How can I build confidence in myself?
প্ৰথমতে এটা কথা আপুনি বুজি পাব লাগিব যে ই এটা প্ৰচেচ আৰু ইায়ৰ বাবে অলপ সময় লাগে৷ এদিনতে এনে কৰা সম্ভৱ নহয়৷ আৰু ই নিজে নিজে বৃদ্ধি নহয় যদিহে আপুনি একো নকৰে৷ মনতে ভাবি থাকিলে ই নিজে নিজে বৃদ্ধি নহয়৷
আপুনি যদি আত্মবিশ্বাস বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি দুটামান কাম কৰিব লাগিব-
প্ৰথম কাম– ভয় লগা কামবোৰ কৰক
আন মানুহৰ আগত ঠিয় হৈ কথা ক’বলৈ ভয় লাগে? তেনেহ’লে তাকে কৰক৷ আনৰ লগত কথা পাতিবলৈ, বন্ধুত্ব গঢ়িবলৈ ভয় লাগে? তাকেই আপুনি কৰিব লাগিব৷ সেয়াই কৰক৷ কিন্তু কিয় এনে কৰিব?
কাৰণ ই আপোনাক দুই ধৰণে সহায় কৰিব-
(ক) ই আপোনাৰ ভয় লাহে লাহে নোহোৱা কৰিব
(খ) ই নিজৰ ওপৰত আপোনাৰ বিশ্বাস বঢ়াব৷ আৰু সেই কথাটোৱে আপোনাৰ আত্মবিশ্বাস বঢ়াব৷
দ্বিতীয় উপায়– কাম কৰাৰ বাবে নিজকে পুৰস্কাৰ দিয়ক
আপুনি যেতিয়াই নিজে টান বা অসম্ভৱ বুলি ভবা কিবা কাম কৰে তেতিয়াই নিজক চাব্বাছী দিয়ক আৰু লগতে কিবা এটা সৰু বা ডাঙৰ পুৰস্কাৰ দিয়ক৷ এনে কৰিলে টান কামবোৰ, অসম্ভৱ বুলি ভবা কামবোৰ কৰিবলৈ আপুনি মটিভেচন পাব৷ তেনে কামবোৰ যিমানে কৰি জাব সিমানে আপোনাৰ আত্মবিশ্বাস বাঢ়ি গৈ থাকিব৷
তৃতীয় উপায়– নিজকে পজিটিভ ভাৱে ৰিইনফর্চ কৰক
প্ৰতিদিনে আপুনি নিজকে পজিটিভলি ৰিইনফর্চ কৰিব লাগিব৷ কেনেদৰে কৰিব সেয়া? কিছুমান পজিটিভ লাইন বাচি লৈ সেয়া বাৰে বাৰে ৰিপিট কৰিব লাগিব৷ দিনটোত যিমানবাৰ পাৰে সিমানবাৰ তেনে কৰিব লাগিব৷ এনে কৰিলে আপোনাৰ চাবকনচিয়াচ মনটো পজিটিভ হ’ব আৰু সেয়া এটা খুব ডাঙৰ কথা৷ পজিটিভ চাবকনচিয়াছ মন এটাই আপোনাক সহজতে আৰু সোনকালে আপোনাৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব৷
কেনেধৰণৰ পজিটিভ লাইন আপুনি বাৰে বাৰে ৰিপিট কৰিব পাৰে?
“Every Day I Am Getting Better and Better”
“I CAN”
বা তেনে ধৰণৰ এটা পজিটিভ লাইন বা বাক্য আপুনি নিজেও বাচি ল’ব পাৰে৷ মাত্ৰ বাক্যটো যাতে পজিটিভ হয় সেয়া মনত ৰাখিব৷
চতুর্থ উপায়– যিবোৰ কাম প্ৰয়োজনীয় সেইবোৰ কাম কৰিব মন নগলেও কৰক৷
এনে বহু কাম আছে যিবোৰ আপোনাৰ বাবে জৰুৰী আৰু প্ৰয়োজনীয়৷ এই কামবোৰ মন নগলেও কৰক৷ আমি স্বভাৱতে অলপ এলেহুৱা অৰু সেয়ে কিছুমান কাম নকৰাকৈ থাকিব পাৰিলে আমি ভাল পাও৷ কিন্তু যিবোৰ কাম আমাৰ নিজৰ বাবে ভাল সেইবোৰে আমাৰ জীৱনটো ভাল কৰিব৷ সেইবাবে সেইবোৰ আমি কৰিব লাগিব৷ এনেদৰে নিজৰ মনটোক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ শিকিব৷ আপোনাৰ ইচ্চাশক্তি বাঢ়িব আৰু সি আপোনাৰ আত্মবিশ্বাস বঢ়াব৷