ভিক্তিম মেন্টেলিটি বা ক্ষতিগ্ৰস্ত লোকৰ মানসিকতা কি?
যিসকলে মানুহৰ ভিক্তিম মেন্টেলিটি আছে তেওঁলোকে বিশ্বাস কৰে যে আন সকলো মানুহ তেওঁৰ দুখ-কষ্ট-যন্ত্ৰণাৰ বাবে দায়ী আৰু তেওঁ যিয়েই নকৰক কিয় তাৰ দ্বাৰা একো লাভ নহয়, একো সালসলনি নহয়৷
ভিক্তিম মেন্টেলিটিৰ কিছুমান চিন
নিজকে সহায়হীন আৰু শক্তিহীন অনুভৱ কৰা, নিগেটিভ কথাৰ বিষয়ে চিন্তা কৰি থকা, নিজকে গালিশপনি পৰা, পৃথিৱীখনকে দোষ দিয়া, অতীতত বাস কৰা, সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা, ঠগ খোৱা যেন অনুভৱ কৰা ইত্যাদি৷
নিজকে ভিক্তিম বুলি ভবা লোকসকলে দ্বায়িত্বৰ পৰা হাত সাৰি থাকিব বিচাৰে; তেওঁলোকে সদায় আনক দোষ দিয়ে; কিবা নহয় কিবা অজুহাত উলিয়ায়; জীৱনৰ কিবা এটা সমস্যা দেখিলেই কয় “এয়া মোৰ দোষ নহয়;” তেওঁলোকে সমস্যাৰ সমাধান নিবিচাৰে; তেওঁলোকে নিজৰ সমস্যাৰ সমাধানৰ বাবে বা অৱস্থাৰ সালসলনি কৰাৰ বাবে একো নকৰে; তেওলোকৰ চেলফ টক সদায় নিগেটিভ; সাধাৰণতে তেওঁলোকৰ আত্মবিশ্বাস কম হয়; হতাশা, খঙ আৰু অসন্তোষ সদায় তেওঁলোকৰ লগৰীয়া৷
ভিক্তিম মেন্টেলিটি থাক মানুহৰ ৩ টা প্ৰধান বিশ্বাস
ভিক্তিম মেন্টেলিটি সাধাৰণতে ৩ টা প্ৰধান বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত-
- বেয়া ঘটনা ঘটে আৰু আগলৈও ঘটই থাকিব
- আন মানুহ আৰু পৰিবেশৰ বাবে এনে হয়
- এয়া সলাসলনি কৰিবলৈ কৰা সকলো চেষ্টাই ব্যর্থ হ’ব, সেয়ে তেনে চেষ্টা কৰি একো লাভ নাই
যিসকলৰ এনে মেন্টেলিটি আছে তেওঁলোক বেয়া নহয়, মাত্ৰ তেওঁলোকৰ ভিতৰত বহুত দুখ, যন্ত্ৰণা সোমাই আছে আৰু সেইবাবে তেওঁলোকে তেনেদৰে নিগেটিভ ব্যৱহাৰ দেখুৱায়৷
ভিক্তিম মেন্টেলিটি কৰ পৰা আহে
ভিক্তিম মেন্টেলিটি উদ্ভৱ হয় কিছুমান আভ্যন্তৰীণ কথাৰ পৰা৷
অতীতৰ কোনো মানসিক আঘাত
অতীতত কোনোবাই যদি মানসিক আগাত পাইছে তাৰপৰা ভিক্তিম মেন্টেলিটিৰ সৃষ্টি হ’ব পাৰে৷ তেওঁ যি ঘৃণা বা যন্ত্ৰনা পাইছিল তাৰ লগত মোকাবিলা কৰাৰ বাবে এয়া এক উপায় হিচাপে তেওঁ ব্যৱহাৰ কৰিব পাৰে৷ মানসিক যন্ত্ৰণাৰ বাবে কিছুমান মানুহে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা যেন অনুভৱ কৰিব পাৰে আৰু সেইবাবে হাত দাঙি দিব পাৰে৷
বিশ্বাসঘাটকতা
বিশ্বাস ভংগ কৰা ফলত, বিশেষকৈ তেনে বিশ্বাস ভংগৰ ঘটনা যদি বাৰে বাৰে কাৰোবাৰ লগত ঘটে তেতিয়াও তেওঁ আন মানুহক বিশ্বাস কৰিবলৈ ভয় কৰিব পাৰে৷ সৰুকালত ঘটা তেনে ঘটনা বা পিছলৈও ঘটা তেনে বিশ্বাস ভংগৰ ঘটনাৰ বাবে এয়া হ’ব পাৰে৷
