Close

বিফলতাৰ পৰা সফলতা

আমি কোনেও ইচ্ছা কৰি বিফল বা অসফল হ’ব নিবিচাৰো৷ কাম এটা আৰম্ভ কৰোতে আমি মনতে নাভাবো- “মই এই কামটোত সফল নহলেই খুব মজা লাগিব৷” আমি সফল হ’ব বিচাৰোঁ৷ কাম এটা কৰিবলৈ ল’লে আমি সদায় সফল হ’বলৈ বিচাৰোঁ৷ বিচৰা সত্বেও কিন্তু সকলো সময়তে আমি সফল নহবও পাৰোঁ৷ মনতে বিচাৰিলেও আমি বিচৰা ফলাফলটো লাভ নকৰিবও পাৰোঁ৷ সেই বুলি আমি বিফল হ’লে সফলতাৰ আশা এৰি দিম নেকি? নিজৰ সপোনবোৰ বাদ দি দিম নেকি? নিদিও, কেতিয়াও নিদিও৷ সেই বিফলতাক আমি সফলতালৈ কেনেকৈ পৰিৱর্তিত কৰিব পাৰি সেয়া শিকিম৷

অসফলতাৰ পৰা শিক্ষা

“The phoenix must burn to emerge.” – Janet Fitch

সফল হ’বলৈ হ’লে তাৰ আগতে বিফল হোৱাৰ পৰা বাহিৰ ওলাবলৈ আমি শিকিবই লাগিব৷ যিকোনে বিচৰা ফলাফল লাভ কৰাৰ আগতে আমি নানা ধৰণৰ বিফলতাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷ তেনেদৰে বিফল হলে ই আমাৰ সফলতাৰ আধাৰশিলা হ’ব৷

সফলতাৰ আৰম্ভণি হয় বিফলতাৰ পৰা

আপোনাৰ সফলতাৰ আৰম্ভণি হয় বিফলতাৰ পৰাই৷ আপোনাৰ ভুলবোৰৰ শুধৰণি লগে লগে কৰি গৈ থাকিলে ই আপোনাক সফলতাৰ পিনে আগুৱাই লৈ যায়৷ নিজৰ বিফলতা আৰু ভুলবোৰৰ পৰা নতুন নতুন কথা শিকি, শিকা কথাবোৰ ব্যৱহাৰ কৰি আপুনি লাহে লাহে সফলতাৰ পিনে অর্থাৎ নিজৰ ইপ্সিত ফলাফলৰ পিনে গতি কৰে৷ বিফল নহলে আপুনি প্ৰয়োজনীয় কথাবোৰ শিকিব কেনেকৈ? আনৰ পৰা শিকিব পাৰিলেও সেই কামটো সকলোৱে কৰিব নোৱাৰে৷

কাম এটা আপুনি হাতত ল’লে তাৰ লগত জড়িত সকলো কথা, কাৰক আপুনি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে কাৰণ সকলো কাৰক আপোনাৰ নিয়ন্ত্ৰণৰ অধীন নহয়৷ তেনেস্থলত  কামৰ ফলাফল আপুনি নিজে ঠিক কৰিব নোৱাৰে৷ আৰু কেতিয়াবা আপুনি বিচৰা মতে ফলাফল নহবও পাৰে৷ তেতিয়া আপোনাৰ ভুলবোৰৰ বিষয়ে জানি সেইবোৰ আৰু নকৰিবলৈ শিকি গলে আপুনি লাহে লাহে আৰু ভাল হৈ আহিব আৰু তেতিয়া বিচৰা ফলাফল লাভ কৰাৰ ক্ষেত্ৰত কোনেও আপোনাৰ বাধা দিব নোৱাৰা হ’ব৷

বিফলতাক ভয় নকৰো আহক

বিফলতাক ভয় কৰাৰ সলনি ইয়াৰ বাবে আমি নিজকে মনে মনে সাজু কৰি যদি ৰাখিব পাৰোঁ, তেন্তে ই আমাক ইমান আঘাত কৰিব নোৱাৰে৷ বিফলতাক ভয় কৰাৰ সলনি এজন শিক্ষক বুলি ধৰি ল’ব পাৰিলে ই আমাক সফলতাৰ পিনে আগুৱাই লৈ যাব৷ বিফলতা মানে মাত্ৰ অলপ বিলম্ব, ইয়াৰ অর্থ আপোনাৰ পৰাজয় নহয়৷ ই কেৱল ক্ষণস্থায়ী পঠ সলনিৰ নির্দেশ, ইয়াৰ অর্থ এয়া নহয় যে আপোনাৰ যাত্ৰা ইমানতে শেষ৷

বিফলতাক আপুনি নহাকৈ বাধা দি ৰাখিব পাৰে৷ আপুনি একো নকোৱাকৈ থাকি, একো নকৰাকৈ থাকি, আৰু একো হ’বলৈ চেষ্টা নকৰাকৈ থাকি সহজে বিফলতাক বাধা দিব পাৰে৷ কিন্তু তেতিয়া আপোনাৰ জীৱনটোৰ জানো কিবা মূল্য থাকিব?

আপুনি যেতিয়া প্ৰথমে চাইকেল চলাবলৈ শিকিছিল, তেতিয়া আপুনি জানো এদিনতে চাইকেল চলাব পৰা হৈছিল? নাই হোৱা৷ চাকেল চলাবলৈ শিকোতে আপুনি হয়তো কিমানবাৰ চাইকেলৰ পৰাপৰিছিল, কিমানবাৰ আপোনাৰ আঠুৰ চাল চিগিছিল৷ কিন্তু তাৰ পিছতো আপুনি ভয় নকৰি, চাইকেল চলোৱাটো অব্যাহত ৰখা বাবেহে চাইকেল চলাব পৰা হ’ল৷ যিসকলে দুই এবাৰ পৰাৰ পিছত আৰু চাইকেল চলাবলৈ কৰা চেষ্টা বাদ দিলে তেওঁলোকে আজিও হয়তো চাইকেল চলাব নোৱাৰে৷

এটিটিউড

বিফলতাই আপোনাৰ সফলতাত সহায় কৰিব নে আপোনাৰ জীৱনটো ধ্বংস কৰিব সেয়া আপুনি নিজে ঠিক কৰিব পাৰে৷ যদি ই আপোনাক সহয়া কৰিব লাগে তেন্তে তাৰ বাবে লাগিব এক সঠিক এটিটিউড৷ টমাছ আলভা এডিছনে এষাৰ কথা কৈছিল- “I have not failed. I’ve just found 10,000 ways that won’t work.” – Thomas A. Edison. এই কথাষাৰ তেওঁ কৈছিল ইলেকট্ৰিক বালব আৱিষ্কাৰ কৰাৰ সময়ত তেওঁৰ বিফলতাক লৈ আন মানুহে হাঁহোতে৷ এই কথাটো তেওঁ ক’ব পাৰিছে সফলতা-বিফলতাৰ ক্ষেত্ৰত থকা তেওঁৰ এটিটিউডৰ বাবে৷ কিবা এটা কাম কৰোতে তেওঁ ভবা ফলাফলটো নাপালে তেওঁ কেতিয়াও নাভাবিছিল যে তেওঁ বিফল হ’ল, তেওঁ বেলেগ ফলাফল একোটোকে পজিটিভ ভাৱে লৈ কেনেদৰে নিজকে বিচৰা ফলাফলটো পাবলৈ মটিভেট কৰিব লাগে সেয়া তেওঁ জানিছিল৷ আৰু সেইবাবে তেওঁ এজন সফল, বিখ্যাত আৰু অতুলনীয় বিজ্ঞানী৷

এনে এটিটিউড এটা আমি আমাৰ মনত গঢ়ি তুলিব নোৱাৰোনে? অলপ অভ্যাস কৰিলে এনেধৰণৰ এক এটিটিউড গঢ়ি তোলা কিন্তু সম্ভৱ৷

