কিবা এটা কিনাৰ আগতে সুধিবলগীয়া প্ৰশ্ন কেইটামান

মই যথেষ্ট ঠেকা খাই এই কথাটো শিকিবলগীয়া হৈছে৷ মোৰ হাতত বহু এনে বস্তু আছে যিবোৰ মোক নালাগে বা যিবোৰ মই ব্যৱহাৰ নকৰো৷ মই যদি এইবোৰ বস্তুত নষ্ট কৰা টকা-পইচাৰ হিচাপ কৰোঁ ই এক ডাঙৰ সংখ্যা হ’বগৈ৷

woman

কেইটামান প্ৰশ্নই আপোনাক এনে অৱস্থাৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰিব৷ আপুনি নিজকে এই প্ৰশ্নবোৰ সোধক আৰু তাৰ পিছত সিদ্ধান্ত কৰক আপুনি বস্তুটো কিনিব নে নিকিনে৷

মোক এইটো সঁচাকৈয়ে লাগেনে?

আপুনি সম্পূর্ণ ৰূপে শান্ত হৈ থকা অৱস্থাত যদি সম্পূর্ণ সততাৰে নিজকে এই প্ৰশ্নটো সোধে, তাৰ উত্তৰটো বস্তুটো দেখি আপোনাৰ মনলৈ অহা অনুভৱতকৈ বেলেগ হ’ব৷ আপোনাৰ যদি সঁচাকৈয়ে বস্তুটোৰ প্ৰয়োজন নাই, কৰবাৰ পৰা কেনেবাকৈ আপোনাৰ মনটোৱে উত্তৰ দিব যে আপোনাক বস্তুটোৰ প্ৰয়োজন নাই, বস্তুটো আপোনাক নালাগে৷

সেইখিনি টকা মই খৰচ কৰিব পাৰোঁ জানো?

যদি আপুনি ক্ৰেডিট কার্ডেৰে তাৰ পেমেন্ট কৰিব লাগিব তেতিয়াহ’লে হয়তো আপুনি নোৱাৰে৷

ই মোৰ জীৱনৰ কিবা মূল্য বঢ়াবনে?

ই এটা ডাঙৰ প্ৰশ্ন৷ যদি বস্তুটোৱে আপোনাৰ জীৱনৰ মূল্য নবঢ়ায়, ভাল কিবা এটা যোগ নকৰে (ই আনন্দ, সুখ আদিও হ’ব পাৰে), তেন্তে আপোনাক সেই বস্তুটোৰ প্ৰয়োজন আছেনে?

মই এইটো নোহোৱাকৈ চলিব পাৰিমনে?

যদি উত্তৰটো ‘পাৰিম’ হয় তেতিয়া আপুনি হয়তো বস্তুটোৰ কথা সম্পূর্ণৰূপে পাহৰি যাব পাৰে বা কিছুদিন অপেক্ষা কৰিব পাৰে৷ আপুনি যদি এদিন বা কেইদিন মান ৰৈ দিয়ে, তেনেহ’লে ভালদৰে ভাবি চোৱাৰ পিছত আপুনি অনুভৱ কৰিব যে হয়তো আপোনাক সেই বস্তুটো নালাগে৷

ইয়াৰ কিবা বিকল্প আছে নেকি?

আপুনি বস্তুটো বিচাৰিছে কিবা এটা কামত লগাবলৈ৷ এতিয়া যদি আপুনি নিজকে সোধে, ‘মই আন কি কৰিব পাৰোঁ বা ইয়াৰ কিবা বিকল্প আছে নেকি?’ আপুনি কিছুমান উত্তৰ পাব৷ একেটা প্ৰয়োজন পুৰণ কৰিবলৈ আপোনাৰ মনটোৱে এনে এক দিশলৈ আঙুলিয়াই দিব যত আপুনি আন কিবা এক বিচাৰি পাব যিয়ে আপোনাৰ এই প্ৰয়োজনটো পুৰাব পাৰিব নতুন বস্তুটো নিকিনাকৈ৷ কথাটো এনেয়ে নকয় যে- “অভাৱেই আৱিষ্কাৰৰ মূল৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *