Close

আকৌ আৰম্ভ কৰো আহক

বহু সময়ত আমি ভবা মতে কামবোৰ নহয়, জীৱনটো আমি ভবা মতে নচলে৷ আপুনি আশা কৰে এটা আৰু হয় এটা৷ জীৱনটো আপুনি ভবাতকৈ বহু বেলেগ হৈ পৰে৷ হতাশা, পৰাজয়ৰ এক ভাবে মন চানি ধৰে৷ তেনে অৱস্থাত আমি কি কৰিব পাৰোঁ? আপুনি কি কৰিব পাৰে?

কি কৰিব পাৰি তালৈ যোৱাৰ আগতে আমাৰ জীৱনৰ কি কি ক্ষেত্ৰত এই সমস্যাবোৰ আৰু হাৰি যোৱাৰ নিচিনা লাগিব পাৰে তাকে চাও আহক৷ এনে ধৰণৰ সমস্যা অভ্যাসৰ ক্ষেত্ৰত দেখা যায়৷

অভ্যাস

আপুনি যেতিয়া নতুন অভ্যাস এটা আৰম্ভ কৰে, তেতিয়া আপুনি ভবামতে নহ’ব পাৰে৷ আপুনি বাৰে বাৰে ভাল অভ্যাস এটা কৰিবলৈ যত্ন কৰি বা বেয়া অভ্যাস এটা এৰিবলৈ চেষ্টা কৰি বিফল হ’ব পাৰে৷ মোৰ নিজৰ কাউঞ্চেলিঙ আৰু কোচিঙৰ অভিজ্ঞতাৰ পৰা মই জানো যে অভ্যাসবোৰ বজাই ৰখা সঁচাকৈয়ে বৰ কঠিন কাম৷ আপুনি নতুন অভ্যাস এটা সৃষ্টি কৰিব পাৰে, সেয়া সহজ কাম৷ কিন্তু ইয়াক বর্তাই ৰখাটোহে টান কাম৷ বহু মানুহে এই কামটো টান পায়৷ বাহিৰলৈ কৰবালৈ যাব লগা হ’লে আমাৰ শাৰীৰিক ব্যায়ামৰ অভ্যাস বাদ পৰে, আলহী আহিলে সহজ-সৰল, নিৰামিষ আহাৰ খোৱা অভ্যাস বা প্ৰতিদিনে লিখা অভ্যাস বাদ পৰে, কাম বেছি হ’লে নিজৰ পত্নী-স্বামী, পুত্ৰ-কন্যা, মাক-দেউতাকৰ লগত কথা পতা অভ্যাস বাদ পৰে৷ এনেদৰে নানা কাৰণত আমি নিজৰ বাবে প্ৰয়োজনীয় আৰু কামত অহা অভ্যাসবোৰ বাদ দিবলৈ লও৷

জীৱনৰ সমস্যা

জীৱনৰ ক্ষেত্ৰতো ওপৰৰ কোৱাৰ নিচিনা নানা সমস্যাই দেখা দিব পাৰে৷ আপুনি সপোন দেখিছিল আন এটা জীৱনৰ, আৰু আপুনি পালে আন ধৰণৰ এটা জীৱন৷ কেতিয়াবা বেয়াকৈ বিফল হ’লেও আপোনাৰ সকলো বাদ দি হাৰ মানি ল’বলৈ মন যাব পাৰে৷ কেতিয়াবা চাকৰি গলেও আপোনাৰ জীৱনটো শূন্য আৰু যুদ্ধত হাৰি যোৱা যেন লাগিব পাৰে৷ প্ৰেম-ভালপোৱাত বিফল হ’লেও আপোনাৰ মন অত্যন্ত বেয়া লাগি, ডিপ্ৰেচন হোৱাৰ লগতে জীৱনত হাৰি যোৱা যেন লাগিব পাৰে৷ খুব বিশ্বাস কৰা কোনোবাই বিশ্বাঘাটকতা কৰিলে আপোনাৰ জীৱনটোত হাৰ মানিবলৈ মন যাব পাৰে৷

কিন্তু যি সমস্যাই নহওক কিয়, আপুনি মাত্ৰ এটা কথা মনত ৰাখিব লাগে৷ সেয়া হ’ল তলৰ এই কথাশাৰী-

আপুনি হাৰ নামানিলে আপুনি হাৰে

আপুনি তেতিয়ালৈকে হাৰি নাযায় যেতিয়ালৈকে আপুনি হাত দাঙি নিদিয়ে৷ আপুনি কেতিয়া হাৰি যাব তাৰ কোনো সঠিক সময় নাই কাৰণ আপুনি নিজেহে সিদ্ধান্ত কৰিব পাৰে, আপুনি কেতিয়া হাৰিব কাৰণ আপুনি নিজে হাত দাঙি দিলেই আপুনি হাৰি গ’ল৷ পৰিস্থিতি যিমানে বেয়া নহওক, সমস্যাবোৰ যিমানে ডাঙৰ নহওক, আপুনি মনতে হাৰ মানি নোলোৱালৈকে আপোনাক কোনেও হৰুৱাব নোৱাৰে৷ প্ৰকৃততে আপুনি নাহাৰে, কিন্তু আপুনি নিজে হাৰ মানি লয় আৰু সেইবাবেহে আপুনি হৰা যেন লাগে৷

