প্ৰেম আৰু প্ৰেমৰ ভাষাৰ বিষয়ে বিজ্ঞলোকসকলে আৰু কবিসকলে বহু সুন্দৰ সুন্দৰ গদ্য, কবিতা, উপমা আদিৰ সৃষ্টি কৰি থৈ গৈছে৷ সেইবোৰ অজৰ-অমৰ, সেইবোৰে অনদিকাললৈ বহুতকে প্ৰেৰণা দি থাকিব৷ এই প্ৰেমৰ ভাষাৰ কথা আমি আজি আন এক দৃষ্টিকোণৰ পৰা চাও আহক৷
প্ৰেমৰ ভাষা
আপুনি যদি আন এখন দেশলৈ বা আনকি আন এখন ৰাজ্যলৈ গৈ অসমীয়া ক’বলৈ আৰম্ভ কৰে, কোনোবাই জানো আপোনাৰ কথা বুজি পাব? নিশ্চয় নাপায়৷ কাৰণ আপোনাৰ ভাষা সেই দেশৰ কোনেও বুজি নাপায়৷ এই মানুহবোৰে কিয় মোৰ ভাষা বুজি নাপায় বুলি আপুনি আচৰিত হ’ব নে আপোনাৰ তেওঁলোকৰ ওপৰত খঙ উঠিব? নুঠে আৰু আপুনি আচৰিত নহয়৷ তেন্তে যাক আপুনি ভাল পায় বা আপোনাৰ পত্নী বা স্বামীয়ে আপোনাৰ কথা বুজি নাপায় বুলি কিয় আপোনাৰ খঙ উঠে বা হতাশাত ভোগে?
সম্ভৱত আপোনালোকৰ দুয়োজনৰ প্ৰেমৰ ক্ষেত্ৰত ভাষা বেলেগ বেলেগ৷ হয়তো তেওঁ আপোনাৰ ভাষা বুজি পোৱা নাই৷ হয়তো তেওঁ প্ৰেমৰ, মৰমৰ, ভালপোৱাৰ আন এটা ভাষা কয় আৰু আপুনি আন এটা ভাষা কয়৷ তেতিয়াহ’লে ইজনে সিজনে কি বুজাব খুজিছে সেয়া ভালদৰে বুজি নোপোৱাটো আচৰিত কথা জানো?
ড0 গেৰী চেপমেন (ফাইভ লাভ লেংগুৱেজ কিতাপখনৰ লিখক) ৰ মতে প্ৰেম, মৰম বা ভালপোৱাৰ ভাষা পাঁচবিধ-
(1) সেৱা কার্য (কাম কৰি দিয়া) – আপোনাৰ সংগীয়ে আপুনি তেওঁক ঘৰৰ কাম কৰাত সহায় কৰি দিয়াটো বিচাৰে৷ আপুনি সেয়া কৰিলে তেওঁ অনুভৱ কৰে যে আপুনি তেওঁক সঁচাকৈয়ে ভাল পায়, মৰম কৰে৷
(2) নিশ্চিতি প্ৰদান কৰা – “আজি তোমাক খুব ধুনীয়া লাগিছে,” “মই তোমাক বহু……ত ভাল পাওঁ,” “তোমাৰ মনটো বৰ ভাল, বিশাল,” এনে কথাবোৰ আপুনি সদায় আপোনাৰ সংগীক কোৱাটো তেওঁ বিচাৰে৷
(3) উচ্চমানৰ সময় দিয়া– এই বিষয়ে আমি আজিকালি সচেতন হৈছোঁ, চিন্তা-চর্চা কৰা আৰম্ভ কৰিছোঁ৷ যদি আপুনি সময় দিব নোৱাৰে আন একোৱে ইয়াৰ ঠাই পূৰাব নোৱাৰে৷
(4) উপহাৰ লাভ কৰা- অকল সোণ বা হীৰাৰ কিবা গহণাৰ কথাই নহয় আৰু অকল মহিলাকহে পুৰুষে উপহাৰ দিব লাগে বুলি নহয়,মহিলাইও পুৰুষক উপহাৰ দিলে তেওঁৰো মনটো ভাল লাগিব৷
