Close

জীৱনৰ পৰা আতৰাই পেলাবলগীয়া কেইটামান বস্তু

আপুনি যদি সুখী, সুন্দৰ জীৱন এটা বিচাৰে আৰু তাত নিজৰ ধৰণৰ সফলতাও বিচাৰে তেতিয়া আপুনি কেইটামান বস্তু জীৱনৰ পৰা আতৰাই পেলাব লাগিব৷ এই কেইটা নাথাকিলেও একো সমস্যা নহয়, বৰঞ্চ ই কেইটা থাকিলেহে নানা ধৰণৰ সমস্যা হ’ব৷ কি কি এনে বস্তু আৰু কথা আপুনি আতৰাই পেলাব লাগে?

অজুহাত

অজুহাতক জীৱনৰ পৰা একেবাৰেই বাদ দিয়ক৷ কাম এটা কৰিব নোৱাৰিলে, কিবা ভুল হ’লে, তাৰবাবে অজুহাত দিয়াটো বন্ধ কৰক আৰু তাৰ দ্বায়িত্ব নিজে লওক৷ প্ৰয়োজন হ’লে ক্ষমা খোজক, কিন্তু অজুহাতক যিমান দূৰ পাৰি সিমানে কেতিয়াও ব্যৱহাৰ নকৰাকৈ থাকক৷ যদি আপুনি এনে কৰিব পাৰে তেনেহ’লে আপুনি নিজৰ জীৱনৰ কথাবোৰ নিজে হাতত ল’ব, নিজৰ দ্বায়িত্ব নিজে ল’ব, জীৱনৰ বাবে যি কৰিব লাগে সেয়া কৰিব, কিন্তু কিবা কথা নিজে নিজে হ’ব বুলি বহি নাথাকে৷ এলাহ, ভয় বা আন যিকোনো কাৰণতে আপুনি অজুহাতক যদি ব্যৱহাৰ নকৰে, তেতিয়া আপুনি কৰিব বিচৰা কামবোৰ হৈ গৈ থাকিব৷

ভয়

কিবা কাম কৰিবলৈ, বা কিবা এটা সিদ্ধান্ত ল’বলৈ যাওতে ভয় খোৱা বাদ দিব পাৰিলে ই জীৱনটো আৰু সহজ আৰু ভাল কৰি তুলিব৷ আপুনি যদি জীৱনৰ ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ লওতে ভয় কৰি সেইবোৰ নোলোৱাকৈ থাকে, কৰিব বিচৰা কামবোৰ নকৰাকৈ থাকে, তেতিয়া জীৱনটো জানো আপুনি বিচৰা ধৰণৰ হ’ব? কেতিয়াও নহয়৷ তেনেদৰে কিছুমান গুৰুত্বপূর্ণ সিদ্ধান্ত ভয়ৰ বাবে ল’ব নোৱাৰিলে বা সময়ত ল’ব নোৱাৰিলে সম্পর্কবোৰ ভাঙি-চিঙি যাব পাৰে আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত নানা ধৰণৰ অনুতাপে দেখা দিব পাৰে৷ ভয় থাকিবই, কিন্তু তাক অতিক্ৰম কৰি আপুনি আগবাঢ়িব লাগিব৷ আন মানুহে তেনে কৰে, আপুনিও পাৰিব৷

পাৰফেকচনিজম

পাৰফেকচন কিয় নালাগে বুলি কিছুমানে এই কথাটোত আপত্তি কৰিব পাৰে৷ কিন্তু সকলো কথাতে পাৰফেকচন বিচাৰিলে জীৱনটো অশান্তিময় হৈ পৰিব পাৰে৷ কিছুমান কথাত ই ভাল, কিন্তু সকলো কথাতে নহয় আৰু বেছি পৰিমাণত নহয়৷ গতিকে সকলো কথাতে পাৰফেকচন যদি নিবিচৰাকৈ থাকিব পাৰে তেতিয়া আপোনাৰ নিজৰ বাবেই হয়তো ভাল হ’ব৷

