সালসলনি বা পৰিৱর্তন বা চেঞ্জ আমাৰ সকলোৰে বাবে চিন্তাৰ, অসুবিধা আৰু ভয়ৰ কাৰণ৷ কিন্তু এটা উপায়েৰে এই চেঞ্জ ব সালসলনি কৰা কামটো নিজৰ বাবে সহজ কৰিব পাৰি৷ লগতে ই আপোনাক আপোনাৰ লক্ষ্যবোৰ লাভ কৰাৰ বাবেও কাম কৰিবলৈ সহায় কৰিব৷
ধৰি লওক আপুনি চিগাৰেট খোৱাটো বন্ধ কৰিব বিচাৰিছে৷ আমি জোৰ কৰি সেয়া কৰোঁ৷ কেতিয়াবা আমি সফল হও, কেতিয়াবা নহও৷ আৰু কেতিয়াবা সফল হলেও আকৌ সেই অভ্যাসটো বেলেগ বেলেগ কাৰণত ঘূৰি আহিব পাৰে৷ এয়া আমি কিন্তু আন এক ধৰণেও কৰিব পাৰোঁ৷
চিগাৰেট খাবলৈ যদি এৰিব বিচাৰিছে, তেন্তে প্ৰথমে আপুনি নিজৰ পৰিচয়টো সলাব লাগিব৷ নিজৰ নাম-চাম সলাই আপুনি বেলেগ মানুহ এজন হৈ পৰাৰ কথা কোৱা নাই৷ আপুনি নিজৰ পৰিচয়টো হ’ব বিচৰা মানুহজনৰ দৰে কৰি ল’ব পাৰিলে এনে সালসলনি কৰা বহুত সহজ হ’ব৷
চিগাৰেট খাবলৈ মন গ’লে বা কোনোবাই যাচিলে আপুনি কি কয়? আপুনি কয় নেকি -“মই চিগাৰেট খাব নোৱাৰো, মই চিগাৰেট এৰিম বুলি ভাবিছোঁ”৷ এইবুলি কোৱা মানে আপুনি এতিয়াও নিজকে চিগাৰেট খোৱা মানুহ এজন বুলি ভাবে আৰু সেয়ে এৰিবলৈ চেষ্টা কৰি তেনেকৈ কৈছে৷ কিন্তু তাৰ সলনি আপুনি যদি কয় “ মই চিগাৰেট নাখায় বা নুহুপো” – তাৰমানে আপুনি চিগাৰেট নোখোৱা মানুহ এজন বুলি নিজকে ধৰি লৈছে৷ সেয়া আপোনাৰ নতুন পৰিচয় “চিগাৰেট নোখোৱা মানুহ৷” তেতিয়া চিগাৰেট এৰাটো আপোনাৰ বাবে সহজ হ’ব কাৰণ চিগাৰেটৰ কথা ভাবিলেই আপোনাৰ মনলৈ আহিব যে আপুনিতো চিগাৰেট নোখোৱা মানুহ এজন, আপুনি চিগাৰেট খাব কিয়?
