দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ সৈন্য বাহিনীয়ে বুজি পালে যে তেওঁলোকৰ প্ৰায়বোৰ পাইলটৰ স্বাস্থ্য সাংঘাটিক ধৰণে ষ্ট্ৰেছে প্ৰভাৱিত কৰিছে৷ আকাশত হোৱা যুদ্ধৰ ফলত পাইলটবোৰে ভালদৰে শুব নোৱাৰা বাবে তেওঁলোকৰ ষ্ট্ৰেছে সাংঘাটিক ৰূপ লৈছেগৈ আৰু ফলত নানা ধৰণৰ দুর্ঘটনা ঘটিবলৈ লৈছে যত পাইলটবোৰে ভুলতে কেতিয়াবা মিত্ৰ বাহিনীৰ আন বিমান গুলীয়াই ভূপতিত কৰিছে আৰু কেতিয়াবা নিজে তেনে দুর্ঘটনাৰ চিকাৰ হৈ মৃত্যু মুখত পৰিছে৷
এগৰাকী নৌবাহিনীৰ বিষয়া বাড ৱিন্টাৰক মতা হ’ল গৱেষণা কৰি মেলি এটা বিশেষ বৈজ্ঞানিক উপায় উলিয়াবলৈ যিয়ে পাইলটসকলক কেনেদৰে ৰিলেক্স কৰিব পাৰি সেয়া শিকাব৷ ৱিন্টাৰক মতাৰ কাৰণ হ’ল যুদ্ধৰ আগতে তেওঁ এজন সফল কলেজ ফুটবল আৰু ট্ৰেকৰ কোচ আছিল৷ তেওঁ মনোবিজ্ঞানৰ আন প্ৰফেচাৰসকলৰ লগত কাম কৰিছিল এথলিটসকলে কেনেদৰে প্ৰতিযোগিতাৰ সময়ত ৰিলেক্স কৰিব পাৰে আৰু বেছি ভাল প্ৰদর্শন কৰিব পাৰে সেই বিষয়ত৷ তেওঁক মাতি অনা হৈছিল এনে এটা পদ্ধতি সৃষ্টি কৰিবলৈ যিয়ে পাইলটসকলক সহজে ৰিলেক্স কৰিবলৈ শিকাব৷ যুদ্ধৰ পাইলটসকলক মাত্ৰ যিকোনো পৰিস্থিতিতে, দিনত বা ৰাতি মাত্ৰ দুইমিনিটৰ ভিতৰতে শুই পৰিবলৈ শিকাব৷
এই লক্ষ্য লাভ কৰিবলৈ তেওঁলোকে পাইলটসকলক কেনেদৰে শাৰীৰিক ভাৱে আৰু মানসিক ভাৱে ৰিলেক্স কৰিব পাৰি সেয়া শিকাইছিল৷ ৱিন্টাৰৰ মতে টোপনি অহা অৱস্থাত আমি শাৰীৰিক আৰু মানসিক দুয়োভাৱে ৰিলেক্স কৰোঁ৷ আপুনি যদি লগে লগে শুই পৰিবলৈ বিচাৰে তেন্তে এই দুয়োটা কথাই আপুনি শিকিব লাগিব৷
শাৰীৰিক ভাৱে ৰিলেক্স কেনেদৰে কৰিব পাৰি
এই পদ্ধতিটো প্ৰথমে পাইলটসকলৰ ক্ষেত্ৰত আৰু পিছত এথলিটসকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল আৰু ই তেওঁলোকক সহায় কৰিছিল৷
ৱিন্টাৰে নিজৰ কিতাপ ৰিলেক্স এণ্ড ৱিন ত এই বিষয়ে এনেদৰে লিখিছিল-
চকী এখনত চিধা হৈ বহক৷ আপোনাৰ ভৰি দুখনৰ পতা দুখন মাটিত সম্পূর্ণভাৱে লাগি থাকিব লাগিব৷ আঠু দুটা অলপ আতৰাই ৰাখক৷ হাত দুখন কোলাত ৰাখক ভৰি দুটাৰ ভিতৰৰ পিনে৷ চকু দুটা মুদক আৰু থুতৰিটো যিমান পাৰি সিমান বুকুলৈ নমাই আনক৷ পাৰিলে ইয়াক আনি বুকুত লগাই দিয়ক৷ লাহে, লাহে, দীঘল উশাহ লওক৷ মূৰৰ পৰা, কপালৰ পৰা আৰম্ভ কৰি গোটেই শৰীৰটো ৰিলেক্স কৰি আনক৷ শৰীৰটো লাহে লাহে এৰি দিয়ক৷ কোৱাৰি দুটা অর্থাৎ জ’ দুটা লাহে লাহে ঢিলা কৰি দিয়ক৷ মুখৰ আন মাংসপেশীবোৰ শিথিল কৰি আনক৷ জিভা আৰু ওঠ দুটাকো শিথিল বা ৰিলক্স কৰক৷ উশাহ লাহে লাহে লৈ থাকক৷
