গছৰ বীজ
কেতিয়াবা আপুনি মন কৰিছেনে ডাঙৰ গছ এডালৰ কেনেদৰে সৃষ্টি হয় আৰু কেনেদৰে ই আপোনাক ফল (বা শস্য বা খাদ্য)ৰ যোগান ধৰে? ডাঙৰ গছ এডাল পাবলৈ হ’লে প্ৰথমতে আপুনি গছৰ বীজ এটা মাটিত ৰুব লাগে৷ তাৰ পৰা গছৰ পুলি এটাৰ সৃষ্টি হয়৷ পুলিটো লাহে লাহে ডাঙৰ হয়৷ ভালদৰে, আপুনি বিচৰা মতে ডাঙৰ হ’বলৈ হ’লে পুলিটোৰ যত্ন ল’ব লাগে৷ সাৰ-পানী যোগাব লাগে, বেমাৰ নহ’বলৈ সাৱধানতা ল’ব লাগে, কেনেবাকৈ বেমাৰ হ’লে তাৰ প্ৰতিকাৰ কৰিব লাগে৷ এনেবোৰ কৰাৰ পিছত ঠিক সময়ত এই গছডাল ডাঙৰ হৈ আপোনাক ফলৰ যোগান ধৰিব৷ ইয়াৰ কোনো এটা পর্যায়ত যদি আপুনি গাফিলতি কৰে বা কৰিবলগীয়া কামবোৰ নকৰে, তেন্তে আপুনি বিচৰা ফলবোৰ হয়তো আপুনি লাভ নকৰিব বা ফল পালেও যিমান পাব লাগিছিল সিমান নাপাব৷
আমাৰ জীৱনটোও তেনেকুৱাই৷
জীৱনটোৰ পৰা বিচৰা ফলাফল পাব লাগিলে, আপুনি নির্দিষ্ট সময়ত কিছুমান কাম কৰিব লাগিব৷ তাৰ বাবে কষ্ট হ’ব পাৰে, কিন্তু বিচৰা ফল পাবলৈ হ’লে সেয়া কৰিবই লাগিব৷ তেতিয়াহে আপুনি বিচৰা মতে ফলাফল পাব, তেতিয়াহে জীৱনটো আপুনি বিচৰা মতে হ’ব৷ যদি আপুনি ভাগ্যৰ হাতত সকলো অর্পণ কৰি যি হয় হ’ব আৰু বুলি একো নকৰাকৈ বহি থাকে তেতিয়া কি হ’ব সেয়া আপুনি জানে৷
একেদৰেই সফলতা বা জীৱনত আপুনি যি, যেনেকুৱা ফলাফল লাভ কৰিব বিচাৰে সেই ফলাফল লাভ কৰাৰ প্ৰক্ৰিয়াটোও গুটি ৰোপণ কৰি গছ এডালৰ সৃষ্টি কৰি তাৰ পৰা ফল লাভ কৰাৰ প্ৰক্ৰিয়াটোৰ সৈতে একে৷
গুটিৰোপণ
প্ৰথমতে গুটি ৰোৱাৰ নিচিনাকৈ আপুনি কৰিব বিচৰা কামটো (আইডিয়া) ৰ বিষয়ে চিন্তা কৰক৷ তাৰ বিষয়ে যিখিনি প্ৰয়োজন সেইখিনি ৰিচার্চ কৰক, পৰিকল্পনা কৰক৷ কামটো আৰম্ভ কৰাৰ লগে লগে আপোনাৰ গুটি ৰোৱা কার্যটো আৰম্ভ৷ কেতিয়াবা ই লগে লগে গজালি মেলিব৷ কিন্তু কিছুমান গছৰ গুটি গজিবলৈ অলপ সময় লাগে আৰু সেইবোৰ ৰোৱাৰ আগতে আন কিছুমান কাম কৰিব লাগে যাতে সেইবোৰ গজাৰ সম্ভাৱনা আৰু গজিবলৈ লগা সময় কমি যায়৷ গতিকে কিছুমান আইডিয়াৰ গজালি দেখিবলৈ আপোনাক কেতিয়াবা সময় লাগিব পাৰে৷
সাৰ–পানী
গছ পুলি এটা গজাৰ পিছৰ পৰা ই ডাঙৰ হোৱালৈকে আৰু ফল দিবলৈ আৰম্ভ কৰালৈকে আপুনি কিছুমান কাম কৰিব লাগে৷ তাৰ ভিতৰত পুলিটোক সাৰ-পানী জোখমতে যোগান ধৰাটো অন্যতম৷ তেনেদৰে আপুনি বিচৰা সফলতা আৰু ফল লাভ কৰিবলৈ হ’লে আপোনাৰ চিন্তা (আইডিয়া) টোক সাৰ-পানী যোগাই থাকিব লাগিব৷ সেই সাৰ-পানী যোগান ধৰা কামটো সম্ভৱ হ’ব আইডিয়াটো সম্পূর্ণ কৰাৰ বাবে কৰা কামৰ জৰিয়তে৷
সমস্যা
