Close

সুখী হওঁ আহক (খণ্ড-1)

আমাৰ জীৱনৰ উদ্দেশ্যই হ’ল সুখী হোৱা৷

আপোনাৰ, মোৰ সকলোৰে জন্ম হৈছে সুখী হ’বলৈকে৷ শুনিবলৈ অলপ আচৰিত লাগে, নহয় জানো? কিন্তু কথাটো সঁচা৷ কিন্তু তথাপিও বহু মানুহ সুখী নহয়, কাৰণ তেওঁলোকে নিজৰ জীৱনৰ এই উদ্দেশ্যটো বিচাৰিবলৈ কোনে চেষ্টা কৰা নাই৷ গুৰু দালাই লামাৰ মতে আমাৰ জন্মই হৈছে সুখী হ’বৰ বাবে৷ আৰু আপুনি যদি মন কৰে দেখিব যে তেওঁকে আদি কৰি আন বহুতো বৌদ্ধধর্মৰ গুৰুসকল সঁচাকৈয়ে বহু সুখী৷  আৰু তেওঁলোকৰ এই সুখী মনৰ কথা আনকি কিছুমান বৈজ্ঞানিক পৰীক্ষাতো প্ৰমাণিত হৈছে৷

সুখ আপোনাৰ অধিকাৰ৷ আপুনি সুখী হোৱাটো আপোনাৰ অধিকাৰ৷ আৰু এনে নহয় যে আমি চেষ্টা নকৰোঁ৷ আমি সুখী হ’বলৈ চেষ্টা কৰোঁ কিন্তু তথাপি বহু মানুহে কিয় সুখী হ’ব নোৱাৰে? হয়তো আমি কেনেদৰে সুখী হ’ব পাৰি সেয়া নাজানো আৰু হয়তো তাৰ কাৰণ হ’ল আমি সুখী হ’বলৈ চেষ্টা কৰিবলৈ ভয় বা লাজ কৰোঁ৷ আমি ভাবোঁ তেনে কৰিলে আন মানুহে আমাক কেবল নিজৰ কথা ভবা এক আত্মকেন্দ্ৰিক মানুহ বুলি ভাবিব পাৰে৷

আত্মকেন্দ্ৰিকতা

কোনোবাই হয়তো ক’ব পাৰে যে নিজে সুখী হ’বৰ বাবে আমি যদি নিজে ইমান চেষ্টা কৰোঁ আমি তেতিয়া আত্মকেন্দ্ৰিক অর্থাৎ চেলফিশ্ব হৈ পৰিম৷ কিন্তু কথাটো তেনেকুৱা নহয়৷ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে অসুখী মানুহবোৰহে প্ৰকৃততে আত্মকেন্দ্ৰিক, অসামাজিক, আৰু শত্ৰুভাৱাপন্ন হয়৷ সুখী মানুহবোৰে আনহাতে মানুহৰ লগত মিলা-মিচা কৰি ভাল পায়, তেওঁলোক নমনীয় আৰু তেওঁলোকে আনক সহায় কৰিবলৈ সদা প্ৰস্তুত৷ তেওঁলোকে আনক ভাল পায় আৰু তেওঁলোকে আনক সহজে ক্ষমা কৰিব পাৰে৷ বিভিন্ন ধৰণৰ পৰীক্ষাত  বিজ্ঞানীসকলে পাইছে যে সুখী মানুহবোৰে আৰু কোনো এটা মুহূর্তত সুখী হৈ থকা মানুহবোৰে আন মানুহক সহায় কৰিবলৈ সহজে আগবাঢ়ি যায়৷ আপুনি যদি কোনো এক মুহূর্তত সুখী হৈ আছে বা আপোনাৰ মনটো ভাল লাগি আছে , সেই মুহূর্তত আপুনি আনৰ বাবে কাম কৰিবলৈ, আনক সহায় কৰিবলৈ সহজে আগবাঢ়ি যাব৷ নহয়নে কথাটো? কেতিয়াবা চিন্তা কৰি চাবচোন? গতিকে সুখী হ’বলৈ চেষ্টা কৰাতো বেয়া কথা নহয় আৰু ই আত্মকেন্দ্ৰিকতাৰ ৰূপো নহয়৷

সুখৰ বিষয়ে আৰু কথা পতাৰ আগতে আমি এটা সৰু ভুল ধাৰণা আঁতৰাব পাৰোঁ নেকি চাও আহকচোন৷ এই মিছা ধাৰণাটো গঢ়ি উঠিছে সুখ আৰু আনন্দক কেন্দ্ৰ কৰি৷ 

সুখ আৰু আনন্দ

সুখ আৰু আনন্দ একেনে? আমি সুখ আৰু আনন্দক একেটা কথা বুজাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ নে? তেনেদৰে সুখ আৰু ফূর্তি একে বস্তু নে?