সহনির্ভৰশীলতা
কেতিয়াবা সহনির্ভৰশীলতাৰ বাবেও এনে হ’ব পাৰে৷ তেনে এজন সহনির্ভৰশীল মানুহে নিজৰ সংগীজনৰ বাবে নিজৰ সকলো লক্ষ্য বাদ দি দিব পাৰে৷ তেনে হ’লে তাৰ ফলত তেওঁ বিচৰা বস্তুবোৰ, ফলাফলবোৰ নোপোৱা বাবে হতাশা, অসন্তোষ আদিয়ে দেখা দিব পাৰে যদিও সেই ফলাফলৰ ক্ষেত্ৰত সেই মানুহজনৰ নিজৰো ভূমিকা আছে৷
মেনিপুলেচন
কিছুমান মানুহে নিজকে ভিক্তিম সজাই ভাল পায়৷ কাৰণ তেতিয়া তেওঁলোকে সদায় আন এজনক দোষ দিব পাৰে, গালি পাৰিব পাৰে আৰু আন মানুহক দোষী দোষী অনুভৱ কৰাব পাৰে৷ এনেদৰে আনক মেনিপুলেট কৰি তেওঁ আনৰ সহানুভূতি আৰু মনোযোগ লাভ কৰিব পাৰে৷
আপুনি কেনেদৰে ভিক্তিম মেন্টেলিটি এৰিব পাৰিব
ভিক্তিম মেন্টেলিটি আছে যে সেয়া বুজক
আপুনি যদি ভিক্তিম মেন্টেলিটি এৰিব বিচাৰিছে তেনহ’লে প্ৰথমতে আপুনি বুজি পাব লাগিব যে আপোনাৰ ভিক্তিম মেন্টেলিটি আছে নে নাই৷ আৰু যদি আছে সেয়া আপুনি মন কৰিব লাগিব৷ কোনবোৰ চিন আপোনাৰ গাত আছে সেইবোৰ চাব লাগিব, লিখি ল’ব লাগিব৷ তেতিয়াহে আপুনি এইবোৰ নোহোৱা কৰিবলৈ কাম আৰম্ভ কৰিব পাৰিব৷
নিজৰ জীৱনৰ দ্বায়িত্ব
ভিক্তিম মেন্টেলিটি বাদ দিবলৈ হ’লে আৰু জীৱনটো নিজৰ মতে সৃষ্টি কৰিবলৈ হ’লে আপুনি নিজৰ জীৱনৰ দ্বায়িত্ব নিজে ল’ব লাগিব৷ আপোনাৰ আজি যি অৱস্থা সেয়া যে আপোনাৰ নিজৰ বাবে হৈছে, কিছুমান সিদ্ধান্ত লোৱা বাবে হৈছে সেয়া বুজি পালে আপুনি লাহে লাহে নিজৰ হাতলৈ নিজৰ দ্বায়িত্ব আনিব পাৰিব৷ নিজৰ জীৱনৰ সকলো কথাৰে দ্বায়িত্ব আপুনি নিজে ল’লে আপোনাৰ আৰু নিয়ন্ত্ৰণহীন যেন নালাগে৷ লগতে আপুনি আন মানুহক আপোনাৰ জীৱনৰ বাবে দোষ দিবলৈ এৰিব৷ সকলো দোষ নিজে গা পাতি লোৱা মানে অৱশ্যে এয়া নহয় যে আপুনি নিজকে গালি-শপনি পাৰিব, নিজৰ কোনো কাম নাই বুলি ভাবিব, ডিপ্ৰেচনত ভোগা আৰম্ভ কৰিব৷ বৰঞ্চ আপুনি জীৱনটো আগতকৈ ভলা কৰিবলৈ কাম আৰম্ভ কৰিব, নিজৰ মতে জীৱনটো গঢ়ি তোলাৰ কাম আৰম্ভ কৰিব৷
ক্ষমা কৰক
আন কাৰোবাৰ বাবে যদি কিবা অনিষ্ট হৈছে তেওঁক ক্ষমা কৰি দিওক আৰু পাহৰি যাওক৷ কাৰণ তেওঁৰ প্ৰতি মনত ঘৃণা, খঙ ৰাখি থোৱা মানে আপুনি নিজেও তাৰ পৰা কষ্ট পাই আছে৷ ভাল পজিটিভ কথাতকৈ নিগেটিভ কথাতহে আপুনি মন দি আছে৷ আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল- আপুনি নিজকে ক্ষমা কৰি দিয়ক৷ ইমানদিনে যদি আপুনি নিজকে ক্ষমা কৰিব পৰা নাই তেনেহ’লে এতিয়া তেনে কৰা সময়৷ নিজকে যদি ক্ষমা কৰিব নোৱাৰে তেনেহ’লে আপুন নিজৰ লগত কেনেদৰে জীয়াই থাকিব?
