এখন কিতাপত ১০টা অধ্যায় আছে৷ এতিয়া যদি ইয়াৰে মই পিছৰ 4 টা অধ্যায় ফালি পেলাই দিও, তেতিয়া কি হ’ব? কিতাপখন পঢ়িলে আপুনি সম্পূৰ্ণভাৱে কিতাপখন বুজি পাবনে? নাপাব৷ কিতাপখন এই কেইটা অধ্যায় অবিহনে সম্পূৰ্ণ হ’বনে? নহ’ব৷ যদি সেই কেইটা অধ্যায় একেবাৰে উকা হৈ থাকে তেতিয়াও জানো ভাল লাগিব? কিতাপখন জানো তেতিয়াও সম্পূৰ্ণ হ’ব?
একেটা কথাই আপোনাৰ জীৱনত নহ’বনে? আপুনি অৱসৰ পালে বুলিয়েই আপোনাৰ জীৱনৰ যি কেইটা অধ্যায় বাকী আছে সেই কেইটা বাদ দিব নেকি? আজি যদি আপুনি ৰিটায়াৰ কৰিলে বা অৱসৰ পালে কাৰণেই এই বাকী কেইটা অধ্যায় কোনোমতে পাৰ কৰিব লাগিব নে কি? এইবোৰত কোনো ধৰণৰ উত্তেজনা, কোনো ধৰণৰ ভাল লগা কাম, সমাজৰ প্ৰতি আৰু আন মানুহৰ প্ৰতি কোনোধৰণৰ অৱদান থাকিব নোৱাৰিব নে কি? এই অধ্যায়কেইটা একেবাৰে উকা হৈয়ে থাকি যাব নে কি?
অৱসৰৰ সময়
৬০ বা কিছুমানৰ বাবে ৬২ বা ৬৫ বছৰত চাকৰি কৰা মানুহে অৱসৰ ল’ব লাগে৷ আপুনি ল’লে৷ কোনোবাই কোনোবা এটা সময়ত সেয়া ঠিক কৰিছিল যে ৬০ বছৰ বয়সৰ পিছত মানুহ এজনৰ শাৰীৰিক আৰু মানসিক সক্ষমতা কাম কৰিব পৰাকৈ নাথাকে৷ সেয়া কেতিয়া ঠিক কৰিছিল? আজিৰ পৰা ৫০ বছৰ আগতে নে তাৰো আগতে? তেতিয়াৰ সময় আৰু আজিৰ সময় একেনে? তেতিয়া মানুহ এজনৰ ৬০ বছৰ বয়সত যি সক্ষমতা আছিল আজিৰ ৬০ বছৰীয়া মানুহ এজনৰ সক্ষমতা একেনে? তেতিয়াহ’লে আগতে যদি কোনোবাই ৬০ বছৰতে কাম-কাজ এৰি আৰাম কৰিছিল আজিও আপুনি তাকে কৰিব লাগিব নেকি?
এতিয়া মেডিকেল চাইন্সে ইমান অগ্ৰগতি লাভ কৰিছে, গতিকে আগতে যদি মানুহ ৬০-৭০ বছৰ জীয়াই আছিল, আজি মানুহ সহজে প্ৰায় ১০০ বছৰ জীয়াই থাকিব৷ তেতিয়াহ’লে এই আৰু যে ৬০ বছৰত ৰিটায়াৰ কৰাৰ পিছত ৪০ বছৰ আপুনি পালে সেয়া মাত্ৰ কেতিয়া মৰিম বুলি ৰৈ থাকি শেষ কৰিব নে কি? নে এনে কিবা কৰিব যাৰ দ্বাৰা অকল আপুনিয়ে পৰম সন্তুষ্টি লাভ নকৰে বৰঞ্চ আন মানুহৰো তাৰ পৰা কিবা লাভ হ’ব?
আপোনাক বিশ্বাস জন্মোৱা হৈছে
আপোনাৰ মনত এটা কথা সুমুৱাই দিয়া হৈছে যে আপোনাৰ বয়স হ’ল, আপুনি অৱসৰ ল’লে আৰু এতিয়া আপুনি হয়তো আৰু ইমান কামৰ মানুহ নহয়৷ এয়া সঁচা কথা নহয়, মাত্ৰ কোনোবাই আপোনাক এনেদৰে বিশ্বাস জন্মাব চেষ্টা কৰিব পাৰে৷ এই কথাটো চলি আহিছে আৰু বহু সময়ত দেখা যায় যে বহু মানুহে কথাটো মানি লৈছে৷ ফলত এয়া তেওঁলোকৰ বিশ্বাস হৈ পৰিছে৷ কিন্তু এয়া আনে শিকাইছে আৰু যদি আপুনি সেয়া বিশ্বাস কৰি লৈছে তেন্তে বহুত সমস্যা হ’ব৷ বিশ্বাস কৰি লোৱাৰ বাবে আপোনাৰ চিন্তা, আৰু ব্যৱহাৰো তেনেকুৱাই হ’বগৈ পাৰে৷ কিন্তু সেয়া এটা ধাৰণা বা বিশ্বাসহে, ই সঁচা নহয়৷ অৱসৰ ল’লে বুলিয়ে আন মানুহক আপোনাৰ কাম নাই, আপোনাৰ সক্ষমতা কম বুলি বিশ্বাস জন্মাবলৈ নিদিব৷
কিন্তু কি কৰিব?
আপুনি কি কৰিব পাৰে? কি কি কাম কৰিব পাৰে?
আপুনি যদি আগতে কিবা কৰিব বিচাৰিছিল, কিন্তু নানা কাৰণত সেয়া কৰা নহ’ল, তেতিয়াহ’লে এতিয়া সেয়া আপুনি কৰিব পাৰে৷ সাংঘাতিক শাৰীৰিক আৰু মানসিক সক্ষমতাৰ যত প্ৰয়োজন হয় তেনে কিছুমান কাম হয়তো আপুনি কৰিব নোৱাৰিব৷ যেনে ধৰক অৱসৰ লোৱাৰ পিছত আপুনি প্ৰফেচনেল ফুটবল হয়তো খেলিব নোৱাৰিব কাৰণ তাত সাংঘাটিক শাৰীৰিক সক্ষমতা লাগে৷ কিন্তু তেনে কিছুমান কাম বাদ দি বাকী আপুনি কৰিব বিচৰা প্ৰায়বোৰ কাম আপুনি কৰিব পাৰিব৷
আগতে এটা সময়ত যেতিয়া আপুনি কেৰিয়াৰ হিচাপে এই চাকৰিটো বা কাম এটা বাচি লৈছিল তেতিয়া হয়তো আপুনি বাধ্যত পৰি সেয়া কৰিব লগীয়া হৈছিল বা আপুনি বহু কথা নজনা বাবে তেনেধৰণৰ যি সুবিধা পালে সেয়াই গ্ৰহণ কৰিছিল৷ এতিয়া অৱসৰৰ পিছত আপোনাৰ সময় আছে, টকা-পইচা আছে, আৰু ৯০ বছৰীয়া মানুহ এজনতকৈ গা বহু ভালে আছে৷ লগতে আপোনাৰ আগৰ বাধ্যবাধকতা নাই, ল’ৰা-ছোৱালীয়েও নিজে নিজে নিজৰ কাম কৰিছে৷ যদি সেয়া হয় তেতিয়াহ’লে এতিয়া কাম কৰিবলৈ আপোনাৰ সুযোগ আৰু সুবিধা দুয়োটাই আছে৷ যিহেতু টকা-পইচাৰ বাবে চাকৰি এটা বা কাম এটা বাচি ল’ব নালাগে গতিকে আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ বাচি ল’ব পাৰে৷
