আপোনাৰ সন্মুখত থকা এই বাক্যটো পঢ়ক
“The dog that was pink limped with one leg”.
বাক্যটো পঢ়োতে dog শব্দটো পোৱাৰ লগে লগে কুকুৰ এটাৰ ছবি মনত ভাঁহি আহিছিলনে৷ কুকুৰটো কেনে আছিল? ৰঙা, বগা, ক’লা? বেলেগ বেলেগ ৰঙৰ হ’ব পাৰে কিন্তু আপুনি প্ৰথমবাৰ pink ৰঙৰ কুকুৰ এটা কল্পনা কৰা নাছিল৷ নহয়নে? তাৰ পিছত যেতিয়া pink শব্দটো পাইছিল তেতিয়া আকৌ এবাৰ আপুনি pink ৰঙৰ কুকুৰ এটা কল্পনা কৰিবলগীয়া হৈছিলনে? যদি হৈছিল এয়া একো আচৰিত কথা নহয়৷ বেছিভাগ মানুহৰে তেনে হয়৷
প্ৰথমবাৰ যেতিয়া বাক্যটো পঢ়োতে আপোনাৰ চাবকনচিয়াছ মনটোৱে dog শব্দটো পালে, লগে লগে এক মুহূর্ত নোৰোৱাকৈ ই মগজুত থকা কুকুৰৰ সম্বন্ধীয় ফাইলবোৰ বিচাৰি কিছুমান কুকুৰৰ ছবি আপোনাৰ মনলৈ আনি দিয়ে যত আপুনি বিভিন্ন ৰঙৰ, আকৃতিৰ, কুকুৰ দেখা পায়৷ ই ইমান ফাষ্ট কাম কৰে যে সেয়া কৰিবলৈ তাক এক মুহূর্তও নালাগে৷ তাৰ পিছত কনছিয়াচ মনটোৱে যেতিয়া দেখে যে কুকুৰটো pink, তেতিয়া আপুনি বিবুদ্ধিত পৰে, সাধাৰণতে আপুনি pink কুকুৰ দেখা নাই৷ আপোনাৰ চাবকনচিয়াছ মনটোৱে কুকুৰ শব্দটো শুনাৰ লগে লগে কথাটো জেনেৰেলাইজ কৰি দিয়ে৷ ইয়াৰ ফলত আপুনি কথা এটা ধৰি লয়- ইয়াত কুকুৰ এটা বুলি কোৱাৰ লগে লগে ই ৰঙা, ক’লা বা মুগা বৰণৰ হ’ব বুলি ধৰি লয়, যিটো কথা শুদ্ধ ন’বও পাৰে৷ এনেদৰে আন ক্ষেত্ৰতো আমি এয়া কৰোঁ৷
এই সকলো বিলাক মেন্টেল ফিলটাৰৰ বাবে হয়৷ ক’ব পাৰি যে মেন্টেল ফিলটাৰখন হ’ল আপোনাৰ চাবকনচিয়াছ মনটোৰ এটা চিষ্টেম৷ ই আমি লাভ কৰা বিভিন্ন তথ্যবোৰ ফিলটাৰ কৰে৷ ই তিনিটা উপায়ৰ জৰিয়তে কাম কৰে- নোহোৱা কৰা, বিকৃত কৰা বা সাধাৰণীকৰণ বা Deletion, Distortion, and Generalization.
Deletion- যিবোৰ কথা বা তথ্য চাবকনচিয়াছ মনটোৱে জৰুৰী নহয় বুলি ভাবে সেয়া কনছিয়াছ মনটোক ই নজনায়
Distortion-যিবোৰ তথ্য ই কনচিয়াছ মনটোক প্ৰদান কৰে সেইবোৰ বিকৃত কৰি কৰে যাতে তথ্যবোৰ আপুনি সহজে বুজি পায়৷ ই বাস্তৱক বেলেগকৈ আগবঢ়ায়৷
Generalization- বিভিন্ন তথ্যবোৰ একেলগ কৰি এটা গোট ইচাপে ই আপোনাৰ সন্মুখত উপস্থাপন কৰে যাতে আপোনাৰ মনোযোগ দিয়াত সহজ হয়৷
মেন্টেল ফিলটাৰ
অপোনাৰ যিবোৰ ধাৰণা আছে সেইবোৰ মেন্টেল ফিলটাৰবোৰে ঠিক কৰে৷ আপুনি কোনবোৰ বেয়া, কোনবোৰ ভাল বুলি ভাবে সেই কথাবোৰ ই নির্ণয় কৰে৷
মেন্টেল ফিলটাৰ তৈয়াৰ হওতে বহু সময় লাগে৷ তেনেদৰে ইয়াক সলনি কৰিবলৈ সময় লাগে৷ মাজে মাজে ফিলটাৰ চাফা কৰাৰ নিচিনাকৈ ইয়াক চাফা কৰি থাকিব লাগে৷ আৰু প্ৰয়োজন হ’লে সলাই পেলাব লাগে৷
মেন্টেল ফিলটাৰৰ বিষয়ে জনাটো প্ৰয়োজনীয় কাৰণ আমি কেনেদৰে তথ্যবোৰ ফিলটাৰ কৰোঁ সেই কথাটোৱে পৃথিৱীৰ প্ৰতি আমাৰ দৃষ্টিভংগী প্ৰভাৱিত কৰে৷ আৰু আমাৰ ফিলটাৰবোৰ নির্ভৰ কৰে আমাৰ ব্যক্তিগত অনুমান, অভিজ্ঞতা আৰু বিচাৰৰ ওপৰত৷
কিন্তু আমি তথ্যবোৰ নিজৰ মতে ফিলটাৰ কিয় কৰো?
