আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন?
ওচৰ-চুবুৰীয়ানে আপোনাৰ কোনোবা সম্বন্ধীয় যি আপোনালোকৰ ঘৰৰ ভাল হোৱাটো দেখিব নোৱাৰে নে আপোনাৰ লগত একেলগে কাম কৰা কোনোবা এজন নে আপোনাৰ বছ নে আপুনি ভাল পাই বিয়া পতা স্বামী বা স্ত্ৰী নে আন কোনোবা? ওচৰ-চুবুৰীয়াজন হোৱাৰ সম্ভাৱনা বেছি কাৰণ তেওঁলোকে আপোনাৰ ভাল দেখিব নোৱাৰে৷ আপোনাৰ এনে ভাব হয় যেন আপোনাৰ মিতিৰ-কুটুমে আপোনাৰ বা আপোনাৰ সন্তানৰ ভাল হোৱা দেখিলেই বা শুনিলেই তেওঁলোকৰ মূৰৰ বিষ আৰম্ভ হয়৷ আপোনাৰ পত্নী বা স্বামীও আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু যেন লাগিব পাৰে কিছুমান পৰিস্থিতিত৷ বহুতৰে কর্মক্ষেত্ৰত বছক নিশ্চয়কৈ আটাইতকৈ ডাঙৰ শত্ৰু যেন লাগিব পাৰে৷
যদিও বিভিন্ন মানুহবোৰ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু যেন লাগিব পাৰে, তথাপি আটাইতকৈ ডাঙৰ শত্ৰু কিন্তু আন কোনোবাহে৷ আৰু সেইজনক আপুনি জানে, চিনি পায়৷ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল আপুনি নিজে৷ হয়, আপুনি আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু৷
আপোনাৰ যি বেয়া হৈছে, যি দুখলগা পৰিস্থিতিত আপুনি কেতিয়াবা পৰিছে, তাৰ গুৰি বিচাৰি গ’লে দেখিব যে প্ৰায়বোৰ ক্ষেত্ৰতে সেয়া আপুনি কৰা কিছু কামৰ বাবেই হৈছে বা কিছুমান কাম নকৰাৰ বাবেই হৈছে৷ আৰু এই কামবোৰ কৰা-নকৰাৰ সিদ্ধান্তৰ সৃষ্টি হৈছে আপোনাৰ চিন্তাৰ পৰা৷ আৰু এই চিন্তাবোৰৰ অধিকাৰী হ’ল আপুনি নিজে৷
এটা উদাহৰণ চাওকচোন৷ আপোনাৰ ডায়েবিটিজ বা উচ্চ ৰক্তচাপ আৰম্ভ হৈছে৷ আপুনি জানে যে খাদ্য বাচি খোৱা, সময়ত খোৱা, নিয়মীয়াকৈ কিবা নহয় কিবা শাৰীৰিক ব্যায়াম কৰিলে এই দুটা বেমাৰৰ সম্ভাৱনা কমি যায়৷ কিন্তু সেয়া জনাৰ পিছতো আপুনি নিয়মীয়াকৈ কোনোদিনেই ব্যায়াম নকৰিলে আৰু খোৱা নিয়ন্ত্ৰণ কৰাৰ কথা কোনো দিনেই নাভাবিলে৷ বয়স হ’লে আমাৰ শৰীৰৰ মেটাবলিজমৰ ক্ষমতা কমি যায়, আমি যদি বেছিভাগ সময় বহি কটাও (অফিচত বা ঘৰত) তেতিয়া হয়তো আমি কার্বহাইড্ৰেট কমাই খাব লাগে- এনেবোৰ কথা আমি কেতিয়াও জনাৰ চেষ্টা কৰা নাই বা জানিলেও সেইবোৰ মানি চলাৰ কোনো চেষ্টা কৰা নাই৷ তেনেস্থলত এই দুটা বেমাৰ হ’লে আচৰিত হ’ব লগা কিবা কাৰণ আছেনে?