চকু দুটা নিয়ন্ত্ৰণ কৰা মাংসপেশীবোৰক এতিয়া শিথিল কৰি আনক৷ চকু দুটা কোনো ফালে ফ’কাছ নকৰিব, দুয়োটাকে শিথিল কৰি আনক৷
এতিয়া আপোনাৰ কান্ধটো যিমান পাৰি সিমান তললৈ পেলাই দিয়ক৷ যিমান তললৈ যায় সিমান তললৈ পেলাই গৈ থাকক৷ আপোনাৰ পিঠি আৰু ডিঙিৰ মাংসপেশীবোৰ শিথিল হৈ যাব লাগিব৷ যিমান পাৰি সিমান শিথিল হ’বলৈ দিয়ক৷
এতিয়া বুকুখন ৰিলেক্স কৰক৷ দীঘল উশাহ এটা লওক আৰু ইয়াক ধৰি ৰাখক, এৰি নিদিব৷ উশাহটো এৰি দিওতে আপোনাৰ সকলো টেনচন উশাহটোৰ লগত এৰি দিয়ক৷ বুকুখনা ৰিলেক্স হ’বলৈ দিয়ক৷ উশাহ লাহে লাহে লওক৷ উশাহ এৰোতে আপোনাৰ শৰীৰত বাকী থকা টেনচনবোৰ লাহে লাহে এৰি দিয়ক৷
এইবাৰ বাহু দুটাত মন দিয়ক৷ বাহুৰ মাংসপেশী বা মাচলবোৰত মন দিয়ক৷ আপোনাৰ সোহাতৰ বাইচেপটোৰ লগত কথা পাতক৷ ইয়াক ৰিলেক্স কৰিবলৈ কওক৷ সোফালৰ আঘাতটোক এতিয়া একেদৰে কওক৷ তাৰ পিছত হাতখন আৰু আঙুলিবোৰক কওক৷ সোহাতখন একেবাৰে ৰিলেক্স হোৱাৰ পিছত বাওহাতখনক একেদৰে কওক৷ এয়া কৰি থাকোতে উশাহ লাহে লাহে ল’ব৷
এয়া কৰা হ’ল মানে আপোনাৰ শৰীৰৰ ওপৰৰ অংশটো ৰিলেক্স হ’ব আৰু আপুনি অলপ গৰম, ভাল অনুভৱ কৰিব৷ এক সুখানুভূতিয়ে আপোনাৰ শৰীৰটোক আৱৰি ধৰিব৷
এতিয়া শৰীৰৰ তলৰ অংশটোক মন দিয়ক৷ সোভৰিৰ ঠাই মাচলৰ ওপৰত মন দিয়ক৷ লাহে লাহে ইয়াক সম্পূর্নৰূপে ৰিলেক্স কৰিবলৈ দিয়ক যেন হাড়ৰ ওপৰত কেৱল মাংস ওলমি আছে৷ একেটা প্ৰক্ৰিয়া এতিয়া কৰক সো ভৰিৰ কাফ মাচল বা কলাফুলৰ ক্ষেত্ৰত৷ তাৰ পিছত সোভৰিৰ গেৰোহা বা এংকল আৰু ভৰিৰ পতাৰ ক্ষেত্ৰতো তাকেই কৰক৷ সোভৰিখন সম্পূর্ণৰূপে ৰিলেক্স হোৱাৰ পিছত এতিয়া বাও ভৰিখনৰ ক্ষেত্ৰতো একেই কৰক৷ এয়া কৰা শেষ হ’লে আপুনি সম্পূর্ণৰূপে শাৰিৰিক ভাৱে ৰিলেক্স অনুভৱ কৰিব৷
এতিয়া তিনিবাৰ দীঘল উশাহ লওক আৰু উশাহ এৰি দিওতে লগতে সকলোবোৰ টেনচন বাহিৰ উলিয়াই দিয়ক৷
শাৰিৰিকভাৱে ৰিলেক্স হোৱাৰ পিছত এতিয়া আপুনি মানসিক ভাৱে এক সম্পূর্ণৰূপে ৰিলেক্স অনুভৱ কৰা টোপনি লাভ কৰিবলৈ সাজু
মানসিকভাৱে কেনেদৰে ৰিলেক্স কৰিব?
