Close

বন্ধত হাতত বহুত সময় থাকিলে কি কৰিব পাৰিব

ক’ৰোণা ভাইৰাছৰ বাবে ঘৰত থকাৰ সময়ত কি কৰিব?

কৰোনা ভাইৰাছৰ বাবে এতিয়া আপুনি ঘৰতে থকাটো বেছি ভাল৷ এয়া বিপদজনক সময়৷ যিবিলাক ল’বলগীয়া সাৱধনতাৰ কথা ডাক্তৰসকলে কৈছে, World Health Organization বা আন নির্ভৰযোগ্য অনুষ্ঠানে কৈছে সেয়া নিশ্চয় ল’ব৷ বাহিৰলৈ ওলাই নগৈ ঘৰতে থকাৰ কথা কৈছে সেয়া নিশ্চয় কৰিব৷ কি কৰিব লাগিব সেয়া মই ক’ব বিচৰা নাই, তাৰ বাবে ডাক্তৰসকল, বিশেষজ্ঞসকল আছে, তেওঁলোকে ক’ব৷

এতিয়া যদি আপুনি ঘৰত বহি আছে আৰু আপোনাৰ হাতত বহুত সময়, ইমানবোৰ সময় আপুনি কি কৰিব?

বহুতে টিভি চাই, ভিডিঅ চাই, নেটফ্লিক্স চাই সময় কটাব৷ সেয়া ঠিকে আছে৷ আপোনাৰ হয়তো কাম কৰি বা পঢ়ি বহুত ভাগৰ লাগিছে সেয়ে অলপ সময় টিভি চাই বা চিনেমা চাই কটাইছে. কিন্তু এটা সময়ৰ পিছত সেয়া বিৰক্তিকৰ হৈ পৰিব৷ হাতত বহু সময় থাকিলে তাৰ বাহিৰেও কৰিব পৰা আন কিছুমান গুৰুত্বপূর্ণ কাম আছে৷
কিন্তু আপুনি কি কি কৰিব পাৰিব, যিবোৰ লাভ অকল আজি নহয়, পিছলৈও আপুনি পাব৷

নিজৰ এটা পেচন প্ৰজেক্ট আৰম্ভ কৰক

আপোনাৰ যদি কিবা এটা পেচন আছে যিটোৰ ওপৰত কাম কৰা আপুনি আৰম্ভ কৰিব বিচাৰি আছিল কিন্তু সময় পোৱা নাছিল, তেন্তে এতিয়াই সেয়া সময়৷ বন্ধৰ দিনকেইটাত আপোনাৰ পেচন প্ৰজেক্টটো কৰি শেষ নহ’বও পাৰে, কোনো কথা নাই, অন্তঃত আপুনি সেই প্ৰজেক্টটোতো আৰম্ভ কৰিলে৷ এতিয়া আৰম্ভ কৰাৰ পিছত আপুনি সেয়া চলাই ৰাখিব পাৰিব৷ কাৰোবাৰ হয়তো নিজা ব্লগ এটা আৰম্ভ কৰাৰ খুব মন, কাৰোবাৰ ইউটিউভ চেনেল এটা, কাৰোবাৰ কিতাপ এখন লিখাৰ মন, কাৰোবাৰ নিজৰ এখন বাগিছা কৰাৰ মন, কাৰোবাৰ চিক্স পেক বনোৱাৰ মন, কাৰোবাৰ নিজৰ ওজন ১০ কেজি কমোৱাৰ মন, কাৰোবাৰ এজন স্পিকাৰ হোৱাৰ মন, কাৰোবাৰ নিজা কাম এটা আৰম্ভ কৰাৰ মন বা আন কিবা৷ অন্তঃত সেই কামটোৰ যিখিনি প্ৰাৰম্ভিক কাম সেইখিনি আপুনি ঘৰৰ পৰাই অৰম্ভ কৰি আগুৱাই থব পাৰিব৷