আমাৰ সন্দেহবোৰ নিশ্চিত কৰাৰ বাবে আৰু আমাৰ ধাৰণাবোৰক শক্তিশালী কৰাৰ বাবে৷ আমাৰ যদি কিবা এটা কথা নিজস্ব সম্বন্ধে ধাৰণা আছে তাক আগতকৈ বেছি শক্তিশালী কৰাৰ বাবে এনেদৰে আমি কথাবোৰ ফিলটাৰ কৰোঁ৷ আনহাতে কিবা এটা তথ্য বা কথাত যদি আমাৰ সন্দেহ আছে, তাক হয় বা নহয় বুলি নিশ্চিত কৰাৰ বাবে এনেদৰে কথাবোৰ ফিলটাৰ কৰোঁ৷
এনে নানা ধৰণৰ মেন্টেল ফিলটাৰ আমি ব্যৱহাৰ কৰোঁ৷ কেতিয়াবা এই ফিলটাৰবোৰ ঠিকে আছেনে চাবলগীয়া হয়, এডজাষ্ট কৰিবলগীয়া হয় বা সলাব লগীয়া হয়৷ যেতিয়া আমি লাভ কৰা তথ্যবোৰে, আমি যিদৰে পৃথিৱীখনক চাও সেই কথাই আৰু আমাৰ ব্যৱহাৰে আমাৰ উদ্দেশ্যক আৰু কোনোমতে সহায় নকৰে, তেতিয়া আমি আমাৰ মেন্টেল ফিলটাৰবোৰ সলাবলগীয়া হয়৷
এনেধৰণৰ এডজাষ্টমেন্ট প্ৰয়োজনীয় হ’লে সেয়া কৰিব লগিব৷ তেতিয়া আমি লাভ কৰা তথ্যবোৰ সলনি হ’ব, আমাৰ ব্যৱহাৰ আৰু এটিটিউড সলনি হ’ব৷ এনে ফিলটাৰৰ সলসলনি কৰিব পাৰি বেলেগ বেলেগ অভিজ্ঞতা লাভ কৰি আৰু আন মানুহৰ দৃষ্টিভংগী আৰু তাৰ জৰিয়তে চোৱা কথা গ্ৰহণ কৰি৷
প্ৰয়োজনৰ সময়ত এনে মেন্টেল ফিলটাৰবোৰ সলনি কৰিলেহে কামত বা ঘৰত আপোনাৰ প্ৰয়োজনীয় আৰু আপুনি কৰিব বিচৰা সালসলনিবোৰ হ’ব৷ এনে সালসলনিবোৰ কৰিলেহে আপুনি সফল হ’ব পাৰিব৷
আপোনাৰ বেছিভাগ সমস্যাৰে মূৰতে হৈছে এই মেন্টেল ফিলটাৰবোৰ৷ এইবোৰৰ বাবে আপুনি যদি বাৰে বাৰে ভুলকৈ তথ্যবোৰ বিশ্লেষণ কৰি থাকে, তেতিয়া কি হ’ব? এনে কৰিলে ই আপোনাক নিজৰ লক্ষ্যবোৰ লাভ কৰাৰ পৰা আতৰাই ৰাখিব৷
আপুনি যদি সফল হ’ব বিচাৰে, নিজৰ লক্ষ্যবোৰ লাভ কৰিব বিচাৰে, তেনেহ’লে কিছুমান মেন্টেল ফিলটাৰক আপুনি ৰিপ্ৰগ্ৰেম কৰিব লাগিব