গছ পুলি এটাৰ ক্ষেত্ৰত নানা সময়ত নানা সমস্যাই দেখা দিব পাৰে৷ বৃদ্ধি নোহোৱা, বেমাৰ, পোক-পতংগৰ আক্ৰমণ, বানপানী, শুকান অৱস্থা ইত্যাদি৷ তেনেদৰে আপোনাৰ বিচৰা ফলাফল লাভ কৰাৰ ক্ষেত্ৰত কেইবাধৰণৰ সমস্যাই দেখা দিব পাৰে- নানা ধৰণৰ বাধা, কাম কৰিবলৈ মন নোযোৱা, আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ সমস্যা, কাম কৰি কোনো লাভ নেদেখা ইত্যাদি৷ এই সমস্যাবোৰৰ কিছুমান কার্যকৰী প্ৰতিকাৰ আপুনি বিচাৰিব লাগিব আৰু সেয়া ব্যৱহাৰ কৰিব লাগিব যাতে আপুনি নিজৰ ৰাস্তাত ঠিকে আগবাঢ়ি যাব পাৰে৷
ফল আহৰণ
যেতিয়া গছডালে ফল দিয়া আৰম্ভ কৰিব তেতিয়া আপুনি ফলবোৰ পুৰঠ হৈ পাৰিব পৰালৈকে সেইবোৰৰ যত্ন ল’ব লাগিব৷ ফলবোৰৰ স্বাস্থ্য নির্ভৰ কৰিব আপুনি সাৰ-পানী কেনেদৰে আৰু ঠিকমতে যোগান ধৰিছিল নে নাই আৰু সমস্যাবোৰৰ পৰা গছডালক আতৰাই ৰাখিছিল নে নাই৷ ভাল ফল পাবলৈ হ’লে আপুনি সময়মতে, জোখমতে এই সকলো কাম কৰিব লাগিব৷ এটা প্লেন কৰি ল’লে এই কামখিনি বহু সহজ হ’ব৷
এই প্ৰক্ৰিয়াটো ভালদৰে মন কৰিলেই আপুনি দেখিব যে আপুনি ইয়াক নিজৰ জীৱনত যেতিয়াই মন যায় তেতিয়াই প্ৰয়োগ কৰিব পাৰে৷ কিন্তু প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিব কেনেকৈ? চাও আহক৷
মাত্ৰ আৰম্ভ কৰক
যিমান সময় আপুনি আইডিয়া বা বিচৰা ফলাফল বা কৃতকার্যতা (সফলতা)ৰ বিষয়ে কথা পতাত খৰছ কৰে, তাতোকৈ বহু বেছি সময় কাম কৰাত খৰছ কৰক৷ গুটি গোটোৱা, গুটি পচোৱাতকৈ যদি আপুনি আনৰ আগত ভবিষ্যতে হ’বলগীয়া গছডালৰ কথাহে পাতি থাকে তেন্তে গছডাল নিজে নিজে গজি নাহে৷ গতিকে কথাত সময় নষ্ট কৰাতকৈ আপুনি কাম কৰাতহে বেছি গুৰুত্ব দিব লাগিব৷ বহু মানুহে তেওঁলোকৰ সপোন আৰু তেওঁলোকে কি কি কৰিব বিচাৰে সেই বিষয়ে মাত্ৰ কথাহে কৈ থাকে৷ কিন্তু তেওঁলোকে হাতত একো কাম তুলি নলয়৷ গতিকে তেনে মানুহে কিবা ফলাফল লাভ কৰেনে? নকৰে৷ ইমান কথা কোৱাতকৈ যদি তেওঁলোকে কামবোৰ কৰাত অলপ সময় দিলেহেঁতেন, তেন্তে হয়তো তেওঁলোকে দুই এটা ফলাফল লাভ কৰিলহেঁতেন৷ আপুনি কিন্তু তেনে ভুল কৰিব নালাগে৷
বেছিভাগ মানুহেই চেষ্টাই নকৰে৷ চেষ্টা কৰাসকলোৰো বেছিভাগেই এবাৰ চেষ্টা কৰে আৰু এবাৰ কামটো নহ’লে তেওঁলোকে হাত দাঙি কামটো বাদ দিয়ে৷ গতিকে তেওঁলোকে বিচৰা ফলাফলটো লাভো নকৰে৷ খুব কম মানুহেহে চেষ্টা কৰি, নহ’লে আকৌ চেষ্টা কৰে, নোহোৱালৈকে তেওঁলোকে চেষ্টা কৰি থাকে৷ এনে মানুহৰ সংখ্যা কম৷ আৰু সেইবাবে সফল বা বিচৰা ফলাফল লাভ কৰা ব্যক্তিৰ সংখ্যা কম৷
আশা এটা গোটাওক
আপোনাক এটা আশা লাগে৷ এই আশাটোৱে আপোনাক কষ্ট কৰিবলৈ, আগবাঢ়ি আহিবলৈ সহায় কৰিব৷ আশা থাকিলে আপুনি আজি ফলাফল নাপালেও কাম কৰি যাব পাৰিব৷ আপোনাক এটা আশা লাগে আৰু সেই আশাটো আহিব আপোনাৰ সপোনৰ পৰা৷ সেইবাবে সপোনৰ খুব প্ৰয়োজন আপোনাৰ জীৱনত৷