সুখ আৰু আনন্দ (ফূর্তি) ৰ মাজত অলপ পার্থক্য আছে৷ এই পার্থক্যটো লৈ আপুনি বিমোৰত নপৰিব৷ সাধাৰণভাৱে ক’বলৈ গ’লে – আনন্দ (ফূর্তি) স্থায়ী নহয়, ই অলপ সময়ৰ বাবে থাকে৷ শাৰীৰিক ফূর্তি বা বিভিন্ন ধৰণৰ বয়বস্তুৱে দিব পৰা আনন্দ বা ফূর্তিও ক্ষণস্থায়ী৷ আপুনি এ চি থকা গাড়ী এখনত বহি কৰবালৈ গ’লে আনন্দ পায়, কিন্তু গাড়ীখনৰ পৰা নমাৰ লগে লগে এই আনন্দ নোহোৱা হৈ যায়৷ আনহাতে সুখ বেছি সময়লৈকে থাকে৷ সুখ দীর্ঘস্থায়ী৷  যদি আপুনি সুখী, তেন্তে আপুনি এ চি থকা বা এ চি নথকা যিকোনো গাড়ীত বহি গলেও সুখী হ’ব পাৰে কাৰণ আপোনাৰ সুখ গাড়ীখনৰ ওপৰত নির্ভৰ নকৰে, ই নির্ভৰ কৰে আপোনাৰ মানসিক অৱস্থাৰ ওপৰত৷

আমি বহু সময়ত ভাবো যে এখন দামী গাড়ী কিনিলে বা ফ্লেট এটা কিনিব পাৰিলে বা আমি বিচৰা বস্তুবোৰ কিনিব পাৰিলে আমি সুখী হ’ম৷ কিন্তু আমি সুখী হওঁ জানো? নহও৷ এখন দামী গাড়ী বা ফ্লেট এটা বা আপুনি বিচৰা বস্তুবোৰ কিনিব পাৰিলে আপুনি আনন্দিত হ’ব পাৰে বা ফূর্তি পাব পাৰে, কিন্তু ই অলপ সময়লৈকেহে থাকে৷ কিছুদিন বা কিছু সপ্তাহ বা কেই মাহমানৰ পিছত আপোনাক নতুন বস্তুটোৱে আগৰ দৰে আনন্দ নিদিয়ে৷ গতিকে এইবোৰে আপোনালৈ সুখ কঢ়িয়াই আনিব নোৱাৰে৷ আপুনি সুখী হ’ব লাগিলে সুখ আৰু আনন্দৰ মাজৰ পার্থক্যৰ কথা আপুনি বুজি পাব লাগিব৷

সুখ মানে কেৱল এটা ভাল লগা ভাৱনাই নহয়, ই এটা বিশেষ ভাল লগা ভাৱনা৷ আৰু এই ভাৱনাটোৰ সৃষ্টি হ’ব পাৰে কিছুমান বিশেষ পৰিস্থিতিতহে৷ অর্থাৎ এই পৰিস্থিতিবোৰ আপুনি নিজৰ জীৱনত সৃষ্টি কৰিব লাগিব যদিহে আপুনি সুখী হ’ব বিচাৰে৷

