Close

জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকক এই তিনিটা উপায়েৰে

আপোনাৰ যদি এনে অনুভৱ হৈছে যে আপুনি মাত্ৰ জীৱনটো পাৰ কৰি গৈ আছে কিন্তু জীৱনটো জীয়াই থকা নাই, তেন্তে এয়াই সেই বিষয়ে কিবা কৰাৰ সময়৷

আপুনি যদি জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকিব বিচাৰে আপুনি তাৰ বাবে কিছুমান কাম কৰিব লাগিব৷ সম্পূর্ণৰূপে জীৱনটো জীয়াই থাকিবলৈ কি কৰিব লাগে সেয়া চাও আহকচোন৷

অদৰকাৰী কার্য আৰু বস্তুক “নহ’ব” বা “নোৱাৰো” বুলি কোৱাটো

সকলো কথাকে, বা মানুহকে “হয়” বা “হ’ব” বলি ক’বই লাগিব বুলি কোনো কথা নাই৷ আপুনি আপোনাৰ সময় বহুত অদৰকাৰী কাম আৰু মানুহৰ বাবে নষ্ট কৰে৷ এইবোৰৰ বিষয়ে আপুনি জানে আৰু নাজানিলেও অকনমাণ মন কৰিলেই আপুনি সেয়া গম পাব৷ সেইবিলাকৰ বিষয়ে জনাৰ পিছতো আপুনি সেইবোৰ কাম কৰে আৰু মানুহক সহ্য কৰে কাৰণ আপুনি সেইবোৰ মানুহক আৰু তেওঁলোকৰ অনুৰোধবোৰক “নাই” বা “নহ’ব” বা “নোৱাৰো” বুলি ক’ব নাজানে৷ সেইবাবে আপুনি অদৰকাৰী আৰু আপোনাৰ বাবে গুৰুত্বহীন কামত নিজৰ সময় নষ্ট কৰে৷

আপুনি আপোনাৰ অগ্ৰাধিকাৰবোৰ ঠিক কৰি ল’ব লাগিব আৰু লগতে “নাই” বা “নহ’ব” বা “নোৱাৰো” বুলি ক’বলৈ শিকিব লাগিব৷ আপুনি মানুহক আৰু তেওঁলোকৰ অনুৰোধবোৰক “নাই” বা “নহ’ব” বা “নোৱাৰো” বুলি ক’বলৈ শিকিব লাগিব৷ এয়া কোনো বেয়া কথা নহয়৷ কোনোবাই কিবা বিচাৰিলেই বা অনুৰোধ কৰিলেই আপুনি সেয়া কৰিবই লাগিব বুলি কোনো কথা নাই৷ আপুনি এই পৃথিৱীলৈ আন মানুহৰ কাম কৰিবলৈ আৰু তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ অহা নাই৷

মিডিয়াৰ ব্যৱহাৰ কম কৰক

আপুনি গম নোপোৱাকৈ মিডিয়াই (টিভি, বাতৰি কাকত, ফেচবুক, ইনষ্টাগ্ৰাম আদি সকলো) গভীৰভাৱে আপোনাক প্ৰভাৱিত কৰে৷ ই আপোনাৰ বাবে অকল আপুনি কেনে জীৱন জীয়াই থাকিব লাগে সেয়াই থিৰাং নকৰে বৰঞ্চ ই আন বহুতো সিদ্ধান্ত আপোনাৰ বাবে লয়৷ ই আপোনাৰ সিদ্ধান্তবোৰ প্ৰভাৱিত কৰে৷ আপুনি জীয়াই থাকিবলৈ হাবিয়াস কৰা এক জীৱনৰ ই এক ছবি সৃষ্টি কৰে, যি ছবিখন এক মিছা ছবি৷ আপুনি সেই ছবিখনৰ পিছত দৌৰি থাকে আৰু গোটেই জীৱনটো সেই মিছা ছবিখন পাবলৈ চেষ্টা কৰি কটাই দিয়ে যি ছবিখন এক মৰীচিকাৰ বাহিৰে আন একো নহয়৷

মিডিয়াৰ ব্যৱহাৰ কম কৰক আৰু নিজৰ জীৱনটো নিজে নিয়ন্ত্ৰণ কৰক আৰু নিজৰ সিদ্ধান্তবোৰ নিজে লওক৷ কিছুমান মিছা কথা আৰু আপোনাৰ জীৱনত কোনো পজিটিভ প্ৰভাৱ নথকা কথাৰ দ্বাৰা প্ৰভাৱিত নহ’ব৷ তাৰ পৰিৱর্তে সেই সময়খিনি আপুনি ভাল পোৱা কিবা এটা কাম কৰিবলৈ ব্যৱহাৰ কৰক৷ এই সময়খিনি কিতাপ পঢ়াত লগালে আপুনি জ্ঞান লাভ কৰিব আৰু বহুত কথা বুজি পোৱা হ’ব যিবোৰে আপোনাৰ জীৱনটওক উন্নীত কৰি তুলিব৷ কিতাপে আন মানুহৰ জ্ঞান আৰু অভিজ্ঞতাক লিপিবদ্ধ কৰে যিবোৰৰ পৰা আপুনি লাভ আহৰণ কৰিব পাৰে, নানা প্ৰশ্নৰ উত্তৰ বিচাইৰ পাব পাৰে, নিজে তেনে অভিজ্ঞতাৰ সন্মুখীন নোহোৱাকৈ আৰু ইমান সময় তাত ব্যয় নকৰাকৈ৷ 

আপুনি ভালপোৱা কামবোৰ কৰিবলৈ সময় উলিয়াওক

যদি আপুনি জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকিবলৈ ইচ্ছা কৰে, তেন্তে কৰিবলগীয়া কামবোৰ কৰাৰ উপৰিও আপুনি কৰি ভালপোৱা কামবোৰ কৰিবলৈ সময় উলিয়াব লাগিব৷ আপুনি যদি কিবা কৰি ভাল পায়, তেন্তে সেই কাম কৰিবলৈ সময় উলিয়াওক৷ আপুনি যদি পঢ়ি ভাল পায় তেন্তে পঢ়িবলৈ সময় উলিয়াওক৷ আপুনি যদি নিজৰ সন্তান আৰু সংগীৰ লগত সময় কটাবলৈ ভাল পায় তেন্তে সেয়া কৰিবলৈ সময় উলিয়াওক৷ আপুনি যদি ছবি আকি, গান গাই, লিখি বা নতুন বস্তুৰ সৃষ্টি কৰি ভাল পায় তেন্তে সেয়া কৰিবলৈ সময় উলিয়াওক৷ মিডিয়াৰ ব্যৱহাৰ কমালে আপুনি হাতত বহুত সময় পাব৷ যেতিয়া আপুনি ভাল পোৱা কামবোৰ কৰে, তেতিয়া ভালপোৱা কামবোৰ নকৰা বাবে জীৱনৰ পিছৰ সময়ত অনুশোচনাৰ পৰা নিজকে ৰক্ষা কৰে৷ ই আপোনাৰ জীৱনটোকো উন্নীত কৰিব আৰু আপোনাৰ জীৱনটো সুখী, অর্থপূর্ণ, আৰু আনন্দময় কৰি তুলিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top