আপুনি মানসিকভাৱে শক্তিশালী হয় নে নহয় সেয়া জানে নে? জীৱনটো ভালদৰে কটাবলৈ আপুনি মানসিকভাৱে শক্তিশালী হ’বই লাগিব কাৰণ জীৱনৰ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন সময়ত, নানা কাম কৰোতে আপোনাক মানসিক শক্তিৰ প্ৰয়োজন হ’ব৷ নানা সমস্যা, বাধা-বিঘিনি, অসুবিধা আদি সহ্য কৰিবলৈ, অতিক্ৰম কৰিবলৈ আপুনি মানসিকভাৱে শক্তিশালী হ’বই লাগিব৷ যিসকল লোক মানসিকভাৱে শক্তিশালী, তেওঁলোকৰ কিছুমান চিন থাকে৷ আপুনি যদি মানসিকভাৱে শক্তিশালী এই চিনকেইটা আপোনাৰ গাটো থাকিব৷
আপুনি সকলো কথাকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰে
আপুনি জানে যে জীৱনৰ সকলো কথাকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰু সেয়ে আপুনি কোনবোৰ কথা আপোনাৰ নিয়ন্ত্ৰণত আছে আৰু কোনবোৰ নাই সেয়া বুজি পায়৷ যিবোৰ আপোনাৰ নিয়ন্ত্ৰণত ভিতৰত সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰে৷ কিন্তু যিবোৰ আপোনাৰ নিয়ন্ত্ৰণত নাই সেইবোৰৰ বিষয়ে চিন্তা কৰি আপুনি দুখ নকৰে৷ নিয়ন্ত্ৰণত নথকা কথাবোৰৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ মানসিক অশান্তি নকৰে আৰু তেওঁৰ পৰিয়ালকো অশান্তি নিদিয়ে৷ প্ৰয়োজনত তেনে কথাবোৰ তেওঁ সহ্য কৰিব পাৰে৷ কেতিয়াবা যদি কিবা এটা ফল পাবলৈ অলপ ৰব লাগে, তেনে মানুহ এজনে তাকো কৰিব পাৰে৷
আপুনি সময়বোৰ খুব ভালদৰে ব্যৱহাৰ কৰে
হাতত যিমান সময় থাকে সেই সময়বোৰ আপুনি সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰে৷ নিজকে আৰু ভাল কৰা কামত আপুনি সেইবোৰ ব্যৱহাৰ কৰে৷ এনে কামবোৰ কৰিবলৈ টান আৰু কৰিবলৈ ইচ্ছা নাযাব পাৰে, কিন্তু তথাপি আপুনি এইবোৰ কৰে৷আপুনি জানে যে সময়বোৰ এবাৰ গ’লে আৰু ঘূৰি নাহে, গতিকে তাক যিমান ভালদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া আপুনি কৰে৷ অকল কৰিবলগীয়া কামতেই নহয়, নিজৰ পৰিয়াল, বন্ধুবান্ধৱীৰ লগত, নিজৰ হবিবোৰত, শিকিব খোজা স্কিলবোৰ শিকাত, নিজকে জনাত, কেতিয়াবা এনেয়ে ৰিলেক্স কৰা কামত আপুনি সেইবোৰ ব্যৱহাৰ কৰে৷ কেতিয়াবা কিবা কামৰ ফলাফলৰ বাবে ৰ’ব লগা হলেও আপুনি সেই সময়বোৰ হামিয়াই-হিকটিয়াই বহি থাকি নষ্ট নকৰে, সেই সময়বোৰ নিজৰ কামত লগায়৷
আপুনি মানুহক কৃতজ্ঞতা জনায়
আপুনি আনক কৃতজ্ঞতা জনাব পাৰে৷ যি কাৰণে হওক, যদি কাৰোবাক সৰু কথা এটাতো কৃতজ্ঞতা জনাব লগীয়া আছে, আপুনি তেনে মানুহক কৃতজ্ঞতা জনায়৷ কৃতজ্ঞতা জনাবলৈ মানসিকভাৱে শক্তিশালী হ’ব লাগে৷ সকলোৱে এয়া নকৰে৷ বহুতে নিজৰ ইনচিকিউৰিটিৰ বাবে বা কিছুমান ভয়ৰ বাবে এনে কাম নকৰে৷ এই কামটো নকৰিলেও যিহেতু চলি থাকিব পাৰি গতিকে বহুতে এই কামটো নকৰে৷ অকল মানসিকভাৱে শক্তিশালী মানুহ এজনৰহে তেনে ইনচিকিউৰিটি বা ভয় নাই আৰু তেওঁ এই উচিত কামটো কৰিব পাৰে৷
আপুনি অভিযোগ কৰি নাথাকে
মানসিকভাৱে শক্তিশালী মানুহ এজনে সঘনাই অভিযোগ কৰা বাদ দিয়ে৷ তেওঁ কিবা বেয়া দেখিলে সেয়া ঠিক কৰাৰ কিবা উপায় থাকিলে নিজে সেই কাম হাতত লয় বা আনক সেয়া ঠিক কৰিবলৈ সহায় কৰে৷ কিন্তু সৰু সৰু কথাতে তেওঁ অভিযোগ কৰা বাদ দিয়ে৷ নিজৰ ক্ষেত্ৰত হোৱা সৰু ডাঙৰ অসুবিধা তেওঁ সহ্য কৰে, বা সেই অৱস্থাটোক সলনি কৰে কিন্তু আনৰ আগত সেই বিষয়ে এনেয়ে আপত্তি কৰি নাথাকে৷ কামটো সাধ্যৰ ভিতৰত হ’লে তেওঁ সেয়া কৰে আৰু যদি নিয়ন্ত্ৰণৰ বাহিৰৰ তেনেহ’লে তেওঁ সেই বিষয়ে চিন্তা কৰা বাদ দিয়ে, কিন্তু তেওঁ সেই কথাটোকে পাগুলি তাৰ বিষয়ে আনৰ আগত আপত্তি কৰি নাথাকে৷
অবিৰতভাৱে কাম এটাত লাগি থাকে
মানসিকভাৱে শক্তিশালী মানুহ এজনে, ইয়াত পুৰুষ-মহিলা দুয়োৰে কথা কৈছোঁ, তেনে মানুহ এজনে অবিৰতভাৱে কাম এটাত লাগি থাকিব পাৰে৷ কেতিয়াবা এবাৰতে আমি বিচৰা ফলাফল নাপাও, আৰু একিতয়াবা বিচৰা ধৰণৰ ফলাফল পাবলৈ কেইবা বছৰো সময় লাগিব পাৰে৷ মানসিকভাৱে শক্তিশালী মানুহ এজনে বহুবাৰ কাম এটা কৰিবলগীয়া হ’লে সেয়া কৰিব পাৰে৷ বহু সময় ধৰি যদি কাম এটা কৰি থাকিব লাগে সেয়া তেওঁ কৰি থাকিব পাৰে৷
এই লক্ষণ কেইটা আপোনাৰ নিজৰ গাত আছেনে? আপুনি মানসিকভাৱে শক্তিশালী হয় নে নহয়?