কিছুমান মানুহ অতি বেয়া পৰিস্থিতিৰ পৰাও ওপৰলৈ উঠি আহে, পুনৰ ভাল অৱস্থালৈ ঘূৰি আহে৷ সেয়া সম্ভৱ হয় তেওঁলোকক এটিটিউডৰ পৰা- তেওঁলোকে হাৰ মানি ল’বলৈ শিকাই নাই৷

আৰম্ভ কৰাৰ কৌশল

কাম এটা কেনেকৈ আৰম্ভ কৰিব লাগে সেয়া আপুনি জানেনে? কাম এটা আৰম্ভ কৰাৰ কৌশলটো নতুন নহয়, বহুতে এই কৌশলটো জানে৷ আৰু বহুতেই এটা নতুন কাম আৰম্ভ কৰিব পাৰে আৰু তাক চলাই ৰাখিবও পাৰে৷ এই কৌশলটো যদি আপুনি জানে তেন্তে আপোনাৰ কম বহুত সহজ হৈ গ’ল৷

আকৌ আৰম্ভ কৰো আহক

আৰম্ভ কৰাৰ যি কৌশল আপুনি জানে তাকে আকৌ নতুনকৈ আৰম্ভ কৰাত ব্যৱহাৰ কৰক৷

আপুনি কি কৰিব? সকলোৰে বাবে এই প্ৰক্ৰিয়াটো বেলেগ বেলেগ হ’ব পাৰে৷ কিন্তু আপুনি কি কৰিব পাৰে?

প্ৰথমতে পৰিস্থিতিটো স্বীকাৰ কৰি লওক৷ স্বীকাৰ নকৰাকৈ থাকিলেই পৰিস্থিতিটো নোহোৱা হৈ নাযায়, বৰঞ্চ ই আৰু সমস্যাৰ সৃষ্টি কৰিব৷ তাৰ পিছত কি কি ভুল হ’ল চাওক৷ ভুলবোৰ নিজক বা আনক দোষ দিবলৈ চাব নালাগে৷ এইবাবে বিচাৰ কৰিব লাগে যাতে অহাবাৰ সেইবোৰ ভুল আপুনি আৰু এবাৰ নকৰে৷ তাৰপিছত নিজকে এটা প্ৰশ্ন কৰক- “এই বিষয়ে মই কিবা কৰিব পাৰোনে?” যদি তাৰ উত্তৰটো “নোৱাৰো,” তেন্তে তাক তাতে এৰক আৰু আপুনি কৰিব বিচৰা পৰৱৰ্তী কামটোত হাত দিয়ক৷ কিন্তু যদি উত্তৰটো “পাৰোঁ,” বুলি পায়, তেন্তে আপুনি নিজক আন এটা প্ৰশ্ন কৰিব লাগিব- “নতুনকৈ আকৌ আৰম্ভ কৰিবলৈ মই কি কি কৰিব পাৰোঁ?” এই প্ৰশ্নটোৰ উত্তৰ আপুনি আনৰ ওচৰত বিচাৰিব নালাগে, ইয়াৰ উত্তৰ আপুনি নিজৰ অৱচেতন মনতে পাব৷ উত্তৰ এটা নহয় বহুকেইটা পাব অর্থাৎ আপুনি কি কি কৰিব পৰা কেইবাটাও কামৰ উত্তৰ পাব৷ এতিয়া এই কামকেইটা কৰা আৰম্ভ কৰক৷

আকৌ বাৰে বাৰে আৰম্ভ কৰোঁ আহক

আমাৰ এই জীৱনটোক অলপ মহত্ব, অলপ মূল্য দিবলৈ হ’লে আমি বাৰে বাৰে বিভিন্ন সময়ত আকৌ আৰম্ভ কৰিবই লাগিব৷ যদি ভবমাতে কিবা নহয়, যদি চাকৰি যায় বা চাকৰি এৰি দিয়ে, প্ৰেম-ভালপোৱাত বিফলতা, ভবামতে জীৱনটো আগনাবাঢ়ে, কোনোবাই বিশ্বাসঘাটকতা কৰে, তেতিয়া প্ৰয়োজন হ’লে আপুনি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব, আৰম্ভ কৰিব পাৰিব লাগিব৷ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল পাৰিম বুলি ভাবিলে আপুনি পাৰিব৷