মেডিটেচন কৰা আৰম্ভ কৰক

মেডিটেচন কৰিলে ই কেনেদৰে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে সহায় কৰে সেয়া বোধকৰো আপুনি ইতিমধ্যে জানেই৷ কিন্তু হয়তো ব্যস্ততাৰ বাবে বা আন কিবা কাৰণত আপুনি মেডিটেচন কৰা আৰম্ভ কৰিব পৰা নাছিল৷ তেনেহ’লে এতিয়া তেনে কৰাৰ সময়৷ মেডিটেচন কৰাৰ দীর্ঘদিনীয়া বহু লাভ আছে আৰু আজিৰ সময়ত ইমান ব্যস্ততা, ষ্ট্ৰেছ আৰু অশান্তিৰ মাজত মেডিটেচন আমাৰ বাবে আৰু প্ৰয়োজনীয় হৈ পৰিছে৷ এই সুবিধাতে সেয়া কৰা আৰম্ভ কৰোঁ আহক৷

আপুনি ৩০ দিনৰ এই মেডিটেচন প্ৰত্যাহ্বানটোও আৰম্ভ কৰিব পাৰে৷ ইয়াৰ লিংকটো পাব তলত

নতুন স্কিল এটা শিকক

এই বন্ধৰ সময়ছোৱাত আপুনি কিবা এটা স্কিল শিকিব পাৰে৷ কি স্কিল শিকিব? আপোনাক বর্তমান যি স্কিলৰ প্ৰয়োজন আছে৷ হয়তো কমিউনিকেচন স্কিল আগতকৈ ভাল কৰিবলৈ শিকিব পাৰে, বা প্ৰফেচনেল প্ৰেজেন্টেচন তৈয়াৰ কেনেকৈ কৰে, বা ভিডিঅ এডিটিং স্কিল, বা অনলাইন ৰাইটিং স্কিল বা আন কিবা এটা৷ আৰু স্কিল এটা শিকিবলৈ আপুনি বাহিৰলৈ যাব নালাগে৷ নিজৰ মবাইল ফোন, টেবলেট বা কম্পিউটাৰত সেয়া শিকিব পাৰিব৷ তাৰবাবে নানা ধৰণৰ ৱেবচাইট, এপ আদি আছে৷ মাত্ৰ আপুনি শিকিব বিচৰা স্কিলটো বাচি লওক আৰু প্ৰতিদিনে ২-৩ ঘন্টা সময় সেই কামটোত দিয়ক৷

চাফা কৰক– কনমাৰি

আপোনাৰ ঘৰটো বা নিজৰ ৰূমটো বা নিজৰ আলমাৰি টো চাফা কৰক৷ কনমাৰি মেথ’ডটো ব্যৱহাৰ কৰিলে আপোনাৰ কামটো কৰি বিৰক্তি নালাগে আৰু ই ভালদৰে চাফা আৰু পৰিপাটি হৈ পৰিব৷ ই আন পৰিপাটি বা চাফা কৰা পদ্ধতিতকৈ বেলেগ৷ আপোনাৰ লগত যিমান বস্তু আছে আপোনাক সিমান বস্তু নহলেও হয়৷ যিখিনি বস্তুৰ মোহ আপুনি এৰিব পাৰে আৰু যিবোৰ বস্তু নহলেও হয় সেইবোৰ বস্তু আপুনি এটা পৃথক বেগত ভৰাই থৈ দিব পাৰে যিবোৰ পিছত আন কাৰোবাক দি দিব পাৰে, কোনোবা এন জি অক যিয়ে পুৰণা কাপোৰ লয় তেওঁলোকক দি দিব পাৰিব৷