(5) শাৰীৰিক স্পর্শ – অকল যৌনতাৰ কথাই নহয়, বহুতে ইজনে-সিজনৰ স্পর্শ ভাল পায় আৰু তেনে স্পর্শই তেওঁলোকক পতিয়ন নিয়ায় যে তেওঁৰ সংগীজনে এতিয়াও তেওঁক ভাল পায়৷
যদি প্ৰেমৰ ভাষা মিলে বা নিমিলে
যদি আপোনাৰ সংগী আৰু আপোনাৰ প্ৰেমৰ ভাষা মিলে বা ই প্ৰায় মিলে তেতিয়া আপোনাৰ জীৱনটো যথেষ্ট সুখেৰে পাৰ হ’ব৷ কিন্তু যদি ই সম্পূর্ণ বিপৰীত হয়, তেতিয়া সমস্যাৰ উদ্ভৱ হ’ব পাৰে (আপুনি চম্ভালি ল’ব জানিলে নহ’বও পাৰে)৷ ধৰি লওক আপুনি এজন পুৰুষ যি ঘৰৰ কাম কৰিবলৈ ভাল নাপায় যিকোনো কাৰণতে নহওক কিয়৷ এতিয়া আপোনাৰ পৰিবাৰে যদি ঘৰৰ কাম কৰি দিলেহে আপুনি তেওঁক ভালপোৱা বা তেওঁৰ যত্ন লোৱাটো হয় বুলি ভাবে, তেন্তে আপোনাৰ লোকৰ মাজত কিছু সংঘাত হোৱাৰ সম্ভাৱনা থাকি যায়৷ তেনেদৰে যদি আপুনি এগৰাকী মহিলা আৰু আপোনাৰ পুৰুষ সংগীৱে শাৰীৰিক স্পর্শ ভাল পায় (তেওঁৰ মতে হাতত হাত থৈ যদি এষাৰ হলেও কথা দিনটোক কোৱা নহ’ল, তেন্তে সেয়া কিহৰ প্ৰেম), কিন্তু আপুনি ভাল নাপায়৷ তেনেস্থলত আপোনালোক দুয়োৰে মাজত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকিবনে?
আহকচোন প্ৰায়ে ঘটি থকা এটা উদাহৰণলৈ মন কৰোঁ৷ আপোনাৰ পত্নীয়ে কলে, “তুমিতো মোক ঘৰৰ কামত অলপ সহায় কৰি দিব পৰা৷ সব কাম ময়েই কৰিম নেকি?” আপুনি শুনিলে, “আপত্তি….আপত্তি…আপত্তি….আপত্তি৷” দুয়োজনৰ প্ৰেমৰ ভাষা বেলেগ বেলেগ৷ আকৌ কেতিয়াবা মানুহজনে ক’লে, “মাজে সময়ে তোমাৰ লগত তোমাৰ হাতখন ধৰি বহি থাকিবলৈ মন যায়৷” মানুহগৰাকীয়ে ভাবিলে, “মোৰ আৰু কাম নাই, এইবোৰ পেনপেনীয়া কথা মই ভাল নাপাও৷” ইয়াতো আকৌ মৰম-ভালপোৱা-প্ৰেমৰ ভাষা বেলেগ বেলেগ৷
যিদৰে ইয়াত সমস্যা আছে তেনেদৰে সুবিধাও কিন্তু আছে৷ আপুনি মন কৰিলে আপোনাৰ সংগীৰ যি প্ৰেমৰ ভাষা সেয়া আপুনি ভালদৰে গম ল’ব পাৰে আৰু প্ৰয়োজন হ’লে সেয়া শিকিবও পাৰে৷ তেনে কৰিলে আপোনালোকৰ সম্পর্কটো আৰু দৃঢ় হ’ব৷ কেনেকৈ? কাৰণ আপুনি তেওঁ বুজি পোৱা প্ৰেমৰ ভাষা ক’ব আৰু তেওঁ সেয়া বুজি পাব৷ তেতিয়া ভুল বুজাবুজি বা “মোক এও সঁচাকৈ ভাল নাপায়” বুলি ভবাৰ থল নাথাকিব৷