ভুল নকৰাকৈ থকাৰ ইচ্ছা

যদি আপুনি ভুল কৰাৰ বা ভুল বুলি প্ৰমাণিত হ’বলৈ সাজু নহয়, তেন্তে আপুনি নতুন কিবা এটা কৰাৰো কোনো সম্ভাৱনা নাই৷ কাৰণ আপুনি নতুন কিবা এটা কৰাৰ আগতে সদায় ভাবিব – “যদি মোৰ ভুল হয়, যদি মই ভুল প্ৰমাণিত হও, তেতিয়া? তাতোকৈ মই যি চলি আছে, যি হৈ আছে তাকে নকৰোনো কিয়, তেতিয়া ভুল প্ৰমাণিত হোৱাৰ সম্ভাৱনাও নাথাকিব৷” এনে চিন্তা কৰিলে সদায় আপুনি পুৰণি কাম কৰাৰ ধৰণ এটাকে সাৱটি বহি থাকিব যিটো পদ্ধতিয়ে হয়তো একেবাৰেই কাম নকৰে৷ আপুনি কোনো নতুন কাম, বস্তুৰ চিন্তা নকৰে৷ সকলোৱে তেনেদৰে চিন্তা কৰিলে আমাৰ সমাজৰ কি অৱস্থা হ’ব ভাবকচোন৷

ভুল নকৰাকৈ থকাটোত কোনোধৰণৰ মজা নাই৷ ভুল কৰিবলৈ ভয় নকৰিলেহে আমি নতুন কামৰ লগতে ইন্টাৰেষ্টিং কামবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু তেতিয়াহে আমাৰ জীৱনবোৰো ইন্টাৰেষ্টিং হ’ব৷

লগতে ভুল কৰিব বুলি ভাবি যদি আপুনি খুব সাৱধানে জীৱনটো কটায় আৰু একোকে নকৰে (কাৰণ কৰিলেই কিবা এটা ভুল হ’ব পাৰে), তেন্তে আপোনাৰ জীৱনটোত একোৱেই নহ’ব৷ সেয়া জানো আপোনাৰ বিফলতাই নহ’ল?

ভুল কৰাৰ আন কিছুমান লাভ

আপুনি যদি গোটেই জীৱনটো নানা ভুল কৰিয়েই কটায়, তথাপি আপোনাৰ জীৱনটো কিন্তু আন এজন মানুহৰ জীৱনতকৈ বেছি ভাল হ’ব যিজন মানুহে একো নকৰাকৈ জীৱনটো কটাই দিছে৷ গতিকে ভুল কৰিম বুলি ভাবি কাম নকৰাকৈ নাথাকিব৷ কাম কৰি যাওক৷ হাত সাৱটি বহি নিজৰ জীৱনৰ সময়বোৰ নষ্ট কৰাতকৈ আপুনি কিবা কামত লাগি ভুল কৰাও ভাল৷

আপুনি আগতে কৰা ভুলবোৰৰ পৰা আপুনি শিকিব লাগিব৷ সেই ভুলবোৰ আপোনাৰ সফলতাৰ ভেটি হ’ব পাৰে যদি আপুনি সেই ভুলবোৰৰ পৰা শিকে আৰু ভুলবোৰৰ পুনৰাবৃত্তি নকৰে৷

 প্ৰখ্যাত বাস্কেটবল খেলুৱৈ মাইকেল জর্দানে কৈছিল-

“I’ve missed more than 9000 shots in my career. I’ve lost almost 300 games. 26 times, I’ve been trusted to take the game winning shot and missed. I’ve failed over and over and over again in my life. And that is why I succeed.”

বিফলতাক নেওচি আগবঢ়া

কিমান বেয়াকৈ আপুনি বিফল হ’ল সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল বিফল হোৱাৰ পিছত আপুনি আকৌ কিমান শক্তিৰে, কিমান উদ্যমেৰে নিজৰ কামত লাগিল৷ যদি বিফল হোৱাৰ পিছতো আপুনি আকৌ নতুন উদ্যমেৰে নিজৰ কৰিবলগীয়া কাম কৰাত লাগে, কোনেও আপোনাক সফল হোৱাৰ পৰা বাধা দি ৰখাব নোৱাৰে৷ জিগ জিগলাৰ নামৰ অসাধাৰণ মটিভেচনেল বিশেষজ্ঞ জনে কৈছিল- “It’s not how far you fall, but how high you bounce that counts.”

বিফলতা (আপুনি বিচৰা ফলাফলতকৈ বেলেগ ফলাফল) জীৱনত থাকিবই, কিন্তু কিছুমান মানুহে এবাৰ বিফল হ’লেই সকলো বাদ দি নিজৰ পৰাজয় মানি লয়, আৰু জীৱনটোত আৰু একো কৰাৰ সাহস নকৰে৷ আন কিছুমান মানুহে আকৌ এবাৰ বিফল হলে কিছুসময় পিছত আকৌ চেষ্টা কৰে, কিন্তু তেওঁলোকে এশ শতাংশ চেষ্টা নকৰে, আধা শক্তিৰেহে চেষ্টা কৰে৷ ফলত তেওঁলোকে ভবা ফলাফলা পিছৰ বাৰো তেওঁলোকে নাপায়৷

বিফলতাৰ পৰা সফল হোৱাৰ এটাই উপায় – বিফলতাক আওকাণ কৰি আপুনি আগুৱাই যাব লাগিব, আপুনি বিচৰা কামবোৰ কৰিব লাগিব যাতে আপুনি বিচৰা ফলাফলটো লাভ কৰিব পাৰে৷ যিসকল মানুহে বিফলতাক আওকাণ কৰিব পাৰে, তেনে মানুহবোৰহে সফল হ’ব পাৰে কাৰণ বিফলতা জীৱনত থাকিবই, তাক নোহোৱা কৰিব নোৱাৰি৷ তাক নোহোৱা কৰাটো আপোনাৰ হাতত নাই, কিন্তু আপোনাৰ হাতত এটা বস্তু আছে- সফল নোহোৱালৈকে বিফলতাক আওকাণ কৰি, নেওচি নিজৰ কাম কৰি যোৱাৰ সংকল্প৷

বিফলতাক অতিক্ৰম কৰি আগবাঢ়িব পৰাতহে আছে আমাৰ জীৱনৰ প্ৰকৃত যশস্যা৷ আপুনি সাঁজুনে সেই যশস্যাৰ ভাগ ল’বলৈ?

অসাধাৰণ কিবা এটা

আপোনাৰ জীৱনত যদি আপুনি অসাধাৰণ কিবা এটা নকৰে, তেন্তে তেনে জীৱন এটা জীয়াই থকাৰ কি মূল্য থাকিল? অসাধাৰণ মানে বহু টকা-পইচা, প্ৰচুৰ নাম-যশৰ কথাই কোৱা নাই, ই বিভিন্ন ধৰণৰ হ’ব পাৰে৷ এনে অসাধাৰণ কাম কৰা মানুহবোৰো অসাধাৰণ হৈ পৰে৷ আনে সাধাৰণ ভাৱে কৰি থকা, সদায় দেখি থকা কামবোৰোকো অসাধাৰণ ৰূপত কৰিব পাৰি৷ ই নির্ভৰ কৰে আপুনি কামটোৰ কথা কেনেকৈ চিন্তা কৰে৷ আপুনি অসাধাৰণ কাম এটা কৰিব নে নকৰে তাৰ সিদ্ধান্ত কিন্তু আপুনি ল’ব পাৰে৷

জীৱনটো অলপ অসাধাৰণ, অলপ ভাল, অলপ বেলেগ কিবা এটা কৰি তোলো আহক, আপোনাৰ দৈনন্দিন কামবোৰোকে অসাধাৰণ ভাৱে কৰি৷ 

প্ৰকৃততে বিফলতা বুলি কিবা আছে জানো?

সঁচাকৈয়ে বিফলতা বুলি কিবা আছে জানো? আছে কিজানি, নহ’লে সকলোৱে বিফলতা শব্দটো ব্যৱহাৰ কৰিলেহেঁতেন জানো? এটা উদাহৰণৰ ফালে মন কৰো আহকচোন৷

ছাত্ৰ এগৰাকীয়ে পৰীক্ষাত 50 শতাংশ নম্বৰ পাম বুলি ভাবিছিল, কিন্তু ভালদৰে নপঢ়া কাৰণে তেওঁ 25ã শতাংশ নম্বৰহে পালে, অর্থাৎ পৰীক্ষাত ফেইল কৰিলে৷ কিন্তু ভালদৰে গমি চালে আপুনি দেখিব যে ছাত্ৰজনে যিমান নম্বৰ পাম বুলি আশা কৰিছিল, তাতোকৈ বেলেগ কিবা এটা নম্বৰ পালে৷ তেওঁ যি ফলাফল পাম বুলি আশা কৰিছিল তাতোকৈ বেলেগ ফলাফল এটা পালে৷ তাকে আমি ফেইল কৰা বুলি নাম এটা দি লৈছো৷ তেনেদৰে আন কাম কৰোতেও আপুনি আশা কৰা ফলাফলতকৈ আপুনি বেলেগ ফলাফল এটা লাভ কৰে৷ তাকে আমি ফেইল কৰা বুলি কও৷ কিন্তু দৰাচলতে ই আপুনি আশা কৰাতকৈ বেলেগ ফলাফল এটা মাত্ৰ৷ তাৰবাবে আপুনি মন বেয়া কৰি, ডিপ্ৰেচনৰ বলি হৈ আত্মহত্যাৰ লেখীয়া কথা ভবাৰ কোনো প্ৰয়োজন নাই৷ মাত্ৰ মন ডাঠ কৰি লৈ আপুনি বিচৰা ফলাফলটো লাভ কৰিবলৈ যি কৰিব লাগে তাকে কৰা আৰম্ভ কৰাৰহে কথা৷

জীৱনৰ পৰীক্ষা

বিফলতা আন একো নহয়, জীৱনে লোৱা আপোনাৰ পৰীক্ষা৷ সফলতা সহজ নহয়, ইয়াৰ বাবে বহু গুণ, কষ্ট আৰু কামৰ প্ৰয়োজন হয়৷ বিফলতাবোৰ আপোনাৰ বাটত পেলাই দি জীৱনে আপোনাৰ পৰীক্ষা লয়৷ আপোনাৰ মাজত আছেনে কষ্ট কৰিব পৰা, লাগি থাকিব পৰা, সফলতাৰ বাবে যিমান কষ্টৰ প্ৰয়োজন সিমান কৰাৰ মানসিকতা- তাকে জীৱনে সন্ধান কৰে আপোনাৰ মাজত৷ আৰু সেইবোৰ আছেনে নাই সেয়া বাচি উলিওৱাৰ উপায় হ’ল এই পৰীক্ষা৷ যদি আপুনি এবাৰ বিফলতাৰ সন্মুখীন হোৱাৰ লগে লগে নিজৰ কৰিবলগীয়া কামবোৰ বাদ দি আনৰ কথামতে চলা আৰম্ভ কৰে, জীৱনে হাঁহি এটা মাৰি আপোনাৰ পাবলগীয়া আৰু বিচৰা ফলাফলবোৰ আতৰাই থৈ দিয়ে, পৰৱৰ্তী সেই সময়লৈ যেতিয়ালৈ আপুনি আকৌ দুনাই সেই ফলাফলবোৰ লাভ কৰাৰ বাবে চেষ্টা নকৰে৷