ৱিন্টাৰৰ মতে এবাৰ আপুনি শাৰীৰিকভাৱে ৰিলেক্স কৰাৰ পিছত মনটোৰ পৰা যিকোনো চলি থকা চিন্তা মাত্ৰ ১০ চেকেণ্ডৰ বাবে আতৰাব পাৰিলে আপুনি সন্দৰভাৱে শুই পৰিব পাৰিব৷
গতিকে আপোনাৰ মনত যি যি চিন্তা আছে- দুখ, দুঃশ্চিন্তা, খঙ, ভয় সকলোকে অলপ সময়ৰ বাবে বন্ধ কৰিব লাগিব৷
ৱিন্টাৰৰ মতে আপুনি কি কৰিব লাগিব-
প্ৰথমতে আপুনি কল্পনা কৰিব লাগিব যে বসন্তকালৰ সুন্দৰ দিন এটাত আপুনি শান্ত, ধুনীয়া হ্ৰদ এটাত এখন নাওত শুই আছে৷ নীলা আকাশৰ লাহে ধীৰে বৈ যোৱা ডাঁৱৰৰ পিনে আপুনি চাই আছে৷ আন একো চিন্তাকে মনলৈ আহিব নিদিব৷ এই ছবিখনত মনটো সম্পূর্ণৰূপে ফ’কাছ কৰক আৰু আন চিন্তাবোৰক আতৰাই ৰাখক৷ বিশেষকৈ কোনো ধৰণৰ মুভমেন্ট থকা চিন্তা আহিবলৈ নিদিব৷ এই ছবিখন মনত ধৰি ৰাখক মাত্ৰ ১০ চেকেণ্ডৰ বাবে৷
এতিয়া কল্পনা কৰক আপুনি ডাঙৰ কলা, ভেলভেট পৰা থকা এখন হেমকত শুই আছে আৰু চাৰিওফালে কেৱল কলা৷ এই ছবিখনক মনত ১০ চেকেণ্ড ধৰি ৰাখক৷
তৃতীয় উপায়টো হ’ল এই শব্দটো কোৱা—“নাভাবিবা….” “নাভাবিবা….” “নাভাবিবা….” এই শব্দকেইটা কৈ থাকোতে আন একো চিন্তাই মনলৈ আহিব নিদিব ১০ চেকেণ্ডৰ বাবে৷
৬ সপ্তাহ এয়া অভ্যাস কৰাৰ পিছত পাইলটসকলৰ ৯৬% এ দুই মিনিটৰ বা তাতোকৈ কম সময়তে টোপনি যাবলৈ সমর্থ হৈছিল৷ আনকি মেচিন গানৰ গুলী আৰু টোপৰ শব্দৰ মাজতো তেওঁলোকে দুই মিনিটৰ ভিতৰতে টোপনি যাব পাৰিছিল৷ অকল সেয়াই নহয় ৱিন্টাৰ তেওঁৰ এই ৰিলাস্কেচন টেকনিক যুদ্ধৰ পিছত এথলিটসকলক শিকাইছিল আৰু ১০২ জন অল অমেৰিকান, ২৭ জন অলিম্পিয়ান এথলিট তৈয়াৰ কৰিছিল৷ তেওঁ কোচিং কৰা দৌৰবিদসকলৰ ১০ টা ৱর্ল্ড ৰেকর্ড আছে৷
সম্ভৱত এই টেকনিকটোৱে আপোনাক টোপনি যাবলৈ সহায় কৰাৰ লগতে যেতিয়াই বিচাৰে তেতিয়াই লগে লগে ৰিলেক্স কৰিবলৈ সহায় কৰিব৷