Close

বেয়া অভ্যাস কেনেদৰে বাদ দিব

যদি আপুনি আপোনাৰ কিবা এটা বেয়া অভ্যাস বাদ দিব বিচাৰে তেতিয়া আপুনি কি কৰিব? কেনেদৰে এই বেয়া অভ্যাসটো বাদ দিব?

প্ৰথমতে কি অভ্যাস আপুনি বাদ দিব খোজে সেয়া চিনাক্ত কৰক

বেয়া অভ্যাস এটা সলাবলৈ হলে প্ৰথমতে আপুনি তাক চিনাক্ত কৰিব লাগিব৷ এবাৰ ভাবি চাওক আপুনি যিটোক এটা বেয়া অভ্যাস বুলি ভাবিছে সি কেইবাটাও বেয়া অভ্যাসৰ সমষ্টি নহয়তো বা দৰাচলতে আন কিহবাৰ ৰূপ নহয়তো৷ উদাহৰণ স্বৰূপে আপুনি যেতিয়া কয় মই এলেহুৱা, মই এই অভ্যাসটো সলাব বিচাৰিছোঁতেতিয়া ভালদৰে ভাবি চাওকচোন এলেহুৱা হোৱাটো অভ্যাস, স্বভাৱ নে আন কিবাহে৷ আৰু এলেহুৱা বুলি কলে আপুনি কোনটো কথা বুযাব বিচাৰিছে৷ আপুনি কাম পিছলৈ পেলাই থয় নে কাম এটা কৰিবলৈ এলাহ লাগে নে আপুনি বিৰক্ত হয়? কোনটো কাম কৰিলে তেনে হয়? সকলো কামতে তেনে হয়নে? সেয়া ভালদৰে বিচাৰ কৰি চাব লাগিব৷

তেনেদৰে আপুনি সলনি কৰিব বিচৰা অভ্যাসটো একেবাৰে স্পেচিফিচ বা নির্দিষ্ট হলে বেছি ভাল হয়৷ মই লেতেৰাএই অভ্যাসটো গুচাব লাগে বুলি কোৱাতকৈ” “মই, গা ধূই টাৱেলখন বিচনাত দলিয়াই নথৈ তাৰত মেলি দিয়া অভ্যাসটো কৰিব বিচাৰোঁবুলি কলে বেছি স্পেচিফিক হব৷

আপুনি যদি নিজে ঠিক কৰে যে একো এক্সাচাইজ নকৰাৰ সলনি সপ্তাহত তিনিদিন দৌৰিবলৈ যোৱা অভ্যাসটো কৰিব বিচাৰোঁ, তেতিয়া ই একেবাৰে নির্দিষ্ট হব আৰু তেতিয়া তাৰবাবে কাম কৰিবলৈ সুবিধা হব৷

কোনবোৰ ট্ৰিগাৰে আপোনাৰ অভ্যাসটো কৰোৱায়

প্ৰতিটো অভ্যাস বা ব্যৱহাৰ কিবা নহয় কিবা এটা ট্ৰিগাৰে আৰম্ভ কৰে৷ এই ট্ৰিগাৰবোৰ আপুনি জানিব লাগিব, চিনি পাব লাগিব৷ আপোনাৰ মগজুটোৱে এই ট্ৰিগাৰটোক আপোনাৰ অভ্যাসটোৰ লগত যুক্ত কৰে৷ উদাহৰণ স্বৰূপে, আপুনি যেতিয়া বিস্কিট বা কেক দেখে তেতিয়া আপুনি লগে লগে সেয়া খায়, যদিও আপুনি বেছি শকত আৰু কেক বা বিস্কিট আপুনি খাবলৈ এৰিব বিচাৰিছে৷
এনে ট্ৰিগাৰবোৰ চিনি পালে আপুনি সেইবোৰক বাদ দিব বা আওকাণ কৰা আৰম্ভ কৰিব পাৰিব৷