কনমাৰি মেথ’ডৰ বিষয়ে তলত ডেচক্ৰিপচনত দিয়া আছে৷

গার্ডেনিং

যদি আপুনি বহু দিনৰ পৰাই নিজৰ এখন ফুলৰ বা পাচলিৰ বাগিছা কৰিম বুলি ভাবি আছে সেয়া এতিয়াও আৰম্ভ কৰিব পাৰে৷ ঘৰতে বহু কাম এতিয়াও আপুনি কৰিব পাৰে সেই বাগিছাখন আৰম্ভ কৰাৰ বাবে৷ মাটি থিক কৰা, ঠাই টুকুৰা থিক কৰা, সেই বিষয়ে দৰকাৰী কথাবোৰ পঢ়ি বা শুনি বুজি লোৱা, ইত্যাদি নানা কাম আপুনি এতিয়াই আৰম্ভ কৰিব পাৰে৷ গুটই যদি আচে গুটি পচোৱা, টাব আদি থিক থাক কৰা কামবোৰ এতিয়াই কৰিব পাৰিব, কেতিয়া কি কৰিব তাৰ প্লেনিং এতিয়াই কৰি ল’ব পাৰিব৷

এটা নতুন ভাষা শিকক

এটা নতুন ভাষা শিকাৰ যদি আপোনাৰ মন আছে তেন্তে এয়া তাৰবাবে সঠিক সময়৷ আপুনি কলৈকো ওলাই নোযোৱাকৈয়ো ঘৰতে বহি যিকোনো এটা ভাষা শিকাৰ কাম আৰম্ভ কৰিব পাৰে৷ আপুনি যদি স্পেনিছ শিকিব বিচাৰিছে তেন্তে এই সময়ছোৱাত তেনে কিছুমান ফ্ৰি আৰু পেইড এপ, ৱেবচাইট বা ছফটৱেৰ ব্যৱহাৰ কৰি আপুনি সেই ভাষাটো শিকা আৰম্ভ কৰিব পাৰে৷ এনে কিছুমান সহজ আৰু কার্যকৰী উপায় বর্তমান আছে যাৰ সহায়ত আপুনি ১৫ দিনত বা এমাহত ভাষা এটাৰ যথেষ্টখনি আয়ত্ত কৰিব পাৰে৷ আৰু আন এটা ভাষা জানিলে আপোনাৰ ভাল লগাৰ লগতে আপোনাৰ প্ৰফেচনেল ক্ষেত্ৰতো ই যথেষ্ট সুবিধা আনি দিব পাৰে৷

এটা হবি আৰম্ভ কৰক

আপুনি যদি ইমানদিনে হবি এটা আৰম্ভ কৰিম বুলি ভাবি আছিল কিন্তু সময়ৰ বাবে বা এলাহৰ বাবে সেয়া কৰিব পৰা নাছিল, তেন্তে এতিয়া তেনে কৰাৰ সময়৷ ই যিকোনো হবি হ’ব পাৰে৷

মাত্ৰ মনত ৰাখিব আপুনি যি কৰে, সেয়া প্ৰতিদিনে কৰিব, মাজত গেপ নিদিব৷ যদি পাৰে ২-৩ ঘন্টা সময় সেই কামটোত দিব৷

এটা কথা ভাবকচোন- আপুনি যদি এনেকুৱা কিবা এটা কাম কৰে আৰু তাৰ ফলত এই বন্ধৰ সময়ছোৱা পাৰ হৈ গ’লে আপুনি নতুন এটা স্কিল শিকিলে, ভাষা শিকিলে, হবি এটা আৰম্ভ কৰিলে, বা নতুন কিবা এটা সৃষ্টি কৰিব পাৰিলে তেনেহ’লে আপোনাৰ নিজৰে কেনে লাগিব৷ প্ৰডাক্টিভ যেন ভাব নহ’বনে? নিজৰ মনতে ভাল নালাগিব নে যে আপুনি অকল সময়খিনি কটোৱা নাই, পাৰ কৰা নাই, বৰঞ্চ নিজৰ বাবে ভাল, নিজে ভালপোৱা কিবা এটা সৃষ্টি কৰিছে, আৰম্ভণি কৰিছে?

Meditation Challenge https://youtu.be/WvlbQY2rbio

About KonMari Method https://youtu.be/Ce6js01o0_c

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top