এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ সেয়াই আজিৰ পৰীক্ষা৷”
সকলো আচৰিত৷ ই কেনেধৰণৰ পৰীক্ষা৷ তথাপি উপায় নাই৷ গতিকে সকলোৱে নিজৰ নিজৰ উত্তৰবোৰ লিখিলে৷ উত্তৰবহীবোৰ সংগ্ৰহ কৰাৰ পিছত প্ৰফেচাৰে উত্তৰবোৰ ডাঙৰ ডাঙৰকৈ পঢ়ি শুনালে৷ ছাত্ৰ-ছাত্ৰীসকলে সকলোৱে সেই ক’লা ফুটটোৰ কথা লিখিছিল৷ ই আকাৰত কিমান, দেখিবলৈ কেনে, তাৰ অৱস্থান ইত্যাদিৰ কথা সেইবোৰ কথা আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশ্যি ক’লে, –
“তোমালোক সকলোৱে সেই ক’লা ফুটটোৰ কথা লিখিছে৷ তাৰ কথা সকলোৱে মন কৰিছা কিন্তু সেই ক’লা ফুটটো থকা বগা কাগজখনৰ কথা কোনেও মন নাই কৰা, লিখা নাই৷ আমাৰ জীৱনবোৰতো একেটা ঘটনাই ঘটে৷ আমি সদায় সেই ক’লা, আন্ধাৰ কথাবোৰত বেছি গুৰুত্ব দিও৷ অথচ সন্মুখত ইমান ডাঙৰ বগা কাগজ এখন থাকে৷ আমাৰ জীৱনবোৰত আনন্দ পাবলগীয়া, সুখী হ’বলগীয়া ইমানবোৰ কথা থাকে- আমাৰ পিতৃ-মাতৃ, বন্ধু-বান্ধৱ, ভাল স্বাস্থ্য, এটা ভাল চাকৰি, সন্তানৰ হাঁহি আৰু তেনে আন আশ্চর্যজনক কথা থাকে কিন্তু আমি সদায় ভাবি থাকো বেয়া নিগেটিভ কথাবোৰৰ বিষয়ে আৰু তাকে লৈ মন বেয়া কৰি থাকো৷ আমি সদায় ডার্ক স্পটবোৰ যেনে হতাশা, ব্যর্থতা, ভয়, উদ্বেগ, আনে আমাৰ কি বেয়া কৰিলে, আমি কি নাপালোঁ সেইবোৰৰ ওপৰত ফ’কাছ কৰি বগা কাগজখনৰ দৰে জীৱনৰ আন পজিটিভ কথাবোৰৰ বিষয়ে নাভাবো৷ বৰঞ্চ সৰু, তুচ্চ কথা এটাৰ বিষয়ে নিগেটিভ চিন্তা কৰি, নিগেটিভ ভবিষ্যতৰ কথা ভাবি বহি থাকো৷”
আপুনিও একেই কৰে নেকি? যদি আপোনাৰ মনলৈও তেনে নিগেটিভ চিন্তাই বেছিকৈ আহে তেন্তে সম্ভৱতঃ সেয়া সলনি কৰাৰ সময় আহিল৷ কিয় সলনি কৰিব লাগে? কাৰণ ই ইতিমধ্যে আপোনাৰ জীৱনটোত নানা সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু আগলৈও কৰি থাকিব যদি আপুনি আপোনাৰ চিন্তা কৰা পদ্ধতিটো নসলায়৷ লগতে হাতত পায়ো জীৱনটো সুমধুৰ কৰি তুলিব পৰা বহু বস্তু আপুনি হেৰুৱাইছে৷ আৰু নেহৰুৱাব৷
জীৱনৰ পজিটিভ বস্তুবোৰ চাবলৈ শিকক
আপোনাৰ জীৱনত পজিটিভ বস্তু একোৱেই নাইনে?
নিশ্চয় আছে৷ আপোনাক খুব ভাল পোৱা মা-দেউতা, ভাইটি, ভন্টি, দাদা, বাইদেউ, বন্ধু-বান্ধৱ নিশ্চয় আছে, থাকিবলৈ এখন ঘৰ আছে, হয়তো এটা চাকৰি আছে, ভালপোৱা কোনোবা আছে, দুবেলা-দুমুঠি খাবলৈ আছে, বেমাৰ আজাৰ নোহোৱাকৈ আছে, অলপ হলেও টকা-পইচা আছে, সুন্দৰ স্বাস্থ্য আছে, আৰু বহুত কিবা কিবি আছে৷ মত্ৰ আপুনি মন কৰা নাই৷
এখন নোটবুক লৈ তাত আপোনাৰ কি কি আছে সেয়া লিখি যাওকচোন৷ চাব যথেষ্ট দীঘল লিষ্ট এখন হ’ব৷ আমাৰ জীৱনত বহু পজিটিভ কথা থাকে মাত্ৰ আমি মন নকৰোঁ৷ আমাৰ জীৱনটো আন বহু মানুহৰ জীৱনতকৈ বহুত ভাল, মাত্ৰ আমি সেয়া বুজি নাপাও৷ এই লিষ্টখন সাৱধানে থৈ দিব, নেহেৰুৱাব৷ সপ্তাহত এদিন হলেও এই লিষ্টখন উলিয়াই চাব৷ আপোনাৰ খঙ, অশান্তি, চিন্তা, ফ্ৰাচট্ৰেচন ইত্যাদি নিগেটিভ কথাবোৰ বহু কমি যাব আৰু এনে বহু কথা নাইকিয়া হৈ যাব৷ মনটো ভালে থাকিবলৈ হ’লে, সুখী হ’বলৈ হ’লে আপুনি মাত্ৰ এই অভ্যাসটো যদি কৰে তেন্তে আপুনি বহুত শান্তি লাভ কৰিব, বহুত সুখত থাকিব পাৰিব৷