ভাল অভ্যাসৰে সলনি কৰক

এতিয়া এই বেয়া অভ্যাসটো, যিটো আপুনি বাদ দিব বিচাৰে তাক ভাল অভ্যাস এটাৰে সলনি কৰক৷ আগতে যদি আপুনি একেবাৰে এক্সাচাইজ নকৰিছিল, তেতিয়াহলে এতিয়া সপ্তাহত তিনিদিন এক্সাচাইজ কৰা আৰম্ভ কৰক৷ বেয়া অভ্যাস এটাক ধ্বংস কৰিব নোৱাৰি, ইয়াক সলাব পাৰি৷ গতিকে যিটো বেয়া অভ্যাস আপুনি বাদ দিব বিচাৰিছে, তাৰ বিপৰীত, আপোনাৰ বাবে ভাল অভ্যাস এটা বাচি লওক আৰু বেয়া অভ্যাসটোক সলনি কৰি এই ভাল অভ্যাসটো আৰম্ভ কৰক৷

সৰুকৈ আৰম্ভ কৰক

প্ৰথমে যেতিয়া আপুনি বেয়া অভ্যাসটো বাদ দিয়া আৰম্ভ কৰিব আৰু নতুন ভাল অভ্যাসটো আৰম্ভ কৰিব তেতিয়া সৰুকৈ আৰম্ভ কৰক৷ প্ৰথমতেই বহুত ডাঙৰ এটা লক্ষ্য ঠিক কৰি নল, কাৰণ সেয়া লাভ নকৰিলে ই আপোনাক নিৰুৎসাহ কৰিব পাৰে৷ আপুনি এক্সাচাইজ আৰম্ভ কৰিলে এথলিট এগৰাকীৰ দৰে এক্সাচাইজ কৰা বা তেওঁৰ দৰে শৰীৰ এটা এসপ্তাহ বা এমাহত আশা নকৰিব৷ আপুনি যদি আগতে কেতিয়াও এক্সাচাইজ কৰা নাই, তেতিয়াহলে প্ৰথমতে মাত্ৰ সপ্তাহত ৩ দিন এক্সাচাইজ কৰক আৰু মাত্ৰ ১৫ মিনিটহে কৰক৷ তাৰ পিছত লাহে লাহে এক্সাচাইজ কৰা সময় বঢ়াই গৈ থাকিব পাৰে৷

মাজে মাজে আপুনি নতুন অভ্যাসটো ভালদৰে কৰিব নোৱাৰিব, কেতিয়াবা পুৰণি অভ্যাসটোলৈ ঘূৰি যাব পাৰে সেই লৈ বেছি চিন্তা নকৰিব৷ তেনে কেতিয়াবা হব পাৰে৷ আপুনি বেছি চিন্তা নকৰি নতুন অভ্যাসটো আকৌ আৰম্ভ কৰি উঠি সেয়া কৰি গৈ থাকিলেই হল৷

কমিটমেন্ট

আপুনি নিজৰ ওচৰত কমিটমেন্ট কৰিলে বেয়া অভ্যাসটো বাদ দিয়া আৰু নতুন ভাল অভ্যাসটো কৰি থকাটো বেছি সহজ হ’ব৷ কমিটমেন্ট এটা প্ৰমাণিত চাইক’লজিকেল সূত্ৰ বা নিয়ম আৰু ই আপোনাক সহায় কৰিব এনে বেয়া অভ্যাস এটা বাদ দিবলৈ৷ এই কমিটমেন্টটো এবাৰ কৰিলে আপুনি বিচৰা ফলাফল লাভ কৰিবলৈ কষ্ট কৰাৰ আৰু ইয়াক এৰি নিদিয়াৰ সম্ভাৱনা বহু বেছি৷ সেয়ে নিজৰ ওচৰত আজি কমিট কৰক বা প্ৰতিজ্ঞা কৰক যে আপুনি বেয়া অভ্যাসটো বাদ দিব আৰু ভাল, নতুন অভ্যাসটো প্ৰতিদিনে কৰি গৈ থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top