 বেছিকৈ কাম কৰাৰ সুবিধা

যদি আপুনি দেখে যে আপুনি কৰা 100 টা কামৰ 80-90 টাই ভুল হয়, তেতিয়াও আপুনি বেছি চিন্তা কৰিব নালাগে৷ ই এটা সাধাৰণ গণিতৰ কথা৷ তাৰমানে আপুনি যিমানে বেছি কাম কৰি যাব সিমানে আপোনাৰ ভুল নোহোৱা বা সফল কামৰ সংখ্যা বাঢ়ি যাব৷ আৰু সকলোৱে পিছত আপোনাৰ সফল কামবোৰৰ কথাহে মনত ৰাখিব৷ গতিকে যদি আপুনি আপোনাৰ সফলতাৰ সংখ্যা বঢ়াব খোজে, তেন্তে আৰু বেছিকৈ কাম কৰা আৰম্ভ কৰিলেই হ’ল৷

নতুনকৈ আৰম্ভ কৰাৰ এক সুবিধা

আপুনি যদি কিবা কাম এটাত বিফল হ’ল তেতিয়া ই হ’ল আপোনাৰ বাবে এটা সুবিধা- নতুনকৈ আকৌ কামটো আৰম্ভ কৰা বা নতুন কাম এটা আৰম্ভ কৰা৷ কামটো আগতকৈ আৰু ভালকৈ কৰাৰ আপুনি এটা সুবিধা পাইছে৷ কাম এটা নতুন ধৰণে, বেলেগ উপায়েৰে কৰাৰ ই এটা সুবিধা৷

কাম আৰু সফলতা

বিফলতাক সফলতালৈ পৰিৱর্তন কৰিব লাগিলে আপোনাক প্ৰয়োজন হ’ব এটা বস্তুৰ- “কাম কৰা৷” কাম কৰা (কার্য) আৰম্ভ কৰা হ’ল সকলো সফলতাৰে চাবিকাঠি৷ যদি আপুনি একো কাম নকৰে, কিন্তু মনতে ডাঙৰ ডাঙৰ কাম কৰাৰ কথা ভাবি থাকে, তেতিয়াও আপুনি সফল নহয়, কাৰণ আপুনি সফল হ’বলৈ, নিজৰ বিচৰা ফলাফলবোৰ পাবলৈ কোনো ধৰণৰ চেষ্টাই কৰা নাই, কোনো কামেই কৰা নাই৷ কাম আৰম্ভ কৰিলেহে আপোনাৰ সফলতাৰ পিনে আপুনি আগুৱাই যাব পাৰিব৷

বিফলতাক সফলতালৈ পৰিৱর্তন

বিফলতা বুলি কোনো কথা নাই, বিফলতা মানে আপুনি বিচৰা ফলাফলতকৈ আন ফলাফল৷ আৰু তেনে ফলাফল লাভ কৰাৰ পিছতে আপুনি আপোনাৰ ভুলবোৰ মন কৰি, ভুলবোৰ শুধৰণি কৰি নিজে বিচৰা ফলাফলটো লাভ কৰিবলৈ উঠিপৰি লাগি যাব লাগে যাতে পিছৰবাৰ আপুনি যি বিচাৰিছে সেই ফলাফল আপুনি লাভ কৰিব পাৰে৷ সঠিক এটিটিউড এবাৰ গঢ়ি ল’ব পাৰিলে ই আপোনাক বিফলতাক জীৱন ধ্বংসকাৰী ঘটন বুলি নধৰি, নতুনকৈ আৰম্ভ কৰি আৰু ভাল ফলাফল লাভ কৰাৰ এক সুবিধা বুলি চিনি পোৱাত সহায় কৰিব৷ তেতিয়া আপুনি হৈ পৰিব অপ্ৰতিৰোধ্য আৰু আপোনাৰ দ্বাৰা সৃষ্টি হ’ব এই পৃথিৱীৰ অসাধাৰণ, মহৎ আৰু যুগজয়ী ফলাফলৰ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top