Close

Ask Bikash 35

এটা সময়ত এটা কামত ফ’কাছ কৰা ভাল নে বহুকেইটা কামত?

কেতিয়াবা আমি নানা কাম কৰিব লগীয়া হয় আৰু সময় বচাবলৈ বা নিজৰ কার্যক্ষমতা বাঢ়িব বুলি ভাবি আমি একে সময়তে বেলেগ বেলেগ কামত ফ’কাছ কৰিবলৈ চেষ্টা কৰোঁ৷ আমাৰ স্মার্টফোনটোত ব্যস্ত হৈ থাকোতে আমি আনে কি কৈ আছে সেয়া শুনিবলৈ যত্ন কৰো বা অন্তঃত মন দিছো বুলি দেখুৱাও৷ খাওতে, শোৱতে আমি নিজৰ ফোনটো ব্যৱহাৰ কৰোঁ৷ লাহে লাহে বহু ক্ষেত্ৰত মাল্টি টাস্কিং আমাৰ জীৱনত সোমাই পৰিছে৷

কিন্তু এনে মাল্টি টাস্কিঙে আপোনাৰ জীৱনত কিছুমান সাংঘাটিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

এটা অলপতে কৰা গৱেষণা অনুসৰি যিসকলে সঘনে মিডিয়া লৈ মাল্টি টাস্কিং কৰে, তেওঁলোকৰ মগজুৰ ‘গ্ৰে মেটাৰ” কমি যায়, বিশেষকৈ সেই অঞ্চলৰ গ্ৰে মেটাৰ কমে যিবোৰৰ জৰিয়তে আমি কগনিটিভ কন্ট্ৰল কৰো, মটিভেচন আৰু আৱেগবোৰক নিয়ন্ত্ৰণ কৰোঁ৷ আন এক গৱেষণাত পোৱা অনুসৰি একেলগে এটাতকৈ বেছি কাম কৰাৰ অভ্যাস কৰা লোকসকলৰ সহজে মন আনফালে গুচি যায় আৰু তেওঁলোকে যিবিলাক বস্তু গুৰুত্বপূর্ণ আৰু যিবিলাক গুৰুত্বপূর্ণ নহয়, সেইবোৰৰ মাজত পার্থক্য কৰিব নোৱাৰে৷

একেলগে এটাতকৈ বেচি কাম কৰিবলৈ গ’লে কি ভয়ংকৰ সমস্যা হ’ব পাৰে তাক এই উদাহৰণটোৱে বুজাত সহয়া কৰিব৷ গাড়ীয়ে খুন্দা মৰা ১৪০০ পথচাৰীৰ বিষয়ে সমীক্ষা কৰি আন এক গৱেষণাৰ তথ্য অনুসৰি ২০% টিনেজাৰে খুন্দা খোৱাৰ সময়ত ৰাস্তাত মবাইল ফোন এটাত ব্যস্ত হৈ আছিল৷

মাল্টি টাস্কিঙৰ ফলত ক্ৰনিক ষ্ট্ৰেছৰ সৃষ্টি হ’ব পাৰে বা ই বাঢ়িব পাৰে৷ ই চচিয়েল এংজাইটি আৰু ডিপ্ৰেচনৰ কাৰণো হ’ব পাৰে৷ শাৰীৰিক ভাৱে ই আপোনাৰ শক্তি নোহোৱা কৰি পেলাব পাৰে এনে ধৰণৰ মানসিক সমস্যা কিছুমানৰ সৃষ্টি কৰি৷   

এটা সময়ত আপুনি এটা কামতহে ফ’কাছ কৰিব পাৰে৷ এটাতকৈ বেছি কাম একলগে কৰিবলৈ গ’লে আপুনি এটাৰ পৰা আন এটা কামলৈ নিজৰ মনোযোগ নিবলগীয়া হয়৷ তেনে অৱস্থাত আপুনি সহজে ডিচট্ৰেকচনৰ চিকাৰ হ’ব পাৰে৷ আৰু এনে কৰাৰ ফলত কৰি থকা কাম কেইটাৰ গুণগতমান কমি যোৱাৰ সম্ভাৱনা থাকে৷ ফলত যদিও আপুনি ভাবিছিল যে ই আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব, দৰাচলতে ই প্ৰডাক্টিভিটি কমাবহে পাৰে৷

এটা কাম ভালদৰে কৰিবলৈ হ’লে আপুনি অকল তাত ফ’কাছ কৰিব লাগিব৷ বিশেষকৈ যদি ই আপোনাৰ বাবে গুৰুত্বপূর্ণ কাম হয়, তেতিয়াহ’লে এনেদৰে কাম কৰাটো বেছি ভাল হ’ব৷ সেই কামটো শেষ হোৱাৰ পিছত আপুনি আন কাম এটাত ধৰিব পাৰে৷

ইয়াৰ মানে অৱশ্যে এয়া নহয় যে আপুনি যদি সাতোৰ শিকি আছে, আপুনি ভায়লিন বজাবলৈ শিকিব নোৱাৰিব৷ কাৰণ সেয়া আপুনি বেলেগ বেলেগ সময়ত কৰিব বা এটাৰ পিছত এটা কৰিব৷ মাত্ৰ একে সময়তে দুটা কাম কৰিবলৈ চেষ্টা নকৰাই ভাল হ’ব৷ বেলেগ বেলেগ সময়ত আপুনি যি যি কৰিব খোজে সেয়া কৰিব পাৰে৷

আপুনি কাম বেছিকৈ কৰিব বিচাৰে নে সঠিকভাৱে? বেছি ভাল গুণগতমান বিশিষ্ট কাম কৰিব বিচাৰে নে? আপোনাৰ প্ৰডাক্টিভিটি বঢ়াবলৈ আৰু মনটো  শান্ত কৰি ৰাখি কামবোৰ ভালদৰে কৰিবলৈ হ’লে এটা সময়ত এটা কাম কৰাই বেছি ভাল হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top