মাত্ৰ এনে এটা কাম বাচি ল’ব যিটো কামৰ প্ৰতি আপোনাৰ পেচন আছে, যিটো কাম আপুনি সঁচাকৈয়ে কৰিবলৈ বিচাৰে৷ আনে আপুনি কি কৰাটো বিচাৰে সেয়া নহয়, আপুনি নিজে কি কৰিব বিচাৰে৷ আৰু লগতে আপুনি জানিব লাগিব কিয় আপুনি সেই কামটো কৰিব বিচাৰে৷ কোনটো কাৰণে আপোনাক সেই কামটো কৰিবলৈ জোৰ কৰিছে বা বাধ্য কৰিছে৷ সেই বিষয়ে আপুনি ভালদৰে চিন্তা কৰি ল’ব লাগিব৷ আৰু এনে এটা কাম হাতত ল’ব যিয়ে আপোনাক এক লিগেচী এৰি যোৱাত সহায় কৰে, আন মানুহক সহায় কৰিবলৈ সহায় কৰে৷
কিয়? কাৰণ নহ’লে এই কামটো আপুনি কৰিব নোৱাৰিব৷ “বয়স হ’ল, ৰিটায়াৰ কৰিলোঁ এতিয়া আৰু কি কষ্ট কৰিম”- এইবুলি ভাবি কামটো আৰম্ভ কৰাৰ কিছুদিন পিছত সেয়া ঢিলাই দিবলৈ আৰম্ভ কৰিব৷ বহুতে কিবা এটা কৰিব লাগে বাবে কিবা এটা কৰা আৰম্ভ কৰে৷ আপুনি যদি কৰিব লাগে বাবে কিবা এটা কৰে, তেন্তে বেছিদিন সেয়া কৰি থাকিব নোৱাৰিব, একেৰাহে, নিয়মীয়াকৈ সেয়া কৰি থাকিব নোৱাৰিব৷ আৰু তেতিয়া আপুনি কেনেধৰণৰ ফলাফল পাম বুলি আশা কৰে?
কিন্তু কিয় আপুনি কৰিব লাগে কাৰণে কৰা কাম এটা কৰি থাকিব নোৱাৰিব, কিয় সেই কামত সফল নহ’ব? ৰেজিষ্টেনচ বা প্ৰতিৰোধৰ বাবে৷
ৰেজিষ্টেনচ বা প্ৰতিৰোধ
আপুনি কৰিব বিচৰা কামটো কৰিবলৈ আৰম্ভ কৰিলে আপুনি এটা সমস্যাৰ সন্মুখীন হ’ব৷ সেয়া হ’ল প্ৰতিৰোধ বা ৰেজিষ্টেনচ৷ আৰু আপুনি এই প্ৰতিৰোধ অলপ বেছিকৈ পাব৷ আগতে যদি আপুনি চাকৰি কৰিছিল, তেতিয়া এক নিৰ্দিষ্ট সময়ত আপুনি অফিচলৈ গৈছিল, নিৰ্দিষ্ট সময়লৈকে তাত কাম কৰিছিল, কি কি কাম কৰিব লাগিব সেয়া আনে ঠিক কৰি দিছিল বা আগতেই ঠিক হৈ আছিল৷ এতিয়া আপুনি নিজে কাম কৰাৰ সময় আৰু কি কৰিব সেয়া ঠিক কৰিব লাগিব৷ আৰু তেনে কৰাটো সহজ কিন্তু দিন যোৱাৰ লগে লগে তেনে নিয়মীয়াকৈ কৰি থকাটো টান হৈ পৰে৷ কেতিয়াবা এলাহ লাগিব, কেতিয়াবা মন নাযাব, কেতিয়াবা আন কিবা অসুবিধা হ’ব৷ এই ৰেজিষ্টেনচ বা প্ৰতিৰোধক আপুনি কেনেদৰে অতিক্ৰম কৰিব?
