Close

Take Decision Better and Faster

The rocking chair method

কঠিন সিদ্ধান্ত এটা ল’বলৈ অসুবিধা পাইছে৷ বৰ টান সিদ্ধান্তটো?

ই তেনেই সহজ

ঘৰত যদি ৰকিং চেয়াৰ আছে তেনেহ’লে তাত বহক৷ যদি নাই তেনৈ’লে মেৰুদণ্ড চিধাকৈ এঠাইত বহি লওক৷ ঠাইটুকুৰা গণ্ডোগল নথকা, শান্ত ঠাই এটুকুৰা হ’ব লাগে৷ এতিয়া কল্পনা কৰক অপাওৰন বয়স ৮৫ বছৰ আৰু আপুনি ৰকিং চেয়াৰ এখনত বহি আছে৷ নিজৰ জীৱনটো এই ৮৫ বছৰ কেনেদৰে পাৰ হ’ল সেয়া আপুনি তাত বহি মনত পেলাই আছে৷ এতিয়া আপুনি যিটো কাম কৰিব নে নকৰিব সেয়া থিৰাং কৰিব পৰা নাই সেই কামটো কৰিছিল বুলি কল্পনা কৰক৷ আপোনাৰ জীৱনটো এতিয়া কেনে হ’ব? কল্পনা কৰক৷ কেৰিয়াৰ সলনি কৰা, কাৰোবাক বিয়া পতা, চাকৰি এৰি নিজৰ কাম কৰা, বা আন তেনে কিবা গুৰুত্বপূর্ণ সিদ্বান্ত ই হ’ব পাৰে৷ আপুনি কামটো কৰিলে বুলি কল্পনা কৰোতে আপোনাৰ কেনে লাগিছে, কেনে অনুভৱ হৈছে? সেই সিদ্ধান্তটোৰ বাবে আপোনাৰ জীৱনটো কেনে হৈ পৰিছে?

এতিয়া আকৌ এবাৰ কল্পনা কৰা আৰম্ভ কৰক৷ এইবাৰ আপুনি যিটো কাম কৰিম নে নকৰিম বুলি ভাবি আছিল সেই কামটো নকৰিলে৷ ভালদৰে কল্পনা কৰক৷ আপুনি ভয় বা আন কিবা কাৰণত যদি এয়া নকৰিলে তেতিয়া আপোনাৰ কেনে অনুভৱ হৈছে? জীৱনটো কেনে হৈ পৰা যেন অনুভৱ হৈছে? কামটো নকৰাৰ বাবে কিবা অনুতাপ বা দুখ আছে নেকি? ৮৫ বছৰত পাৰ হৈ অহা জীৱনটোৰ ফালে ঘূৰি চালে সেই কামটো নকৰাৰ বাবে মনটো বেয়া লাগইছে নেকি, চকুপানী ওলাই আহিছে নেকি? আপোনাৰ এনে লাগিছে নেকি যে সেই কামটো কৰাই ভাল আছিল?

এতিয়া চকু মেলক আৰু দুয়োবাৰ কৰা কল্পনাৰ বাবে লাভ কৰা অনুভৱবোৰ, আভেগবোৰ তুলনা কৰি চাওক আৰু সেইমতে যিটো আপোনাৰ মতে বেছি ভাল সেইমতে কাম কৰক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top