Close

Should or must

মই এইটো কৰা উচিত৷

মই সদায় এক্সাচাইজ কৰা উচিত৷ মই ভালদৰে পঢ়া উচিত৷ মই নিজৰ কেৰিয়াৰ কথা ভবা উচিত৷ মই অভাৰৱেইট, মই ওজন কমোৱা উচিত৷ মই সদায় সোনকালে উঠা উচিত৷ মই নিজৰ বাবে কিছুমান লক্ষ্য ঠিক কৰি লোৱা উচিত৷ মই চাকৰিটো এৰি নিজৰ কাম আৰম্ভ কৰা উচিত৷ মই আৰু টকা-পইচা ঘটিবলৈ চেষ্টা কৰা উচিত৷

মই এনেকুৱা কৰা উচিত৷ মই তেনেকুৱা কৰা উচিত৷ I should do this, I should do that.

আপুনি এনে কথা বহু শুনিছে কিজানি, নিজেও হয়তো বহুদিন, বহুকথা কৈছে কিজানি৷

কিন্তু তেনেবোৰ কামৰ বেছিভাগেই নহয়৷ কৰা নহয় আৰু বিচৰা ফলাফল লভ কৰা নহয়৷

কিয়?

কাৰণ এই সকলোবোৰ আপোনাৰ বাবে এতিয়াও “কৰা উচিত” হৈয়ে আছে৷ যেতিয়ালৈকে এইবোৰ “কৰা উচিত” ৰ শাৰীত থাকিব তেতিয়ালৈকে এইবিলাক কৰা নহয় আৰু কৰা নহ’লে তাৰ ফলাফলো আপুনি নাপায়৷ অর্থাৎ বিচৰা ফলাফলবোৰ আপুনি কেতিয়াও নাপায়৷

এনে নহয় যে সকলোৱে এই “কৰা উচিত” বা “হোৱা উচিত” কামবোৰ আৰম্ভই নকৰে৷ “কৰা উচিত” বুলি ভবাসকলৰ মাজৰ এটা অংশই সেয়া কৰা আৰম্ভ কৰে, কিন্তু কিছুসময় পিছত তেওঁলোকে সেয়া বাদ দিয়ে৷ কাৰণ তেওঁলোকে যিমান ফলাফল পাব লাগিছিল সিমান ফলাফল, তেনধৰণৰ ফলাফল তেওঁলোকে পোৱা নাই৷ কিন্তু কিয় তেনে হয়? তেওঁলোকে কিয় ফলাফল নাপায়? কাৰণ তেওঁলোকে নিজৰ সমষ্ট শক্তি, বিশ্বাস, সাহস আৰু সময় এই কামটোত দিয়া নাই৷

যেতিয়ালৈকে আপোনা ৰকামবোৰ “কৰা উচিত” শ্ৰেণীত থাকিব তেতিয়ালৈকে এইবোৰ কৰা নহ’ব, তেতিয়ালৈকে আপুনি সফল নহয়৷

তেনেহ’লে কি কৰিব লাগিব?

আপুনি জীৱনত যি বিচাৰে সেয়া “কৰা উচিত” নহয়, “কৰিমেই” শ্ৰেণীলৈ আহিব লাগিব৷ অর্থাৎ I should ৰ সলনি I must হ’ব লাগিব৷ I should সলনি হৈ I must হ’ব লাগিব৷

I must get this result

I must achieve that

I must get that job

I must find such a life partner

ই এই কাৰণেই কাম কৰিব কাৰণ তেতিয়া আপুনি আগতকৈ বেছি চেষ্টা কৰিব সেই কামটো কৰিবলৈ৷ আপুনি বচৰা ফলাফলৰ বাবে, বিচৰা বস্তুৰ বাবে আগতকৈ বেছি কষ্ট কৰিব, বেছি সময় দিব, বেছি চেষ্টা কৰিব আৰু ফলত আপুনি বিচৰা ফলাফল লাভ কৰাৰ সম্ভাৱনা আগতকৈ বাঢ়ি যাব৷

কিবা এটা ফলাফল লাভ কৰিলে ভাল বুলি ভাবিলে আপুনি যিমান চেষ্টা কৰিব তাতোকৈ বহুগুণে চেষ্টা আপুনি কৰিব যেতিয়া সেই ফলাফলটো নহ’লেই নহয়৷

পানীৰ তলত অচিনাকি কোনোবাই আপোনাৰ মূৰটো হেঁচা মাৰি ধৰিলে আপুনি কিমান চেষ্টা কৰিব পানীৰ পৰা মূৰটো বাহিৰ উলিয়াবলৈ? যিমান চেষ্টা সম্ভৱ, যিমান চেষ্টা কৰিব পাৰি সিমান কৰিব কাৰণ আপুনি বাচি থাকিব লাগিব৷ সমষ্ট শক্তিৰে আপুনি চেষ্টা কৰিব কাৰণ আপুনি জানে নহ’লে আপুনি মৰি যাব পাৰে৷ ইয়াত পানীৰ তলৰ পৰা মূৰটো উলিওৱাটো আপোনাৰ বাবে মাষ্ট আৰু সেইবাবে আপুনি পাৰিবও৷

যেতিয়া আপুনি বিচৰা ফলাফলবোৰ আপোনাৰ কাৰণে মাষ্ট হৈ পৰিব তেতিয়া তেতিয়া আনে শুই থকা সময়ত আপুনি কাম কৰি থাকিব, আনে ফূর্তি কৰা সময়ত, আনে আড্ডা মাৰি থকা সময়ত আপুনি নিজে বিচৰা কামবোৰ কৰিব৷ আনে যেতিয়া এনেয়ে বহি সময়বোৰ কটোৱাৰ বাবে নানা উপায় বিচাৰিব, তেতিয়া আপুনি নিজৰ কামত সম্পূর্ণভাৱে ব্যস্ত হৈ থাকিব, কামবোৰ কৰি গৈ থাকিব৷

আপুনি যদি জীৱনত কিবা এটা বিচাৰে, জীৱনটো নিজৰ মতে সজাই ল’ব বিচাৰে তেতিয়া আপুনি এই কামবোৰক উত্তৰণ ঘটাই “মাষ্ট” শ্ৰেণীলৈ অর্থাৎ “কৰিমেই” “লাগিবই” সেই ৰূপলৈ নিব লাগিব৷ তেতিয়া আপুনি বিচৰা ফলাফল লাভ কৰাৰ পৰা কোনেও আপোনাক ৰখাব নোৱাৰিব৷ আপুনি যতেই নাথাকক কিয়, পঢ়া-শুনা যিমানে নহওক কিয়, আপোনাৰ টকা-পইচা যিমানে নাথাকক কিয়, আপোনাৰ আন সমস্যা যিমানে নাথাকক কিয়, কোনেও আপুনি বিচৰা ফলাফল লাভ কৰাৰ পৰা আপোনাক ৰখাব নোৱাৰিব৷  

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top