মিটিঙৰ এক নতুন নিয়ম  

মিটিঙবোৰ অকল বিৰক্তিকৰেই নহয়, এইবোৰ কাৰণে বহু সময়ো নষ্ট হয়। যদিও এখন মিটিঙে বহু সময় নষ্ট কৰে তথাপি আমি ইয়াক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰোঁ। যদি মিটিঙবোৰ আপোনাৰ কাৰণে দৰকাৰী আৰু আপুনি এইবোৰ নোহোৱাকৈ চলিব নোৱাৰে, তেন্তে আপুনি এইবোৰ প্ৰডাক্টিভ কৰি তুলি ইয়াৰ পৰা হোৱা লাভৰ পৰিমাণ বঢ়াব পাৰে। এয়া কৰিব পাৰি এক নতুন নিয়মৰ দ্বাৰা।

নিয়ম-

টোকা লিখা অভ্যাস কৰক (Take Notes)

এখন মিটিঙত হোৱা সকলো গুৰুত্বপূৰ্ণ কথা টোকা হিচাপে লিখক। আইডিয়া, গুৰুত্বপূৰ্ণ তাৰিখ, কাম ভগাই দিয়াৰ তালিকা আদি সকলো কথা লিখি ৰাখক।

মিটিঙ এখনত কেনেকৈ টোকাবোৰ লিখি ৰাখিব? মিটিঙ এখনৰ দৰকাৰী কথাবোৰ ধৰি ৰখাৰ বাবে বেলেগ বেলেগ সঁজুলি (এপ বা এপ্লিকেচন বা ছফটৱেৰ) আছে।

সঁজুলিবোৰ-

১) হোৱাইট বৰ্ড

যিটো ৰূমত মিটিঙ হৈ আছে, আপুনি সহজতে এখন হোৱাইট বৰ্ড এখন যোগাৰ কৰিব পাৰে। এইবোৰ পাবলৈও সহজ।

২) স্মাৰ্টফোন

স্মাৰ্টফোনবোৰে আপোনাক এনে টোকা লিখাত সহায় কৰিব পাৰে। আপুনি শব্দবোৰ লিখি ল’ব পাৰে, ছবি আকিব পাৰে, ফটো ল’ব পাৰে, ৰেকৰ্ডিং কৰিব পাৰে। আপুনি নিজৰ স্মাৰ্টফোনটোৰ পৰা এনে টোকা বা নোটবোৰ ই-মেইল কৰিব পাৰে। আপুনি এনে টোকাবোৰ আপলোড কৰিব পাৰে আৰু প্ৰিন্ট কৰিব পাৰে।

৩) পোষ্ট ইট

পোষ্ট ইট বুলি হালধীয়া ৰঙৰ এফালে আঠা থকা এবিধ কাগজ পোৱা যায়, যত আপুনি দৰকাৰী কথাবোৰ (আইডিয়া, দৰকাৰী তথ্য, প্ৰশ্ন আদি) লিখি যিকোনো ঠাইতে আঠা লগাই থ’ব পাৰে।

৪) ড্ৰপবক্স

ড্ৰপবক্স বোলা ক্লাউড ষ্টৰেজ সুবিধাটোৰ সহায়ত আপুনি আপোনাৰ নোট বা টোকাবোৰ অনলাইন জমা কৰি থ’ব পাৰে। এনেদৰে থলে আপুনি যিকোনো ঠাইৰ পৰা, যিকোনো কম্পিউটাৰত বহি আপোনাৰ একাউন্টৰ পৰা এই তথ্যবোৰ আহৰণ কৰিব পাৰে। আপোনাৰ স্মাৰ্টফোন বা কম্পিউটাৰটও ব্যৱহাৰ কৰি আপুনি ড্ৰপবক্সৰ এটা ফাইল বা ফোল্ডাৰ কেইজনমানে ব্যৱহাৰ কৰিব পৰা কৰি দিব পাৰে। আপুনি আনৰ লগত শ্বেয়াৰ কৰিব পাৰে বা একে সময়তে একেটা প্ৰজেক্টতে কাম কৰিব পাৰে।

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *