Close

আপোনাৰ সন্তানৰ নতুন জীৱনটো

মাক-দেউতাক (অভিভাৱক) সকলৰ বাবে

সকলো কাম কৰি নিদিব

ল’ৰা-ছোৱালীৰ প্ৰতি আপোনাৰ মৰম থাকিবই, কিন্তু আন সকলো কথাৰ দৰেই অতিমাত্ৰ মৰম আপোনাৰ সন্তানৰ কাৰণে ভাল নহবও পাৰে৷ আপুনি আপোনাৰ সন্তানক কিছুমান কথা শিকাব লাগিব৷ তেওঁলোকৰ মনত সাহস সৃষ্টি কৰি, নিজৰ সমস্যাৰ লগত যুঁজিবলৈ আপুনি শিকাব লাগিব৷ আপোনাৰ ল’ৰা-ছোৱালীৰ বাবে এটা অতিকৈ প্ৰয়োজনীয় গুণ হ’ল আত্মবিশ্বাস৷ আপুনি যদি সকলো কাম কৰিয়েই দিয়ে তেতিয়া ই দুটা সমস্যাৰ সৃষ্টি কৰিব- (ক) আপোনাৰ ল’ৰা-ছোৱালী আপোনাৰ ওপৰত নির্ভৰশীল হ’ব অর্থাৎ পৰনির্ভৰশীল হ’ব আৰু (খ) তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস অর্থাৎ আত্মবিশ্বাস কমি যাব৷ যেতিয়ালৈকে তেওঁলোকে নিজকে সলনি নকৰে, তেতিয়ালৈকে এই দুটা কথাই তেওঁলোকৰ বাবে নানা সমস্যাৰ সৃষ্টি কৰি থাকিব৷

আপুনি যদি ইতিমধ্যে তেওঁলোকৰ নিজৰ কিছুমান কাম নিজে কৰিবলৈ শিকাই আহিছে, তেন্তে খুব ভাল কথা৷ কিন্তু যদি আপুনি সদায় তেওঁলোকৰ প্ৰত্যেকটো কাম কৰি দি আহিছে, তেন্তে সেয়া সলনি কৰাৰ সময় এয়াই৷ আপোনাৰ ল’ৰা-ছোৱালী ঘৰৰ পৰা আতৰি যোৱাৰ আগতে আৰু নতুন জীৱনটো আৰম্ভ কৰাৰ আগতে যিমান সময় আছে, সেই সময়খিনি আপুনি তেওঁলোককৰ নিজৰ সকলো কামেই নিজে কৰিবলৈ দি তেওঁলোকে পাৰিছেনে নাই সেয়া লক্ষ্য কৰিব নোৱাৰে নে? আৰু যদি ভুল কৰে, তেন্তে সেয়া আপুিন কৰি দিয়াতকৈ ভুলটো শুধৰাই তেওঁলোকক নিজে কৰিবলৈ দিয়ক৷ কোনবোৰ কাম নিজে কৰিবলৈ দিব? নিজৰ সিদ্ধান্তবোৰ নিজে ল’বলৈ দিয়ক৷ নিজৰ এডমিচন জাতীয় কামবোৰ, বেংকলৈ যোৱা, বজাৰ কৰা ইত্যাদি কামবোৰ নিজে কৰিবলৈ দিয়া কৰিব পাৰে৷ এই সৰু সৰু কামবোৰেও কিন্তু তেওঁলোকক নিজে সিদ্ধান্ত ল’বলৈ আৰু সেইমতে নিজে কাম কৰিবলৈ শিকাব৷