প্ৰতিৰোধক অতিক্ৰম কৰাৰ এটা খুব ভাল উপায়ৰ কথা লিখক ষ্টিভেন প্ৰছফিল্ডে কৈ থৈ গৈছে৷ ধৰি লওক আপুনি এজন লিখক বা আপুনি এজন লিখক হ’ব খোজে৷ প্ৰথমতে নিজৰ কাম কৰা এক নিৰ্দিষ্ট ঠাই ঠিক কৰি লওক৷ প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত আপুনি কৰিব খোজা কামটো কৰিবলৈ অৰ্থাৎ লিখিবলৈ বহক৷ আৰু তেতিয়ালৈকে তাৰপৰা নুঠিব যেতিয়ালৈকে আপুনি আগতে ঠিক কৰি লোৱা সময়টো পাৰ নহয়৷ তিনি বা চাৰি ঘন্টা যিমান সময় আপুনি বিচাৰে সিমান সময় আগতে ঠিক কৰি ল’ব৷ সেই সময়খিনিত মাত্ৰ লিখি যাওক৷ আপুনি কি কোৱালিটিৰ লিখা লিখিলে সেয়া জৰুৰী কথা নহয়৷ সেই ৩ বা ৪ ঘন্টা আপুনি বহি সদায়, প্ৰতিদিনে লিখি যাব৷ তাৰ বহু লিখা হয়তো প্ৰকাশৰ যোগ্য নহ’ব, কিন্তু তাৰ পৰাই এনে বহু লিখা ওলাব যিবোৰ প্ৰকাশ কৰিব পৰা হ’ব৷ আপোনাক কাম লিখাৰ কোৱালিটি সম্পৰ্কে চিন্তা কৰি বহি থকা নহয়, বৰঞ্চ লিখি যোৱাটোহে আপোনাৰ কাম৷
এনেদৰে আপুনি সদায়ে কৰিব বিচৰা এটা কাম বিচাৰি লৈ তাক আৰম্ভ কৰিব নোৱাৰিব নে? দিনটোৰ মাত্ৰ ৩ বা ৪ ঘন্টা সময় আপোনাৰ ইমান পেচন থকা কাম এটাত দিব নোৱাৰিব নে? আপুনি যদি তেনেদৰে মাত্ৰ ৩ ঘন্টা সময়ো দিনটোত দিয়ে এবছৰত তিনিশ দিন ধৰি ল’লে বছৰটোত ৯০০ ঘন্টা আপুনি এটা কামত দিব পাৰিব৷ পাঁচ বছৰত সেয়া কিমান ঘন্টা হ’ব, দহ বছৰত? তেতিয়া আপুনি কিমান কাম কৰিব পাৰিব সেয়া এবাৰ ভাবি চাওকচোন৷
আগৰ দিনত মানুহে অৱসৰ লোৱাৰ পিছৰ দৃশ্য কেনে আছিল? বাৰাণ্ডাত চকী এখনত তেওঁ বহি আছে, ৪-৫ খন বাতৰিকাকত লৈ সেয়া পঢ়িছে আৰু ৰাস্তাৰ মানুহক চিঞৰি চিঞৰি কথা পাতিবলৈ মাতিছে৷ আন মানুহে তেওঁ মাতে বুলি আঁতৰি পলাইছে৷ আজিও তেনেকুৱাই হ’ব লাগিব বুলি কোনো কথা নাই৷ আছেনে?
এতিয়া আপুনি অৱসৰ লোৱাৰ পিছত বাৰাণ্ডাত বহি ৪-৫ খন বাতৰিকাকত পঢ়িবনে আপুনি কৰিব বিচৰা কাম এটা নিজৰ পচন্দমতে বাচি লৈ সেয়া কৰিব সেই কথাটো সম্পূৰ্ণৰূপে আপোনাৰ নিজৰ সিদ্ধান্ত৷ কাৰণ
this is your life, that is your choice.