আমাৰ মনটো প্ৰায়ে কোলাহলে বা noise ৰে ভৰা৷ মনটোত এটাৰ পিছত এটা নানা ধৰণৰ চিন্তা আহি থাকে, পানীৰ বুৰবুৰণিত উঠাৰ নিচিনাকৈ ই উঠে আৰু বুৰ যায়৷
দিনটোত আমাৰ মনত প্ৰায় ৭০,০০০ ভাৱৰ উদয় হয়৷ তাৰে কিছুমান আমাৰ চিন্তা যিবোৰ আমি চিন্তা কৰোঁ৷ আৰু আনহাতে আন কিছুমান ভাৱ যিবোৰ আমি নভবাকৈয়ে বা চিন্তা নকৰাকৈয়ে আমাৰ মনত আহি হাজিৰ হয়হি৷ গতিকে আামৰ মনটো খুব ব্যস্ত হৈ থাকে এই হাজাৰ হাজাৰ চিন্তা আৰু ভাৱবোৰৰ বাবে৷
কিন্তু এনে কোলাহল আমাৰ বাবে ভাল নহয়৷ কাৰণ এনে কোলাহল বা নইজৰ বাবে আমি শুনিবলগীয়া, বুজি পাবলগীয়া কথাবোৰ নুশুনো, বুজি নাপাও, মন নকৰোঁ৷ আৰু ফলত আমাৰ বাবে প্ৰয়োজনীয় কথাবোৰ সদায় থাকি যায়৷ ইমান কোলাহলৰ মাজত আমাৰ বাবে প্ৰয়োজনীয় কথাবোৰত আমি মন দিব নোৱাৰোঁ৷
কিন্তু এনে কোলাহলৰ সৃষ্টি হয় কাৰণ আমি মনলৈ অহা বিভিন্ন ধৰণৰ চিন্তাবোৰত মনোযোগ দিব চেষ্টা কৰোঁ, সেইবোৰক গুৰুত্ব দিবলৈ চেষ্টা কৰোঁ৷
কি কৰিলে এনে কোলাহল আপুনি শান্ত কৰিব পাৰিব? কেনেদৰে এই কোলাহল আপুনি কমাব পাৰিব?
চিন্তাবোৰক অহা যোৱা কৰি থাকিবলৈ দিয়ক
আপোনাৰ মনলৈ যিমানবোৰ চিন্তা আহিছে সেয়া আপুনি বন্ধ কৰিব নোৱাৰে৷ চিন্তা অহা যোৱা কামটোৰ নিয়ন্ত্ৰণ আপোনাৰ হাতত নাই৷ কিন্তু আপুনি সেই চিন্তাবোৰ অহা যোৱাটো নিয়ন্ত্ৰণ নকৰাকৈও মনৰ কোলাহল কমাব পাৰিব৷ চিন্তাবোৰক অহা যোৱা কৰিবলৈ দিয়ক৷ এইবোৰ বন্ধ কৰিবলৈ নাযাব কাৰণ যদি আপুনি জোৰকৈ এইবোৰ বন্ধ কৰিবলৈ যায় আপুনি বেছিকৈ অশান্তিহে পাব৷ আৰু লগতে সেইবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰোতে আপোনাৰ সমগ্ৰ চিন্তা তাতে ফ’কাছ হ’ব আৰু সকলো শক্তি তাতে নষ্ট হ’ব৷ চিন্তা বোৰক অহা যোৱা কৰিবলৈ দিয়ক, মাত্ৰ সেইবোৰত মনোযোগ নিদিব৷ যদি কিবা এটা নিগেটিভ চিন্তা বা ভাৱ এটা মনলৈ আহি ৰৈ গৈছে তেনেহ’লে আপুনি সেইটো আওকাণ বা ইগন’ৰ কৰিব লাগিব৷ তাক আওকাণ কৰিলে সি নিজে নিজে এটা সময়ত নাইকিয়া হৈ যাব৷
সাক্ষীভাৱে চিন্তাবোৰক লক্ষ্য কৰক
আপোনাৰ মনলৈ যিবোৰ ভাৱ আহিছে সেইবোৰক আপুনি সাক্ষীভাৱে লক্ষ্য কৰিব লাগিব৷ সাক্ষীভাৱে লক্ষ্য কৰা মানে কি? ধৰি লওক আপুনি ধুনীয়া চিনেমা হল এটাৰ বেলকনিত বহি আছে আৰু তাৰ তলত ৰূমটোৰ মাত্ৰ এখন দুৱাৰ আছে৷ সেই দুৱাৰখনেৰে আপোনাৰ চিন্তাবোৰ মানুহৰ ৰূপত এজন এজনকৈ সোমাই আহি আছে৷ আপুনি সেই মানুহৰূপী চিন্তাবোৰক মতা নাই আৰু চিন্তাবোৰেও আপোনাক মতা নাই৷ আপুনি মাত্ৰ ধুনীয়াকৈ বহি সেইবোৰক লক্ষ্য কৰি আছে৷ অর্থাৎ আপুনি মাত্ৰ সাক্ষী হিচাপেহে আছে, তলত যি হৈ আছে তাত আপুনি নিজে অংশগ্ৰহণ কৰা নাই৷
এনেদৰে আপোনাৰ মনলৈ অহা সকলোবোৰ চিন্তাকে কেৱল লক্ষ্য কৰি যাওক, সেইবোৰৰ লগত অংশগ্ৰহণ নকৰিব, সেইবোৰক নামাতিব, কোনো ধৰণৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা নকৰিব৷ এনেদৰে সাক্ষীভাৱে চিন্তাবোৰ, ভাৱবোৰ লক্ষ্য কৰিবলৈ শিকিলে আপুনি গম পাব কোনবোৰ পজিটিভ, কোনবোৰ নিগেটিভ, কোনবোৰ আপোনাৰ বাবে ভাল, কোনবোৰ বেয়া, কোনবোৰ ভাৱে আপোনাৰ মনত আৰু শৰীৰত কেনে প্ৰভাৱ পেলাইছে৷ সাক্ষীভাৱে লক্ষ্য কৰি থাকিলে কিন্তু সেইবোৰৰ লগত যুক্ত নহ’লে সেইবোৰে আপোনাৰ মনত কোলাহলৰ সৃষ্টি কৰিব নোৱাৰে৷
মনটোলৈ অহা চিন্তাবোৰক আপুনি সকলো সময়তে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু সেই চিন্তাবোৰক গুৰুত্ব দিব নে নাই, তাত ফ’কাছ কৰিব নে নাই সেয়া কিন্তু আপুনি বাচি ল’ব পাৰে কাৰণ সেয়া আপোনাৰ পচন্দ৷ তাৰমানে আপুনি ইচ্ছা কৰিলে আপুনি সেই অসংখ্য চিন্তাবোৰক বাদ দিব পাৰে আৰু মনৰ কোলাহল কমাব বা নোহোৱা কৰিব পাৰে৷