Close

যিকোনো অভ্যাস সলনি কৰাৰ এটা আকর্ষণীয় উপায়

অভ্যাস এটা সলনি কৰাটো কিছুমানৰ বাবে ইমান সহজ নহয়৷ ইয়াৰ বাবে অলপ সময় লাগে, অকণমান ধৈর্য লাগে আৰু কষ্ট কৰিব লাগে৷ কিছুমান উপায়ে এই কামটো সহজ কৰি তুলিব পাৰে৷ আপুনি যদি নিজৰ কিবা এটা অভ্যাস সলনি কৰিব খোজে তেতিয়া এই উপায়টো ব্যৱহাৰ কৰিব পাৰে৷ এই উপায়টো সহজ, কার্যকৰী আৰু লগতে আকর্ষণীয়৷ আৰু আপুনি সহজে ইয়াক ব্যৱাহাৰ কৰিব পাৰিব৷

কি এই উপায়টো?

নিজকে ফাইন কৰক

হয়, নিজকে সেই বেয়া অভ্যাসটো বা সলাব খোজা অভ্যাসটো আকৌ কৰা বাবে ফাইন কৰক৷ যিমান বাৰ সেয়া কৰে সিমান বাৰ নিজকে ফাইন কৰক, জৰিমণা বিহক৷
যিদৰে আপুনি হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলালে বা গাড়ীৰ কাগজ পাতি নাথাকিলে পুলিছে ফাইন কৰে, জৰিমণা বিহে, তেনেদৰে নিজকে ফাইন কৰক৷ যিদৰে সময়ত ইলেকট্ৰিচিটি বিল বা আন কিবা বিল নিদিলে ফাইন দিব লাগে তেনেদৰে নিজৰ সলনি কৰিব খোজা, বা বেয়া অভ্যাসটো আকৌ কৰিলে নিজকে ফাইন কৰক৷

কিন্তু কিমান ফাইন ল? কিমান ফাইন লব সেয়া নিজে  ঠিক কৰি লওক৷ মাত্ৰ মনত ৰাখিব ই এটা ডাঙৰ সংখ্যা হব লাগিব৷ সৰু সংখ্যাৰ ফাইন এটাই এই ক্ষেত্ৰত বেছি কাম নকৰিব৷ ১০ বা ২০ টকা ফাইনেৰে নহব৷ কমেও ১০০ টকা বা পাৰিলে ১০০০ টকা এবাৰত ফাইন লওক নিজৰ পৰা৷ এই টকাখিনি উলিয়াব নোৱাৰাকৈ এটা বাকচত বা জাৰত থৈ দিয়ক৷ এমাহৰ পিছত জমা হোৱা টকাখিনি কোনোবা চেৰিটিত বা কোনোবা অনুষ্ঠানক নাম নজনোৱাকৈ দান দি দিয়ক৷
এই কথাটোত বিৰাট সাৱধান হব৷ এই জমা টকাৰ পৰা এক টকাও নলব বা না, কাকো নিদিওএইবুলি নিজৰ পকেটত আকৌ ভৰাই নথব৷ এইখিনি টকা কোনোবা চেৰিটিত দি দিয়ক৷

এটা উদাহৰণআপোনাৰ কথাই প্ৰতি বেয়া মাত মতাৰ বা অশ্লীল শব্দ কোৱাৰ অভ্যাস আছে আৰু এতিয়া ঘৰত লৰাছোৱালী আছে কাৰণে বা কোনোবাই কোভৱা বাবে সেয়া সলাব বিচাৰিছে৷ যিমানবাৰ আপুনি সেই বেয়া মাত বা অশ্লীল শব্দ কব সিমানবাৰ নিজকে ফাইন কৰিব৷ ফাইনৰ টকাটো এটা বাকচ বা খুছুৰা পইচা জমোৱা মাটিৰ পাত্ৰত জমা থব৷ এমাহৰ পিছত সেই টকা খিনি লৈ কাৰোবাক নিজৰ নাম নজনোৱাকৈ দান দি দিয়ক৷

আন এটা উদাহৰণআপুনি সপ্তাহত ৫ দিন এক্সাচাইজ কৰিব বিচাৰিছে কিন্তু প্ৰায়ে কৰা নহয়৷ কেতিয়াবা মাত্ৰ এদিনহে এক্সাচাইজ কৰে৷ এতিয়াৰ পৰা যিদিনাখন এক্সাচাইজ কৰিব লাগিছিল কিন্তু কৰা নহয়, সেইদিনা নিজকে ফাইন কৰক, কমচে কম ১০০ টকা এটা নিজকে ফাইন কৰক৷ যদি এক্সাচাই কৰাটো বেছি জৰুৰী আৰু আপুনি এক্সাচাইজ নকৰা এই বেয়া অভ্যাসটো খাটাংকৈ এৰিব বিচাৰিছে, তেতিয়া নিজকে ১০০০ টকা ফাইন কৰক সেইদিনা যিদিনা আপুনি এক্সাচাইজ কৰিব লাগিছিল, কিন্তু নকৰিলে৷ যিমানদিন এনেদৰে এক্সাচাইজ নকৰে সিমানদিন নিজকে ফাইন কৰক৷ চাওচকোন কেইদিনমানৰ পিছত ফাইন দি দি ভাগৰ লাগিব আৰু আপুনি নিয়মীয়াকৈ এক্সাচাইজ কৰা হব৷

বিভিন্ন ধৰণৰ অভ্যাসৰ ক্ষেত্ৰত আপুনি এয়া কৰিব পাৰিব৷ দুদিনমানৰ পিছত আপোনাৰ বেয়া অভ্যাসটো অলপ কমিব৷ তাৰ পিছত ই আৰু স্পিডত কমি আহিব৷ বহুদিনৰ পৰা আতৰ কৰিম, বাদ দিম বুলি ভাবি থকা কিন্তু এৰিব নোৱাৰা অভ্যাস বা বেয়া অভ্যাস এটা আপুনি কেইদিনমানতে এৰিব পৰা হব৷

কৰি চাওক, কিছুদিনৰ ভিতৰতে আপোনাৰ বেয়া অভ্যাসটো কমি নোহোৱা হৈ যাব৷

আপুনি আনকি ভাল অভ্যাস এটা আৰম্ভ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ ভাল অভ্যাসটো নকৰাৰ দিনা বা নকৰা বাবে নিজকে ফাইন কৰিব পাৰে৷ তেনে কৰিলে ভাল অভ্যাসটো কৰাৰ সংখ্যা আৰু অভ্যাসটো কৰি থকা দিনৰ সংখ্যা বাঢ়ি আহিব৷

কৰি চাওক৷ কিমান কামত আহে সেয়া আপুনি নিজেই দুই এদিনতে গম পাব৷  

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top