Close

আটাইতকৈ ভয়ংকৰ সীমাবদ্ধকাৰী বিশ্বাস

এই বিশ্বাসটোৰ পৰা সাৱধান হ’ব৷ যদি আপোনাৰ এইটো বিশ্বাস আছে, তেন্তে আজিয়েই ইয়াক সলনি কৰিব লাগিব৷

মোক অলপতে লাভ কৰা দুটামান অভিজ্ঞতাই এই কথাটো লিখিবলৈ বাধ্য কৰালে৷ মই বিভিন্ন প্ৰগ্ৰেম, বর্কশ্বপ, আৰু কাউঞ্চেলিঙত বিভিন্ন মানুহ লগ পাই থাকো আৰু তাৰে বহুতৰে মাজত এই কথাটো মই মন কৰিছোঁ৷ তেওঁলোকৰ বহুতৰে এই বিশ্বাসটো বা তাৰ ওচৰ-পাজৰৰ বিশ্বাস আছে৷ এই বিশ্বাসটো সীমাবদ্ধকাৰী বিশ্বাস অর্থাৎ ই আপোনাক এটা সীমাৰ ভিতৰত আৱদ্ধ কৰি তুলিব খোজে আৰু আপোনাৰ জীৱনটো এটা সীমাৰ বাহিৰলৈ ওলাই যাবলৈ নিদিয়াকৈ ৰাখিবলৈ চেষ্টা কৰে৷

আটাইতকৈ ভয়ানক এই সীমবদ্ধকাৰী বিশ্বাসটো হ’ল- “মই নোৱাৰোঁ বা মোৰ দ্বাৰা একো নহ’ব বা মই একো কৰিব নোৱাৰিম বা মোৰ জীৱনত একো নহ’ব বা মই একো কৰিয়ে লাভ নাই” বুলি কৰা বিশ্বাসটো৷

আপুনি কম বয়সীয়া ছাত্ৰ বা চাকৰি কৰি থকা কোনোবা হওক বা অলপ বয়সীয়া হওক বা আনকি বয়সীয়া মানুহ হওক, এই সীমাবদ্ধকাৰী বিশ্বাসটো যিকোনো মানুহৰো থাকিব পাৰে, যিকোনো মানুহৰে জীৱনত ই শিপাবলৈ চেষ্টা কৰিব পাৰে৷ যি বয়সতে নহওক, যাৰেই নাথাকক কিয়, এই বিশ্বাসটো আপোনাৰ জীৱনটো নষ্ট কৰিবলৈ, ধ্বংস কৰিবলৈ যথেষ্ট৷ শ্যামলিমা বৰুৱাৰ কাহিনীটোৱে শুনিলে আপুনি গম পাবা ই কিমান সাংঘাটিক৷

শ্যামলিমা বৰুৱাৰ কাহিনী

শ্যামলিমা যেতিয়া সৰু আছিল তেতিয়া তেওঁ বহু কিবা কিবি কৰিব বিচাৰিছিল, বহু কিবা কিবি হ’ব খুজিছিল৷ পিছলৈ তেওঁ নিজে এক প্ৰশাসনিক বিষয়া হ’ব বিচাৰিছিল৷ কিন্তু একো কৰা নহ’ল৷ মাক-দেউতাকে সদায় তেওঁক কৈছিল ছোৱালীয়ে কিবা এটা নকৰিলেও হ’ব, বিয়া হৈ গ’লে সেইবোৰ চিন্তা নকৰিলেও হ’ব৷ তথাপিও তেওঁ নিজৰ সপোনটোৰ এৰি দিয়া নাছিল৷ কিন্তু সেইয়াই তেওঁৰ শেষ সমস্যা নাছিল৷ অনবৰতে তেওঁক তেওঁৰ ভায়েকৰ লগত, সম্বন্ধীয় লোকসকলৰ ল’ৰা-ছোৱালীৰ লগত তুলনা কৰা হৈছিল আৰু তেওঁক বুজাই দিয়া হৈছিল যে তেওঁৰ দ্বাৰা অন্তত এই জীৱনত একো নহ’ব৷ দিনৰ পিছত দিন ধৰি তেওঁ শুনি গৈছিল যে তেওঁৰ কাম নাই, জীৱনত তেওঁ একো কৰিব নোৱাৰিব৷ কি কাৰণে সেয়া তেওঁ শুনিব লগীয়া হৈছিল, তেওঁ সেয়া কেতিয়াও গম নাপালে৷ সেই সময়ত তেওঁৰ কোনো দিশ নির্দেশ কৰা মানুহৰ সহায়ো নাছিল৷