খালী বাহৰ বাবে সাঁজু হওক

খালী বাহ বা এম্পটি নেষ্ট এটা অৱস্থা যত ল’ৰা-ছোৱালী ঘৰৰ নিজৰ নিজৰ কামত বাহিৰলৈ ওলাই গুছি যায় আৰু ঘৰত কেৱল মাক-দেউতাক থাকে৷ কথাটো ভাবিলে আপোনাৰ মনটো বেয়া লাগিব পাৰে, কিন্তু এটা নহয় এটা সময়ত এনে হোৱাৰ সম্ভাৱনা থাকেই৷ ই সাময়িক (সন্তান পঢ়া-শুনা শেষ কৰি বা চাকৰি কৰিবলৈ একে ঠাইলৈ ঘূৰি আহিলে) বা স্থায়ী হ’ব পাৰে৷ কিন্তু আপোনাৰ সন্তান এতিয়া পঢ়িবলৈ বাহিৰলৈ ওলাই যোৱাৰ লগে লগে আপুনি নিজকে আৰু আপোনাৰ সংগী (আপোনাৰ স্বামী বা স্ত্ৰী) ক এই অৱস্থাৰ বাবে সাঁজু কৰিব লাগিব৷ আপুনি আপোনাৰ সন্তানৰ আটাইতকৈ ভাল হোৱাটো বিচাৰে আৰু সেয়ে তেওঁলোকক দূৰলৈ পঠিয়াবলৈও আপুনি ৰাজী৷ এইখিনি সময় হয়তো নিজকে নতুনকৈ অৱিষ্কাৰ কৰাৰ সময়৷ আপুনি কি কৰিব খোজে, কিবা নতুন বা পুৰণি হবীৰ বাবে বেছি সময় দিবলৈ আপোনাৰ হাতত সময় থাকিব৷ মন বেয়া কৰাতকৈ নিজকে সাজু কৰি আপুনি জীৱনৰ আন এক ইনিংছৰ বাবে নিজকে সাঁজু কৰি তুলিব পাৰে৷

আপোনাৰ ল’ৰা-ছোৱালী আপোনাৰ নহয়

খলিল জিব্ৰানে কৈছিল- Your children are not your children. “তোমাৰ সন্তান তোমাৰ নহয়৷”

আপুনি সিহঁতক নিজৰ মৰম দিব পাৰে, কিন্তু নিজৰ চিন্তা নহয়৷ তেওঁলোকৰ আত্মাবোৰ বাস কৰে কাইলৈৰ পৃথিৱীত, যি হয়তো আপুনি সপোনতো ঢুকি নাপায়৷

সেইবাবেই সিহঁত আপোনাৰ পৰা আতৰি গলেও তাৰবাবে আপুনি দুখ কৰিব নালাগে৷ বৰঞ্চ সিহঁতৰ যাত্ৰাৰ বাবে নিজে আগবঢ়োৱা অৱদানৰ কথা ভাবি আপুনি আনন্দিতহে হ’ব পাৰে৷

আপোনাৰ সন্তান আপোনাৰ নহয় বাবেই আপুনি নিজৰ ইচ্ছা-অনিচ্ছা, সপোন আদি তেওঁলোকৰ ওপৰত জাপি নিদিয়াটো প্ৰয়োজনীয়৷ নহ’লে দুটা সমস্যাই দেখা দিব পাৰে-(1) আপোনাৰ সন্তানে আপুনি ভাল পোৱা বিষয় ভাল নাপাবও পাৰে আৰু জোৰকৈ তাকে পঢ়িবলৈ বাধ্য কৰালে সিহঁতে ভাল ফলাফল প্ৰদর্শন কৰিব নোৱাৰিব পাৰে৷ আৰু তেনেকুৱা হ’লে ই আন আন সমস্যাৰ সৃষ্টি কৰিব৷ (2) আজি আপোনাৰ সন্তানে আপোনাৰ আগত মুখ তুলি একো নকলেও কালি তেওঁৰ জীৱনত ঘটা কেৰিয়াৰ সম্পৰ্কীয় কথাৰ লগতে আন কথাতো সকলো ঘটনাৰ বাবে আপোনাকেই জগৰীয়া কৰাৰ সম্ভাৱনা আছে৷ আপোনাৰ যদি কিবা সপোন আছে, কিবা কৰাৰ মন আছে, সেয়া নিজে কৰক, নিজৰ সন্তানৰ মাজেৰে সেয়া পূৰণ নকৰিলেই সকলোৰে বাবে ভাল হ’ব৷