সুখৰ সীমা

আপুনি বহুত টকা পালে সুখী হ’বনে? বহুতে হয়তো এই মুহূর্তত প্ৰশ্নটোৰ উত্তৰ ‘হয়’ বুলি ক’ব৷ টকা-পইচা পালে আপোনাৰ মনটো ভাল লাগিব পাৰে কাৰণ আপোনাৰ টকা-পইচা বিষয়ক সমস্যাবোৰৰ কিছু সমাধান ই কৰিব পাৰে৷ কিন্তু বহুত টকা-পইচা পালেই আপুনি সুখী নহ’বও পাৰে৷ প্ৰথমতে ভাল লাগিলেও কিছুদিনৰ পিছত আপোনাৰ মনটো ই ভাল লগাব নোৱাৰিবও পাৰে৷ আনহাতে বেমাৰ হোৱা মানুহ এজনো আগতকৈ বেছি সুখী হ’ব পাৰে৷ যদি বেমাৰৰ বাবে ঘৰত বা হস্পিটেলত থাকিব লগা হোৱাৰ বাবে তেওঁ আগতে মন নকৰা কথাবোৰ মন কৰিবলৈ সময় পায়, আন মানুহৰ লগত সম্পর্কবোৰ উন্নত কৰাৰ সুবিধা পায়, যদি তেওঁ কৰিব পৰা কামবোৰে তেওঁৰ অনবৰতে উত্তেজিত কৰি ৰাখে আৰু তেওঁক বিচনাৰ পৰা উঠাবলৈ আগ্ৰহী কৰি ৰাখে, তেন্তে তেনে মানুহ এজনো বহু সুখী হ’ব পাৰে৷

ওপৰৰ কথাৰ পৰা আপুনি ধৰিব পাৰিছে নে সুখ আচলতে বাহিৰৰ কিবা এটা কাৰকতকৈ  বেছি নির্ভৰ কৰিব আপোনাৰ মানসিক অৱস্থাৰ ওপৰত? অর্থাৎ সুখ এটা মানসিক অৱস্থা৷ সঁচাকৈ হয়নে? আপুনি যেতিয়া কিবা এটা কামত সফল হয়, কিবা এটা নতুন বস্তু কিনিব পাৰে, যেতিয়া আপুনি ভবা মতে কাম এটা হয়, তেতিয়া আপোনাৰ মনটো আনন্দিত হয়, সুখী হয়৷ কিন্তু কিছু সময়ৰ বা কিছু দিনৰ পিছত ই আকৌ আপোনাৰ আগৰ অৱস্থালৈ ঘূৰি আহে৷ এই অৱস্থাটোক “সুখৰ সীমা” বুলি ক’ব পাৰোঁ৷ তেনেদৰে যদি কিবা কাম আপোনাৰ মতে নহয়, কোনোবাই আপোনাক কিবা বেয়াকৈ কয়, আপোনাৰ বা আপোনাৰ মৰমৰ কাৰোবাৰ কিবা বেমাৰ-আজাৰ হয়, তেতিয়া আপোনাৰ মনটো অলপ সময়, কিছু দিন বা কিছু সপ্তাহৰ কাৰণে বেয়া লাগে, কিন্তু এটা সময়ৰ পিছত ই আকৌ সেই “সুখৰ সীমা” লৈ ঘূূৰি আহে৷

তাৰমানে আমি যদি আজি যিমান সুখী তাতোকৈ বেছি সুখী হ’ব বিচাৰোঁ, তেন্তে আমি আমাৰ এই  “সুখৰ সীমা”  টো আৰু ওপৰলৈ উঠাব লাগিব৷ সেয়া সম্ভৱনে বাৰু?  আপোনাৰ বাবে ভাল খবৰটো এয়ে যে আপুনি ইচ্ছা কৰিলে এই সুখৰ সীমাটো ওপৰলৈ উঠাব পাৰে অর্থাৎ আপুনি আৰু সহজে সুখী হ’বলৈ শিকিব পাৰে আৰু লগতে আপুনি সুখী হ’বলৈ নিজৰ মনটোক প্ৰশিক্ষণ দিব পাৰে৷ কাৰণ কোনো সময়ত আপুনি সুখী হয় নে নহয় সেয়া নির্ভৰ কৰিব আপোনাৰ ওপৰত- আপোনাৰ দৃষ্টিভংগীৰ ওপৰত৷ ই নির্ভৰ কৰে আপুনি কোনো এটা পৰিস্থিতিক কেনেদৰে গ্ৰহণ কৰে  বা উপলব্ধি কৰে৷ যিহেতু একেটা পৰিস্থিতিৰ অর্থ বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগে বেলেগ হ’ব পাৰে,  সেইবাবে পৰিস্থিতি এটাই কাৰোবাক সুখী কৰিব পাৰে, কাৰোবাৰ ওপৰত একো প্ৰভাৱেই নেপেলাব পাৰে আৰু ই কাৰোবাক দুখী কৰিব পাৰে৷