আপুনি কেনেদৰে আপেনাৰ নিজৰ শত্ৰু সেই কথা দুটামান গুৰুত্বপূর্ণ কথা মন কৰিলে আমি গম পাম৷
লালসা
লালসা হ’ল আপোনাৰ সমস্যাবোৰৰ মূল কাৰণ৷ আপোনাৰ মনত লালসাৰ সৃষ্টি হয়৷ এই লালসা পূর্ণ হ’ব পাৰে বা নহ’বও পাৰে৷ যদি লালসা পূর্ণ হয় (অর্থাৎ আপুনি বিচৰা বস্তুটো লাভ কৰে), তেতিয়া আপোনাৰ আকৌ তাতোকৈ বেছি লালসা বা আন এক লালসাৰ সৃষ্টি হ’ব৷ সমস্যাটো হ’ল সেইটোৱে- লালসাৰ কোনো শেষ নাই৷ নতুনকৈ সৃষ্টি হোৱা লালসা পূর্ণ কৰিবলৈ আপুনি আকৌ কষ্ট কৰিব, নিজৰ সময়, আৰু জীৱনটো খটাই সেই লালসাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব৷ আনহাতে যদি আপোনাৰ লালসা পূর্ণ নহয়, তেতিয়া তাৰ পৰা খঙৰ উদ্ভৱ হ’ব৷ তাৰ পৰা হতাশা, ডিপ্ৰেচন আৰু বহু কিবা কিবিৰ সৃষ্টি হ’ব৷
আপুনি যদি এই লালসাক বুজি পোৱাৰ আৰু তাক নিয়ন্ত্ৰণ কৰাৰ কোনো চেষ্টাই কৰা নাই আৰু কৰাৰ কোনো মনো নাই, তেতিয়া কিছুমান সমস্যাৰ উদ্ভৱ হ’বই৷
আপোনাৰ মনটো
আপোনাৰ মনটো যদি নিগেটিভ, সি সদায় নিগেটিভ চিন্তাবোৰেই কৰিব৷ আপুনি কাম এটা আৰম্ভ কৰাৰ আগতেই সি আপোনাক ক’ব, “‘নাই, নহ’ব বুজিছ, তই নোৱাৰিবি’ বা ‘কি কৰিব খুজিছ, তই পাৰিবিনে?’ ‘ বাদ দে, আগতে কেতিয়াবা জানো তই কৰিব পাৰিছ, কেনেকৈ পাৰিবি?”’
কোনোবাই কিবা কাৰণত আপোনাক কেতিয়াবা কেছিল, “তোৰ মূৰত একো নাই,” “তোৰ দ্বাৰা নহ’ব,” বা তেনে আন কিবা এক নিগেটিভ কথা৷ আপোনাৰ মনটোৱে কাৰোবাৰ সেই কথা শুনি যদি তাক নিজৰ বাস্তৱ বুলি স্বীকাৰ কৰি ল’লে তেন্তে তাতকৈ দুর্ভাগ্যজনক কথা বোধকৰো আৰু একো নাই৷
আপুনি কাম এটা কৰিব বিচাৰে, কিন্তু কামটো টান৷ আপোনাৰ মনটোৱে ক’লে “আৰে ভাই কিয় কষ্ট কৰ, তাতোকৈ ফেচবুকৰ এই ভিডিঅটো চা না”, বা “আৰে ইমান কষ্ট কৰি কি হ’ব? এইটো কৰি কি লাভ হ’ব?”
কিছুমান বিশ্বাস
আপোনাৰ মনত এটা সীমাবদ্ধকাৰী বিশ্বাস আছে যে “মই ইমান চোকা নহয়,” বা “মই স্মার্ট নহয়,” বা “মোৰ দ্বাৰা জীৱনত একো নহ’ব” আৰু এই বিশ্বাসটোৱে ইতিমধ্যে মনত শিপাই গৈছে৷ আপুনি যেতিয়াই যি কাম কৰিব বিচাৰে, তেতিয়াই ই আগলৈ আহে আৰু আপোনাক কয়, “এয়া চা, তইতো নোৱাৰ ভাই, কিয় মিছাতে চেষ্টা কৰ? কিয় সময় নষ্ট কৰ, কিয় মানুহৰ হাঁহিয়তাৰ পাত্ৰ হওঁনো৷” গতিকে আপুনি চেষ্টা নকৰে৷ আপুনি যদি কাম নকৰেই তাৰ ফলাফলনো কৰ পৰা পাব?
