা সমস্যাৰ সন্মুখীন হয়
- কামবোৰ সময়ত নকৰা বাবে আপোনাৰ আন মানুহৰ লগত ব্যক্তিগত সম্পর্কো বেয়া হোৱাৰ উপক্ৰম হয়
আপুনি যিমানবোৰ কাম কৰে তাৰ ভিতৰত আটাইবোৰ কাম সমানে গুৰুত্বপূর্ণ নহয়৷ কিছুমান কাম আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে, আপোনাৰ কেৰিয়াৰৰ বাবে বেছি গুৰুত্বপূর্ণ৷ আনহাতে কিছুমান কাম আপুনি নকৰিলেও একো নহয়৷ কিন্তু আপুনি গম নাপায় কোনবোৰ কাম আগতে কৰিব লাগে আৰু কোনবোৰ কাম পিছত কৰিলেও হয় বা নকৰিলেও হয়৷ ফলত আপুনি অদৰকাৰী কামবোৰ কৰি নিজৰ সময় নষ্ট কৰে কিন্তু লাভ একো নহয়৷ আপুনি কাম কৰিয়েই থাকে, ইমান কাম যে আপোনাৰ পৰিয়ালৰ বাবে বা নিজৰ বাবে কোনো সময়েই নাই, কিন্তু তথাপিও আপোনাৰ কাম কৰি শেষ নহয়৷
এই দুইবিধ সমস্যাৰে সমাধান আছে৷ ৮০/২০ নীতিয়ে আপোনাক সহায় কৰিব পাৰে৷
কি এই নীতি?
৮০/২০ নীতি
এই নীতিমতে আপুনি কৰা কামৰ ২০ শতাংশই মুঠ ফলাফলৰ ৮০ শতাংশ দিয়ে আৰু বাকী ৮০ শতাংশ কামে ফলাফলৰ ২০ শতাংশ অৰিহণা আগবঢ়ায়৷
এয়া হ’ল কাম আৰু ফলাফলৰ ক্ষেত্ৰত এই নীতিৰ ব্যৱহাৰ৷ তেনেদৰে ইয়াক আন ক্ষেত্ৰেতা ব্যৱহাৰ কৰিব পাৰি৷
আপুনি যদি ব্যৱসায় কৰে, তেন্তে,
আপোনাৰ ২০ শতাংশ ক্লায়েন্টে ৮০ শতাংশ টকা–পইচা দিয়ে আৰু বাকী ৮০ শতাংশই মাত্ৰ ২০ শতাংশ টকা–পইচা দিয়ে৷
তেনেদৰে আন আন ক্ষেত্ৰত
আপোনাৰ পাকঘৰৰ ২০ শতাংশ কামত ৮০ শতাংশ সময় যায় আৰু বাকী ৮০ শতাংশ কামত মাত্ৰ ২০ শতাংশ সময় লাগে৷
এই কথাটো কি কামত লাগিব?
আপুনি এই কথাটো বিভিন্ন কামত লগাব পাৰে৷ যি কামৰ পৰা আপোনাৰ ৮০ শতাংশ ফলাফল আহে (ব্যৱসায়ত টকা-পইচা, পঢ়াত ৰিজাল্ট, কামত ফলাফল) আহে সেই ২০ শতাংশ কামত বেছি মনোযোগ দিয়ক৷ বাকী ২০ শতাংশ ফলাফল যি ৮০ শতাংশই দিয়ে সেই ৮০ শতাংশত গুৰুত্ব কমকৈ দিয়ক৷ পাৰিলে সেয়া আন কাৰোবাক কৰিবলৈ দিয়ক৷ ই আপোনাৰ মূল্যবান সময় বচোৱাৰ লগতে আপোনাৰ ফলাফলবোৰো ভাল কৰিবলৈ সুবিধা দিব৷ আপুনি ৮০ শতাংশ ফলাফল অহা ২০ শতাংশ কামত বেছি মনোযোগ দিলে আপোনাৰ ফলাফল জানো বেছি ভাল নহ’ব?