তুলনা কৰা

তুলনা কৰা কামটোৱে আপোনাক দুখী কৰিব পাৰে৷ আমি সদায় তুলনা কৰোঁ৷ কেতিয়াবা নিজক নিজৰ লগতে তুলনা কৰোঁ আৰু কেতিয়াবা আনৰ লগত তুলনা কৰোঁ৷ কেতিয়াবা আমি নিজৰ আগৰ অৱস্থা আৰু এতিয়াৰ অৱস্থা তুলনা কৰোঁ৷ আন সময়ত আমি আমাৰ ওচৰ পাজৰৰ মানুহ, বন্ধু-বান্ধৱ, শত্ৰু, আত্মীয়-কুটুম, আনকি অচিনাকি মানুহৰ লগতো নিজকে তুলনা কৰোঁ৷ আৰু আমাৰ সুখ বহু সময়ত এই তুলনাৰ ওপৰত নির্ভৰ কৰে৷ যদি আপুনি তুলনা কৰি দেখে যে কিবা এটা বিচৰা বস্তু আপোনাৰ আনতকৈ বেছি আছে, তেন্তে আপুনি সুখ অনুভৱ কৰে আৰু যদি বিচৰা বস্তুটো আনতকৈ আপোনাৰ কম আছে, তেন্তে আপুনি দুখ অনুভৱ কৰে৷ আমাৰ মনবোৰ বেয়া লাগে যেতিয়া আমি দেখো যে আমি জীৱনত একো কৰিব পৰা নাই বা আমি বিচৰা বস্তুবোৰ পোৱা নাই৷ কিন্তু কেনেদৰে আমি গম পাও যে আমি একোে কৰিব পৰা নাই? আমি আন মানুহৰ লগত তুলনা কৰোঁ- আমাৰ একে বয়সৰ, একে পৰিবেশৰ, একে অর্থনৈতিক বা সামাজিক পৰিবশেৰ আন কাৰেবাৰ লগত আৰু চাবলৈ চেষ্টা কৰোঁ সেই এজন বা ততোধিক মানুহৰ তুলনাত আমাৰ অৱস্থান ক’ত৷ আৰু যেতিয়া আমি দেখো যে আনৰ তুলনাত আমাৰ টকা-পইচা কম, মান-সন্মান কম, বয়-বস্তু কম বা আন কিবা এটা নাই, তেতিয়া আমাৰ মন বেয়া লাগে, ঈর্ষা হয়, খঙ উঠে, হিংসা হয়৷ এই যে মন বেয়া লগা, ঈর্ষা, খঙ, হিংসা আদি এইবোৰ হ’ল নিগেটিভ অনুভৱ আৰু এইবোৰে আমাক সুখৰ পৰা আঁতৰাই লৈ যায়৷

পৰিপ্ৰেক্ষিত

আমি আমাৰ জীৱনৰ সন্তুষ্টি কম বেছি কৰিব পাৰোঁ যদিহে আমি নিজৰ পৰিপ্ৰেক্ষিত সালসলনি কৰিব পাৰোঁ৷

পৰিপ্ৰেক্ষিত সলনি কৰা মানে যিকোনে কথা বা পৰিস্থিতি এটা আমি কেনেদৰে চাও৷ এটা ঘটনাৰ অর্থ বেলেগ পৰিপ্ৰেক্ষিতত সম্পূর্ণ বেলেগ হ’ব পাৰে৷ প্ৰায় পোন্ধৰ বছৰীয়া (দশম শ্ৰেণীৰ পঢ়িবলগীয়া) ছাত্ৰ এজনে যদি সপ্তম শ্ৰেণীৰ পাঠ এটা পঢ়িব নোৱাৰে আপোনাৰ হয়তো তাৰ ওপৰত খঙ উঠিব বা তাক হাঁহিব, কিন্তু যদি আপুনি পিছ মুহূর্ততে গম পায় যে ল’ৰাটোৰ মানসিক কিবা এটা সমস্যাৰ কাৰণে সি পঢ়িব নোৱাৰে, তেন্তে আপোনাৰ আগৰ মনোভাৱটোৰ সলনি নহ’বনে?