শ্যামলিমাৰ এতিয়া নানা সমস্যা- ডিপ্ৰেচন, অশান্তি, অসহজ সম্পর্ক, একাকীত্ব আৰু নানা৷ তাতোকৈ ডাঙৰ এটা সমস্যা আছে তেওঁৰ- সেয়া হ’ল অনুশোচনা৷ আজি প্ৰায় পঞ্চাশ বছৰ হোৱা শ্যামলিমা বৰুৱাই গমি পিতি গম পাইছে যে তেওঁৰ জীৱনত একোকে কৰা নহ’ল৷ সপোনবোৰ সপোন হৈয়েই থাকিল৷ আজিও তেওঁ যে একো কৰিব নোৱাৰিব এই বিশ্বাসটোৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাই৷

এই বিশ্বাসটো থাকিলেনো কি হ?

আপোনাৰ যেনিবা এই বিশ্বাসটো আছেই, তাতেনো কি হ’ল? থাকিলেই জানিবা এই বিশ্বাসটো, তাৰ পৰা আপোনাৰ কিনো হানি-বিঘিনি হ’ব? হ’ব, বহুত হানি-বিঘিনি হ’ব, জীৱনটো সম্পূর্ণৰূপে নষ্ট হ’ব পাৰে, জীৱনত আপোনাৰ একো নহ’ব পাৰে৷

আপোনাৰ ভিতৰত এটা জ্যোতি (জেউতি বা স্পার্ক) আছে৷ এই জ্যোতিৰ সঠিক বিকাশ ঘটাব পাৰিলে জগত পোহৰ কৰাত ই সহায় কৰে৷ ভাল, ডাঙৰ কাম কৰা মানুহবোৰে, আনৰ বাবে কাম কৰা মানুহবোৰে, সফল হোৱা মানুহবোৰে নিজৰ এই জ্যোতিৰ বিকাশ ঘটাই ইমান ডাঙৰ কৰে যে ই নিজৰ লগতে আনকো পোহৰ দিবলৈ ধৰে৷ কিন্তু যদি  এই সীমবদ্ধকাৰী বিশ্বাসটো বা তাৰ কোনোবা ককাই-ভাই-ভনী-বায়েক আপোনাৰ মনত সোমাই আছে, তেন্তে আপোনাৰ ভিতৰত যে এনে সম্ভাৱনা এটা আছে (স্পার্ক বা জ্যোতি এটা) সেয়া আপুনি কেতিয়াও বিশ্বাস নকৰে৷ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ই আপোনাৰ ভিতৰৰ সকলো ধৰণৰ জ্যোতি বা স্পার্ক নোহোৱা কৰি পেলাই৷ ব্যৱহাৰ নকৰোতে নকৰোতে ই এদিন নোহোৱা হৈ যায়৷ গতিকে যদি আপুনি সঁচাকৈ বহুত কিবাকিবি কৰিব পাৰিলেহেঁতেন, সেয়া কিন্তু আৰু আপোনাৰ কৰা হৈ নুঠে৷ তাৰ ফলত অকল আপুনিয়ে মহৎ কিবা এটা কৰাৰ পৰা বঞ্চিত নহয়, বৰঞ্চ এই পৃথিৱীও আপুনি কৰিব পৰা, আপোনাৰ দ্বাৰা হ’ব পৰা ভাল, শুদ্ধ, বিশাল অৱদানৰ পৰা বঞ্চিত হৈ পৰে৷

কিয় এনে হয়?