মোৰ নিজৰ কথা

মই যে আপোনাক আকৌ আৰম্ভ কৰাৰ কথা কৈছোঁ, সেয়া মই নিজে কৰিছোঁ নে নাই? চাও আহক৷

2006 চনত বেংকৰ চাকৰি এৰি দিল্লীৰ পৰা আহি গুৱাহাটী পালোহি কিবা এটা নিজৰ কৰিব লাগে৷ ঠিক কৰিলোঁ যে অগের্নিক খেতি কৰিব লাগে৷ সেই সময়ত অসমত আন কোনো অগের্ইনক খেতি কৰা জনাশুনা ফার্ম নাছিল৷ গতিকে আমি আৰম্ভ কৰিলোঁ (সম্ভৱত) অসমৰ প্ৰথম অগের্নিকেলি খেতি কৰা ফার্মখনৰ৷ এবছৰ মান ভালে চলি৷ স্থানীয় বজাৰৰ লগতে, আমি গুৱাহাটীত এখন চুপাৰমার্কেটত সেয়া পাচলি যোগান ধৰিলোঁ৷ যিহেতু তেতিয়ালৈকে চার্টিফিকেচনৰ কাম হোৱা নাছিল গতিকে আমি অগের্নিকেলি উৎপাদিত শাক-পাচলি বুলি কৈছিলোঁ৷ মানুহে সেয়া খাই ভাল পাই আমালৈ ফোনো কৰিলে৷ কিন্তু এবছৰৰ পিছত সেয়া চলাব নোৱাৰা হ’লোঁ৷ ইতিমধ্যে চাকৰি এৰি আহিছোঁ আকৌ কৰিবলৈ মনো নাই৷ ইফালে অগের্নিক খেতিও নচলিল৷ পকেটত কেতিয়াবা এটা কল্ড ড্ৰিংক খাবলৈও পইচা নাথাকে৷ কি কৰিম? তেতিয়াই ইংৰাজীত প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ (ইয়াক ফ্ৰিলেঞ্চিং কৰা বুলি কয়, যত আপুনি পইছাৰ বিনিময়ত আনৰ বাবে লিখা কাম কৰে৷) মোৰ মনত আছে কেৱল শোৱা সময়খিনি বাদ দি আন সময়ত বহি বহি ঘৰতে থকা কম্পিউটাৰটোত প্ৰৱন্ধ লিখাৰ কথা৷ তেনে সময়তে বহু চেষ্টাৰ মূলত প্ৰথম ক্লায়েন্টজন পালোঁ যি আধা লিখা হওতেই ৱেষ্টার্ণ ইউনিয়নৰ জৰিয়তে আমেৰিকাৰ পৰা টকা পঠিয়াইছিল৷ সেয়া মাত্ৰ আৰম্ভণিহে আছিল৷ পিছলৈ আন লিখকক কর্মচাৰী হিচাপেও আমি ল’ব পৰা হ’লোঁ৷ বিভিন্ন দেশৰ বিভিন্ন লিখকে আমাৰ হৈ কাম কৰিছে৷ গতিকে আপুনি যদি হাৰ নামানে, কিবা নহয় কিবা এটা ৰাস্তা কিন্তু ওলাই যায়৷ কিন্তু হাৰ মানি দিলে সন্মুখৰ সকলো ৰাস্তাই বন্ধ হৈ থাকে৷

কেতিয়াবা আপোনাৰ কেৰিয়াৰ ঠিকমতে নচলিব, কেতিয়াবা ঘৰখন ভবামতে নচলিব, কেতিয়াবা জীৱনসংগী ভবাৰ নিচিনা নহ’ব, কেতিয়াবা জীৱনটো আপুনি বিচৰামতে চলি নথাকিব৷ সেয়া সকলোৰে লগত হয়৷ তেনে হ’বই৷ আপুনি যিমানে আশা নকৰক কিয় যে তেনে নহওক, তেনে হ’বই৷ তেনেকুৱা হ’লে আপোনাৰ হাতত দুটা উপায় আছে- প্ৰথমটো হ’ল, “মোৰ আৰু মোৰ জীৱনটোৰ কোনো কাম নাই,” জীৱনটো মূল্যহীন, অদৰকাৰী বুলি থিৰাং কৰি, হাত দাঙি পৰাজয় স্বীকাৰ কৰি তেতিয়াৰ পৰা এক পৰাজিত সৈনিকৰ জীৱন কটোৱা৷ আনহাতে দ্বিতীয় উপায়টো হ’ল, মই ভবামতে কামটো নহ’ল, ঠিক আছে, কি ভুল হ’ল সেয়া চোৱা, সেই ভুলৰ পুনৰাবৃত্তি নকৰাৰ দৃঢ় সিদ্ধান্ত লোৱা আৰু আকৌ আৰম্ভ কৰা৷

যদি আপুনি আকৌ আৰম্ভ কৰিব পাৰে, তেন্তে আপুনি কেতিয়াও পৰাজিত নহয়েই, আপুনি সদায় জিকিব৷ কাৰণ, জীৱনে মৰিয়াই আপোনাক মাটিত পেলাই দিলেও আপুনি আকৌ উঠি ঠিয় হ’ব আৰু আকৌ নতুনকৈ আৰম্ভ কৰিব৷ তেনে মানুহক কোনে হৰুৱাব পাৰে?

The world ain’t all sunshine and rainbows. It’s a very mean and nasty place and I don’t care how tough you are it will beat you to your knees and keep you there permanently if you let it. You, me, or nobody is gonna hit as hard as life. But it ain’t about how hard ya hit. It’s about how hard you can get hit and keep moving forward. How much you can take and keep moving forward. That’s how winning is done!”

-Sylvester Stallone, Rocky Balboa

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top