মোৰ ল’ৰা ছোৱালীয়ে পৰীক্ষাত কম নম্বৰ পালে, এতিয়া কি পঢ়িব?
তাৰমানে আপোনাৰ ল’ৰা-ছোৱালীয়ে কি পঢ়িব সেয়া নম্বৰৰ ওপৰত নির্ভৰ কৰিব? সেয়া এটা ভাল উপায় হ’বনে? তাৰ ফলাফল ভাল হ’বনে?
আমাৰ বহুতে এনে কৰে৷ বেছি নম্বৰ পালে চাইন্স পঢ়িব, কম নম্বৰ পালে আর্টছ বা কমার্চ পঢ়িব৷ সেয়া বহু পুৰণা, কেতিয়াবাৰ জামানৰ কথা, কিন্তু আজিও তাকে বহুতে মানি চলে৷ কিন্তু কিয় এনে কৰিব লাগে৷ আপোনাৰ ল’ৰা-ছোৱালীয়ে কি পঢ়িব সেয়া নম্বৰৰ ওপৰত নির্ভৰ কৰিব লাগে নে ল’ৰা-ছোৱালীৰ কি ভাল পায় তাৰ ওপৰত নির্ভৰ কৰিব লাগে? এবাৰ ভাবি চাওকচোন৷ এয়া সিহঁতৰ গোটেই জীৱনৰ কথা, সেই কথাত আমি ধেমালি কৰিবও নোৱাৰোঁ, সিহঁতৰ জীৱনক লৈ হেতালি খেলিবও নোৱাৰোঁ৷
বেছি ভাল নম্বৰ পোৱা বাবে এগৰাকী ছাত্ৰী বা এজন ছাত্ৰক যদি আমি জোৰকৈ ডাক্তৰ হ’বলৈ পঠিয়াও, কিন্তু তেওঁ চিনেমাৰ পৰিচালকহে হ’ব বিচাৰে, তেতিয়া তেওঁ ভালদৰে পঢ়িব পাৰিবনে? পঢ়াত ভাল কৰিব পাৰিবনে? তেওঁ ভাল ডাক্তৰ হ’ব পাৰিবনে? তেনেদৰে যিজন ছাত্ৰই পদার্থ বিজ্ঞান বা ফিজিক্স পঢ়ি ভাল পায় তেওঁক যদি ফুটবল খেলিবলৈ পঠিয়াও তেওঁ ভাল কৰিবনে? কোনোবাই খুব ভাল গান গায়, কিন্তু তেওঁক জোৰকৈ আন কিবা কৰিবলৈ দিলে তাত সিমান ভাল কৰিব পাৰিবনে?
গতিকে ল’ৰা-ছোৱালীৰ কি পঢ়িব, কি কেৰিয়াৰ বাচি ল’ব সেই কথাটো নির্ভৰ কৰিব লাগে তেওঁৰ কোনফালে মন আছে আৰু সেইফালে তেওঁৰ এপ্টিটিউড কিমান আছে৷ দুয়োটা কথাই চাব লাগিব৷ সৰু ল’ৰা ছোৱালীৰ মন বিভিন্ন ফালে থাকিব পাৰে, কিন্তু সকলো ফালে তেওঁলোকৰ এপ্টিটিউড নাথাকিব পাৰে৷ সেয়ে এই দুয়োটা বস্তু আছে নে নাই চোৱাটো ডাঙৰ সকলৰ কাম৷
ভুলকৈ কেৰিয়াৰ বা পঢ়া বিষয় বাচি লোৱা বাবে বহু মানুহে জীৱনভৰ এনে কিছুমান কাম কৰি থাকে যিবোৰ তেওঁ ভাল নাপায়৷ কেইবছৰমান আগতে কৰা এক সমীক্ষাৰ মতে ৭৫ ৰ পৰা ৮০% মানুহে নিজে কৰি থকা চাকৰিটো ভাল নাপায়৷ যদি আপুনি এনে এটা চাকৰি বা কাম কৰে যিটো আপুনি ভাল নাপায়, তেতিয়া আপোনাৰ জীৱনৰ ৫০% সময় এনেয়ে নগ’লনে? সেয়া নষ্ট নহ’লনে? কিয়? কাৰণ আপুনি এটা চাকৰিত নিজৰ জীৱনৰ ৩০ ৰ পৰা ৩৫ বছৰ সময় দিয়ে৷ সেয়া আপোনাৰ জীৱনৰ প্ৰায় ৫০% সময়৷ যদিহে চাকৰিটো বা কামটো কৰি ভালেই নাপায়, তেনেহ’লে সেই সময়খিনি জানো নষ্ট নহ’ল? লগতে ভাল নোপোৱা কাম এটা প্ৰতিদিনে কৰি থাকিবলগীয়া হ’লে আপুনি জানো ভাল ফলাফল দেখুৱাব পাৰিব, আপুনি জানো সুখ আৰু শান্তি পাব?
তেতিয়া হ’লে কি কৰিব?
যি বিষয়ত ৰাপ আছে, যিহত তেওঁলোক ভাল সেয়া লক্ষ্য কৰিব লাগিব আৰু তেনে বিষয় পঢ়াত জোৰ দিব লাগিব৷ এই কামটো অভিভাৱকসকলৰ৷ কাৰণ ছাত্ৰ বা ছাত্ৰী গৰাকী যিহেতু সৰু হৈ আছে গতিকে তেওঁ সেই কামটো ভালদৰে কৰিব নোৱাৰিবও পাৰে৷ মাক-দেউতাক বা অভিভাৱকসকলৰ কাম সেয়াহে, নিজৰ ল’ৰা-ছোৱালীক সকলো কাম কৰি দিয়াটো নহয়৷
যদি কম নম্বৰৰ বাবে তেওঁ আটাইতকৈ ভাল ইন্সিষ্টিটিউটত চিট নাপায়, তেওঁ ঘৰৰ ওচৰৰ কলেজখনত বা ইন্সিষ্টিউটট পঢ়িলেও হ’ব৷ কিন্তু ভালদৰে, মন দি পঢ়িব লাগিব৷ তেতিয়া তেওঁ তাতো ভাল ফলাফল প্ৰদর্শন কৰিব পাৰিব৷ যদি তেওঁ এখন বিশেষ ইন্সষ্টিটিউটতহে পঢ়িব বুলি খাটাং কিন্তু এইবাৰ তেওঁ তাত চিট নাপায়, তেতিয়াহ’লে অহাবাৰ আকৌ ভালদৰে সাজু হৈ এবছৰ কষ্ট কৰি পিছৰবাৰ তাত চিট পাবলৈ চেষ্টা কৰিব লাগে৷
সকলো অভিভাৱকলৈ মোৰ অনুৰোধ ল’ৰা-ছোৱালীৰ কেৰিয়াৰ নম্বৰৰ ওপৰত নির্ভৰ কৰি ঠিক নকৰিব আৰু ল’ৰা-ছোৱালীহঁতকো তেনে কৰিবলৈ নিদিব৷ এই সৰু কথাটোৱে সঠিক কেৰিয়াৰ বা বিষয় এটা বাচি লোৱাত সকলোকে সহায় কৰিব৷ তেনেকুৱা হ’লে অকল নিজৰ বিষয়ত ল’ৰা-ছোৱালীহঁতে অকল ভালেই নকৰিব, সিহঁতে সেই কাম কৰি সুখ আৰু শান্তিও পাব৷