কাৰণ আপুনি মনৰ ভিতৰত এটা বিশ্বাস কৰি লৈছে- “মোৰ কাম নাই,” “মই একো কৰিব নোৱাৰোঁ,” “মোৰ দ্বাৰা একো নহ’ব,” “জীৱনত মই একো কৰিব নোৱাৰিম৷” এইতো এটা সীমাবদ্ধকাৰী বিশ্বাস (ই আপোনাক এটা সীমাৰ ভিতৰত বন্ধ বা আৱদ্ধ কৰি পেলায়৷) গোটেই জীৱনটো আপুনি এই সীমবদ্ধকাৰী বিশ্বাসটোৰ মতে চলি থাকে আৰু কেতিয়াও আপোনাৰ সপোনবোৰ, আপুনি বিচৰা কামবোৰ কৰিবলৈ চেষ্ট নকৰাকৈয়ে পাৰ কৰি দিয়ে৷

আপুনি যদি নিজে মই নোৱাৰোঁ বা মোৰ দ্বাৰা একো নহ’ব বা মই একো কৰিব নোৱাৰিম বা মোৰ জীৱনত একো নহ’ব বা মই একো কৰিয়ে লাভ নাই  বুলি ভাবিলে, তেন্তে আপুনি কিবা কৰিবলৈ জানো উৎসাহ পাব? আপুনি জানো জীৱনৰ বাবে কিবা পৰিকল্পনা কৰিব, আপুনি জানো নিজে বিচৰা ফলাফল লাভ কৰিবলৈ কষ্ট কৰিব, আপুনি জানো নিজকে আৰু ভাল কৰিবলৈ কষ্ট কৰিবলৈ আগবাঢ়িব? আপুনি একো নকৰে কাৰণ কিহৰ বাবে আপুনি চেষ্টা কৰিব, কিহৰ বাবে আপুনি কাম কৰিব? আপুনিতো আগতেই জানে যে আপুনি নোৱাৰে, আপোনাৰ দ্বাৰা নহ’ব, আপোনাৰ কাম নাই, গতিকে যত্ন কৰি, কষ্ট কৰি লাভ কি? গতিকে আপুনি একো নকৰে আৰু তাৰ ফলস্বৰূপে একো ফলাফলো নাপায়৷ আপুনি হাত দাঙি আত্মসমর্পণ কৰি দিয়ে, যি হয় হয় থাকক, জীৱনটোৱে যিফালে লৈ গৈ থাকে গৈ থাকিম বুলি ভাবি নিজকে এৰি দিয়ে আৰু সমস্যাটোৰ আৰম্ভণি হয় তাৰ পৰাই৷

এনে বিশ্বাসৰ সৃষ্টি হয় কেনেকৈ?

এনে সীমবদ্ধকাৰী বিশ্বাসৰ সৃষ্টি হয় বিভিন্ন ধৰণে৷ কোনোবাই আপোনাক আন কাৰোবাৰ লগত তুলনা কৰিলে, আপুনি নিজে আনৰ লগত তুলনা কৰিলে, কোনোবাই আপোনাৰ কাম নাই বুলি ক’লে, কোনোবাই আপোনাৰ দ্বাৰা একো নহ’ব বুলি ক’লে, সদায় ঘৰত বা স্কুলত বা অফিচত কোনোবাই আপোনাক ঠাট্টা মস্কৰা কৰি থাকিলে, আপুনি কিবা নহয় কিবা কাৰণত নিজৰ বিষয়ে হীনমন্যতাত ভূগিলে এনে ধৰণৰ চিন্তা এটাৰ আৰম্ভ হ’ব পাৰে৷ তাৰ পিছত নানা ধৰণৰ প্ৰমাণ (যিবোৰক আপুনি প্ৰমাণ বুলি ভাবে কিন্তু সেইবোৰ আচলতে প্ৰমাণ নহ’বও পাৰে) আপুনি লাভ কৰে যিবোৰে আপোনাৰ চিন্তাটোক সত্য বুলি প্ৰমাণ কৰে৷ এনেদৰে কিছুসময় পিছত, প্ৰমাণিত হোৱাৰ পিছত এই চিন্তাবোৰ বিশ্বাসত পৰিণত হয়৷ কিন্তু সমস্যাটো হ’ল এই যে এনে বিশ্বাসটো এক ভুল বিশ্বাস, সীমাবদ্ধকাৰী বিশ্বাস৷

