শিৱ কুমাৰ নাগেন্দ্ৰ নামটো হয়তো আপোনাৰ চিনাকি নহয়, কিন্তু তেওঁ কি কৰিলে সেয়া জানিলে তেওঁৰ প্ৰতি আপোনাৰ মনতো শ্ৰদ্ধা উপজিব৷
শিৱৰ জীৱনটো হঠাতে সলনি হ’ল৷ ই সেইদিনাই সলনি হ’ল যিদিনা 12 বছৰীয়া শিৱই বগা নাইট চুট পিন্ধি থকা মানুহজনৰ ওচৰলৈ আগবাঢ়ি গ’ল৷ সেই সময়ত তেওঁ ঘৰে ঘৰে পেপাৰ বিলাইছিল৷
শিৱৰ মাক-দেউতাকে তাৰ প্ৰায় 25 বছৰ আগতে মাইচোৰ (মহীশুৰ)ৰ পৰা বেংগালুৰুলৈ আহিছিল৷ দেউতাক আছিল ট্ৰাক ড্ৰাইভাৰ, কিন্তু এটা দুর্ঘটনাৰ বাবে দেউতা তিনিবছৰমান বিচনাত পৰি থাকিবলগীয়া হ’ল৷ ফলত পৰিয়ালটো আর্থিক দুৰৱস্থাত পৰিল৷ মাকে পইচা ঘটিবলৈ ফুলৰ মালা গুঠিবলৈ ল’লে যিবোৰ শিৱ আৰু তেওঁৰ ভনীয়েকে বিক্ৰী কৰে৷ কিন্তু সেয়াও যথেষ্ট নোহোৱাত, শিৱই গৰে ঘৰে বাতৰি কাকত বিলাবলৈ ল’লে৷ ৰাতিপুৱা সেয়া কাম কৰি তেওঁ পিছত স্কুললৈ যায়৷
সেইদিনা পেপাৰ বিলাই থাকোতে মানুহজনক দেখি শিৱই তেওঁক পেপাৰ বিক্ৰী কৰিবলৈ গ’ল৷ পেপাৰ দি উঠি, তেওঁক শিৱই সুধিলে যে আবেলি সি তেওঁৰ গাড়ীখন ধুব পাৰিব নেকি পইচাৰ বিনিময়ত৷ মানুহজন মান্তি হ’ল৷ সন্ধিয়া গাড়ীখন ধোৱাৰ পিছত কোনোমতে সাহস গোটাই শিৱই মানুহজনক ক’লে, “ছাৰ, মোক স্কুল ফিজৰ বাবে 15000 টকা লাগে৷ আপুনি দিব পাৰিব নেকি?” মানুহজন আচৰিত হ’ল৷ হোৱাৰে কথা৷ শিৱই তেওঁক ক’লে যে তেওঁ স্কুললৈ গৈ শিৱই সঁচাই পঢ়ে নে নপঢ়ে সেয়া চাই আহিব পাৰিব আৰু প্ৰয়োজন হ’লে তেওঁ ফিজখিনি শিৱক নিদি স্কুলতে জমা কৰি দিব পাৰিব৷
পিছদিনা সেই মানুহজন, কৃষ্ণ ৱেদ ব্যাস, স্কুললৈ গ’ল৷ তেওঁ স্কুলৰ শিক্ষকসকলৰ পৰা গম পালে যে শিৱ সদায় তাৰ ক্লাছৰ টপাৰ৷ সকলো কথা ষিকে দেখি তেওঁ শিৱক ক’লে, “মই তোমাৰ পঢ়াৰ সকলো খৰছ বহন কৰিম৷ তুমি মাত্ৰ তোমাৰ মনোযোগ দিয়া আৰু কিন্তু কেতিয়াও পঢ়া এৰিব নোৱাৰিবা৷”
শিৱই নিজৰ পঢ়া চলাই গ’ল৷ শিৱ আছিল উচ্চাকাঙ্খী৷ পঢ়া-শুনাত কষ্ট কৰাৰ লগতে নিজৰ এক বাতৰি কাকত বিলনীয়া এজেঞ্চী আৰম্ভ কৰিলে৷ দশম শ্ৰেণীৰ পৰীক্ষাত শিৱ আকৌ টপাৰ হ’ল৷ তাৰ পিছত পঢ়া চলাই ৰাইক এদিন শিৱ বেংগালুৰু ইন্সষ্টিটিউট অব টেকনোলজীত ছিট পালে আৰু পাছ কৰাৰ সময়তে ৱিপ্ৰো কোম্পানীত চাকৰি এটাও পালে৷ কিন্তু শিৱক সহায় কৰা ব্যাস খুড়া (তেতিয়ালৈ তেওঁ শিৱৰ খুড়াক হৈ পৰিছিল)ই শিৱক চাকৰি কৰিবলৈ মানা কৰিলে আৰু পঢ়িবলৈ ক’লে৷
কথাটো লৈ শিৱৰ বৰ সমস্যা হ’ল৷ তেওঁৰ ঘৰত সকলোৱে তেওঁক কেইবছৰমানৰ বাবে হলেও চাকৰি কৰিবলৈ খুব ক’লে যাতে তেওঁলোকৰ আর্থিক অৱস্থা ভাল হয়৷ শিৱই কোনোমতে তেওঁলোকক বুজালে যে যদি তেওঁ IIM ত পঢ়িব পাৰে বা IAS হ’ব পাৰে, তেন্তে তেওঁৰ কেৰিয়াৰ আৰু চাকৰি ইয়াতকৈ বহু বেছি ভাল হ’ব৷ অৱশেষত মাক-দেউতাকে কথাটো মানি ল’লে৷
শিৱই Common Admission Test (CAT) ৰ বাবে সাজু হ’ব ধৰিলে৷ কৃষ্ণ ব্যাসে তেওঁক এক টিউটৰিয়েল ক্লাছত ভর্তি কৰালে৷ সেই সময়ত শিৱই ইঞ্জিনিয়াৰিং, নিজৰ পেপাৰ এজেঞ্চি আৰু MBA প্ৰস্তুতি সমানে চলাই আছিল৷
CAT ৰ ৰিজাল্ট দিলে আৰু শিৱই IIM Calcutta ত ছিট পালে৷ শিৱই নিজৰ সাফল্যৰ বিষয়ে কয়, “বছৰৰ পিছত বছৰ ধৰি মই 4 টা বজাত শোৱাৰ পৰা উঠিছিলোঁ আৰু মাজনিশা শুবলৈ গৈছিলোঁ৷ মোৰ জন্ম আর্থিকভাৱে সবল পৰিয়ালত হোৱা নাছিল৷ মই বিচৰা বস্তুবোৰৰ বাবে মই খুব কষ্ট কৰিছিলোঁ৷’’