এক্সকিউজ বাদ দিয়ক
আমি সকলোৱে কাম টো কৰিব নোৱাৰিলে বা কৰিব নুখুজিলে কিছুমান এক্সকিউজ দিও৷ সেয়া মনস্তাত্বিকভাৱে সকলো মানুহইে কৰে৷ কিন্তু আপুনি নকৰে৷ কাৰণ আপুনি সফল হ’ব বিচাৰে৷ এক্সকিউজ বা সফলতা, কোনটো লাগে আপুনি বাচি লওক৷
আপুনি কিবা বেলেগ কাম এটাত ফচি আছে (কাম কৰিবলগীয়া হৈছে), কোনো কথা নাই৷ সেই কামটো শেষ হোৱাৰ পিছত ঘৰলৈ যাওক, যিসকল আপোনাৰ বাবে গুৰুত্বপূর্ণ তেওঁলোকক এষাৰ মাত লগাওক আৰু নিজে কৰিব বিচৰা কামটো আৰম্ভ কৰক, কামটো কৰাত লাগি যাওক৷ যিমান সময় আপুনি পায়, সিমান সময় তাত লগাওক৷ যদি আপুনি এয়া নকৰে, তেন্তে আপুনি কৰিব বিচৰা কামবোৰ কৰিব নোৱাৰিব, আপুনি বিচৰা ফলাফল আপুনি লাভ কৰিব নোৱাৰিব৷
নিজৰ ওপৰত বিশ্বাস
আপুনি সফলতা লাভ কৰিবলৈ হ’লে আপোনাৰ নিজৰ ওপৰত যথেষ্ট বিশ্বাস থাকিব লাগিব৷ আপুনি নিজে নিজৰ কথাত ইমান বিশ্বাস কৰিব লাগিব যে যাতে আনেও সেই কথাটো দেখা পায়, বুজি পায় আৰু বিশ্বাস কৰে৷ তেতিয়া তেওঁলোকেও আপোনাক সহায় কৰিব৷
এখন দলঙৰ কথা
আপোনাৰ সপোন আৰু বাস্তৱৰ মাজৰ যিখন দলং আছে সেয়া হ’ল কাম কৰা৷ অর্থাৎ যদি আপুনি নিজৰ সপোনবোৰ লাভ কৰিব বিচাৰে, তেন্তে আপুনি কাম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব৷ হার্ড ৱর্ক ভাল নে স্মার্ট ৱর্ক ভাল সেয়া ভাবি আপুনি সময় নষ্ট কৰিব নালাগে৷ মাত্ৰ নিজে যেনেকৈ পাৰে, তেনেকৈ কাম কৰি গলে হ’ল৷ প্ৰয়োজন হ’লে আনৰ পৰা কেনেদৰে সেই কামটো কৰিব পাৰি সেই কথাটো শিকি ল’ব পাৰে৷ এই দলঙখনৰ বাদে আন কোনো দলঙে আপোনাক আপোনাৰ সপোনবোৰ লাভ কৰাত সহায় কৰিব নোৱাৰে৷
হাত দাঙি নিদিব
নেভাৰ গিভ আপ৷ হাৰ মানি হাত দাঙি নিদিব৷ আপুনি এয়া নাভাবিব যে অকল আপুনিহে ইমান কষ্ট কৰি আছে, আনে দেখোন একো নকৰাকৈ জীৱনটো সুন্দৰভাৱে জীয়াই আছে৷ আপোনাৰ চিন্তাটো সম্ভৱত ভুল৷ আপুনি হয়তো নাজানে তেওঁ বা সেয়া লাভ কৰিবলৈ কিমান কষ্ট কৰিছে, বা তেওঁ হয়তো আপোনাৰ নিচিনা বিশেষ, অর্থ থকা জীৱন এটা বিচৰাই নাই, সাধাৰণ অর্থহীন জীৱন এটাতে তেওঁলোক সন্তুষ্ট৷ যিমানে কষ্ট নহওক, যিমানে টান নহওক কিয় হাত দাঙি নিদিব, হাৰ মানি নল’ব৷ কাৰণ হাৰ নমনা মানুহবোৰেহে সফল হয়, জীৱন যুদ্ধত জিকে৷
টেচলা কোম্পানীৰ মুখ্য কার্যবাহী ইলন মাস্ক ক এবাৰ এজন সাক্ষাৎগ্ৰহণকাৰীয়ে সুধিছিল, “আপুনি এটাৰ পিছত এটাকৈ চাৰিটা বিফলতাৰ সন্মুখীন হৈছিল? তেতিয়া আপোনাৰ ভাব হোৱা নাছিল নে যে মই নিজৰ বস্ত-বাহানি বন্ধা ভাল, এই কামবোৰ বাদ দিয়া ভাল৷”
“কেতিয়াও লগা নাছিল৷”
“কিয়?” “কাৰণ মই নাজানো কেনেকে হাত দাঙি হাৰ মানিব লাগে৷”