Close

Ask Bikash 12

মোৰ জীৱনটো মই কেনেদৰে সহজ-সৰল কৰি তুলিব পাৰো

জীৱনটো সহজ সৰল কৰি তুলিবলৈ হ’লে আপুনি আপোনাৰ জীৱনটোৰ বিভিন্ন দিশ যেনে অৰ্থনৈতিক, সামাজিক, সম্পৰ্কবোৰ সহজ-সৰল কৰি তুলিব লাগিব

এক সহজ-সৰল ৰুটিন বনাই লওক

ইয়াত থাকিব পাৰে এনেধৰণৰ বস্তু

ৰাতিপুৱা ৫ বজাত শুই উঠা—একাপ ৰঙা চাহ বা গ্ৰিণ টি খাওক—শাৰীৰিক ব্যায়াম বা এক্সাচাইজ কৰক—কিতাপ এখন পঢ়ক —নিজৰ এটা প্ৰজেক্টৰ কাম কৰক—আপোনাৰ সংগী বা অন্তৰংগ বন্ধু দুই এজনৰ লগত কথা পাতক—ভাল কিতাপ এখনৰ অলপ পঢ়ক—গান শুনক—এনেদৰে আন আপুনি ভালপোৱা কামবোৰ কৰিবলৈ অলপ সময় উলিয়াওক৷

বেলেগ বেলেগ মানুহৰ বাবে এই ৰুটিনখন বেলেগ বেলেগ হ’ব

আপুনি হয়তো খুব ব্যস্ত মানুহ আৰু আপুনি যদি চাকৰি কৰে তেন্তে সময়ৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ অলপ কম হ’ব৷ কিন্তু যদি সুখ আৰু শান্তি পাব বিচাৰে আপুনি জীৱনটো অলপ সহজ-সৰল কৰি তুলিব লাগিব আৰু সেয়া সম্ভৱ হ’ব যদিহে আপুনি যিমান পাৰি সিমান সময় নিজৰমতে চলিব পাৰে, যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰে৷ জীৱনটো সহজ-সৰল হ’লে আপোনাৰ জীৱনটোত সুখ আৰু শান্তি আনিবলৈ সুবিধা হ’ব৷

মিনিমেলিষ্ট হওক

যিমানে কম বস্তু থাকিব সিমানে কম চিন্তা হ’ব

টিভি চোৱা কমাওক, অযথা মবাইল ফোন ব্যৱহাৰ কৰা কমাওক

যদি পাৰি গাড়ী বাদ দি চাইকেল এখন কিনক, চলাওক বা পাৰিলে খোজ কাঢ়ক

অদৰকাৰী, অযথা ফার্নিচাৰ, কাপোৰ, আদি কিনা বন্ধ কৰক—কিছুমান বস্তু আনক দান দি দিয়ক

এন্টাৰটেইনমেন্ট কমাওক- অযথা ভিডিঅ, চোৱা বাতৰি চোৱা কমাওক

অযথা ইনফৰমেচন গোটোৱা কমাওক৷ যিবোৰ ইনফৰমেচন নালাগে সেইবোৰ নহলেও হ’ব

ঘৰত বস্তু-বাহানি কমাওক

কম বস্তু মানে কম খৰছ

কম বস্তুৰে চলিব পাৰিলে কম টকা খৰছ হ’ব- অযথা টকা-পইচা খৰছ নহয়—কম টকা পইছাৰ দৰকাৰ হ’লে আপুনি টকা-পইচা সাচিব পাৰিব৷ লগতে টকা-পইচাৰ বাবে চিন্তাও অলপ কমিব

এই সকলোবোৰ কৰিব পাৰি৷ মাত্ৰ আৰম্ভ কৰোতে যদি অসুবিধা পায় অলপ সৰুকৈ আৰম্ভ কৰিব আৰু পিছত লাহে লাহে তাক বঢ়াই গৈ থাকিব

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top