সিহঁতক পাখি মেলি উৰিবলৈ, আৰু ওপৰলৈ উঠিবলৈ সুবিধা দিয়ক৷ সিহঁতে যাতে যিমান ওপৰলৈ যাব খোজে সিমান ওপৰলৈ যাব পাৰে, তাৰ বাবে সহায় কৰক

অকল নম্বৰ নহয়, তেওঁৰ পার্চনেল ডেভেলপমেন্টৰ ওপৰত জোৰ দিয়ক

নম্বৰ খুব জৰুৰী আৰু নম্বৰ নাপালে কেনেদৰে হ’ব, কিন্তু আমি প্ৰায়ে দেখো যে অকল বহুত বেছি নম্বৰ লাভ কৰা ল’ৰা-ছোৱালীয়েও পিছৰ জীৱনত খুব এটা ভাল কৰিব নোৱাৰে আৰু ভাল মানুহ হবও নোৱাৰে, যদিহে তেওঁ জীৱনত প্ৰয়োজনীয় আন কিছুমান কথা নিশিকে৷

আমি দেখি থাকো যে বাতৰি কাকত, টিভি আদি সকলোতে কোনে কিমান নম্বৰ পালে সেই কথাটোত বেছি গুৰুত্ব দিয়ে৷ সকলোৱে কেৱল যেন নম্বৰৰ প্ৰতিহে চকু৷ যিখন স্কুল বা কলেজে বেছি নম্বৰ পোৱাবলৈ সক্ষম হৈছে, সেইখন ভাল স্কুল, কলেজ, বাকীবোৰ ভাল নহয়৷ কিন্তু কেইবছৰ মান পিছতত দেখা যাব যে সেই নম্বৰে এটা ছিট পোৱাৰ বাহিৰে আপোনাৰ সন্তানক কিন্তু আন ক্ষেত্ৰত একেবাৰে সহায় নকৰে৷ কিন্তু যদি আপুনি যদি সিহঁতক মানুহৰ লগত কথা পতা, সফল নহলেও হাৰ নমনা, এবাৰ নোৱাৰিলে আকৌ এবাৰ কৰা, পজিটিভ এটিটিউড আদিৰ বিষয়ে শিকাইছে, আপুনি দেখিব যে সেইবোৰে কিন্তু সিহঁতৰ ভবিষ্যত জীৱনত (আনকি চাকৰিৰ ক্ষেত্ৰতো) বেছি সহায় কৰিছে৷

যদি আপুনি আপোনাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পোৱাটোৰ ওপৰত জোৰ দিব বিচাৰে তেতিয়াও সিহঁতক এক সুন্দৰ ব্যক্তিত্ব লাগিব আৰু লগতে আন কিছুমান স্কিল লাগিব যিবিলাক সিহঁতক কলেজ, স্কুল, বা পাঠ্যপুথিয়ে শিকাব নোৱাৰিব পাৰে৷ যদি আপুনি সিহঁতে ভাল মানুহ হোৱাৰ ওপৰত জোৰ দিব বিচাৰে যাতে সিহঁতে সমাজলৈ অৱদান আগবঢ়াব পাৰে আৰু যাতে সিঁহতৰ মানবীয়তা বোধ থাকে, তেন্তে তেতিয়াও কিছুমান স্কিল, কিছুমান প্ৰয়োজনীয় কথা আপুনি তেওঁলোকক শিকাব লাগিব৷

সফল হ’বলৈ হ’লে আৰু এক সুখী, সন্তুষ্ট আৰু পৰিপূর্ণ জীৱনৰ বাবে তেওঁলোকক লাগিব নিজকে উন্নীত কৰাৰ এক অবিৰত প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাৰ বীজ আজি ৰোপণ কৰিব পাৰে আপুনিও৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top