Close

কোনেও এপ্ৰিচিয়েট নকৰা অনুভৱৰ পৰা কেনেদৰে হাত সাৰিব?

আপোনাক কোনেও এপ্ৰিচিয়েট বা সমাদৰ নকৰে নেকি? আপোনাৰ তেনে অনুভৱ হয় নেকি? বিভিন্ন কাৰণত আপোনাৰ তেনে অনুভৱ হ’ব পাৰে৷ বহু মানুহে অনুভৱ কৰে যে তেওঁলোকে পাবলগীয়া এপ্ৰিচিয়েছন বা সমাদৰ পোৱা নাই আৰু সেই কথাই তেওঁলোকৰ জীৱনটো পথচ্যুত কৰি পেলায়৷ সেই কথাটো বাদ দি তেওঁলোকে আন একো কথাতে মনোযোগ দিব নোৱাৰে৷ আন মানুহে আপোনাক এপ্ৰিচিয়েট কেতিয়া কৰে? যেতিয়া তেওঁলোক আপোনাৰ কামৰ দ্বাৰা সন্তুষ্ট হয়৷ কিন্তু কোনোবাই কৈ থৈ গৈছে যে “বিফলতাৰ চাবিকাঠি হ’ল সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো৷”

আপুনি যদি নিজকে আনে এপ্ৰিচিয়েট নকৰা যেন অনুভৱ কৰিছে, তেতিয়া আপুনি কি কৰিব?

কামবোৰ নিজৰ বাবেই কৰক

আপুনি যিবোৰ কাম কৰে, সেই কামবোৰ নিজৰ বাবেই কৰক৷ আপুনি জানো কামবোৰ আনৰ এপ্ৰিচিয়েচন পাবলৈ কৰে? যদি কেতিয়াবা কৰে সেয়া তেন্তে সেই কামটোৰ আপোনাৰ বাবে মুল্য থাকেনে? কামবোৰ আপুনি নিজৰ বাবে, নিজৰ লক্ষ্যবোৰৰ বাবে, নিজৰ উদ্দেশ্যবোৰৰ বাবে, নিজৰ মৰমৰ মানুহবোৰৰ বাবে কৰে৷ তাৰ পৰা ফলাফল লাভ কৰাৰ লগতে যদি সমাদৰ বা এপ্ৰিচিয়েচন লাভ কৰে তেনেহ’লে সেয়া আপোনাৰ বাবে এক্সট্ৰা বা বাই-প্ৰডাক্ট৷ বাই-প্ৰডাক্ট থাকিলে ভাল কথা, নাথাকিলেও নাই৷ আপুনি ফলাফলৰ বাবেহে কামটো কৰিছে, বাই-প্ৰডাক্টৰ বাবে নহয়৷

নিজকে এপ্ৰিচিয়েট কৰক

আনে আপোনাক এপ্ৰিচিয়েট কৰিবলগীয়া পৰিস্থিতি এটাতো যদি এপ্ৰিচিয়েট নকৰে, তেতিয়া আপুনি নিজেই নিজকে এপ্ৰিচিয়েট কৰিব নোৱাৰে জানো? যদি আপুনি এপ্ৰিচিয়েট কৰিবলগীয়া কাম এটা কৰিছে,ভাল কাম এটা কৰিছে তেনেহ’লে আনে কৰক বা নকৰক আপুনি নিজে জানো এপ্ৰিচিয়েট কৰিব নোৱাৰে? নিশ্চয় পাৰে৷ আনে এপ্ৰিচিয়েট কৰিলেও আপুনি নিজকে এপ্ৰিচিয়েট কৰিব পাৰে৷ এনে কৰিলে আপুনি আনৰ পৰা এপ্ৰিচিয়েচন লাভ কৰিবই লাগিব বুলি অহা ভাবটো লাহে লাহে নোহোৱা হ’ব৷