আপুনি কি কৰিব লাগে?

আটাইতকৈ ডাঙৰ কথা – হাত দাঙি চাৰেণ্ডাৰ (আত্মসমর্পণ) নকৰিব৷ আন সকলো কৰক, এই কামটো কেতিয়াও নকৰিব৷ এবাৰ আপুনি যদি বিপদৰ আগত, ভয়তে বা আন কাৰণত আত্মসমর্পণ কৰে, তেন্তে আপুনি পিছতো অকণমান টান পালেই আকৌ আত্মসমর্পণ কৰা আৰম্ভ কৰিব৷ তেতিয়া জীৱনটোত থাকিবনো কি?

এই সীমবদ্ধকাৰী বিশ্বাসটো যদি আপোনাৰ আছে, যদি আজি সেয়া আপুনি গম পাইছে, তেনেহ’লে তাক আতৰ কৰিবলৈ আৰম্ভ কৰক৷ নিজকে প্ৰশ্ন সোধক – কেনেদৰে আপুনি গম পালে আপোনাৰ সেই বিশ্বাসটো সঁচা বুলি? আন এটা কামত অহা, পজিটিভ বিশ্বাস তাৰ ঠাইত আকোঁৱালি লওক৷ এবাৰ এই সীমাবদ্ধকাৰী বিশ্বাসটো আছে বুলি গম পালে তাক আতৰ কৰাটো আপোনাৰ বাবে বহুত সহজ হ’ব৷

মোৰ সকলোলৈ আৰু বিশেষকৈ কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ জীৱনত কেতিয়াও, যি মানুহেই নকওক কিয়, কেতিয়াও “মই নোৱাৰিম, মোৰ দ্বাৰা নহ’ব, মোৰ কাম নাই, মোৰ জীৱনত একো নহ’ব, মই একো কৰিব নোৱাৰিম,” এই কথাকেইটাৰ এটাও বিশ্বাস নকৰিব৷ কোনে কৈছে নোৱাৰিব বুলি? তেওঁ কেনেকৈ জানিলে? তেওঁ কিবা পৰীক্ষা কৰি চাইছিল নেকি? তেওঁ ভগৱান নেকি? আপুনি নিশ্চয় কৰিব পাৰিব৷ তাৰ প্ৰমাণ আপুনি চাব পাৰে সৰু লক্ষ্য এটা লৈ সেই কামটো কৰি শেষ কৰিবলৈ এক্সন লৈ বা কাম কৰি৷ আপুনি আন একো নকৰিলেও মাত্ৰ যদি কাম কৰি চায় বা এক্সন লৈ চায় , আপুনি দেখিব যে আপোনাৰ সমস্যাবোৰো নাইকিয়া হৈছে আৰু আপুনি কৰিবও পাৰিছে৷ জীৱনটো নষ্ট নকৰি জীৱনটো ডাঙৰ কৰি তোলো আহক, নিজৰ জীৱনটো আৰু লগতে আনৰ জীৱনবোৰো জ্যোর্তিময় কৰি তোলো আহক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top