কিন্তু তালৈ যোৱাৰ আগতে আমি আন দুটা গুৰুত্বপূর্ণ কথা গমি চাব লাগিব৷
ভালপোৱাৰ দুটা গুৰত্বপূর্ণ কথা
মই ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ যে যিকোনো সম্পর্কৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কথা দুটা হ’ল- শ্ৰদ্ধা আৰু ভালপোৱা৷
যদি এই দুটা নাই তেন্তে কোনো সম্পর্কই স্থায়ী হ’ব নোৱাৰে৷ এজন স্বামী-স্ত্ৰীৰ মাজত যদি এই দুটা কাৰক নাই তেওঁলোকৰ সম্পর্ক টিকি থাকিব নোৱাৰে, আৰু কিবাকৈ কেলঢপ কেলঢপকৈ টিকি থাকিলেও তেনে সম্পর্কই কেতিয়াও ইয়াৰ পৰা পাব পৰা অনাবিল সুখ দিব নোৱাৰে৷ এক প্ৰেমিক-প্ৰেমিকা যুটিৰ মাজত যদি এই দুটা কাৰক নাই, তেন্তে সেই সম্পর্কও বেছিদিন নিটিকে৷ এই দুটা কাৰক লাহে লাহে নোহোৱা হোৱাৰ বাবেও এনে বিবাহ-বিচ্চেদৰ নিচিনা ঘটনাবোৰ ঘটে৷ বিয়াৰ কেইবছৰমান পিছত প্ৰেম নোহোৱা হোৱাৰ কাৰণবোৰৰ ভিতৰত ই এটা প্ৰধান কাৰণ৷
শ্ৰদ্ধা অর্জন কৰাটো ইমান সহজ নহয়৷ ইয়াৰ বাবে চেষ্টা লাগে আৰু লগতে লাগে সময়৷ এই দুয়োটা থাকিলেহে অনাবিল সুখ দিব পৰা, শান্তি দিব পৰা এক সম্পর্ক আপুনি গঢ়িব পাৰিব৷ সন্মান আৰু মৰম থাকিলে আপোনাৰ এই সম্পর্কই সময়ৰ যি পৰীক্ষা সেই পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ সম্পর্ক আৰম্ভ হোৱাৰ কেইবছৰমান পিছত বা বিয়াৰ কেইবছৰমান পিছত এই পৰীক্ষা সকলোৱে দিব লগীয়া হয়৷ কিমানে উত্তীর্ণ হ’ব পাৰে সেয়া এক আন বিষয়৷ এই দুটা আঠা থাকিলে সম্পর্কটো দুয়োজন যিমান দিন থাকে সিমান দিন ঠিকে থাকিব৷
কিছুসংখ্যক পঢ়ুৱৈয়ে হয়তো ইয়াতে আপত্তি কৰিব যে নহয় যিকোনো সম্পর্ক দিয়া-লোৱাৰ বাবেহে তিস্থি (চলি) থাকে৷ হয়, আপুনি (আপোনালোকে) ঠিকে কৈছে, তেনে সম্পর্ক এটাত মৰম-ভালপোৱা (প্ৰেম) আৰু শ্ৰদ্ধা নাই বাবেহে ই ‘দিয়া-লোৱা’ৰ পর্যায়লৈ যায় আৰু কোনোমতে ‘তিস্থি’ বা ‘চলি’ থাকে৷ গোটেই জীৱনৰ বাবে তেনে এক সম্পর্ক আপুনি বিচাৰেনে?