একেদৰে আপুনি যদি এক্সাচাইজ কৰা আৰম্ভ কৰিব বিচাৰিছে, কিন্তু কৰিবলৈ বৰ অসুবিধা পাইছে, তেন্তে প্ৰথমতে নিজৰ পৰিচয়টো সলাই লওক৷ নিজকে যদি আপুনি “এক ফিট, সুন্দৰ শৰীৰ আৰু স্বাস্থ্যৰ মানুহ” বুলি নতুন পৰিচয় এটা লয়, তেতিয়া আপোনাৰ এক্সাচাইজ কৰিবলৈ মন যাব কাৰণ আপুনি এজন ফিট, সুন্দৰ স্বাস্থ্যৰ মানুহ৷ প্ৰতিদিনে আনে নকৰিলেও, আনে মনত পেলাই নিদিলেও আপুনি এক্সাচাইজ কৰিবই৷ আনৰ যদি এক্সাচাইজ কৰিবলৈ মন নাযায়, আপোনাৰ কিন্তু কামটো কৰিবলৈ মন যাবই৷ লগতে আপুনি কিবা এটা খোৱাৰ সময়ত স্বাস্থ্যৰ বাবে বেয়া জাংক ফুড খোৱাতকৈ স্বাস্থ্যৰ বাবে উপকাৰী হেলডী খাদ্য হে বাচি ল’ব৷
তাৰ লগতে আপুনি আপোনাৰ ভাষাও অলপমান সলনি কৰিব লাগিব৷ কেনে ভাষা কৈছে সেই লৈ সাৱধান হ’ব৷ কেতিয়াও “মই নোৱাৰো, মই কৰিবই লাগিব, মই নিশ্চয় কৰিব লাগিব অর্থাৎ I can’t, I have to or I must” এইবোৰ ভাষা ব্যৱহাৰ নকৰিব৷ আপুনি ব্যৱহাৰ কৰিব লাগিব “মই কৰিব বিচাৰো I want to”৷ যেনে মই এক্সাচাইজ কৰিব বিচাৰোঁ বুলি ক’ব লাগিব,—– মই এক্সাচাইজ কৰিব লাগিব, মই এক্সাচাইজ নিশ্চয় কৰিব লাগিব” বুলি নক’ব৷ কাৰণ মই কৰিব বিচাৰোঁ মানে আপুনি নিজে বিচাৰে৷ কিন্তু আনহাতে বাকী আই হেভ টু বা আই মাষ্ট মানে আপুনি বাধ্য৷ বাধ্য বাধকতাৰে সদায় আপুনি নিজকে কাম কৰাব নোৱাৰিব৷ এদিন দুদিন তেনে কৰিব পাৰি, কিন্তু দিনৰ পিছত দিন ধৰি সেয়া কৰি থকাটো সম্ভৱ নহয়৷
আপুনি নিজৰ মনত নিজৰ পৰিচয় যি বুলি ভাবে আপোনাৰ চিন্তা, বিশ্বাস আৰু ব্যৱহাৰ তেনেকুৱাই হৈ পৰে৷ সেইবাবে এনেদৰে আপুনি বিচৰা অভ্যাস এটা সলানি কৰিবলৈ হ’লে প্ৰথমতে আপুনি নিজৰ মনত নিজৰ পৰিচয়টো বিচৰা ধৰণৰ কৰি ল’ব লাগিব৷ তেতিয়া সেই পৰিচয়টো আপুনি বিশ্বাস কৰা আৰম্ভ কৰিলে, আপোনাৰ বিশ্বাস, চিন্তা আৰু ব্যৱহাৰ নিজে নিজে বিচৰা ধৰণে সলনি হ’ব৷ আপোনাৰ যদি কিছুমান লক্ষ্য আছে আৰু আপুনি সেইবোৰ লাভ কৰিব বিচাৰে তেনেহ’লে সেই লক্ষ্যবোৰ লাভ কৰিবলৈও আপুনি নিজৰ পৰিচয়টো তেনেদৰে বিচৰা ধৰণে সলনি কৰি ল’ব লাগিব৷ তেতিয়া আপুনি কাম এটা কৰিবলৈ নিজকে জোৰ নকৰিলেও হ’ব৷ আপোনাৰ বিশ্বাস, চিন্তা আৰু ব্যৱহাৰ সেই নতুন পৰিচয় অনুসৰি হ’ব যিয়ে আপোনাক লক্ষ্যবোৰ লাভ কৰাৰ দিশত আগুৱাই লৈ যাব৷
এনেদৰে কাম কৰিবলৈ আপুনি বেছিকৈ ইচ্চাশক্তি খৰছ নকৰিলেও হ’ব৷ নহ’লে নিজকে জোৰ কৰি কাম কৰাবলৈ হ’লে সদায় বহু ইচ্ছাশক্তিৰ প্ৰয়োজন হয়৷
এনেদৰে নিজৰ অভ্যাস এটা সলনি কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰাৰ বাবে কাম কৰিবলৈ সুবিধা হ’ব৷ মাত্ৰ মনত ৰাখিব এই নতুন পৰিচয়টো আপোনাৰ লক্ষ্য আৰু সলাব খোজা অভ্যাসৰ লগত মিলিব লাগিব৷ আপোনাৰ নতুন পৰিচয়টো যদি আপুনি সলাব বিচৰা অভ্যাস আৰু লাভ কৰিব বিচৰা লক্ষ্যবোৰৰ লগত মিলে তেতিয়া কামবোৰ কৰিবলৈ আপোনাৰ বাবে সহজ হ’ব৷