আনক এপ্ৰিচিয়েট কৰক

আপুনি যিদৰে এপ্ৰিচিয়েচন নাপালে বেয়া পায়, মনটো বেয়া লাগে তেনেদৰে আনৰো সঠিক কামৰ বাবে পাবলগীয়া এপ্ৰিচিয়েচন নাপালে একেদৰেই মন বেয়া লাগে৷ গতিকে কোনোবাই যদি এপ্ৰিচিয়েট নকৰে আপুনিও তেনে এজন মানুহৰ নিচিনা হ’ব নালাগে৷ আপুনি এপ্ৰিচিয়েট কৰিবলগীয়া কথাবোৰত আনক এপ্ৰিচিয়েট কৰা অৰম্ভ কৰক৷ ল অব ৰেচিপ্ৰ’চিটি অনুসৰি আপুনিও তেনে মানুহৰ পৰা এপ্ৰিচিয়েচন লাভ কৰা আৰম্ভ কৰিব৷ ইমানদিনে যদি আপুনি এপ্ৰিচিয়েচন পোৱা নাই তেতিয়া সেয়া আপুনি আনক কেতিয়াও এপ্ৰিচিয়েট কৰাই নাই বাবেও তেনে হব পাৰে৷ কিছুমান মানুহে নাজানে যে আনক এপ্ৰিচিয়েট কৰিব লাগে৷ আপুনি তেনে মানুহক এপ্ৰিচিয়েচট কৰিলে তেনে মানুহেও হয়তো কথাটো বুজি পাব আৰু আপোনাক এপ্ৰিচিয়েট কৰা আৰম্ভ কৰিব৷

কাম এটা আপোনাৰ বাবে কিয় গুৰুত্বপূর্ণ সেয়া বিচাৰ কৰক

আনে এপ্ৰিচিয়েট বা সমাদৰ নকৰিলেও আপুনি কাম এটা কৰাৰ আগতে, কৰোতে আৰু কৰাৰ পিছত ভাবিব কিয় আপুনি সেই কামটো কৰাটো আপোনাৰ বাবে গুৰুত্বপূর্ণ৷ কি কাৰণে আপুনি কাম এটা কৰিব, কৰি আছে বা কৰিছিল৷ বিশেষকৈ বর্তমান আৰু ভবিষ্যতে কি কাৰণে আপুনি কাম এটা কৰিছে বা কৰিব সেই কথাটো জনাটো প্ৰয়োজনীয়৷ এনে কৰিলে কোনোবাই আপোনাক এপ্ৰিচিয়েট কৰক বা নকৰক, আপুনি সেই কামটো কৰি থাকিব আৰু ভবিষ্যতে কৰিব৷ আন কাৰো এপ্ৰিচিয়েচন নাপালেও আপুনি সেই কামটো কৰিবই কাৰণ সেইটো কৰাৰ কিবা এটা কাৰণ আছে৷

আনৰ জাজমেন্টৰ ওপৰত ভৰসা কৰি নিজৰ মূল্য নিৰূপণ নকৰিব

আপোনাৰ নিজৰ মূল্য আনৰ অনুভৱ বা জাজমেন্টৰ ওপৰত ভৰসা কৰি নকৰিব৷ তেনে কৰিলে ই বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব৷ আনে আপোনাক কৃতজ্ঞতা জনালে নে নাই, এপ্ৰিচিয়েট কৰিলে নে নাই সেই কথাটোৱে আপোনাৰ কামৰ মূল্য ঠিৰাং কৰিব নালাগে, কাৰণ ই সেয়া কৰিব নোৱাৰে৷ আনে এপ্ৰিচিয়েট কৰিলে নিশ্চয় ভাল লাগে কিন্তু সেয়া আশা কৰি কামবোৰ নকৰিব৷ নিজৰ কামৰ মূল্য নিজেহে ঠিক কৰা আৰম্ভ কৰক, তেতিয়া আনে এপ্ৰিচিয়েট নকৰিলেও আপোনাৰ কাম কৰিবলৈ মন নোযোৱা নহয়, বা কামৰ মূল্য কমি নাযায়৷

কোনোবাই আপোনাক এপ্ৰিচিয়েচট নকৰিলেই যেনিবা আপোনাৰ জীৱনটো নোহোৱা হৈ যাব নেকি, নে আপুনি কৰা কামবোৰৰ মূল্য কমি যাব, নে আপুনি সুখ আৰু শান্তি পাব নোৱাৰিব? কি হ’ব নো? চিন্তা কৰি চাবচোন৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top