মানসিক দৃষ্টিভংগীৰ এই ক্ষেত্ৰত এক ডাঙৰ ভূমিকা আছে৷  মানসিক দৃষ্টিভংগীৰ সালসলনি কৰি আমি সুখী হ’ব পাৰোঁ কাৰণ ই আমাৰ পৰিপ্ৰেক্ষিতক সলনি কৰিব পাৰে৷

দৈনন্দিন সুখৰ বাবে কেইটামান মুখ্য কাৰক

  • স্বাস্থ্য
  • ধন-সম্পত্তি বা বৈষয়িক সা-সুবিধা
  • লগৰীয়া আৰু বন্ধু-বান্ধৱ
  • মনৰ শান্তি

আন বহুকেইটা কাৰক আছে, কিন্তু এইকেইটা প্ৰধান কাৰক৷ যদি আপোনাৰ এই কেইটা আছে আৰু তাৰ পিছত আপুনি নিজৰ মনৰ অৱস্থাটোক সুখী হ’বলৈ প্ৰস্তুত কৰিব পাৰিছে, তেন্তে আপুনি সুখী হ’ব পাৰে৷ কিন্তু এইবোৰৰ বাহিৰেও আপোনাক আন এটা বস্তু লাগিব সুখী হ’বলৈ, সেয়া হ’ল সঠিক মানসিক অৱস্থা৷ যদি সুখৰ বাবে আপোনাৰ সঠিক মানসিক অৱস্থাটো নাই, তেন্তে এই কাৰক কেইটা থাকিলেও আপুনি সুখী হ’ব নোৱাৰিব৷ মানসিক অৱস্থাটো আপেুনি সুখী হ’বৰ বাবে আটাইতকৈ প্ৰয়োজনীয়৷

আগৰ কাৰকেইটা হ’ল সর্বসাধাৰণ মানুহৰ বাবে৷ যদি কোনোবাই তাতোকৈ ওপৰৰ আধ্যাত্মিক সুখ বিচাৰে, তেন্তে দৈনন্দিন সুখতকৈ ওপৰৰ সুখৰ বাবে আন কিছুমান কাৰক আছে৷ সেইবোৰ হ’ল সম্পূর্ণতা আৰু জ্ঞান লাভ৷ এই দুটা তেওঁলোকৰ বাবে যিসকলে দৈনন্দিন জীৱনতকৈও আৰু ওপৰৰ সুখ বিচাৰে৷ এই ক্ষেত্ৰত কিছুমান মানুহৰ বাবে সুখৰ হোৱাটো সম্ভৱ নহয় যদিহে তেওঁলোকে সম্পূর্ণতা আৰু জ্ঞান লাভ নকৰে৷ এই সম্পূর্ণতা আৰু জ্ঞান জীৱনৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ নিজে বাচি লোৱা কোনো এটা বিষয়ত হ’ব পাৰে৷

অহা সংখ্যাত (খণ্ড- 2 ত) আমি জানিম সুখী হ’বলৈ আপুনি নিজকে কোনবোৰ প্ৰশ্ন কৰিব পাৰে আৰু জানিম সুখী হোৱাৰ বিভিন্ন উপায়বোৰৰ বিষয়ে৷

আপুনি যেনেকুৱা সুখেই নিবিচাৰক, তাৰ বাবে আপুনি প্ৰথমে সুখী হ’বলৈ ইচ্ছা কৰিব লাগিব আৰু তাৰ পিছত সুখৰ কাৰকবোৰৰ বিষয়ে জানিব লাগিব৷ প্ৰয়োজন হ’লে কেনেদৰে সুখী হ’ব পাৰি তাৰ প্ৰশিক্ষণ ল’ব লাগিব আৰু নিজৰ জীৱনত তাৰ অভ্যাস কৰিব লাগিব৷ আনে আপোনাৰ জীৱনলৈ সুখ আনি দিব নোৱাৰে, তাক আনিব লাগিব আপুনি নিজে৷ সুখী হ’বলৈ আপুনি ভবিষ্যতলৈ ৰৈ থাকিব নালাগে, আপুনি আজিৰ পৰাই সুখী হ’ব পাৰিব৷ চেষ্টা কৰোঁ আহক আৰু যি অৱস্থাতে আছো, তাতে কেনেদৰে সুখী হ’ব পাৰি সেয়া বিচাৰি চাওঁ আহক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top