এক ফিক্সড মাইণ্ডচেট

জীৱনটো ভালদৰে জীয়াই থাকিবলৈ আৰু সফলতা লাভ কৰিবলৈ দুয়োটাৰে বাবে আপোনাক এক গ্ৰোথ মাইণ্ডচেট বা বৃদ্ধিৰ মানসিকতা লাগে৷ ই নাথাকিলে নহ’ব৷ ফিক্সড মাইণ্ডচেট এটা থাকিলে আপুনি নতুন কথা শিকিবলৈ টান পাব, নিজকে আৰু উন্নত কৰিবলৈ কোনো আগ্ৰহ নাথাকিব৷ তেনে মানসিকতা থকা মানুহে বিশ্বাস কৰে যে কিছুমান মানুহে টেলেন্ট লৈ জন্ম লাভ কৰে আৰু আমি নিজৰ চেষ্টাৰ দ্বাৰা নিজকে আৰু ভাল কৰিব নোৱাৰোঁ, একো লাভ কৰিব নোৱাৰোঁ৷ তেনেদৰে ভাবিলে আপুনি জীৱনটো সুখী কৰিবলৈ, সুন্দৰ কৰিবলৈ আৰু সফল হ’বলৈ চেষ্টা কৰিব জানো? সেইবাবেই ইয়াক আতৰ কৰক৷

লগে লগে সফলতা লগা

আপোনাক যদি আজি, এতিয়াই সফলতা লাগে, তেনহ’লে আপুনি তাৰবাবে কিছুমান চর্ট কাট মাৰিবলৈ চেষ্টা কৰিব আৰু এনে ধৰণৰ চর্টকাটৰ কিছুমান নিগেটিভ ফলাফল থাকিবই৷ কোনেও এনেদৰে সুখী, আৰু সফল হ’ব নোৱাৰে, শান্তি পাব নোৱাৰে৷ সফলতাই হওক বা সুখ-শান্তিয়ে হওক আপুনি তাৰবাবে কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, কিছুমান অভ্যাসৰ সৃষ্টি কৰিব লাগিব, নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব৷ লগে লগে সকলো লগা মানুহে এনেদৰে বিচৰা কথাবোৰৰ সাধানাত লাগি থাকিব নোৱাৰে আৰু সেয়ে তেওঁলোকে একো লাভো নকৰে৷ আপুনি তেনে নহ’ব৷ কিছুদিন কাম কৰিব লগা হ’লেই এনে মানুহে অশান্তি পায়, বিৰক্ত হয়৷ কিন্তু এটা শক্তিশালী ফাউণ্ডেচন নথকাকৈ আপুনি ডাঙৰ, ভাললগা, মজবুত কিবা গঢ়িব পাৰিব জানো?

টক্সিক মানুহ

টক্সিক মানুহবোৰক জীৱনৰ পৰা আজিয়েই বিদায় দিয়ক৷ নহ’লে আপোনাৰ জীৱনটোও বিষাক্ত হৈ পৰিব৷ তেনে মানুহৰ লগত থাকিলে আপোনাৰ এটিটিউদ, আৰু মাইণ্ডচেট নিগেটিভ হৈ পৰিব৷ আপুনি নিগেটিভ কথা বাদ দি একো চিন্তাই কৰিব নোৱাৰিব৷ আপুনি সকলোতে, সকলো কথাতে, সকলো মানুহতে নিগেটিভেই দেখা পাব৷ মানুহ আপোনাৰ ওচৰৰ পৰা পলাব, আপোনাৰ সম্পর্কবোৰ বাচি নাথাকে আৰু থাকিলেও কোনোমতেহে বাচি থাকিব৷ এনে অৱস্থাত আপুনি ভাবে নে যে নিজৰ সুখ-শান্তি-সফলতাৰ বাবে আপুনি কাম কৰিব পাৰিব? নোৱাৰে৷ প্ৰতিটো দিনেই আৰু জীৱনটো সুন্দৰভাৱে জীয়াই থাকিব পাৰিব? নোৱাৰে৷ সেয়ে ইয়াক আজিৰ পৰাই লাহে লাহে বাদ দিয়ক৷
এই কথাবোৰ আপোনাক নালাগে, এইবোৰ বাদ দিয়ক৷ জীৱনটো বেছি ভাল আৰু সুন্দৰ হৈ পৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top