ভাল বস্তুবোৰ বাৰে বাৰে চাওক
আপোনাৰ জীৱনত কিছুমান হলেও ভাল বস্তু, ভাল কথা আছে৷ সেইবোৰ আপুনি এতিয়া মন কৰিব লাগিব৷ আৰু মাজে মাজে সেইবোৰ উলিয়াই মন কৰি থাকিব লাগিব৷ তেনে কৰিলেহে আপুনি লক্ষ্য কৰিব পাৰিব যে দৰাচলতে আপোনাৰ জীৱনটো কিমান ভাল, আপুনি কিমান ভাগ্যৱান৷ আন বহু মানুহৰে আনকি জীয়াই থাকিবলৈ লগা সাধাৰণ বস্তোবোৰো নাই কিন্তু আপোনাৰ সেয়া থকাতকৈ আৰু বহু বেছি বস্তু আছে৷ কথাটো বহু মানুহে বুজি নাপায়, বা কেনেদৰে সেয়া চাব লাগে নাজানে, কিন্তু এবাৰ অভ্যাস কৰিলে আপুনি তেনেদৰে নিজৰ জীৱনৰ পজিটিভ কথাবোৰ, বস্তুবোৰ চাবলৈ শিকিব৷ তেতিয়া আপোনাক ভিক্তিম মেন্টেলিটিয়ে বন্দী কৰি থব নোৱাৰে৷
অতীতৰ কথা এৰিবলৈ যত্ন কৰক
অতীতক অতীতকে থবলৈ আপুনি শিকিব লাগিব৷ অতীতৰ পৰা আপুনি মাত্ৰ দুটা বস্তুহে ল’ব লাগে৷ প্ৰথম- যি যি ভাল কথা আছে, ভাল স্মৃতি আছে সেইবোৰ লৈ আহিব লাগে আৰু দ্বিতীয় আপুনি কৰা ভুলবোৰৰ পৰা লাভ কৰা শিক্ষাবোৰ লৈ ল’ব লাগে৷ তাৰ বাহিৰে আন একোৱে আপোনাক অতীতৰ পৰা নালাগে৷ আৰু এয়া এইকাৰণে কৰিব লাগে কাৰণ অতীতৰ কথা ভাবি, অতীতত বাস কৰি, অতীতলৈ আপুনি ঘূৰি যাব নোৱাৰে বা অতীতত একো সলনি কৰিব নোৱাৰে৷ তেন্তে তাৰ কথা ভাবি বহি থাকি কি লাভ হ’ব? অতীতৰ কিবা কথাৰ বাবে যদি আপোনাৰ ভিক্তিম মেন্টেলিটিয়ে গঢ় লৈ উঠিছিল তেন্তে তেনে অতীতৰ কথাবোৰক বাদ দিলে এই ভিক্তিম মেন্টেলিটিৰ পৰা হাত সৰাটো আপোনাৰ বাবে সহজ হ’ব৷
ভিক্তিম মেন্টেলিটি লৈ জীৱনটো জীয়াই নাথাকিব কাৰণ ই থাকিলে আপুনি আনক সকলো কথাৰ বাবেই দোষ দিব পাৰিব কিন্তু সি আপোনাৰ জীৱনটো সলনি নকৰে, ই আপোনাৰ জীৱনটো আনন্দময় কৰিব নোৱাৰে, ই আপোনাৰ জীৱনলৈ সুখ আনিব নোৱাৰে৷