Close

নিজৰ কাম কৰাৰ এটা সহজ উপায়

আমাৰ কৰিবলগীয়া কাম বহু থাকে কিন্তু কামবোৰকলৈ এটা সমস্যা হয়

সমস্যা

আমাৰ বহু কাম কৰিবলগীয়া থাকে কিন্তু কামবোৰ কৰা নহয়৷ সেইবোৰ থাকি যায় নহ’লে আমি সময়ত কৰিবলৈ পাহৰি যাও৷

বহু জৰুৰী কাম বাকী থাকি যায়৷ সময়ত কৰা নহয়. কৰবাত লাইটৰ বিল দিবলৈ থাকি জায়, ক্ৰেডিট কার্ডৰ পেমেন্ট কৰিবলৈ থাকি যায়, পাকঘৰৰ বাবে হালধি আনিবলৈ থাকি যায়, স্কুল বা কলেজৰ এচাইনমেন্ট থাকি যায়৷ তাৰোপৰি আমি বিচৰা বস্তুবোৰ লাভ কৰিবলৈ যি যি কাম কৰিব লাগে সেই কামবোৰ কি কৰিব লাগে সেয়াও আমি পাহৰি যাও, ফলত বিচৰা ফলাফলবোৰো আমি নাপাও৷

আপোনাৰ যিমানবোৰ কাম আছে সেইবোৰ যদি আপুনি কৰিব বিচাৰে, তেন্তে তাৰ এটা উপায় আছে৷ উপয়াটো সহজ৷ আৰু ইয়াক কাগজ কলম লৈ কৰিব পাৰি বা আপোনাৰ মবাইল ফোনটোৰ সহায়তো কৰিব পাৰি

কেনেকৈ?

এখন টুৗ ডু লিষ্ট কৰি লৈ

বহু মানুহে এইখন লিষ্ট অনুসৰণ কৰে আৰু তেওঁলোকে আপোনাক ক’ব ই কিমান ইফেক্টিভ বা কার্যকৰী৷

কেনেদেৰে কৰিব এই লিষ্ট খন?

আপুনি কাগজ কলম বা নোটবুক আৰু এডাল পেঞ্চিল লৈ এই কামটো কৰিব পাৰে৷ মই এনেদৰে কৰি বেছি ভাল পাও

ইয়াত আজিৰ কৰিবলগীয়া কামবোৰ মই লিখি ল’লে এইবোৰ পাহৰি যোৱাৰ কথাই নাহে৷

লগতে আপুনি যদি নিজৰ মবাইল ফোন বা লেপটপটো ব্যৱহাৰ কৰিব বিচাৰে তাকো কৰিব পাৰে৷

নানা ধৰণৰ মবাইল এপ এই কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷

ৱান্দাৰলিষ্ট নামৰ এই এপটো মোৰ আই ফোনত৷ ইয়াৰ এনড্ৰইড এপো আছে৷ ইয়াত এটা অতিৰিক্ত সুবিধা আছে- সেয়া হ’ল আপুনি নিজৰ প্ৰজেক্টবোৰ বা কৰিবলগীয়া কামবোৰ ভাগ ভাগ কৰি নিজৰ ইচ্ছামতে সজাই ল’ব পাৰে৷ আজিৰ দিনটোত কি কৰিবলগীয়া আছে, সপ্তাহটো কি কি কৰিবলগীয়া আছে সেয়া ইয়াতে চালে মই গাম পাও৷

মই  নতুনকৈ ব্যৱহাৰ কৰা আৰম্ভ কৰিছোঁ ট্ৰেলো নামৰ এই এপটো৷ আপুনি নিজৰ লেপটপতো ইয়াক ব্যৱহাৰ কৰিব পাৰে ইয়াৰ ৱেবচাইটটো ব্যৱহাৰ কৰি

আপুনি নিজৰ ইচ্ছামতে যি পদ্ধতি ব্যৱহাৰ কৰিব বিচাৰে সেয়া ব্যৱহাৰ কৰিব পাৰে৷  ই মাত্ৰ কামবোৰ মনত ৰখা আৰু আপোনাক অট’মেটিকেলী মনত পেলাই দিয়া এটা সুবিধা, এটা টুল৷

সহজ নহয়নে? মাত্ৰ মনত ৰাখিব অকল লিখি ল’লেই কামবোৰ নিজে নিজে হৈ নাযায়, গতিকে অকল পদ্ধতিটো ব্যৱহাৰ কৰা আৰম্ভ কৰিলেই কামবোৰ নিজে নিজে হৈ নাযায়৷ আপুনি কামবোৰ কৰা আৰম্ভ কৰিলহে এই কামবোৰ হ’বলৈ আৰম্ভ কৰিব ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top