জীৱনটো যাৰ লগত আপুনি পাৰ কৰিছে তেওঁকে যদি বিশ্বাস কৰিব নোৱাৰে, নিজৰ নিভৃত কোণত লুকাই ৰখা কথাবোৰ খুলি ক’ব নোৱাৰে, দুখত, জীৱনৰ কোৱাল সোতত বিধ্বস্ত হ’লে যদি তেওঁৰ হাতত ধৰি আকৌ থিয় হ’ব নোৱাৰে, সাহসৰ অভাৱ হ’লে তেওঁৰ পৰা সাহস গোটাব নোৱাৰে, তেন্তে তেনে এক সংগী থাকিও কি লাভ হ’ব? একেখিনি কাম যদি আপুনি আপোনাৰ সংগীৰ বাবে কৰিব নোৱাৰে, তেন্তে আপোনাৰ নিচিনা সংগীৰ লগত জীৱনটো কটোৱাৰ তেওঁৰ বাবে কি মানে থাকিব? কিন্তু তেনে হ’ব লাগিলে ইজনে-সিজনক ভালদৰে বুজি পাব নালাগিব জানো? আৰু বুজি পোৱাৰ উপায় হ’ল ইজনে সিজনৰ প্ৰেমৰ ভাষা ভালদৰে বুজি পোৱাটো৷
কথাটো অকল স্বামী-স্ত্ৰী বা প্ৰেমিক-প্ৰেমিকাৰ ক্ষেত্ৰতেই নহয়, ই পৰিয়ালৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য৷
পৰিয়ালৰ কথা
আপোনাৰ পৰিয়ালৰ লগতো একেটা কথাই খাটে৷ আপোনাৰ ল’ৰা–ছোৱালীৰো বা পৰিয়ালৰ আন মানুহৰ ক্ষেত্ৰতো আপুনি চাব লাগিব কোনটো মৰম–ভালপোৱাৰ ভাষা পৰিয়ালৰ সেই সদস্যজনে বুজি পায়৷ তেনে ভাষাত কথা ক’লে তেওঁ সহজে আপুনি বুজাব খোজ কথাখিনি, ঠিক আপুনি বুজাব বিচৰাৰ দৰেই বুজি পাব৷ একেদৰে যদি পৰিয়ালৰ দুজন সদস্যৰ মাজত ভালপোৱা বা মৰম আৰু শ্ৰদ্ধা নাই, তেতিয়াও সেই সম্পর্ক কটকটীয়া হৈ থাকিব কেনেকৈ? কিছুমান পৰিয়ালৰ সদস্যসকলৰ মাজত সমস্যাৰ সৃষ্টি হোৱাৰ মূলতে এয়াই নহয়তো– মৰমৰ অভাৱ, শ্ৰদ্ধাৰ অভাৱ আৰু লগতে ভুল ভালপোৱাৰ ভাষাৰ ব্যৱহাৰ৷
আপোনাৰ ভালপোৱাৰ ভাষাই এই দুয়োটাৰ (ভালপোৱা আৰু শ্ৰদ্ধা) কথা ক’ব লাগিব৷ এই ভাষাত আপোনাৰ আপোনাজনৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা দুয়োটাই সহজে বুজিব পৰাকৈ প্ৰতিফলিত হ’ব লাগিব৷ কোনোবা সংগীয়ে আপোনাৰ মনৰ কথা নোকোৱাকৈ বুজিব পাৰিব পাৰে, কিন্তু তেনে সংগী পোৱাটো বিৰল৷ গতিকে যাৰ লগত জীৱনটো কটাব খোজে সেইজনৰ প্ৰেমৰ ভাষা বুজি তেওঁ বুজি পোৱা ভাষাৰ ব্যৱহাৰ কৰাটো আপুনি বিচৰা মৰমেৰে ভৰপূৰ জীৱনটো সৃষ্টি কৰাত সহায়ক হ’ব৷ টকা-পইচা খৰচ নকৰাকৈ আপুনি সেইখিনি নিজৰ সংগীজনৰ বাবে কৰিব পাৰে৷ অকণমান কষ্ট হ’ব, কিন্তু সিমানখিনি কষ্টও আপুনি নকৰিবনে?