মনৰ ভিতৰৰ সমালোচক গৰাকী
সমালোচকৰ যদি কিবা বঁটা থাকিলহেঁতেন তেনেহ’লে আপুনি কিজানি প্ৰথম পুৰস্কাৰ পালেহেঁতেন৷ নিজৰ সমালোচনা কৰা ক্ষেত্ৰত আপুনি গল্ড মেডেল পালেহেঁতেন৷ ইমানেই আপুনি কঠোৰ নিজৰ ক্ষেত্ৰত৷ ইমান কঠোৰ সমালোচনা কৰে আপুনি নিজকে৷ সৰু ভুল এটা কৰিলেও তাক বাৰে বাৰে মনত পেলাই আপোনাৰ যে কাম নাই, আপোনাৰ দ্বাৰা যে নহ’ব সেয়া নিজকে সোঁৱৰাই দিয়াত আপোনাৰ মনৰ ভিতৰত থকা সমালোচকগৰাকীয়ে এক মুহূর্তও দেৰি নকৰে৷ এনে কৰোতে কৰোতে আপোনাৰ জীৱনটো সেই সমালোচক গৰাকীয়ে ভাবিব নোৱাৰা ধৰণে সলনি কৰি পেলাইছে৷ আপোনাৰ আত্মবিশ্বাস নোহোৱাৰ, মনৰ নিগেটিভ অৱস্থাৰ, আৰু একো কৰিব নোৱাৰাৰ ক্ৰেডিট আপুনি এই সমালোচক গৰাকীক দিবই লাগিব৷ সেই সমালোচক গৰাকীয়ে কিন্তু কেতিয়াও আপুনি কিবা ভাল কাম কৰিলে বা কিহবাত সফল হ’লে আপোনাক এটাও ভাল শব্দ কৈ পোৱা নাই৷
সালসলনিৰ কোনো প্ৰয়োজন নাই
আপুনি নিজেই সিদ্ধান্ত ল’লে যে নিজকে উন্নীত কৰাৰ, পার্চনেল ডেভেলপমেন্ট আদি অবাস্তৱ, অর্থহীন কথা৷ এইবোৰ কিছুমান মানুহৰ পইচা ঘটা বুদ্ধি৷ এইবোৰ আপোনাক ভয় খুৱাই দি, মনটো দুর্বল কৰি যিমান পাৰে সিমান টকা-পইচা সৰকোৱাৰ ফন্দিহে৷ এইবোৰৰ প্ৰয়োজন আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ সন্তানৰ নাই, আপুনি এনেয়েই ভালে আছে৷ আপোনাৰ এই সিদ্ধান্তই আপোনাৰ জীৱনটো সম্পূর্ণ বেলেগ কৰি পেলাব আৰু তাতোকৈ ডাঙৰ কথা হ’ল সেই জীৱনটো আপুনি ভাল নাপাবও পাৰে৷ কেতিয়াবা আকৌ আপুনি ভাবিব পাৰে মই এনেয়ে ঠিকে আছোঁ, ইমান কষ্ট কৰি নিজক আৰু ভাল কৰাৰ বা সালসলনি কৰাৰ প্ৰয়োজন কি? ঠিকে থকা বস্তু এটাত আকৌ কিয় হাত দিব লাগে? গতিকে আপুনি একো নকৰিলে৷ বা কেতিয়াবা আৰম্ভ কৰিলেও কিছুদিন পিছত বাদ দি দিলে৷ ভাল হ’ব পৰা জীৱনটো এনেয়ে নগল’নে?
বেছি সাৱধানী বা বেছি ভয়াতুৰ
আপুনি সাৱধানী মানুহ গতিকে কোনো কথাতে আপুনি ৰিস্ক ল’ব নিবিচাৰে৷ গতিকে যদিও আপুনি নিজৰ কাম আৰম্ভ কৰিব বিচাৰিছিল, চিনেমা এখন পৰিচালনা কৰিব বিচাৰিছিল, আপোনাক আনে বুজালে যে এইবোৰ কৰাটো বৰ ৰিস্কি বা বিপদজনক কাম৷ আপুনি এক নিৰাপদ চাকৰি কৰি থাকিলে যিমান টকা-পইচা পাব বা ঘৰ কিনিব পাৰিব বা সুখ-স্বাচ্ছন্দৰে থাকিব পাৰিব, এনে কৰিবলৈ গ’লে সেইবোৰ নোহোৱাৰ সম্ভাৱনা আছে৷ যিহেতু আপুনি বেছি সাৱধানী মানুহ (বা কিছুমান ক্ষেত্ৰত বেছি ভয়াতুৰ) গতিকে আপুনি নিৰাপদ চাকৰিটোৱে কৰি থাকিল৷ মনৰ সপোনবোৰ সকলো বাদ দি দিলে৷ তালৈকে ঠিকে আছিল, কিন্তু এদিন হঠাতে আপোনাৰ জীৱনটো খালি খালি লাগিবলৈ ধৰিলে, আন কোনোবাই নির্মাণ কৰা চিনেমা এখন দেখি আপোনাৰ ভাব হ’ল এয়াতো মইও কৰিব পাৰিলোঁহেঁতেন, এয়াতো মই কৰিব বিচাৰিছিলোঁ৷ আপোনাৰ সকলো আছিল- সামর্থ, ক্ষমতা, টেলেন্ট- কিন্তু আপুনি কামটো আৰম্ভই নকৰিলে৷ এতিয়া কেৱল অনুশোচনাহে আছে৷
আনে কি ক’ব
এই বিষয়ে মই আগতে এবাৰ দীঘলকৈ লিখিছোঁ৷ আপুনি যদি কেৱল আনে কি ক’ব কথাটোৰ ওপৰত গুৰুত্ব দি নিজৰ জীৱনৰ সকলো সিদ্ধান্ত লয় তেন্তে আপোনাৰ জীৱনটো কেনে হ’ব? আপোনাৰ সেই জীৱনটো কোনে চলাইছে- আপুনি নে সেই মানুহবোৰে? আপোনাৰ নিজৰ জীৱনটো নিজৰে ভাল লাগিবনে?
