Close

৮০/২০ নীতিৰ জৰিয়তে বেছি কাম কৰক

আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ কাম কৰিবলৈ থকা বাবে আমাৰ নানা সমস্যা হ’ব পাৰে-

  • কামবোৰ কৰা নোহোৱাকৈ থাকি যায়
  • প্ৰয়োজনীয় কামবোৰ সময়ত সম্পন্ন নহয়
  • আপুনি যিমান যি উন্নতি কৰিম বুলি ভাবিছিল সেয়া হৈ নুঠে
  • কৰিম কৰিম বুলি ভাবিলেও কামবোৰ থাকি যোৱা বাবে আপুনি অফিচত নানা সমস্যাৰ সন্মুখীন হয়
  • কামবোৰ সময়ত নকৰা বাবে আপোনাৰ আন মানুহৰ লগত ব্যক্তিগত সম্পর্কো বেয়া হোৱাৰ উপক্ৰম হয়

আপুনি যিমানবোৰ কাম কৰে তাৰ ভিতৰত আটাইবোৰ কাম সমানে গুৰুত্বপূর্ণ নহয়৷ কিছুমান কাম আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে, আপোনাৰ কেৰিয়াৰৰ বাবে বেছি গুৰুত্বপূর্ণ৷  আনহাতে কিছুমান কাম আপুনি নকৰিলেও একো নহয়৷ কিন্তু আপুনি গম নাপায় কোনবোৰ কাম আগতে কৰিব লাগে আৰু কোনবোৰ কাম পিছত কৰিলেও হয় বা নকৰিলেও হয়৷ ফলত আপুনি অদৰকাৰী কামবোৰ কৰি নিজৰ সময় নষ্ট কৰে কিন্তু লাভ একো নহয়৷ আপুনি কাম কৰিয়েই থাকে, ইমান কাম যে আপোনাৰ পৰিয়ালৰ বাবে বা নিজৰ বাবে কোনো সময়েই নাই, কিন্তু তথাপিও আপোনাৰ কাম কৰি শেষ নহয়৷

এই দুইবিধ সমস্যাৰে সমাধান আছে৷ ৮০/২০ নীতিয়ে আপোনাক সহায় কৰিব পাৰে৷

কি এই নীতি?

৮০/২০ নীতি

এই নীতিমতে আপুনি কৰা কামৰ ২০ শতাংশই মুঠ ফলাফলৰ ৮০ শতাংশ দিয়ে আৰু বাকী ৮০ শতাংশ কামে ফলাফলৰ ২০ শতাংশ অৰিহণা আগবঢ়ায়৷

এয়া হ’ল কাম আৰু ফলাফলৰ ক্ষেত্ৰত এই নীতিৰ ব্যৱহাৰ৷ তেনেদৰে ইয়াক আন ক্ষেত্ৰেতা ব্যৱহাৰ কৰিব পাৰি৷

আপুনি যদি ব্যৱসায় কৰে, তেন্তে,

আপোনাৰ ২০ শতাংশ ক্লায়েন্টে ৮০ শতাংশ টকাপইচা দিয়ে আৰু বাকী ৮০ শতাংশই মাত্ৰ ২০ শতাংশ টকাপইচা দিয়ে৷

তেনেদৰে আন আন ক্ষেত্ৰত

আপোনাৰ পাকঘৰৰ ২০ শতাংশ কামত ৮০ শতাংশ সময় যায় আৰু বাকী ৮০ শতাংশ কামত মাত্ৰ ২০ শতাংশ সময় লাগে৷

এই কথাটো কি কামত লাগিব?

আপুনি এই কথাটো বিভিন্ন কামত লগাব পাৰে৷ যি কামৰ পৰা আপোনাৰ ৮০ শতাংশ ফলাফল আহে (ব্যৱসায়ত টকা-পইচা, পঢ়াত ৰিজাল্ট, কামত ফলাফল) আহে সেই ২০ শতাংশ কামত বেছি মনোযোগ দিয়ক৷ বাকী ২০ শতাংশ ফলাফল যি ৮০ শতাংশই দিয়ে সেই ৮০ শতাংশত গুৰুত্ব কমকৈ দিয়ক৷ পাৰিলে সেয়া আন কাৰোবাক কৰিবলৈ দিয়ক৷ ই আপোনাৰ মূল্যবান সময় বচোৱাৰ লগতে আপোনাৰ ফলাফলবোৰো ভাল কৰিবলৈ সুবিধা দিব৷ আপুনি ৮০ শতাংশ ফলাফল অহা ২০ শতাংশ কামত বেছি মনোযোগ দিলে আপোনাৰ ফলাফল জানো বেছি ভাল নহ’ব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top