এতিয়া কি কৰিব পাৰি
আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰুক কিন্তু বন্ধুলৈ ৰূপান্তৰিত কৰিব পাৰি৷ অকল বন্ধুৱে নহয়, আটাইতকৈ ডাঙৰ বন্ধুলৈ তাৰ পৰিৱর্তন ঘটাব পাৰি৷ তাৰবাবে আপুনি কেনেদৰে চিন্তা কৰে সেয়া সলাব লাগিব৷ বন্ধু হিচাপে সলনি কৰিবলৈ আপুনি মনটোক ৰিপ্ৰগ্ৰেমিঙ কৰিব লাগিব৷ এই ক্ষেত্ৰত আপোনাৰ অৱচেতন মনটোৱে (চাব কনচিয়াছ মাইণ্ড) এক ডাঙৰ ভূমিকা ল’ব৷ তাৰ বাবে আমি A New You নামৰ এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰোঁ৷ মনটোক নতুনকৈ প্ৰগ্ৰেম কৰি কেনেদৰে আপোনাৰ বন্ধু হিচাপে সলনি কৰিব পাৰি সেই সকলো কথা এই প্ৰগ্ৰেমটোত সামৰি লোৱা হয়৷ এই শত্ৰুক বন্ধুলৈ পৰিৱর্তন কৰিবলৈ হ’লে আপোনাৰ চিন্তাবোৰ সলাব নালাগে চিন্তা কৰা পদ্ধতি বা পেটার্ণটো সলাব লাগিব৷ তেনে কৰিলে চিন্তাবোৰ নিজে নিজে সলনি হ’ব৷
আপুনি নিজে নিজৰ এক সাংঘাটিক ভাল বন্ধু হৈ উঠিব পাৰে আৰু এই বন্ধুৰ ক্ষেত্ৰত এটা বিশেষ সুবিধা আছে- এই বন্ধুইও আপোনাৰ আটাইতকৈ বেছি ভাল হোৱাটোৱে বিচাৰে৷ আপুনি কি কৰিলে ভাল সেয়া ই কৈ দিব, আপুনি কেনেকৈ কি কৰিব পাৰে সেয়া বিচাৰ-খোচাৰ কৰি দিব, আপুনি ভুল কৰিলে সেই বিষয়ে সাৱধান কৰি দিব, আপোনাক প্ৰতিদিনে মটিভেট কৰি থাকিব, আপুনি কেনেদৰে নিজৰ সর্বোত্তম ৰূপটো লাভ কৰিব পাৰে তাৰ ৰাস্তা দেখুৱাব- এনে বহু কাম আপোনাৰ এই নতুন আৰু ভাল বন্ধুজনে কৰি দিব৷ এবাৰ মাত্ৰ বন্ধুত্ব কৰি চাওকচোন আৰু আপুনি নিজে গম পাব ই কি কি কৰে আপোনাৰ জীৱনটো আৰু ভাল কৰি তোলৰ বাবে৷ নিজৰ শত্ৰু হৈ নিজৰ জীৱনটোনো কিয় নিজে নষ্ট কৰে? অকণমান চেষ্টা কৰোঁ আহক, কিজানিবা আমি পাৰোৱেই